- বুবুল তালুকদাৰ
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
অনাদি কালৰে পৰাই দেৱৰো দূৰ্লভ এই পবিত্ৰ ভাৰত ভূমিয়ে সমগ্ৰ বিশ্বকে জ্ঞানৰ আলোকেৰে উদ্ভাসিত কৰি আহিছে , সংস্কাৰ আৰু সংঘৰ্ষৰ মাধ্যমেৰে মানবধৰ্ম প্ৰতিষ্ঠা কৰি আহিছে। ভাৰতৰ ইতিহাস সংস্কাৰ আৰু সংঘৰ্ষৰ এক অবিৰত যাত্ৰাৰ ইতিহাস । এই ইতিহাসে যুগে যুগে মানৱজাতিক বিশ্বপ্ৰেমৰ, নৈতিকতাৰ, মানৱতাবাদৰ বাণী বিলাই আহিছে ।যেতিয়াই এই যাত্ৰাত স্থবিৰতা আহি পৰে তেতিয়াই একো একোজন যুগদ্ৰষ্টাৰ আবিৰ্ভাৱ হয় আৰু ভাৰতীয় আদৰ্শৰ এই যাত্ৰাৰ সাময়িক স্থবিৰতাক নতুন গতি প্ৰদান কৰে। আত্মবিস্মৃত হিন্দু জাতিক এহেজাৰ বছৰীয়া পৰাধীনতাৰ শিকলী চিঙি মুক্ত হৈ পুনৰ মানবীয়তাৰ জয়গান গোৱাৰ বাবে প্ৰস্তুত কৰিবলৈ যুগে যুগে বীৰপ্ৰসবিনী ৰূপে বন্দিত ভাৰত মাতৃয়ে সামাজিক , সামৰিক ,ৰাজনৈতিক ,আধ্যাত্মিক আদি প্ৰতিটো ক্ষেত্ৰতে নিপুনতা থকা বহু বীৰপুত্ৰৰ জন্ম দি আহিছে।তেনে বহুজনৰ মাজৰ এজন ডাঃকেশৱ বলিৰাম হেডগেৱাৰে কুৰি শতিকাৰ কাহিলি পুৱাতে চিকিৎসা শাস্ত্ৰত স্নাতকহৈয়ো পেচাদাৰী চিকিৎসক নহৈ হেজাৰ বছৰীয়া পৰাধীনতাৰ গ্নানিত জৰ্জৰিত হিন্দু সমাজত উৎপন্ন হোৱা ব্যাধিবোৰৰ চিকিৎসাত নিজকে সমৰ্পিত কৰিলে।আত্মমবিস্মৃত হিন্দু সমাজক সংগঠিত আৰু সংস্কাৰিত কৰি ভাৰতক পুনৰ পৰম বৈভৱলৈ লৈ যোৱাৰ সংকল্পেৰে ১৯২৫ চনত তেওঁ স্থাপন কৰিলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ আৰু সংঘৰ মাধ্যমেৰে এক পদ্ধতিগত বৈজ্ঞানিক আৰু সামাজিক অনুশীলনেৰে বহুধা বিভক্ত হৈ শক্তিহীন হৈ পৰা হিন্দু সমাজক সংগঠিত কৰি সমাজ আৰু দেশৰ সৰ্বাংগীন উন্নতি কৰি বিশ্বকল্যানৰ বাবে অনাদি কালৰে পৰা চলি থকা সংস্কাৰ আৰু সংঘৰ্ষৰ সেই অবিৰত যাত্ৰাৰ বাবে পুনৰ জাতিটোক প্ৰস্তুত কৰাৰ যজ্ঞত নিজকে সমৰ্পন কৰিলে । সংস্কাৰ আৰু সংঘৰ্ষ অৰ্থাৎ ধৰ্ম প্ৰতিষ্ঠা আৰু ধৰ্মযুদ্ধ বিজয়ৰ বাবে আধ্যাত্মিক আৰু বৌদ্ধিক শক্তিৰ লগতে সামাজিক, ৰাজনৈতিক আৰু সামৰিক শক্তিৰো একান্তই প্ৰয়োজন ।ৰামায়ন ,মহাভাৰত তাৰ প্ৰমান।চাণক্য ,চন্দ্ৰগুপ্ত তাৰ প্ৰমান।অৱশ্যেই সামাজিক, ৰাজনৈতিক আৰু সামৰিক শক্তিক ধৰ্মৰ পথত ৰাখিবলৈ প্ৰয়োজন সংস্কাৰিত সামাজিক আৰু ৰাজনৈতিক ব্যক্তি। আৰু তেনে এক সংস্কাৰিত ,
