- নয়ন বৰ্মন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
এগৰাকী যুৱতীক ৰাজপথতে গুলীয়াই হত্যা কৰে এজন যুৱকে। এই কাণ্ড সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ধাৰ চহৰত। বুধবাৰে পুৱা যুৱকজনে যুৱতী গৰাকীক গুলীয়াই হত্যা
কৰে। অভিযুক্ত যুৱকজনে প্রায় ২ বছৰ ধৰি মহিলা গৰাকীক নির্যাতন চলাই আহিছিল।
আৰক্ষীয়ে জনোৱা অনুসৰি দীপক ৰাঠৌৰ নামৰ যুৱকজনে ২২ বছৰীয়া পূজা নামৰ মহিলাগৰাকীক বিয়াৰ বাবে প্ৰস্তাৱ দি আহিছিল।কিন্তু পূজাই তেওঁৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল।পূজাই এখন ৰেষ্টুৰেণ্টত কাম কৰিছিল আৰু মাক-দুই ভগ্নীৰ সৈতে বাস কৰিছিল। কালি যেতিয়াপুজা কামৰ বাবে গৈ আছিল তেতিয়াই এই গুলীচালনাৰ ঘটনা সংঘটিত হয়। য’ত পূজাথি তাতে নিহত হয়।
উল্লেখ্য যে, দীপকে বহুদিন অনুসৰণ কৰি আহিছিল পূজাক। দীপকৰ বিৰুদ্ধে পূজাইঅভিযোগো দাখিল কৰিছিল।ঘটনাৰ পাছতেই দীপকক কৰায়ত্ব কৰিবলৈ
আৰক্ষী তেওঁৰ ঘৰত উপস্থিত হৈছিল। উল্লেখ্য যে, দীপকে বহুদিন অনুসৰণ কৰি আহিছিল পূজাক। দীপকৰ বিৰুদ্ধে পূজাই অভিযোগো দাখিল কৰিছিল।
ঘটনাৰ পাছতেই দীপকক কৰায়ত্ব কৰিবলৈ আৰক্ষী তেওঁৰ ঘৰত উপস্থিত হৈছিল। কিন্তু দীপক আৰু আৰক্ষীৰ মাজত হোৱা গুলীয়াগুলীত দীপকৰ লগতে আন এজন আৰক্ষী বিষয়া আহত হয়।
বর্তমান চিকিৎসালয়ত আছে দীপক। আনহাতে
অবৈধ ভূমিত নিৰ্মাণ কৰা বাবে দীপকৰ ঘৰ
আৰক্ষীয়ে পৌৰ নিগমৰ সহযোগত ভাঙি দিয়ে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
মধ্যপ্ৰদেশৰ দৰে অসমতো যুবতী অপহৰণকাৰী আৰু লাভ জেহাদিক আইনৰ আওতাত আনি কঠোৰ শাস্তি বিহা আইন আহিব লাগে বুলি সাধাৰণ ৰাইজে আশা কৰে ।