- ভাস্কৰ দাস
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
আপুনি কেতিয়াবা ভাবিছেনে “ইৰাণীসকলে আমেৰিকাক “চয়তানৰ দেশ” বুলি কিয় কয়?
…….সেইসময়ত ইৰাণৰ তেল ব্যৱসায়ত ব্ৰিটিছ সকলে আধিপত্য বিস্তাৰ কৰিছিল, ইৰাণৰ তেল উৎপাদনৰ ৮৪% ইংলেণ্ডলৈ আৰু মাত্ৰ ১৬% ইৰাণলৈ গৈছিল।ইৰাণৰ সম্ৰাট মহম্মদ ৰেজা পাহলৱী এজন অতি দুৰ্নীতিগ্ৰস্ত শাসক আছিল, গতিকে তেলৰ লুন্ঠনত তেওঁ কোনো গুৰুত্ব দিয়া নাছিল!ইৰাণৰ শাসন ব্যৱস্থা সাংবিধানিক ৰাজতন্ত্ৰ আছিল, সাংবিধানিক ৰাজতন্ত্ৰ যদিও নিৰ্বাচন অনুষ্ঠিত হৈছিল।১৯৫১ চনত ইৰাণত এজন দেশপ্ৰেমিক মহম্মদ মোছাদেগ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়।ইৰাণৰ তেল ব্যৱসায়ত বিদেশী কোম্পানীৰ আধিপত্য তেওঁৰ ভাল নালাগিল।১৯৫১ চনৰ ১৫ মাৰ্চত তেওঁ সংসদত ইৰাণৰ তেল উদ্যোগৰ ৰাষ্ট্ৰীয়কৰণৰ বাবে এখন বিধেয়ক দাখিল কৰে, যিখন বিধেয়ক সংখ্যাগৰিষ্ঠতাৰে গৃহীত হয়।এই বিধেয়কখন গৃহীত হোৱাৰ পিছত ইৰাণীসকলে সুখৰ সপোন দেখিবলৈ ধৰিলে। তেওঁলোকে ভাবিবলৈ ধৰিলে যে এতিয়া অন্তত তেওঁলোকৰ দৰিদ্ৰতা দূৰ হ’ব!টাইমছ আলোচনীয়ে ১৯৫১ চনত মোছাদেগক “বছৰৰ শ্ৰেষ্ঠ মানুহ” বুলি অভিহিত কৰিছিল!কিন্তু মোছাদেগে লোৱা কিছুমান উন্নয়নৰ ব্যৱস্থাৰ বাবে ইংৰাজে বহুত হেৰুৱাব লগীয়া হ’ল! সেয়েহে ব্ৰিটিছে মোছাদেগক অপসাৰণৰ বাবে সৰু-বৰ বহুতো চেষ্টা কৰিছিল। মোছাদেগক উৎকোচ দিবলৈ চেষ্টা কৰিছিল, মোছাদেগক হত্যা কৰাৰ চেষ্টা কৰিছিল, সামৰিক অভ্যুত্থানৰ চেষ্টা কৰিছিল, কিন্তু মোছাদেগ অতি অভিজ্ঞ আৰু বুদ্ধিমান হোৱাৰ বাবে ইংৰাজৰ হত্যা, উৎকোচৰ ষড়যন্ত্ৰ বিফল হৈছিল । মোছাদেগ ইৰাণৰ জনসাধাৰণৰ মাজত অতি জনপ্ৰিয় হৈ পৰিছিল । জনপ্ৰিয় হোৱাৰ বাবে সামৰিক অভ্যুত্থানো সম্ভৱ নাছিল।অৱশেষত ব্ৰিটিছে আমেৰিকাৰ পৰা সহায় বিচাৰিলে।আমেৰিকাৰ চিআইএই মোছাদেগক অপসাৰণৰ বাবে ১০ লাখ ডলাৰৰ পুঁজিৰ অনুমোদন জনায়। ১০ লাখ ডলাৰৰ সমান ৪২৫০ কোটি ৰিয়াল (ইৰাণৰ মুদ্ৰা)!