এতিয়া লাভ লোকচানৰ হিচাপ

440

ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ 


ৰাহুল গান্ধী এতিয়া প্ৰাক্তন সাংসদ। গুজৰাটৰ এখন কোৰ্টে ৰাহুল গান্ধীক এটা গোচৰত দোষী সাব্যস্ত কৰি দুই বছৰৰ কাৰাদণ্ডৰ আদেশ দিয়ে। ফলত ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তন হয়। যদিও ৰাহুল গান্ধীয়ে ইয়াৰ বিৰূদ্ধে চেছন কোৰ্ট, হাই কোৰ্ট আদিত আবেদন কৰিব পাৰিব তথাপিও কংগ্ৰেছ দলে ইয়াক এটা ৰাজনৈতিক ইছু কৰিবলৈ চেষ্টা কৰিছে আৰু কৰাটো স্বাভাবিক। এটা ৰাজনৈতিক দলে নিজৰ সন্মুখত থকা যিকোনো সুযোগ গ্ৰহণ কৰা উচিত।

ৰাহুল গান্ধীয়ে কি কৈছিলঃ কৰ্ণাটকৰ কোলাৰৰ এখন সভাত ৰাহুল গান্ধীয়ে প্ৰশ্ন কৰিছিল সকলো মোদী কিয় চোৰ হয়? উদাৰণস্বৰূপে তেও নিৰভ মোদী, ললিত মোদী আদিৰ নাম লৈছিল। ৰাহুল গান্ধীয়ে সমগ্ৰ মোদী জাতিক অপমান কৰা বুলি গুজৰাটৰ এখন কোৰ্টত তেওঁৰ বিৰূদ্ধে গোচৰ ৰূজু কৰা হৈছিল। বহুবছৰ শুনানিৰ পিছত কোৰ্টে ৰাহুলক দোষী সাব্যস্ত কৰে।

কংগ্ৰেছৰ পৰিকল্পনাঃ কংগ্ৰেছে বৰ্তমান প্ৰত্যেক ৰাজ্যত সভা পাতি, আন্দোলন কৰি ৰাইজৰ মাজত সহানুভূতি আদায় কৰাৰ চেষ্টা কৰিছে। কংগ্ৰেছৰ বাবে ভাল খৱৰ যে আপ, তৃণমূল আদি দলেও তেওঁলোকৰ সমৰ্থনত ঠিয় দিছে। ৰাহুল গান্ধীয়ে কৈছে_ মই ক্ষমা নোখোজো। কংগ্ৰেছৰ কাৰু-কাৰ্য দেখি বিজেপিয়েও টৰকা লগোৱা আৰম্ভ কৰি দিছে। কংগ্ৰেছে যেনেকৈ এটা কোৰ্টৰ সিদ্ধান্তৰ ৰাজনীতিকৰণ কৰিছে বিজেপিয়েও ইয়াত তৰকা লগাইছে। বিজেপিৰ মুখপাত্ৰবোৰে ৰাহুলে মোদী জাতিক আক্ৰমণ কৰা বুলি কোৱাৰ সলনি কৈছে যে তেওঁ অ’বিছিক গালি দি আদালতৰ ৰোষত পৰিছে। মুঠতে সকলোতে ৰাজনীতি।

কাৰ কি লাভ হ’বঃ ৰাহুল গান্ধীৰ এই ঘটনাটোৰ পিছত কংগ্ৰেছে ৰাজপথত নামি আহিবলৈ এটা ইছু পাইছে। এই ইছুটো তেওঁলোকে কিমান দূৰ লৈ যাব পাৰে তাক সময়ে ক’ব। কিন্তু এটা কথা ঠিক যে তেওঁলোকৰ কৰ্মীসকলৰ মনোবল কিছু দৃঢ় হৈছে। আনহাতে বিজেপিয়ে বিচাৰে যে ২০২৪ত মোদীৰ প্ৰধান প্ৰতিদ্বন্দ্বী হিচাপে সংবাদ মাধ্যমে ৰাহুলক প্ৰজেক্ট কৰক। ইয়ে বিজেপিক সহায় কৰে। ৰাহুলক দিয়া দণ্ডৰ ফলত বিজেপিৰ সমৰ্থল সকলে কংগ্ৰেছক ভোট দিব বুলি আশা কৰিব নোৱাৰি। কংগ্ৰেছৰ যদি কিছু ভোট বাঢ়ে তাৰ ফলত ক্ষতিগ্ৰস্ত হ’ব কিছুমান আঞ্চলিকতাবাদী দল যেনে সমাজবাদী, তৃণমূল, বহুজন সমাজবাদী ইত্যাদি। কংগ্ৰেছ অলপ শক্তিশালী হ’লেই মুছলমানৰ বুজন সংখ্যক তেওঁলোকৰ ফালে যাব। সেয়েহে ৰাহুলৰ সংসদ পদ খাৰিজৰ পিছত কংগ্ৰেছৰ কিছু লাভ যদি হয়ো বিজেপিৰ লোকচান নহয়।