পাকিস্তানৰ পাঠ্যপুথিত ভগত সিং, ৰঞ্জিত সিং ইত্যাদি

402
  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


পাকিস্তানত বৰ্তমান তীব্ৰ বিত্তীয় সংকত চলি
আছে । সন্ত্ৰাসবাদী , জেহাদি , মৌলানাৰ বাতৰিৰ বাহিৰেও পাকিস্তানত যোৱা কিছু বছৰৰ পৰা এটা নতুন চৰ্চা আৰম্ভ হৈছে । ভাৰতত যিদৰে বিভিন্ন চহৰৰ নাম পৰিৱৰ্তন হৈ আছে সেই একে ধৰণৰ কিছু কাম পাকিস্তানতো আৰম্ভ হোৱাৰ উপক্ৰম হৈছে । পাকিস্তানৰ সংবাদ মাধ্যম , চিভিল চোচাইটি গ্ৰুপ , বিভিন্ন বিশ্ব বিদ্যালয়ৰ অধ্যয়ন চক্ৰ সমুহত চলা আলোচনাৰ মাজেদি আমি কিছু তথ্য ‘ ৰাজনীতি অসম ‘ ৰ পাঠকৰ বাবে আগবঢ়াব খুজিছো ।

পাকিস্তানত ৰামাদান বনাম ৰমজানৰ বিতৰ্ক নতুন বা একক নহয়। নিজৰ ভাষা আৰু সংস্কৃতিৰ ক্ৰমান্বয়ে আৰবীকৰণৰ ফলত বহু পাকিস্তানী বিচলিত হৈ পৰিছে। “খুদা হাফিজ” আৰু “আল্লা হাফিজ”ক পছন্দ কৰাসকলৰ মাজত সংঘাত সৃষ্টি হৈছে। নমাজ ক্ৰমান্বয়ে চালাত হৈ পৰিছে।

ইছলামিক পৰিচয় গঢ়ি তুলি “হিন্দু” ভাৰতৰ পৰা নিজকে পৃথক কৰাৰ প্ৰয়াসত পাকিস্তানে হেৰুৱাই পেলাইছে নিজৰ মুল সভ্যতা সংস্কৃতি । যাৰ কুফল ভুগিছে আজিৰ প্ৰজন্মই ।

প্ৰাচীন হাজাৰ হাজাৰ বছৰ পুৰণি সিন্ধু সভ্যতাৰ অন্তৰ্ভুক্ত এই অঞ্চলটোক ইছলামকৰণ কৰি নিজৰ নতুন পৰিচয়ক বিশ্বৰ আগত প্ৰতিষ্ঠা কৰিবলৈ চৌদিৰ পৰা অহা মহম্মদ বিন কাছিমৰ সিন্ধত প্ৰবেশ কৰাৰ পৰাই নিজৰ বুৰঞ্জি লিপিবদ্ধ কৰিবলৈ চৰকাৰী পক্ষই চেষ্টা কৰি সফলো হল । মুছলমানৰ উম্মাহ ( গৃহভুমি) হিচাপে পাকিস্তানক চিনাকী কৰি দিয়াৰ পৰিকল্পনাৰে চৰকাৰী পক্ষই ইতিহাস বিকৃত কৰি লিখিব ধৰিছিল । ১৯৮০ চনৰ পৰা “ছিয়া” ইৰাণৰ সৈতে জড়িত পাৰ্চী ভাষিক আৰু সাংস্কৃতিক প্ৰভাৱসমূহকো ক্ৰমান্বয়ে পাকিস্তানে নস্যাত কৰিব ধৰিলে ।

এই স্থানসমূহৰ ভিতৰত অন্যতম হৈছে ৰাজ্যিক বিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম। আন কিছুমানৰ ভিতৰত ৰাজহুৱা সম্প্ৰচাৰক, টেলিভিছন আৰু ৰেডিঅ’ উভয় , চৰকাৰী বৃত্তি , ৰাষ্ট্ৰীয় কলা বিদ্যালয় আৰু ফাউণ্ডেশ্যন , চলচ্চিত্ৰ উদ্যোগ; চেঞ্চৰ ব’ৰ্ড; বিজ্ঞাপন; ক্ৰীড়া , সংগ্ৰহালয় ইত্যাদি ।
পাকিস্তানত আৰবী ভাষাৰ প্ৰৱৰ্তন আছিল ইচ্ছাকৃত নীতিৰ ফল। আয়ুব খানে প্ৰথমে পাকিস্তানৰ চৰকাৰী বিদ্যালয়ত আৰবী ভাষাৰ পাঠদানৰ আহ্বান জনাইছিল। তেওঁৰ শিক্ষা নীতিত মাদ্ৰাছাত ইংৰাজী পাঠদানৰ লগতে উলেমাসকলক আধুনিকীকৰণৰ আশাত চেমিনাৰীৰ পাঠ্যক্ৰমত সমসাময়িক আৰবী গ্ৰন্থৰ প্ৰৱৰ্তনৰ পৰামৰ্শও দিয়া হৈছিল। সেইবাবেই, অজানিতে হওক খানৰ শিক্ষা নীতিয়ে ইংৰাজী আৰু আৰবী ভাষাক পাকিস্তানৰ আধুনিকতা আৰু প্ৰগতিৰ ভাষা হিচাপে থিয় কৰাইছিল ।