ৰাজনৈতিক ,সামাজিক ব্যক্তি আছিল ড°শ্যামাপ্ৰসাদ মূখাৰ্জী । ১৯০১ চনৰ ৬জুলাইত জন্ম গ্ৰহন কৰা আৰু বেৰিষ্টাৰ হৈ আহি ৩৩ বছৰ বয়সত কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদ শোভিত কৰা কনিষ্ঠতম উপাচাৰ্যজনে ১৯৪৪ চনত হিন্দু মহাসভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল। স্বাধীনতাৰ পাছত গঠিত জৱহৰলাল নেহেৰু চৰকাৰত তেও মন্ত্ৰী হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল যদিও হিন্দু সংখ্যালঘুৰ প্ৰতি ভেদভাৱ কৰা পাকিস্তানৰ প্ৰতি নেহেৰুৰ কোমল দৃষ্টিভংগীৰ প্ৰতিবাদত তেও মন্ত্ৰীপদৰ পৰা পদত্যাগ কৰে।আনহাতে ১৯৪৮ চনত হোৱা মহাত্মা গান্ধী হত্যাৰ বাবে মিছা অপবাদ দি আৰ এছ এছ কো নেহেৰু চৰকাৰে নিষিদ্ধ ঘোষণা কৰে । দেশৰ জনসাধাৰণৰ প্ৰতি সমব্যৱহাৰ ,সম মৰ্যদা, দেশৰ পৰম্পৰা,সংস্কৃতি, সভ্যতাৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে ভাৰতীয় আদৰ্শৰে এক বিকল্প ৰাজনৈতিক শক্তি নিৰ্মানৰ বাবে শ্যামাপ্ৰসাদ ডাঙৰীয়াই আৰম্ভ কৰা চিন্তাক এক নতুন দিশ আৰু গতি দিলে RSS ৰ ২য় সৰসংঘচালক মাননীয় মাধৱৰাও সদাশিৱৰাও গোলৱলকৰে আৰু তাৰেই ফলশ্ৰুতিত ১৯৫১চনৰ ২১অক্টোবৰ তাৰিখে শ্যামাপ্ৰসাদ মূখাৰ্জীক সভাপতি হিচাপে দায়িত্ব দি প্ৰতিষ্ঠা হয় ভাৰতীয় জন সংঘৰ। হিন্দু ৰাষ্ট্ৰীয়তা আৰু হিন্দুত্বক আদৰ্শ আৰু দৰ্শন হিচাপে লৈ সমগ্ৰ দেশতে সকলোৰে বাবে একে আইন,একে পতাকা,এজন প্ৰধান সিদ্ধান্তৰে কামত অগ্ৰসৰ হয় আৰু এই সিদ্ধান্তৰ বাস্তৱ ৰূপায়নৰ দাবীত শ্যামাপ্ৰসাদে জম্মু কাশ্মীৰ যাত্ৰা আৰম্ভ কৰে , উদ্দেশ্যে কাশ্মীৰৰ ভুমিত ভাৰতীয় তিনিবৰণীয়া জাতীয় পতাকা উত্তোলন কৰা , কাৰণ সেই সময়ত কাশ্মীৰে ভাৰতীয় জাতীয় পতাকাৰ সলনি নিজাকৈ পৃথক পতাকা ব্যৱহাৰ কৰিছিল , কাশ্মীৰত সংবিধানে দিয়া বিশেষ অধিকাৰৰ ৩৭০ ধাৰা প্ৰযোজ্য আছিল আৰু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ক প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল ।