- ভাস্কৰ দাস
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
মহম্মদ আলী জিন্না তেতিয়া কংগ্রেছৰ নেতৃস্থানীয় সদস্য আছিল। ১৯২০ চনলৈকে তেওঁকংগ্ৰেছ আৰু লীগৰ মাজত বুজাবুজি কৰাৰ পক্ষপাতী আছিল। ১৯৩০ চনত কবি ইকবালে আৰু ১৯৩৩ চনত চৌধুৰী ৰহমৎ আলীৰ ‘কেমব্রিজ গােটে পাকিস্তানৰ দাবী তুলিলেও জিন্নাই ১৯৪০ চনলৈকে ইয়াৰ সমর্থন কৰা নাছিল। পিছলৈ তেওঁ যেতিয়া পাকিস্তানৰ সমর্থক আৰু প্রধান প্রবক্তা হৈ পৰিছিল তেতিয়াও ভাৰতীয় যুক্তৰাষ্ট্ৰৰ ভিতৰতহে পাকিস্তান বিচাৰিছিল। কিন্তু ৰাজনীতিয়ে মােৰ সলােৱাৰ লগে লগে তেওঁ ভাৰতৰ বিভাজন কৰি সুকীয়া পাকিস্তানৰ দাবী কৰিলে আৰু ইয়াৰ পৰিণতি স্বৰূপে মুছলীম লীগৰ দাবী জোৰদাৰ কৰাৰ প্রয়াস চলিল। এই উদ্দেশ্যে অসমৰ মুছলীম খিনিক পাকিস্তানৰ দাবীৰ পক্ষত কৰাটো বিচাৰি মহম্মদ আলী জিন্না অসমলৈ আহিছিল।
এই বিষয়ে অসমৰ এগৰাকী বিচক্ষণ আইনবিদ আৰু ৰাজনীতিজ্ঞ গৌৰীশঙ্কৰ ভট্টাচার্য বিৱৰণ এনেধৰণৰ ঃ
তাৰিখটো পাহৰিলাে। ১৯৪৫ চনৰ ডিচেম্বৰ নাইবা ১৯৪৬ চনৰ জানুৱাৰী হ’ব পাৰে। মহম্মদ আলী জিন্না সদলবলে গুৱাহাটীলৈ আহিছিল। দলটোৰ ভিতৰত আব্দুল মতিন চৌধুৰী, লিয়াকৎ আলী আৰু খাজা নাজিমুদ্দিন আছিল। বর্তমান গুৱাহাটীৰ ইণ্ডাষ্ট্রিয়েল কো অপাৰেটিভ বেঙ্কে টকৌবাৰী-পাণবজাৰ সংলগ্ন কৰা ৰেলৱে অভাৰব্রিজৰ পাণবজাৰৰ ফালৰ মূৰটোৰ কাষত যিটো চৌহদ আছে, সেইটো আছিল বিখ্যাত ঠিকাদাৰ ইদা খাৰ চৌহদ। সেইকালত সেই চৌহদটো আটকধুনীয়া আছিল। জিন্না পার্টিটো তাতেই উঠিছিলহি। তাতইে জিন্নাই সাংবাদিক সকলক সাক্ষাৎ দি পাকিস্তানৰ প্রয়ােজনীয়তাৰ কথা কৈ এটা ভাষণ দিছিল।গুৱাহাটীত তেওঁ নাতিদীৰ্ঘ সাংবাদিক মেলতে জিন্নাই বুজিব পাৰিছিল যে অসমক তেওঁৰ লীগে শান্তিপূর্ণভাৱে গিলিব নোৱাৰে। যদিহে ইয়াতাে মুছলীম লীগে প্রত্যক্ষ সংগ্রাম আৰম্ভ কৰি দিয়ে,তেন্তে হাতৰ কুঠাৰ ভৰিত মৰাৰ দৰে হব। তেওঁৰ নিশ্চয় ইতিহাসৰ জ্ঞান আহিল। এই কথাটোৱে বােধহয় বাৰে বাৰে তেওৰ মনত খুন্দিয়াইছিল যে ভাৰত বিজয়ী মােগল-পাঠান বাহিনীয়ে অসম দখল কৰিবলৈ সােতৰবাৰ আক্রমণ চলায়াে ভগ্ন-মনােৰথ হৈ ঠোট-মূখ চেলেকি পৃষ্ঠ-ভঙ্গ দিবলগীয়া হৈছিল।
