May 2023 বিহু, ৰাজনীতি আৰু অলপ ধেমালি 757 Facebook Twitter Google+ WhatsApp Linkedin Telegram কমেডি ডেক্স ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী বিহুৰ সময়ত ৰাজনেতা সকলে কি ক’লে..অকল ৰাজনীতি অসমৰ পাঠক সকলৰ বাবে মুদীঃ মন কি বাত কৈ দিছো..বিহু নাচ চাই বৰ ভাল লাগিল। আমি দান্দিয়াও এনেকৈ কৰাৰ মন আছিল কিন্তু ২২ হাজাৰ দান্দা ক’ৰ পৰা পাম? মইটো শৰ্মাজীৰ ফেন হৈ গৈছো। অৱশ্যে টকা বিচাৰে বুলি অলপ ভয়ো লাগি আছে। সুদৰ্শন সোনোৱালঃ অসমীয়া, বঙালী, বিহাৰী, নেপালী, তামিল, মালায়ালী আদিয়ে খুব ভদ্ৰ ভাবে বিহু পালন কৰিব বুলি আশা ৰাখিলো । মনত ৰাখিব আমি সদায় ভয় আৰু ভক্তিৰে চলিব লাগে । কৃঞ্চ.. বিমন্ত বিশ্বঃ আমি বিহু নাছি বিশ্ব ৰেকৰ্ড কৰিলো। আৰু কি লাগিছে? বিহুৰ চলেৰে মোদীৰ গাড়ীটো উঠিলো। মনটো বহুত ভাল। ‘ঐ জয়ন্ত ক’ত আছ বিহু মাৰো আহ। ৰিণিকি ৰিণিকি গাণটো বজানা..মজা লাগে। আগ্ৰামা মহিয়ৰি : বিটিচিত মই অকলে বিহু নাচিম ,অকলে বিহু গাম আৰু ঢোঁলও মই বজাম । আতৰুদ্দিন আজমল: মোক বহুতে ঠাট্টা কৰে কিন্তু মোৰ নিচিনা বিহু নাচিব পৰা ব্যক্তি গোটেই অসমতে নাই। ..অলপ মান কথাতে কিয় বেয়া পালা ভূপেন তুমি দুষ্ট বৰ… উজ্জল ভট্ট: ৰেকৰ্ড কৰাত মই বেয়া পোৱা নাই। ময়ো ৬০ বছৰ বয়সলৈ ছাত্র হৈ ৰেকৰ্ড কৰিলো। কিন্তু মোৰ স্পষ্ট কথা _১৯৭১ চনৰ পিচত অহা কোনো লোকে বিহু গান পৰিবেশন কৰিব নোৱাৰিব , আমি নিদিও । সি হিন্দুয়ে হওঁক বা মুছলমানে হওঁক । কূপেন বৰাঃ বিহুক লৈ মই এটা কবিতা লেখিছো বিহুটো ৰিণিকি, স্কুলটো ৰিণিকি নিউজটো মাথো ৰিণিকি এনে লাগিছে কিছুদিন পিছত চাবোন, চেম্পু, বিস্কুট, নিমখৰ পেকেটতো থাকিব জিলিকি ৰিণিকি