আনকি কাশ্মীৰ লৈ যাবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী জনেও কাশ্মীৰ চৰকাৰৰ পৰা অনুমতি লব লগা হৈছিল । শ্যামাপ্ৰসাদে এখন দেশত দুটা নিয়মৰ এই কথা কেতিয়াও মানি লোৱা নহব বুলি কৈ বিনা অনুমতিত জম্মু কাশ্মীৰত প্ৰৱেশ কৰাৰ প্ৰচেষ্টা কৰাত ১৯৫৩ চনৰ ১১মেত কাশ্মীৰৰ শ্বেখ আব্দুল্লা চৰকাৰে তেখেতক গ্ৰেপ্তাৰ কৰি কাৰাগাৰত নিক্ষেপ কৰে আৰু কাৰাৰূদ্ধ অৱস্থাত সন্দেহজনক পৰিস্থিতি আৰু পৰিবেশত তেখেতৰ ১৯৫৩ চনৰ ২৩ জুনত মৃত্যু হয় ।তেখেতে জম্মু কাশ্মীৰৰ সীমাত প্ৰৱেশ কৰাৰ আগে আগে তেখেতৰ লগত যোৱা অটল বিহাৰী বাজপেয়ী দেৱক একপ্ৰকাৰ জোৰ কৰি তাৰ পৰা ওভতি আহিবলৈ বাধ্য কৰিছিল আৰু অটলজীক দলৰ স্বাৰ্থত উভতি গৈ দলৰ কাৰ্য চাবলৈ নিৰ্দেশ দিছিল । পৰিতাপৰ কথা তেখেতৰ মৃত্যৰ কাৰণ আজিও ৰহস্য হৈয়ে থাকিল।শ্যামাপ্ৰসাদৰ মৃত্যুৰ পিছত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ কান্ধত দলৰ সমস্ত ভাৰ পৰিল। ১৯১৬ চনৰ ২৫ চেপ্তেম্বৰত জন্ম লভা দীনদয়াল উপাধ্যায় , ছাত্ৰজীৱনৰ পৰাই অত্যন্ত মেধা আছিল আৰু তেঁও মেট্ৰিকত প্ৰথম স্থান , ইণ্টাৰমিদিয়েত আৰু বি এ ত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ পাচত “ইংলিচ লিটাৰেচাৰ” ত সোনৰ পদক সহ এম এ ত উত্তীৰ্ণহয় । সৰুতেই পিতৃ মাতৃক হেৰুওৱা দীনদয়ালে পৰিয়ালৰ আনসকলৰ ইচ্ছাত provincial service exam দি বাচনিত উঠে যদিও চাকৰিত যোগদান নকৰি B.Ed আৰু M.Ed ডিগ্ৰী লৈ ৰাজহুৱা জীৱনত ব্ৰতী হৈ পৰে । আৰ এছ এছৰ প্ৰচাৰক হিচাবে গোটেই জীৱন ৰাষ্ট্ৰৰ বাবে সমৰ্পন কৰে আৰু জনসংঘৰ প্ৰতিস্থা হোৱাৰ সময়ত উত্তৰ প্ৰদেশৰ জনসংঘৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লয় আৰু দুবছৰৰ ভিতৰতে জনসংঘৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহন কৰি ১৯৫২ চনৰ পৰা ১৯৬৭ চনলৈ সুদীৰ্ঘ ১৫ বছৰ কাল জনসংঘৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰে ।