- ভাস্কৰ দাস
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
ভাৰতত জনবিস্ফোৰণ, জনসংখ্যা বৃদ্ধিৰ বাবে দায়ী কোন?
? চীনক অতিক্ৰমি বিশ্বৰ জনবহুল দেশ ভাৰত
? ৰাষ্ট্ৰসংঘৰ জনসংখ্যা নিধিৰ সমীক্ষাত ভয়ংকৰ তথ্য
? চীনৰ বৰ্তমান জনসংখ্যা ১৪২.৫৭ কোটি ভাৰতৰ জনসংখ্যা ১৪২.৮৬ কোটিলৈ বৃদ্ধি
? অহা ৩০ বছৰলৈ বৃদ্ধি পাব এই সংখ্যা।জনসংখ্যা বৃদ্ধিত উদ্বিগ্ন দেশবাসী
? কি হ’ব দেশৰ অৰ্থনীতিৰ ভৱিষ্যৎ?নিয়ন্ত্ৰণ হ’বনে দেশৰ জনসংখ্যা?
কি পদক্ষেপ হ’ব বৰ্তমানৰ চৰকাৰৰ?চৰকাৰে এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন কিয় অনাৰ বাবে সকলোতে দাবী উত্থাপন হৈছে?উপৰোক্ত বিষয়ত অলপ আলোকপাত কৰিবলৈ চেষ্টা কৰিছোঁ।
ভাৰতীয় সেনাৰ প্ৰথম সেনাধ্যক্ষ জেনেৰেল কেৰিয়াপ্পাই ১৯৬৪ চনত লেখা “Let Us Wake Up” নামৰ গ্ৰন্থখনত ভাৰতীয় মুছলমানৰ বিষয়ে এনেদৰে লিখিছে-“আমাৰ দেশএখন ধৰ্মনিৰপেক্ষ দেশ।মই ভাৰতৰ আন সম্প্ৰদায়ৰ মানুহক যিমানেই মোৰ ভাই-ভনী বুলি গণ্য কৰোঁ, সিমানেই মুছলমানকো গণ্য কৰোঁ।দেশৰ বিভিন্ন প্ৰান্তত ভ্ৰমণৰ সময়ত মই বিভিন্ন শ্ৰেণীৰ মানুহ লগ পাইছো। মোৰ বহুতো ভাল মুছলমান বন্ধু আছে যাৰ লগত মই ব্যক্তি আৰু বিষয়ৰ বিষয়ে মুক্তভাৱে কথা পাতো। এই কথা-বতৰাবোৰৰ সময়ত কিছুমান মানুহে মোক আপ্লুত কৰিছে আৰু এটা কথাত মই দুখী যে তেওঁলোকৰ দুয়োখন ভৰি ভাৰত আৰু পাকিস্তানৰ এই দুখন নাওত ৰাখিছে।তেওঁলোকৰ আনুগত্য আৰু অগ্ৰাধিকাৰ পাকিস্তানৰ প্ৰতি বেছি।ই এক অক্ষমণীয় অপৰাধ ।ভাৰতবৰ্ষৰ অমুছলমান বুদ্ধিজীৱীৰ এক বৃহৎ শতাংশৰো একেই ধাৰণা।সংখ্যাগৰিষ্ঠ শ্ৰেণীৰ এটা বৃহৎ অংশই ভাৰতীয় মুছলমানৰ প্ৰতি বৰ অনুকূল অনুভৱ নকৰাৰ মৌলিক কাৰণ এইটোৱেই।
এনে প্ৰেক্ষাপটত মই মোৰ সকলো মুছলমান ভাই-ভনীক সদয়ভাৱে মুকলিকৈ ওলাই আহি অন্ততঃ নিজৰ ব্যক্তিগত আত্মাক সাক্ষী কৰি ভাৰত নে পাকিস্তানৰ প্ৰতি আনুগত্যশীল সেয়া মুকলিকৈ ঘোষণা কৰিবলৈ তীব্ৰ আহ্বান জনাইছোঁ।যদি এই আনুগত্য পাকিস্তানৰ প্ৰতি হয়, তেন্তে এই মুহূৰ্ততে তেওঁ ভাৰত এৰি পাকিস্তানলৈ গুচি যোৱা উচিত আৰু তেনে লোকৰ আমাৰ পবিত্ৰ মাটিৰ এক ইঞ্চিও থকাৰ অধিকাৰ থাকিব নোৱাৰে আৰু আনফালে যদি তেওঁলোকে ভাৰত বিচাৰে আৰু মই জানো কিমান শতাংশ মুছলমানে আন্তৰিকতাৰে আৰু সততাৰে তেনে অনুভৱ কৰে, তেন্তে তেওঁলোকে নিজৰ সম্প্ৰদায়ত উপস্থিত থকা বিদ্ৰোহী উপাদান সমূহক ক্ষিপ্ৰতাৰে উভালি পেলাব লাগে আৰু তেওঁলোকক ভাৰত এৰি যাবলৈ বাধ্য কৰাব লাগে।