এই ধন তেহৰাণ (ইৰাণৰ ৰাজধানী )ত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূতলৈ প্ৰেৰণ কৰা হৈছিল ।মোছাদেগে ইৰাণৰ ৰাজতন্ত্ৰ সম্পূৰ্ণৰূপে শেষ কৰি সকলো ক্ষমতা সংসদক দিব বিচাৰিছিল, গতিকে ইৰাণৰ সম্ৰাটেও ইংলেণ্ড আৰু আমেৰিকাৰ পক্ষত আছিল।তেওঁলোকৰ পৰিকল্পনা আছিল মোছাদেগৰ বিৰুদ্ধে অসন্তুষ্টি সৃষ্টি কৰি তেওঁৰ পৰা জনসমৰ্থন আঁতৰোৱা, তাৰ পিছত দুৰ্নীতিগ্ৰস্ত সংসদ সদস্যৰ সহায়ত তেওঁৰ চৰকাৰখন উফৰাই পেলোৱা।বৃহৎ সংখ্যক ইৰাণী সাংবাদিক, সম্পাদক, মুছলমান ধৰ্মগুৰুক আমেৰিকাই ৬৩১ কোটি ৰিয়াল দিছিল আৰু সেই সাংবাদিক, সম্পাদক আৰু মুছলমান ধৰ্মগুৰুসকলৰ কাম আছিল, মোছাদেগৰ বিৰুদ্ধে জনসাধাৰণক উচটনি দিয়া।ইৰাণৰ সংসদৰ সদস্যসকলক মোছাদেগৰ কাম-কাজৰ বিষয়ে অপপ্ৰচাৰ চলাবলৈ ৪ কোটি ৬০ লাখ ৰিয়ালকৈ দিয়া হৈছিল।ভুৱা প্ৰতিবাদত অংশ গ্ৰহণ কযিবলৈ হাজাৰ হাজাৰ ইৰাণীক ধন দিয়া হৈছিল। তেওঁলোকে সংসদলৈ সমদল কৰিবলৈ ধৰিলে।
বিশ্বৰ ডাঙৰ ডাঙৰ সংবাদ মাধ্যমেও আমেৰিকাক সমৰ্থন কৰিবলৈ আৰম্ভ কৰিলে।মোছাদেগক “দ্যা নিউয়ৰ্ক টাইমছ”ত “একনায়কত্ববাদী”বুলি উল্লেখ কৰিবলৈ আৰম্ভ কৰে।”টাইমছ”আলোচনীয়ে মোছাদেগৰ পছন্দক বিপদজনক বুলি অভিহিত কৰিলে।মোছাদেগৰ বিৰোধিতা অতি নিম্ন স্তৰৰ পৰা আৰম্ভ হৈছিল,কাৰ্টুনত তেওঁক সমকামী হিচাপেও চিত্ৰিত কৰা হৈছিল।
দুৰ্নীতিগ্ৰস্ত সাংসদে তেওঁৰ চৰকাৰখন উফৰাই পেলাব বুলি উপলব্ধি কৰি মোছাদেগে সংসদ ভংগ কৰে আৰু অৱশেষত আমেৰিকাই ইৰাণৰ সম্ৰাটক মোছাদেগক প্ৰধানমন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰিবলৈ বাধ্য কৰে। কিন্তু মোছাদেগৰ সৈন্যই তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ অহা সেনাবাহিনীৰ ইউনিটটোক গ্ৰেপ্তাৰ কৰিলে আৰু এই কথা জানিব পাৰি ইৰাণৰ সম্ৰাটে বাগদাদলৈ পলায়ন কৰিলে।অৱশেষত ২১০ মিলিয়ন ৰিয়েল উৎকোচ দি আমেৰিকাই ইৰাণৰ ৰাজধানীত ব্যাপক হিংসাত্মক ঘটনাৰ উচটনি দিলে। দাঙ্গাকাৰীয়ে মোছাদেগৰ ঘৰত আক্ৰমণ কৰাত মোছাদেগে অৱশেষত পলাবলৈ বাধ্য হ’ল। সামৰিক বাহিনীয়ে ক্ষমতা উফৰাই দিয়ে, সম্ৰাটৰ পুৰণি আদেশৰ উদ্ধৃতি দি এজন পুতলা প্ৰধানমন্ত্ৰী নিযুক্ত কৰা হয়।