পাকিস্তানী মূলসুঁতিত আৰবী ভাষাৰ প্ৰৱৰ্তনৰ মুল ব্যক্তি আছিল জেনেৰেল জিয়াউল হক । তেওঁ আপাত দৃষ্টিত আৰবী আৰু উৰ্দু ভাষাক এনে ভাষা হিচাপে গ্ৰহণ কৰিছিল যিয়ে মুছলমান জাতি এটাক একত্ৰিত কৰিব পাৰে । ফলস্বৰূপে চৰকাৰী প্ৰচাৰ মাধ্যম যেনে টিভি , ৰেডিঅত আৰবী ভাষাত বাতৰি সম্প্ৰচাৰ কৰিছিল। ৰেডিঅত আৰবী-ভাষা আৰু ধৰ্মীয় শিক্ষা প্ৰচাৰ কৰা হৈছিল।

১৯৮০ চনৰ আৰম্ভণিতে উৰ্দু শিকোৱা ৰাজ্যিক বিদ্যালয় আৰু ইকৰা কেন্দ্ৰত আৰবী ভাষা শিকোৱাৰ বাবে মাদ্ৰাছা শিক্ষক নিযুক্তি দিয়া হৈছিল যাৰ ফলত ধৰ্মীয় আৰু ধৰ্মনিৰপেক্ষ শিক্ষাৰ মাজৰ পাৰ্থক্য বৃদ্ধি হৈ গৈছিল । অনিয়ন্ত্ৰিত মাদ্ৰাছাবোৰক (যিবোৰ ৰাষ্ট্ৰৰ পৰিসৰৰ বাহিৰত পৰিছিল) শিক্ষাৰ ওপৰত নিয়ন্ত্ৰণ দিয়াৰ পৰিণতি উৰ্দু ভাষাৰ ক্ৰমান্বয়ে আৰবীকৰণতকৈ দুৰ্বল হৈ গৈ থাকিল । আজি পাকিস্তানত উত্থান ঘটা অস্পষ্টতাবাদী মতাদৰ্শ এই প্ৰক্ৰিয়াৰেই ফল ।

শেহতীয়া পৰিঘটনা যেনে সিন্ধৰ পাঠ্যপুথিৰ পাঠ্যক্ৰম সংস্কাৰৰ কামৰ বাবে ধৰ্মীয় ৰাজনৈতিক দলৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰি ডাঃ বাৰ্নাডেট ডিনে পাকিস্তান এৰি যোৱা । ১৯৪৭ চনৰ ১১ আগষ্টত পাকিস্তানৰ সংবিধান সভাত ধৰ্মীয় সহনশীলতাৰ বিষয়ে জিন্নাই দিয়া ভাষণক ৰাজ্যিক বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ শেহতীয়া সিদ্ধান্ত হৈছে এক যুগান্তকাৰী পদক্ষেপ ।
যিটো ভাষণত জিন্নাই হিন্দুৰ ধৰ্মিয় অধিকাৰ আৰু মুচলমানৰ ধৰ্মিয় অধিকাৰ সমান বুলি উল্লেখ কৰিছিল । পাকিস্তানৰ নতুন প্ৰজন্মই ইনটাৰনেটৰ যুগত দেখা পাইছে যে ইন্দোনেচিয়াৰ দৰে সৰ্ব বৃহৎ মুচলমান দেশ এখনেও নিজৰ পুৰ্ব বংশৰ পৰিচয় ভগৱান শ্ৰীৰাম , লক্ষ্মী দেৱীক ত্যাগ কৰা নাই । ৰামলীলা ইন্দোনেচিয়াৰ মুচলমানৰ এক উল্লেখযোগ্য উৎসৱ । কিন্তু ইণ্ডোনেচিয়া হৈছে ইচলাম পালন কৰা এক সৰ্ব বৃহৎ জনসংখ্যাৰ
দেশ । তেওঁলোকৰ মজহব যদিও ইচলাম কিন্তু তেওঁলোকে ত্যাগ কৰা নাই পুৰ্ব পুৰুষৰ পৰম্পৰা । যাৰ সুযোগ গ্ৰহণ কৰিছে ইণ্ডনেচিয়াৰ নতুন প্ৰজন্মই । বিশ্ব দৰবাৰত তেওঁলোকে নিজৰ প্ৰাচীন চিনাকীৰে গৌৰৱ কৰে আৰু আন দেশৰ মানুহে তেওঁলোকৰ প্ৰাচীন পৰম্পৰাক উপযুক্ত সন্মান প্ৰদান কৰে । আফ্ৰিকা বা এচিয়াৰ কোনো এখন ইচলামিক ৰাষ্ট্ৰই নিজৰ স্বকীয় সংস্কৃতি এৰা নাই , একমাত্ৰ পাকিস্তানৰ বাহিৰে । আৰু সেইবাবেই ইচলামৰ আধাৰত ভাৰতৰ পৰা বিভক্ত হোৱা বাংলাদেশ এদিন ওলাই আহিছিল পাকিস্তানৰ
পৰা । পাকিস্তানৰ পাঠ্যপুথিত মহেঞ্জদাৰো সভত্যাক পাকিস্তানৰ স্কুলৰ পাঠ্যপুথিয়ে স্থান দিয়া আৰু ভগত সিং , ৰঞ্জিত সিং, সুভাষ বসু আদি ব্যক্তিৰ দৰ্শনক পাকিস্তানৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিবলৈ এক বৌদ্ধিক আন্দোলনৰ জোৱাৰ সৃষ্টি হৈছে । হয়টো আৰু এক দুই বছৰত পাকিস্তানৰ পাঠ্যপুথিত আমূল পৰিৱৰ্তন আহিব ।