এইদৰে তেওঁ প্ৰকৃত ভাৰতীয় হোৱাৰ নিৰ্ভৰযোগ্য প্ৰমাণ পোৱা যাব আৰু সংখ্যাগৰিষ্ঠই তেওঁক নিঃসংকোচে গ্ৰহণ কৰিব। ভাৰতৰ প্ৰতি আনুগত্যশীল মুছলমান সকলে বুজিব লাগে যে সংখ্যাগৰিষ্ঠ শ্ৰেণীয়ে কৰা তথাকথিত ক্ষতিতকৈ ভাৰতৰ প্ৰতি আনুগত্যশীল নোহোৱা সেই ভাইসকলে তেওঁলোকৰ সকলো দিশতে অধিক ক্ষতি কৰি আহিছে। চিন্তা আৰু কাম কৰাৰ পাল তেওঁলোকৰ।পাকিস্তান বিচৰা মুছলিম লীগৰ বিশিষ্ট নেতাৰ দাবী অনুসৰি ভাৰত বিভাজন কৰি পাকিস্তান গঠন হৈছে। এজন সৈনিক হিচাপে মই একেবাৰেই বুজি নাপাওঁ যে ভাৰতত এতিয়া মুছলিম লীগ কিয় থাকিব লাগে। কিন্তু এই দলটো এতিয়াও ইয়াত সক্ৰিয় হৈ আছে।মই এইটো সম্পূৰ্ণ ভুল বুলি বিবেচনা কৰোঁ।মুছলমানৰ সাংস্কৃতিক আৰু সামাজিক স্বাৰ্থ ৰক্ষা কৰা প্ৰতিষ্ঠান আৰু সংগঠনবোৰ থাকিব লাগে কিন্তু সেইবোৰৰ কোনো ৰাজনৈতিক উদ্দেশ্য থাকিব নোৱাৰে।
ভাৰতৰ দায়িত্বশীল মুছলমান নেতাসকলে এই ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা উচিত।এনে কাৰ্য্যত পলম হ’লে সাম্প্ৰদায়িক অসঙ্গতি বৃদ্ধি পাব যিটো হ’ব নালাগে আৰু এনেদৰে ইয়াক প্ৰতিৰোধ কৰিব পৰা যাব। ”
জেনেৰেল কেৰিয়াপ্পাই নিজৰ অভিজ্ঞতাৰ ভিত্তিত এই চিন্তাবোৰ কিতাপ খনত অতি সূক্ষ্মভাৱে তথ্য সহকাৰে বিবৰণ কৰিছিল । একেদৰে ২০০৫ চনত সমাজবিজ্ঞানী ড০ পিটাৰ হামণ্ডে গভীৰ গৱেষণাৰ অন্তত বিশ্বজুৰি ইছলামৰ অনুগামীসকলৰ ধাৰা সম্পৰ্কে ‘দাসত্ব, সন্ত্ৰাসবাদ আৰু ইছলাম- ঐতিহাসিক শিপা আৰু সমসাময়িক ভাবুকি’ শীৰ্ষক এখন গ্ৰন্থ লিখিছিল।ইয়াৰ সমান্তৰালকৈ ‘দ্য হজ’ৰ লেখক লিঅ’ন উৰিছেও তেওঁৰ গ্ৰন্থখনত এই বিষয়টোৰ ওপৰত বিতংভাৱে আলোকপাত কৰিছিল। যিবোৰ তথ্য প্ৰকাশ পাইছে, সেইবোৰ কেৱল আচৰিত কৰাই নহয়,অতি চিন্তনীয়ও।
ওপৰৰ উল্লেখ কৰা গৱেষণা গ্ৰন্থসমূহৰ মতে, যেতিয়ালৈকে কোনো দেশ বা ভূখণ্ডত মুছলমানৰ জনসংখ্যা প্ৰায় ২শতাংশ থাকে তেতিয়ালৈকে তেওঁলোক অতি শান্তিপ্ৰেমী ,আইন-শৃংখলা পালনকাৰী সংখ্যালঘু হিচাপে থাকে আৰু কাৰো ওচৰত কোনো অভিযোগ কৰাৰ সুযোগ নিদিয়ে।যিদৰে আমেৰিকাত ০.৬ শতাংশ, অষ্ট্ৰেলিয়াত ১.৫, কানাডাত ১.৯, চীনত ১.৮, ইটালীত ১.৫ আৰু নৰৱেত ১.৮ শতাংশ। সেইবাবেই ইয়াত মুছলমানৰ পৰা কাৰো কোনো সমস্যা নাই।যেতিয়া মুছলমানৰ জনসংখ্যা ২ৰ পৰা ৫ শতাংশৰ ভিতৰত হয়, তেতিয়া তেওঁলোকে আন ধৰ্মত নিজৰ ধৰ্মীয় অপপ্ৰচাৰ কৰা আৰম্ভ কৰে। ডেনমাৰ্ক, জাৰ্মানী, ব্ৰিটেইন, স্পেইন আৰু থাইলেণ্ডৰ দৰেই য’ত মুছলমান ক্ৰমে ২, ৩.৭, ২.৭, ৪ আৰু ৪.৬ শতাংশ।