ফাঁচীবজাৰ ‘ওহিদ মার্কেট’ত মুছলীম লীগৰ আহ্বানত বিৰাট ৰাজহুৱা সভা। বিৰাট মুছলীম জামাত। লােকে লােকাৰণ্য। সভাস্থলত তিল ধাৰণৰ কাৰণেও অকণমান খালী ঠাই নাই! ক’ৰ পৰা হাজিৰ হ’লহি হাজাৰ হাজাৰ মুছলীম জনতা? গুৱাহাটী আৰু ইয়াৰ আশে-পাশেতাে ইমান মুছলমান নাই। ‘আল্লাহু আকবৰ’, ‘মুছলীম লীগ জিন্দবাদ’, ‘কায়েদে ই আজম জিন্দাবাদ’ I কিন্তু কায়েদ ই আজম ক’ত?তেওঁ সভালৈ নাহিল। উদ্যোক্ত সকলৰ পক্ষৰ পৰা ঘোষণা কৰা হ’ল যে, কায়েদ-ই-আজম সাধাৰণভাৱে অসুস্থ। ডাক্তৰে তেওঁক বিশ্রামৰ পৰামর্শ দিছে। জিন্নাৰ অনুপস্থিতিতে সভা সম্পন্ন হ’ল। তেওঁৰ অনুপস্থিত জনিত হতাশা আঁতৰাবৰ কাৰণে হবলা বৰ গৰম গৰম বক্তৃতা হ’ল। আক্রমণৰ লক্ষ্য ব্রিটিছ চৰকাৰ নহয়, কংগ্রেছ। সৌ তাহানি১৯৪০ চনতে জিন্নাই কোৱা কথাৰ পুনৰাবৃত্তি। কংগ্ৰেছে মুছলীম লীগৰ দাবী মানি লওক৷ ভাৰত বিভাজন কৰি পাকিস্তানক স্বীকৃতি দিয়ক।দহ মিনিটৰ ভিতৰত ব্ৰিটিছ চৰকাৰ আঁতৰি যাব নাইবা আতৰাঁই পঠিওৱা হ’ব। নহ’লে, লড়কে লেঙ্গে পাকিস্তান।( সবিনয় নিবেদন ,পৃষ্ঠা ৬০৩ ,৬০৭, ৬০৮)
অসমৰ এগৰাকী বিশিষ্ট লেখক-চিন্তাবিদ, প্রশাসনিক বিষয়া হবেন্দ্র নাথ দাসে লিখা জিন্নাৰ গুৱাহাটী ভ্রমণ শীর্ষক প্রবন্ধ এটিত কিছু নতুন কথাৰ অৱতাৰণা কৰিছে এনেদৰে :
“এবাৰ গুৱাহাটীলৈ মহম্মদ আলী জিন্না আহিল। আমাৰ ঘৰৰ আগেৰে বৰ ধুনীয়া ওপৰখন খােলা মটৰগাড়ী এখনত থিয় হৈ ৰাইজৰ সম্ভাষণ গ্রহণ কৰি যাওঁতে তেওঁৰ মুখমণ্ডলৰ শােভা আৰু সুন্দৰ পশ্চিমীয়া পােছাক-পৰিচ্ছদ দেখি সঁচাকৈয়ে বিমােহিত হৈছিলাে। তেওঁ খান বাহাদুৰ মহম্মদ ইদা খানৰ বাসভৱনত নিশাৰ আতিথ্য গ্রহণ কৰিছিল।
সেই সময়ত চৈয়দ আব্দুল মালিকে সক্রিয় ৰাজনীতিত লিপ্ত হৈ মুছলীম লীগৰ হৈ প্ৰচাৰ চলাইছিল। তেওঁৰ সম্পাদনাত পয়গাম নামৰ অসমীয়া আলােচনী এখন বহুল প্রচলিত আছিল। তাত তেওঁ‘লড়কে লেংগে পাকিস্তান’ আদি লেখাৰে মুছলমান সকলক পাকিস্তানৰ বাবে যুঁজিবলৈ উচটনি দিছিল। তেওঁৰ লেখা পঢ়ি প্রৰােচিত হােৱা বেছিভাগ মুছলমানে Direct Action আদি আন্দোলনত জঁপিয়াই পৰিছিল।মালিকে জিন্নাৰ সভাখন অনুষ্ঠিত কৰাত আগ-ভাগ লৈছিল হেনাে। সেই সভাখন অনুষ্ঠিত হৈছিল ,পাণবজাৰৰ তেতিয়াৰ জুবিলি গার্ডেনত। তালৈ শ শ মুছলমান মানুহ অসমৰ বিভিন্ন ঠাইৰপৰা আহিছিল। সেই দিনত চৈয়দ মহম্মদ তৈয়বুল্লা, ফখৰুদ্দিন আলী আহমেদ আদি কেইজনমান জাতীয়তাবাদীৰ বাহিৰে অইন সকলাে মুছলমান নেতা মুছলীম লীগৰ সদস্য আছিল।..