সম্ৰাট ইৰাণলৈ উভতি অহাৰ পিছত মোছাদেগে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় আৰু অৱশেষত বিচাৰৰ সন্মুখীন হৈ তেওঁক কাৰাগাৰত নিক্ষেপ কৰা হয় । মোছাদেগৰ মৃত্যুৰ আগলৈকে গৃহবন্দী কৰি ৰখা হয়। ৮৫ বছৰ বয়সত আৰক্ষীৰ জিম্মাত থকা অৱস্থাত মোছাদেগৰ মৃত্যু হয়।ইয়াৰ পিছত আমেৰিকা আৰু ইংলেণ্ডে ইৰাণৰ ৪০% – ৪০% তেল ভাগ কৰি বাকী ২০% ইউৰোপৰ অন্যান্য কোম্পানীক বিক্ৰী কৰি দিছিল।দশক দশক ধৰি ইৰাণৰ জনসাধাৰণে শ্বাহৰ একনায়কত্ববাদৰ অধীনত জীয়াই থাকিবলগীয়া হৈছিল, এটা বিপ্লৱে ৰাজতন্ত্ৰৰ অন্ত পেলাইছিল যদিও তাৰ পিছত ধৰ্মান্ধ খোমেইনীয়ে ক্ষমতালৈ আহি ইৰাণৰ জনসাধাৰণক আৰু বেয়া কৰি তুলিছিল।কি অপৰাধ আছিল মোছাদেগৰ ..? “আমাৰ দেশৰ উদ্যোগিক খণ্ডবোৰত বিদেশী কোম্পানীৰ পৰিৱৰ্তে থলুৱা কোম্পানীয়ে আধিপত্য বিস্তাৰ কৰিব লাগে!” আৰু এই নীতি লোৱাটোৱেই তেওঁৰ অপৰাধ..?মোছাদেগৰ নেতৃত্ব থকা হ’লে ১৯৫৫ চনৰ আগতে ইৰাণ এখন সম্পূৰ্ণ গণতান্ত্ৰিক দেশত পৰিণত হ’লহেঁতেন, আৰু ১০০% তেল উৎপাদনৰ ফলত উপকৃত হ’লহেঁতেন।ইৰাণৰ জনসাধাৰণৰ ওপৰত দশক দশক ধৰি চলোৱা নিৰ্যাতনো বন্ধ হ’লহেঁতেন।শক্তিশালী গণতন্ত্ৰ আৰু থলুৱা কোম্পানী সমূহৰ পক্ষপাতী চৰকাৰৰ সৈতে ইৰাণ সম্ভৱতঃ আজিৰ দিনত চৌদি আৰৱতকৈও অধিক সমৃদ্ধিশালী দেশ হ’ল হেঁতেন ৷ কিন্তু ইৰাণৰ দুৰ্নীতিগ্ৰস্ত সংসদ, সদস্য, সাংবাদিক, সম্পাদক, প্ৰতিবাদকাৰীয়ে মাত্ৰ এক মিলিয়ন ডলাৰত ইৰাণৰ চহকী ভৱিষ্যত বিক্ৰী কৰিলে।এই অত্যাচাৰৰ সময়ছোৱাত ইৰাণৰ জনসাধাৰণে উপলব্ধি কৰিবলৈ ধৰিলে যে মোছাদেগৰ চৰকাৰখন উফৰাই পেলোৱাত আমেৰিকাৰ হাত আছে।