যেতিয়া কোনো এখন দেশ বা অঞ্চলত মুছলমানৰ জনসংখ্যা ৫ শতাংশৰ ওপৰত হয়,তেতিয়া তেওঁলোকে তেওঁলোকৰ অনুপাত অনুসৰি আন ধৰ্মৰ ওপৰত চাপ বৃদ্ধি কৰিবলৈ আৰম্ভ কৰে আৰু নিজৰ প্ৰভাৱ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰে।উদাহৰণস্বৰূপে, তেওঁ লোকৰ বাবে বিশেষ ভাৱে শ্বপিং মলত ‘হালাল’ মাংস মজুত কৰিবলৈ হেঁচা দি কয় যে ‘হালাল’ মাংস নাখালে তেওঁলোকৰ ধৰ্মীয় বিশ্বাসত প্ৰভাৱ পৰে আৰু এইদৰে বহু দেশৰ চুপাৰ মাৰ্কেটৰ মালিক সকলক ‘হালাল’ মাংস ৰাখিবলৈ বাধ্য কৰাবলৈ হেঁচা প্ৰয়োগ কৰিছে আৰু সফলো হৈছে।দোকানীসকলেও ব্যৱসায়ৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ এনে পৰামৰ্শ মানি চলে।এইদৰে অতিৰিক্ত জনসংখ্যাৰ কাৰকটো ইয়াৰ পৰাই শক্তিশালী হ’বলৈ আৰম্ভ কৰে। যিবোৰ দেশত এনেকুৱা হৈছে সেইবোৰ হৈছে ফ্ৰান্স, ফিলিপাইনছ, ছুইডেন, ছুইজাৰলেণ্ড, নেদাৰলেণ্ড, ট্ৰিনিদাদ আৰু ট’বাগো।এই দেশসমূহত মুছলমানৰ সংখ্যা ক্ৰমে ৫ৰ পৰা ৮ শতাংশৰ ভিতৰত। এই পৰ্যায়ত উপনীত হোৱাৰ লগে লগে মুছলমানসকলে সেই দেশসমূহৰ চৰকাৰ সমূহক নিজৰ ভূখণ্ডত শ্বৰীয়ত আইন (ইছলামিক আইন) প্ৰবৰ্তন কৰিবলৈ অনুমতি দিবলৈ হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে।দৰাচলতে তেওঁলোকৰ চূড়ান্ত লক্ষ্যই হৈছে সমগ্ৰ বিশ্বক শ্বৰীয়ত আইন অনুযায়ী চলোৱা।যেতিয়া এখন দেশত মুছলমান জনসংখ্যা ১০ শতাংশ অতিক্ৰম কৰে, তেতিয়া তেওঁলোকে সেই বিশেষ দেশ,ৰাজ্য, অঞ্চলত, অভিযোগ কৰিবলৈ আৰম্ভ কৰে, তেওঁলোকৰ ‘অৰ্থনৈতিক অৱস্থা’ৰ বাবে বিলাপ কৰিবলৈ আৰম্ভ কৰে, সৰু সৰু কথাবোৰত সহনশীলতাৰে সমাধান কৰাৰ পৰিৱৰ্তে হিংসাত্মক ঘটনা সংগঠিত কৰে,সেয়া ফ্ৰান্সৰ দাঙ্গাই হওক, ডেনমাৰ্কৰ কাৰ্টুন বিতৰ্কই হওক বা আমষ্টাৰডামৰ গাড়ী জ্বলোৱাৰ ঘটনাই হওক, প্ৰতিটো বিবাদ বুজাবুজি আৰু আলোচনাৰ জৰিয়তে সমাধান কৰাৰ পৰিৱৰ্তে হিংসা বৃদ্ধি কৰি গভীৰ কৰি তোলে।গায়ানাত (মুছলমান ১০ শতাংশ), ইজৰাইল (১৬ শতাংশ), কেনিয়া (১১ শতাংশ), ৰাছিয়া (১৫শতাংশ) ত এনেকুৱা হৈছে।