- ৰিতু তালুকদাৰ
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
বালাচাহেব থাকৰে পৰিচয় লাভ কৰিছিল এজন কাৰ্টুনিষ্ট হিচাপে। ১৯৬০ৰ দশকত তীক্ষ্ণ ৰাজনৈতিক কাৰ্টুন অংকন কৰি জনপ্ৰিয়তা লাভ কৰিছিল। পিছত নিজৰ এখন নিজা আলোচনীও প্ৰকাশ কৰিছিল। সেইসময়ত মহাৰাষ্ট্ৰলৈ অহা অনা-মাৰাঠী সকলক নিজৰ আক্ৰমনৰ লক্ষ্য কৰি লৈছিল। এটা সময়ত নিজৰ ৰাজনৈতিক দলৰ গঠন কৰিছিল বালাচাহেব ঠাকৰেই। মাৰাঠী অস্মিতাৰ লগতে হিন্দুত্ববাদৰ ৰাজনীতি কৰিছিল তেখেতে। এবাৰ বিজেপিৰ চিহ্ন পদুম ফুলত নিৰ্বাচন খেলি অবশেষত ১৯৮৯ চনত ধনুকাৰৰ নিৰ্বাচনী চিহ্ন লাভ কৰে শিৱসেনাই। যেতিয়া নিজৰ ৰাজনৈতিক উত্তৰাধিকাৰী নিৰ্বাচনৰ সময় আহে তেতিয়া নিজৰ পুত্র আৰু ভতিজাৰ মাজত এজনক নিৰ্বাচন কৰাৰ ধৰ্মসংকটত পৰে তেখেত। নিজৰ পুত্র উদ্ধৱ থাকৰেক নিজৰ আসনত বহুৱাই ২০১২চনত শেষ নিশ্বাস ত্যাগ কৰে মহাৰাষ্ট্ৰৰ জনপ্ৰিয় নেতা বাল থাকৰেই। স্পষ্ট আৰু চিধা কথা কোৱাৰ বাবে জনাজাত থাকৰেৰ বিৰূদ্ধে সময়ে সময়ে পৰিয়ালকেন্দ্ৰীক ৰাজনীতিৰ অভিযোগ উত্থাপিত হৈ আহিছে। চগন ভূজবল, নাৰায়ণ ৰাণে আদি অনেক নেতাই এই কাৰণতে দল ত্যাগ কৰিছিল। অৱশ্যে বাল থাকৰেৰ জীৱিত কালত এই সমস্যাবোৰ তেওঁ হেলাৰঙে সমাধান কৰিছিল। শিৱসেনা দুৰ্বল হ’লেও ধাৰাবাহিক বাবে মুম্বাই মিউনিচিপালিতি দখল কৰি আহিছিল। দুৰ্বল উদ্ধৱ থাকৰে সঞ্জয় ৰাউটৰ কুমন্ত্রণাৰ ফলত প্ৰথমতে মুখ্যমন্ত্রীৰ পদ হেৰুৱালে। এতিয়া হেৰুৱালে দলৰ নাম আৰু চিহ্ন। ভাৰতৰ নিৰ্বাচনী আয়োগে একনাথ সিন্ধেৰ শিৱসেনাক প্ৰকৃত শিৱসেনাৰ মৰ্যাদা দি দলৰ চিহ্ন প্ৰদান কৰিছে। নিজৰ পিতৃয়ে গঠন কৰা দলটোকে হেৰুৱালে উদ্ধৱ থাকৰে। ইয়াৰ প্ৰধান কাৰণ হ’ল তেওঁৰ ৰাজনৈতিক অপৰিপক্কতা। যিটো কংগ্ৰেছ দলক তেওঁৰ দেউতাকে গোটেই জীৱন বিৰোধীতা কৰিলে, যি কংগ্ৰেছক হিন্দুত্ব বিৰোধী বুলি জনা যায় তেনে এটা দলৰ লগত মিত্রতা কৰি সকলো হেৰুৱালে উদ্ধৱে। অকল ক্ষমতাৰ বাবে নিজৰ মুখ্য ৰাজনৈতিক মতাদৰ্শক জলাঞ্জলি দিয়াৰ পৰিণাম এয়া। শিৱসেনাৰ লগত আছিল মুখ্যত হিন্দুত্ববাদী চিন্তাধাৰৰ লোক। এই ভোটাৰসকলৰ উদ্ধৱৰ প্ৰতি কোনো সহানুভূতি নাথাকিব। বাকী মাৰাথী মানুষৰ কথা কোৱা লোকসকলৰ বাবে একনাথ সিন্ধে থাকৰেতকৈ বেছি মাৰাথী। সিন্ধে সোণৰ চামুচ লৈ জন্ম গ্ৰহণ কৰা নাছিল, অটো চলাই সাধাৰণ মানুহৰ লগত থাকি নিজৰ ৰাজনৈতিক উত্তৰণ ঘটাইছে। এন.চি.পি আৰু কংগ্ৰেছৰ এটা নিজা ভোটবেংক আছে। তেওঁলোকে অহা নিৰ্বাচনটো নিজৰ ভোটখিনি ঠিকেই পাব। আনহাটে উদ্ধৱে হেৰুৱালে দলৰ বিধায়ক, সাংসদ,কাৰ্য্যকৰ্তা, দলৰ নাম, দলৰ চিহ্ন আৰু নিজৰ ভোটাৰ। এতিয়া এনে লাগিছে যেন উদ্ধৱ থাকৰে ৰাজনৈতিক পথাৰখনত লাহে লাগে অপ্ৰসাংগিক হৈ যাব। মহাৰাষ্ট্ৰত আগন্তুক দিনত বিজেপি আৰু এনচিপিৰ মাজতে প্ৰধান যুঁজ হ’ব।