জুবিলি গার্ডেনত হােৱা সভাখনত জিন্নাই কি কথা কৈছিল বুজি পােৱা নাছিলাে। জনতাই বাৰে বাৰে থিয় হৈ জঁপিয়াই ধ্বনি দিছিল ? ‘লড়কে লেংগে পাকিস্তান’, ‘আল্লাহু আকবৰ আদি। সেই সভাত অসমীয়াত বক্তৃতা দিছিল ইংৰাজৰ দিনত অসমৰ প্রধানমন্ত্রী হৈ হেজাৰ হেজাৰ পমুৱাক সেই সময়ৰ বংগদেশৰপৰা আনি অসমৰ সাৰুৱা মাটিত বসতি সুচল কৰি দিয়া ছাৰ মহম্মদ ছাদুল্লাই।”
(অসমীয়া প্রতিদিন, ১৫ মার্চ, ২০১৫ চন)
১৯৪৬ চনৰ ৬ মার্চ তাৰিখে গুৱাহাটীৰ জুবিলী উদ্যানত মিঃ জিন্নাই দিয়া বক্তৃতাৰ এটা বাতৰি সেই সময়ৰ ‘দৈনিক অসমীয়াত এইদৰে প্ৰকাশ হৈছিল –
গুৱাহাটী, ৬ মার্চ ঃআজি ৩ বজাত জুবিলী পথাৰত হােৱা এখন সভাত নিখিল ভাৰত মুছলীম লীগৰ সভাপতি মিঃ জিন্নাই বক্তৃতা দিয়ে। বক্তৃতা প্রসঙ্গত জিন্নাই কয়, “আমি পাকিস্তান গঠন কৰিমেই।আমি বিচাৰাে হিন্দুস্থানত হিন্দু আৰু পাকিস্তানত মুছলমানৰ ৰাজত্ব।স্বাধীন হৈ হিন্দুৰ তলত গােলামী কৰিবলৈ আমি নিবিচাৰাে। জিন্নাই আৰু কয় যে, “সকলাে মুছলমান এক হােৱা। দহ কোটি মুছলমান এক হলে দুনিয়াত কোনেও আমাক ৰােধ কৰিব নােৱাৰে।” জিন্নাই প্রায় ৮ মিনিট সময় বক্তৃতা দিছিল। মৌলানা হামিদ খানে সভাপতিত্ব কৰা সভাত মুছলমান ছাত্র, ৰাইজ আৰু মহিলাসকলৰ ফালৰপৰা তেওঁক অভিনন্দন আৰু টকাৰ টোপােলা উপহাৰ দিছিল।
(দৈনিক অসমীয়া, ৭ মার্চ, ১৯৪৬ চন, ৪১শ সংখ্যা)
অসমক পাকিস্তানৰ লগত সামৰাৰ সপােন দেখা মহম্মদ আলি জিন্নাই শেনটোৰ দৰে গুৱাহাটীলৈ আহি ফেঁচাটোৰ দৰে ঠোট-মুখ চেলেকি শূন্য হাতেৰে উভতি গ’ল। দেশ-বিভাজনৰ স্বাধীনতা লােৱাৰ সময়ত অসমক পাকিস্তানৰ অন্তর্ভুক্ত কৰাৰ গভীৰ ষড়যন্ত্র চলিছিল।১৯৪৬ চনৰ ১০ মে’ তাৰিখে গুৱাহাটীত অনুস্থিত অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে আগন্তুক ১৯৪৬ চনৰ ১০ জুনত দিল্লীত অনুষ্ঠিত হব লগা কংগ্ৰেছ কাৰ্যকাৰী সভাত গ্ৰুপিংৰ বিৰোধীতা কৰিবলৈ এটা ৯ জনীয়া প্ৰতিনিধি দল দিল্লীলৈ পঠিয়াইছিল কিন্ত শৰত চন্দ্ৰ বসু (নেতাজী সূভাষ চন্দ্ৰ বসুৰ ককায়েক ),শ্যামা প্ৰসাদ মূখাৰ্জী ৰ বাহিৰে কোনো এজন ভাৰতীয় নেতায়ে সহানুভুতি সূচক কথা এষাৰো গোপীনাথ বৰদলৈক কোৱা নাছিল ।