১৯৬৫ চনৰ ২২ৰ পৰা ২৫ এপ্ৰিললৈ বোম্বেত অনুস্থিত হোৱা জনসংঘৰ সভাত দিয়া ভাষণত দীনদয়াল ডাঙৰীয়াই একাত্ম মানব দৰ্শনৰ সূত্ৰ উত্থাপন কৰে আৰু জনসংঘই এই একাত্ম মাৱ দৰ্শনকেই দলৰ দৰ্শন আৰু আদৰ্শৰূপে গ্ৰহন কৰে । প্ৰচণ্ড আত্মবিশ্বাসী আৰু আদৰ্শনিষ্ঠ হোৱা বাবেই তেওঁ সদায় সংকীৰ্ণ ৰাজনীতিৰ পৰা আতৰত আছিল।জাত পাতৰ ৰাজনীতিক তেঁও ঘিণ কৰিছিল। ভাৰতৰ উন্নয়ন পশ্চিমীয়া সংস্কৃতি তথা আধুনিক চিন্তাৰ অন্ধ অনুকৰণেৰে কৰাৰ সলনি তেও ভাৰতীয় আদৰ্শ আৰু পৰিবেশৰ ওপৰত আধাৰিত ৰাজনৈতিক, সামাজিক,অৰ্থনৈতিক বৈজ্ঞানিক বিকাশৰ মত পোষণ কৰিছিল আৰু আধুনিক প্ৰযুক্তি ভাৰতৰ সভ্যতা, সংস্কৃতি আৰু পৰিবেশৰ লগত খাপখোৱাকৈ বিকাশ আৰু প্ৰয়োগ কৰাৰ সপক্ষে মত পোষণ কৰিছিল কিন্তু ভাৰতীয় আদৰ্শ আৰু দৰ্শনৰ প্ৰবক্তা দীনদয়াল ডাঙৰীয়াৰো মৃত্যুও ৰহস্যজনক ভাৱে উত্তৰপ্ৰদেশৰ মোগলচৰাই ষ্টেচনত ১৯৬৭চনৰ১১ ফেব্ৰুৱাৰী ত হয়। তেওৰ মৃত্যুৰ ৰহস্যও আজিলৈকে ৰহস্য হৈয়ে থাকিল ।তেখেতৰ মৃত্যুৰ পিচত জনসংঘৰ সভাপতিৰ দায়িত্ব বহন কৰিছিল ক্ৰমে অটল বিহাৰী বাজপেয়ীদেৱ আৰু লাল কৃষ্ণ আদৱানী দেৱে।১৯৫১ চনৰ পৰা ১৯৭৭ চনলৈ ভাৰতীয় জনসংঘৰ ২৬ বছৰীয়া জীৱন পৰিক্ৰমাত মুঠ ১৪ গৰাকী সভাপতিয়ে দায়িত্ব পালন কৰিছিল।তেওলোক একাদিক্ৰমে ড° শ্যামাপ্ৰসাদ মূখাৰ্জী ( ১৯৫১-৫২) , মৌলিচন্দ্ৰ শৰ্মা (১৯৫৪) , প্ৰেম নাৰায়ণ ডোগ্ৰা (১৯৫৫), আচাৰ্য ডি. পি. ঘোষ (১৯৫৬-৫৯) , পিতাম্বৰ দাস (১৯৬০) , অভসৰলা ৰামৰাও (১৯৬১) , আচাৰ্য ডি পি ঘোষ (১৯৬২), ৰঘুবীৰ (১৯৬৩), আচাৰ্য ডি পি ঘোষ(১৯৬৪), বসৰাজ ব্যাস (১৯৬৫) , বলৰাজ মাধোক (১৯৬৬) , দীনদয়াল উপাধ্যায় (১৯৬৭-৬৮) , অটল বিহাৰী বাজপেয়ী(১৯৬৮-৭২) আৰু লালকৃষ্ণ আদৱানী (১৯৭৩-৭৭)। এইকাল চোৱাত অনুস্থিত সাধাৰণ নিৰ্বাচনত জনসংঘই ১৯৫১ চনত ৩খন,১৯৫৭ চনত ৪খন , ১৯৬২ চনত ১৪খন , ১৯৬৭ চনত ৩৫ খন আৰু ১৯৭১চনত২২খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল ।