শ্ৰেষ্ঠ বক্তাঃ শীৰ্ষত প্ৰিয়ংকা ,শৰ্মা

516

ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM)


ৰাজনীতি অসমৰ যোৱা মাহৰ অ’পিনিয়ন প’লত আমি বিজেপি আৰু কংগ্ৰেছ দলৰ শ্ৰেষ্ঠ বক্তা দুজন কোন তাক জানিবলৈ প্ৰয়াস কৰিছিলো। ৰাজনীতি অসমৰ অ’পিনিয়ন প’লত কংগ্ৰেছ দলৰ ভিতৰত প্ৰিয়ংকা গান্ধী আৰু বিজেপি দলত ড° হিমন্ত বিশ্ব শৰ্মাই শ্ৰেষ্ঠ বক্তাৰ খিতাপ লাভ কৰে।

কংগ্ৰেছ দলৰ নেতাসকলে পোৱা ভোট আছিল এনে ধৰণৰঃ

প্ৰিয়ংকা গান্ধীঃ ৪৫.৫%
মল্লিকাৰ্জুন খাৰ্গেঃ ২২.৭%
অন্যঃ ১৩.৬%
ৰাহুল গান্ধী: ৯.১%
গৌৰৱ গগৈঃ ৪.৫%
ভূপেন বৰাঃ ৪.৫%

প্ৰিয়ংকা গান্ধীয়ে ৰাহুল গান্ধীতকৈ বহু বেছি ভোট পোৱা কথাটোৱে এক বিশেষ তাৎপৰ্য্য বহন কৰিছে। আনফালে বিজেপি দলৰ নেতাসকলে লাভ কৰা ভোট আছিল এনে ধৰণৰঃ

ড° হিমন্ত বিশ্ব শৰ্মাঃ২৭.৩%
নৰেন্দ্ৰ মোদীঃ২২.৭%
যোগী আদিত্যনাথঃ১৮.২%
নিতিন গাদকাৰীঃ ১৩.৬%
অমিত শ্বাহঃ ৯.১%
সৰ্বানন্দ সোণোৱালঃ ৪.৫%
অন্য ৪.৫%

আমাৰ অপিনিয়ন প’লত অসমৰ মুখ্যমন্ত্রীজনে মোদী-শ্বাহ দুয়োজনকে পিছ পেলাই শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। অসমত ড° শৰ্মাৰ এই জনপ্ৰিয়তাই বিজেপিক আগন্তুক বহু বছৰলৈ সহায় কৰিব।