যেতিয়া কোনো অঞ্চলত মুছলমানৰ সংখ্যা২০ শতাংশতকৈ অধিক হয়, তেতিয়া তেওঁলোকৰ বিভিন্ন ‘সামৰিক শাখা’ই জেহাদৰ শ্লোগান দিবলৈ আৰম্ভ কৰে ,অসহিষ্ণুতা আৰু ধৰ্মীয় হত্যাৰ সময় আৰম্ভ হয় । ইথিওপিয়া য’ত (মুছলমান ৩২.৮ শতাংশ) আৰু ভাৰত (মুছলমান ২২ শতাংশ)ৰ দৰে দেশত এনে ঘটনা মুকলিকৈ সংঘটিত হোৱা প্ৰায়ে দেখা যায় ।যেতিয়া মুছলমানৰ জনসংখ্যা ৪০ শতাংশৰ ওপৰত উপনীত হয় তেতিয়া বৃহৎ পৰিসৰত গণহত্যা, সন্ত্ৰাসবাদী কাৰ্যকলাপ আদি সংঘটিত হবলৈ আৰম্ভ কৰে।বছনিয়া (মুছলমান ৪০ শতাংশ), চাড (মুছলমান ৫৪.২ শতাংশ) আৰু লেবানন (মুছলমান ৫৯ শতাংশ)ত দেখা পোৱাৰ দৰে। গৱেষক তথা লেখক ড° পিটাৰ হামণ্ডে বুজাইছে যে যেতিয়া কোনো এখন দেশত মুছলমানৰ জনসংখ্যা ৬০ শতাংশতকৈ অধিক হয়, তেতিয়া সেই ঠাইত ধৰ্মৰ ‘জাতিগত শোধন’ আৰম্ভ হয়(যেনে ভাৰতৰ কাশ্মীৰ), বলপূৰ্বক ধৰ্মান্তৰকৰণ ধৰ্মীয় স্থান ভাঙি পেলোৱা, জিজিয়াৰ দৰে কৰ সংগ্ৰহ কৰা ।আলবেনিয়া (মুছলমান ৭০ শতাংশ), কাটাৰ (মুছলমান ৭৮ শতাংশ) আৰু চুডান (মুছলমান ৭৫ শতাংশ)ত দেখা পোৱাৰ দৰে।এখন দেশত যেতিয়া মুছলমানসকল বাকী জনসংখ্যাৰ ৮০ শতাংশ হয়, তেতিয়া সেই দেশত চৰকাৰী পৃষ্ঠপোষকতাত “জাতিগত শোধন” (Ethnic cleansing)কৰা হয়।আন ধৰ্মীয় সংখ্যালঘু সকলক তেওঁলোকৰ মৌলিক নাগৰিক অধিকাৰৰ পৰা বঞ্চিত কৰা হয়।সকলো ধৰণৰ চলনা গ্ৰহণ কৰি জনসংখ্যাক ১০০ শতাংশলৈকে লৈ যোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয় ।বাংলাদেশ (মুছলমান ৮৩ শতাংশ), ইজিপ্ত (৯০ শতাংশ), গাজাপাট্টি (৯৮ শতাংশ), ইৰাণ (৯৮ শতাংশ), ইৰাক (৯৭ শতাংশ), জৰ্ডান (৯৩ শতাংশ), মৰক্কো (৯৮ শতাংশ), পাকিস্তান (৯৭ শতাংশ), ছিৰিয়া (৯০ শতাংশ) আৰু সংযুক্ত আৰব আমিৰশ্বাহী (৯৬ শতাংশ)ত ইয়াক দেখা গৈছে।
আমাৰ দেশৰ ৰাজনীতি বিদসকলে যদি জেনেৰেল কেৰিয়াপ্পাৰ চিন্তাধাৰাৰ প্ৰতি তেতিয়াই গুৰুত্ব আৰোপ কৰিলেহেঁতেন, তেতিয়া হ’লে আজি আমাৰ দেশত কাশ্মীৰ, কেৰালা, বংগ, অসম আদি ঠাইত মিনি পাকিস্তানৰ সৃষ্টি হ’ব নোৱাৰিলে হেঁতেন৷ এতিয়াও সময় আছে।চৰকাৰে অতি শীঘ্ৰেই এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰক,”সমান নাগৰিক সংহিতা”(Uniform Civil Code) আইন আনক আৰু আমি সকলোৱে জাতিবাদ, প্ৰাদেশিকতাবাদ, ভাষিকতাবাদ এৰি একত্ৰিত হও। অন্যথা বিপদ সমাগত।