৭৫ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশত ঘোষণা কৰা জৰুৰী কালীন অৱস্থাৰ সময়ত চৰকাৰৰ ৰোষত পৰিছিল জনসংঘৰ কাৰ্যকৰ্তা আৰু লগতে সংঘৰ স্বয়ংসেৱক সকল আৰু বহুজনক গ্ৰেপ্তাৰ কৰি কাৰাগাৰত থৈছিল।বহুজনে আত্মগোপন কৰি থাকিব লগীয়া হৈছিল।পৰৱৰ্তী সময়ত দেশৰ স্বাৰ্থত ও কংগ্ৰেছৰ স্বেচ্চাচাৰিতা বিৰুদ্ধে মাৰ বান্ধি যুজিবলৈ বিৰোধী দলসমূহ একত্ৰিত হৈ জনতা পাৰ্টি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰাত ভাৰতীয় জনসংঘইও নিজকে জনতা পাৰ্টিত বিলীন কৰি দিছিল আৰু ১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছক পৰাভূত কৰি জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰিছিল। কিন্তু দ্বিসদস্যতাৰ প্ৰশ্নলৈ জনতা পাৰ্টিৰ সিদ্ধান্তৰ লগত জনতা পাৰ্টিত থকা ভাৰতীয় জনসংঘৰ পূৰ্বৰ সদস্য সকলৰ মত বিৰোধ হোৱাত তেওঁলোকে জনতা পাৰ্টি ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টী গঠন কৰে ১৯৮০ চনৰ ৬ এপ্ৰিল তাৰিখে।ভাৰতীয় জনতা পাৰ্টিয়ে গ্ৰহন কৰে দীনদয়াল উপাধ্যায়ৰ একাত্ম মানব দৰ্শন আৰু হিন্দুত্ব ক নিজৰ আদৰ্শ আৰু দৰ্শন হিচাপে গ্ৰহন কৰে। গঠন হোৱাৰ পাচতে ১৯৮৪ চনত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত মাত্ৰ ২খন আসনত জয়ী হবলৈ সক্ষম হৈছিল। কিন্তু সবল, সুষ্ঠিৰ আৰু বুদ্ধিদীপ্ত নেতৃত্বৰ বলত ভাৰতীয় জনতা পাৰ্টি ক্ৰমান্বয়ে সবল স্থিতি গঢ়িবলৈ সক্ষম হৈছে। শ্ৰীৰাম জন্মভূমি উদ্ধাৰ আন্দোলনৰ মাধ্যমেৰে ১৯৮৯ চনত লালকৃষ্ণ আদৱানী ৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিয়ে সাধাৰণ নিৰ্বাচনত ৮৫ খন আসন দখল কৰিবলৈ সক্ষম হয়। অসমৰ ঐতিহাসিক ছবছৰীয়া অস্তিত্ব ৰক্ষাৰ আন্দোলনতো BJPৰ সম্পূৰ্ণ সহযোগে সৰ্বভাৰতীয় পৰ্যায়ত এই আন্দোলনৰ প্ৰতি সমৰ্থন সৃষ্টি কৰাত উল্লেখযোগ্য বৰঙনি আগবঢ়াইছিল। ১৯৮০ চনত প্ৰতিস্থা হোৱা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতিৰ দায়িত্ব এতিয়ালৈকে বহন কৰা ব্যক্তি সকল একাদিক্ৰমে