- ৰিতু তালুকদাৰ
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
নতুন দিল্লীত উগ্রপন্থী সংগঠন ডিমাছা নেশ্যনেল লিবাৰেশ্যন আমি চমুকৈ ডিএন এল এৰ সৈতে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ এক ত্রিপাক্ষিক চুক্তি স্বাক্ষৰিত
হয়।
এই ত্রিপাক্ষিক শান্তি চুক্তিৰ জড়িয়তে অসমত
স্থায়ী শান্তি স্থাপনৰ ক্ষেত্ৰত দুয়োখন বিজেপি চৰকাৰ আৰু
এঢাপ আগুৱাই গ’ল। উল্লেখ্য যে, এই শান্তি চুক্তিৰ
ফলত অসমত আৰু দ্বিতীয় এটা জনজাতীয়
উগ্রপন্থী সংগঠন নাথাকিবগৈ।
এই শান্তি চুক্তিৰ সময়ত উপস্থিত থাকে কেন্দ্ৰীয়
গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত
বিশ্ব শৰ্মা, শক্তিমন্ত্রী নন্দিতা গার্লোচা, অসম
আৰক্ষীৰ সঞ্চালক প্রধান জি পি সিং, কেন্দ্রীয়
গৃহমন্ত্ৰণালয় আৰু অসম আৰক্ষীৰ শীৰ্ষ বিষয়া
তথা ডি এন এল এৰ নেতৃত্ব।
উল্লেখ্য যে, চলিত মাহৰ আৰম্ভণিতে ডি এন এল
এয়ে একপক্ষীয় ভাবে ঘোষণা কৰা যুদ্ধবিৰতি
আৰু ৬ মাহলৈ সম্প্ৰসাৰণৰ কথা ঘোষণা
কৰিছিল।এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ
পত্ৰ প্ৰেৰণ কৰিছিল।
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই
সংগঠনটোৱে ২০২১ ৰ ছেপ্টেম্বৰত ৬ মাহৰ বাবে
যুদ্ধবিৰতি ঘোষণা কৰিছিল। মাত্র কিছু বছৰ পূৰ্বে
ভূমিস্থ হোৱা এই সংগঠনটোৱে ডিমা হাছাওত
ইতিপূর্বে ব্যাপক হিংসাত্মক পৰিস্থিতিৰ সূচনা
কৰিছিল।
এক পক্ষীয় ভাৱে যুদ্ধ বিৰতি ঘোষণা কৰাৰ মাত্ৰ
কেইটামান দিন পূর্বে এই সংগঠনটোৱে সৃষ্টি
কৰিছিল ৰক্তাক্ত, অগ্নিগর্ভা পৰিস্থিতি। অতি
শেহতীয়াকৈ এই সংগঠনটোৱে ২০২১ ৰ ২৬ আগষ্ট
এটা চিমেণ্ট কোম্পানীৰ ৭ খনকৈ ট্রাকলৈ
গুলীচালনা কৰি অগ্নিসংযোগ কৰিছিল। এই
ঘটনাত নিহত হৈছিল ৫ জনকৈ লোক।
এই মাহতে কেন্দ্ৰৰ লগত আলোচনাপন্থী আলফাৰ
লগতো চুক্তি স্বাক্ষৰ হোৱাৰ বাতৰি প্ৰচাৰ হৈছে । যদি চুক্তি স্বাক্ষৰিত হয় তেন্তে এই চুক্তিত কি থাকিব আজিৰ তাৰিখত ধাৰণা কৰা মস্কিল ।