- নয়ন বৰ্মন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
কৰিশ্মাই গোৱা নামখিনি বা সুৰখিনি লোকসাংস্কৃতিক দিশৰ পৰা পাৰম্পৰিক নহয় ৷ গতিকে ইয়াৰ বিতৰ্ক হোৱাটোৱো স্বাভাৱিক নহয় ৷ এই নাগাৰা নাম কিছু পৰিমাণে লোকাচাৰ আধাৰিত হ’লেও দৰাচলতে অৰ্বাচীন কালৰ সৃষ্টি ৷ ইয়াক পৰিৱেশ্য কলা (performing art) হিচাপেহে পৰিৱেশন কৰা হয় ৷ সেয়ে এই নামত ভক্তিৰস বা আধ্যাত্মিকতা নাথাকে ৷ আখ্যান বৰ্ণন আৰু লঘুৰসেৰে শ্ৰোতা,দৰ্শকক মনোৰঞ্জন দিয়াই এই নামৰ মূল উদ্যেশ্য ৷ সেইবাবেই ইয়াক পৰিৱেশন কৰোঁতে নিয়মৰ শিথিলতা থাকে ৷ এই নামক শ্ৰদ্ধাৰ ৰামচৰণ ভৰালী আৰু কৈলাস তালুকদাৰে জনসমাদৃত কৰি থৈ গৈছে ৷ প্ৰশ্ন হয় হিন্দী গীতৰ সুৰত এই নামবোৰ গাওঁতে নামৰ বিকৃতি ঘটা নাছিল নেকি? জুবিনৰ বহু জনপ্ৰিয় গীতৰ আধাৰত বিদগ্ধ নাগাৰা নামৰ পাঠকসকলে নাম পৰিবেশন কৰা সকলোৱে দেখিছে আৰু শুনিছে । বৃদ্ধ পাঠকে নামত ব্যৱহাৰ কৰা ৰাজা হিন্দুস্থানী , জিলে লে জিলে লে গানৰ সুৰবোৰ জানো অসমত উৎপত্তি হোৱা ?এতিয়া কৰিশ্মাৰ লয়লাস বিভঙ্গখিনিয়েহে নাগাৰা নামক বিকৃত কৰা বুলি ক’লে এয়া পক্ষপাতদুষ্ট হ’ব ৷ কৰিশ্মাই গাই যাওক ৷ কৰিশ্মাক নিষিদ্ধ কৰি অগণতান্ত্ৰিক আচৰণ কৰাটো অশোভনীয় হৈছে ৷ ইয়াক জাতিদ্ৰোহ আখ্যা দিওঁতাসৱে জাতিৰ সংজ্ঞা জানে বুলি আমাৰ অনুভৱেই নহয় ৷ এনেকুৱা তালিবনী ফৰমানক আজিৰ অসমীয়া সমাজে অলপো গুৰুত্ব নিদিয়ে ।
অসমত চলচ্চিত্ৰ জগতৰ আৰু বিভিন্ন ক্ষেত্ৰৰ বহু নামজ্বলা চেলিব্ৰিটী থকাৰ পিছতো কৰিশ্মা নাথ নামৰ এগৰাকী ১৭-১৮ বছৰীয়া নাগাৰা নামৰ শিল্পী কিয় চচিয়েল মেডিয়াত ট্ৰেণ্ডিঙত আছে?যতিন বৰাৰ দৰে অসমৰ চলচ্চিত্ৰ জগতৰ বলিষ্ঠ অভিনেতাই কিয় কৰিশ্মা নাথৰ লগত ফটো উঠিবলৈ ধপলিয়াই গৈছে? তাৰ একমাত্ৰ কাৰণ হ’ল কৰিশ্মা নাথে অসমৰ আপোন মাটি আৰু সংস্কৃতিৰ শিপাৰে সংপৃক্ত নাগাৰা নামক ৰাতিটোৰ ভিতৰতেই জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰাবলৈ সক্ষম হ’ল। কৰিশ্মা নাথক যিমানেই চচিয়েল মেডিয়াত সমালোচনা কৰা হৈছে তেওঁৰ জনপ্ৰিয়তা সিমানেই বাঢ়িছে। নাগাৰা নাম সংঘই কৰিশ্মা নাথক বহিস্কাৰ কৰাৰ পিছতো অসমৰ নাগাৰা নামৰ প্ৰৱাদ প্ৰতিম পুৰুষ পাঠক কৈলাশ তালুকদাৰে তেওঁৰ লগত ফটো উঠিছে। কৰিশ্মাই নিজৰ কৰিশ্মা দেখুৱাই যাওক সেই বিশ্বাসেই কৰে অসমীয়া জনতাই ।