শ্ৰী অটল বিহাৰী বাজপেয়ী ( ১৯৮০-৮৬) , শ্ৰীলালকৃষ্ণ আদৱানী (১৯৮৬-৯০) , শ্ৰী মুৰুলী মনোহৰ যোশী(১৯৯১-৯৩) , শ্ৰী লালকৃষ্ণ আদৱানী (১৯৯৩-৯৮), কুচাভাউ থাকৰে (১৯৯৮-২০০০), বাংগাৰু লক্ষ্মণ (২০০০-০১) ,জানা কৃষ্ণমুৰ্তি (২০০১-০২) , এম ভেংকেয়ানাইডু (২০০২-০৪), শ্ৰী লালকৃষ্ণ আদৱানী (২০০৪-২০০৫) , শ্ৰী ৰাজনাথ সিং( ২০০৫-০৯), শ্ৰী নিতিন গাডকৰী(২০১০-১৩),শ্ৰী ৰাজনাথ সিং (২০১৩-১৪), শ্ৰী অমিত শ্বাহ (২০১৪ – ২০২০)আৰু বৰ্তমানৰ সভাপতি শ্ৰী জগত প্ৰকাশ নড্ডা । এই সকল ব্যক্তিৰ লগতে দলৰ আন আন নেতা সকলৰ নেতৃত্বত কাৰ্যকৰ্তা সকলে কৰা অশেষ চেষ্টা, কষ্ট, ত্যাগ , পৰিশ্ৰমৰ বলত ভাৰতীয় জনতা পাৰ্টিয়ে ১৯৮৪চনৰ নিৰ্বাচন ত লাভ কৰা ২খন আসনৰ পৰা ১৯৮৯ চনত ৮৫খন, ১৯৯১ চনত ১২০ খন, ১৯৯৮ চনত ১৮২খন, ১৯৯৯ চনত ১৮২ খন, ২০০৪ত১৩৮খন, ২০০৯ চনত ১১৬ খন আৰু ২০১৪ চনত ২৮২ খন আৰু ২০১৯ চনত ৩০৩ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৯৯ চনত অটলবিহাৰী বাজপেয়ী দেৱৰ নেতৃত্বত চৰকাৰ গঠন কৰি ছবছৰীয়া শাসন কালত সুশাসন কাক কয় তাৰ চানেকী বিশ্বৰ আগত দাঙি ধৰিছিল ভাৰতীয় জনতা পাৰ্টিয়ে। ২০১৪ চনৰ নিৰ্বাচনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী পদৰ বাবে সংঘ পৰিয়ালে প্ৰক্ষেপ কৰাৰ পিচত পৰিস্থিতিৰ ৰূপেই সলনি হৈ গ’ল । ভাজপা ই একক সংখ্যাগৰিষ্ঠতা লাভেৰে চৰকাৰ গঠন কৰিলে । ভাজপাই পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ দল হিচাপে চিহ্নিত হ’ল যদিও এই যাত্ৰা আৰু সংঘৰ্ষ অৰ্থাৎ ধৰ্মযুদ্ধৰ অন্ত পৰা নাই । যাবলৈ বহুদূৰ আছে। যুজিবলৈ বহু যুজ বাকী আছে।আত্মবিস্মৃত হিন্দুসমাজ অৰ্থাৎ ভাৰতীয় সমাজৰ আত্মবিশ্বাস, স্বাভিমান,আত্ম মৰ্যদা, আত্মগৌৰৱ পুনৰোদ্ধাৰ কৰি এহেজাৰ বছৰ পৰাধীন হৈ থাকি, পদদলিত হৈ থাকি হেৰুৱাই পেলোৱা স্বাভাৱিক উন্নয়নৰ গতি ত্বৰাণ্বিত কৰি, ব্যাহত হৈ পৰা স্বাভাৱিক উন্নয়নৰ পথ পুননিৰ্মান কৰি আগুৱাই লৈ যোৱা, হিন্দু সমাজৰ নিজৰ সৰ্বাংগীন উন্নয়ণ কৰাৰ লগে লগে অনাদিকালৰ পৰা