১৯৭৯ চনত ইৰাণী সকলে আমেৰিকান সকলক, আমেৰিকাৰ দূতাবাসত ৪৪৪ দিনৰ বাবে আবদ্ধ কৰি ৰাখিছিল আৰু ইৰাণী সকলে দূতাবাসত ৭৭ খণ্ড নথি-পত্ৰ উদ্ধাৰ কৰে,য’ত ইৰাণৰ দেশদ্ৰোহী সকলক আমেৰিকাই কেনেদৰে সহায় কৰিছিল তাৰ প্ৰমাণ পোৱা গৈছিল।সেইবাবেই ইৰাণী সকলে আমেৰিকাক, “চয়তানৰ দেশ” বুলি কয়! মোছাদেগে বিদেশী কোম্পানীৰ আধিপত্য দলিয়াই খিলঞ্জীয়া কোম্পানীক প্ৰসাৰৰ যি নীতি লৈছিল , সেই নীতি সম্পূৰ্ণ কৰিব নোৱাৰিলে। কিন্তু এই কাম কৰিবলৈ যাওঁতে তেওঁ বিশ্বৰ দুয়োখন মহাশক্তিৰ সৈতে শত্ৰুতা কৰি ললে।শেষত মোছাদেগৰ দুৰ্ভাগ্যজনক অন্ত পৰিল।
শ্ৰদ্ধাৰ বন্ধু সকল,এতিয়া কওক ইৰাণৰ বাবে প্ৰকৃত খলনায়ক কোন?আমেৰিকাৰ হাতত বিক্ৰী হোৱা সাংবাদিক,সম্পাদক, সাংসদ, সামাজিক কৰ্মী?এই সকল বিক্ৰী নোহোৱা হ’লে,জনসাধাৰণে মোছাদেগৰ আঁৰত থিয় দিলেহেঁতেন। আমেৰিকা ইংলেণ্ড আদি দেশৰ কু-অভিসন্ধিও সফল নহ’লহেঁতেন।কিন্তু অলপ অৰ্থৰ লোভত দেশপ্ৰেমিক নেতাজনক ষড়যন্ত্ৰৰ বলি কৰাৰ ফলত সমগ্ৰ দেশ খনেই ধ্বংস হৈ গ’ল!
আমাৰ দেশ ‘ভাৰত’ আজি এক জটিল সন্ধিক্ষণত উপস্থিত হৈছে।দেশৰ বিৰুদ্ধে চলি থকা ষড়যন্ত্ৰ সমূহ সাধাৰণ নাগৰিকে অনুধাৱন কৰিব নোৱাৰাটো অতি দূৰ্ভাগ্য আৰু পৰিতাপৰ কথা।সময়ত সজাগ হৈ সংবাদ মাধ্যমৰ অপ-প্ৰচাৰৰ বলি নহৈ, মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বক দৃঢ় বিশ্বাস কৰি তেওঁৰ আঁৰত দৃঢ়তাৰে থিয় দিয়াটোৱেই হৈছে বৰ্তমান পৰিস্থিতিত আটাইতকৈ বুদ্ধিমানৰ কাম।অন্যথা এদিন ইৰাণৰ দৰে দুৰ্যোগ অনিবাৰ্য আৰু সেই উদ্দেশ্যৰে বৃহৎ পুঁজিবাদী দেশৰ চোৰাংচোৱা সংস্থা বোৰে দিনে নিশাই ভাৰতত কাম কৰি আছে।এই চোৰাংচোৱা সংস্থা সমূহে ইতিমধ্যে ভাৰতৰ বহু ৰাজনীতিবিদক নিজৰ এজেণ্ট হিচাপে কাম কৰিবলৈ বাধ্য কৰাইছে আৰু ধনৰ বিনিময়ত দেশখন বিক্ৰী কৰাৰ চক্ৰৰ সৈতে মিলি কাম কৰি আছে।২০১৪ চনৰ পৰা সকলো বিৰোধী দলে এই এজেঞ্চী বিলাকৰ লগত মিলি দেশ বিৰোধী কাম কৰি অহাটো এতিয়া আৰু গোপন কথা নহয়।ইতিমধ্যে বিভিন্ন টুলকীট খোলাচা হৈছে। চাহিনবাগ,কৃষক আইন বিৰোধ কৰা,কা আন্দোলন বিৰোধ কৰা, টুকৰে টুকৰে গেং, খালিষ্টানি আন্দোলন , আদানি,ভাৰত জোৰৌ আন্দোলন সেই বৃহৎ টুলকীটৰ অংশ।