ভাৰতীয় সংস্কৃতিৰ মাধ্যমেৰে প্ৰবাহমান মানবীয়তাৰ জ্ঞান, আধ্যাত্মিক উৎকৰ্ষতা আৰু বিশ্বশান্তিৰ মন্ত্ৰৰ যাত্ৰা অব্যাহত ৰখাৰ বাবে অহা সকলো প্ৰত্যাহবান গ্ৰহন কৰি ভাৰতমাতৃক বিশ্বগুৰুৰ আসনত পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে কৰা সাধনা সহজসাধ্য নহয়। তাৰ বাবে প্ৰয়োজন একাগ্ৰতা, নিষ্ঠা আৰু ত্যাগ। এনে মহান কাৰ্যৰ বিৰুদ্ধে বিৰোধীপক্ষৰ সকলো কূটকৌশল , আক্ৰমণ নেওচি লক্ষ্য পথত আগুৱাই যোৱাটো কঠিন তপস্যা,সাধনা আৰু যজ্ঞ।এই যজ্ঞত বহুজনে জীৱন পৰ্যন্ত আহুতি দিছে ।বহুজনৰ আত্মত্যাগ, কষ্ট, পৰিশ্ৰম আৰু সাধনাৰ ফলত আজি বিজেপি য়ে হেজাৰ হেজাৰজন দেশপ্ৰেমীক কাৰ্যকৰ্তা আৰু অটল বিহাৰী বাজপেয়ী ,নৰেন্দ্ৰ মোদীৰ দৰে প্ৰধানমন্ত্ৰী দেশমাতৃৰ সেৱাৰ বাবে প্ৰস্তুত কৰি উলিয়াব পাৰিছে । ভাৰতৰ আজি স্বাভিমান জাগ্ৰত হৈছে। এয়া আৰ এছ এছ, জনসংঘ, বিজেপি আৰু সংঘপৰিবাৰৰ আন আন সংগঠনৰ সমূহীয়া প্ৰচেষ্টা আৰু হেজাৰ হেজাৰ কাৰ্যকৰ্তাৰ কৰ্ম আৰু ত্যাগৰ ফল।নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত আজি বিশ্বগুৰুৰ আসনত পুনৰ প্ৰতিষ্ঠিত হোৱাৰ দিশত ধাৱমান হৈছে কেৱল মাথো ৰাজনৈতিক আৰু সামৰিক শক্তি ৰূপে নহয়, সামাজিক , আধ্যাত্মিক, বৌদ্ধিক, সাংস্কৃতিক শক্তি ৰূপেও। হয়তো এই যাত্ৰাত আৰু বহু সংঘৰ্ষ হব। এই সংঘৰ্ষৰ আন এক নাম ধৰ্মযুদ্ধ। যুগে যুগে ধৰ্মযুদ্ধ হৈ আহিছে । ভৱিষ্যতেও হব। ধৰ্মযুদ্ধত ধৰ্মৰ জয় অনিবাৰ্য। ভৱিষ্যতেও ধৰ্মৰেই জয় হব। ভাৰত বিশ্বগুৰুৰ আসনত অধিষ্ঠিত হব । ভাৰতীয় সনাতন চিন্তা , আদৰ্শ, ব্যৱহাৰ আৰু চৰিত্ৰৰে বিশ্বত মানবতা, শান্তি প্ৰতিস্থা হব ……ধৰ্ম প্ৰতিষ্ঠা হব । লাখ লাখ দেশপ্ৰেমীকে প্ৰতিদিনে” পৰং বৈভবং নেতুমেতঽ স্বৰাষ্ট্রম্ সমর্থা ভবত্বাশিষা তে ভৃশম্” বুলি প্ৰাৰ্থনাৰ লগতে কৰা প্ৰতিজ্ঞা তেতিয়াহে বাস্তবত ৰূপায়িত হব ।
( বি: দ্ৰ: বিজেপি কৰ্মকৰ্তাৰ বুবুল তালুকদাৰৰ দ্বাৰা সংকলিত লেখা । লিখনিৰ ভাৱাদৰ্শৰ লগত ৰাজনীতি অসম জড়িত নহয় । সম্পুৰ্ণ দায়িত্ব লিখকৰ)