- দেৱজিত দত্ত
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত যুদ্ধ। চিৰিয়া আৰু আমেৰিকাৰ মাজতো সমস্যা। বিশ্বত ঘটি থকা বেছিভাগ যুদ্ধৰ কাৰণ ধৰ্মীয় আবেগ। ইহুদি, খ্ৰীষ্টান আৰু মুছলমানৰ মাজত বহুত যুদ্ধ হৈছে। এই তিনিওটা ধৰ্মৰ মাজত কিন্তু বহুত মিলো আছে। সেইবাবে এই তিনিটাকে ইব্ৰাহীম বা আব্ৰাহামী ধৰ্ম বুলি জনা যায়। ইব্ৰাহীমক খ্ৰীষ্টান, মুছলমান আৰু ইহুদী সকলে ঈশ্বৰৰ দূত ৰূপে মান্যতা দিছে। ইব্ৰাহীমৰ সন্তান আছিল দুটা, ইছমাইল আৰু ইছাক। ইছাকৰ সন্তান মুছাক ইহুদী সকলে নিজৰ পয়গম্বৰ বুলি মানে। ইছাকৰ বংশৰে ইছা বা যিশু খ্ৰীষ্ট খ্ৰীষ্টান সকলৰ বাবে দেবদূত। ইছমাইলৰ বংশৰ হজৰত মহম্মদ হ’ল মুছলমান সকলৰ বাবে পয়গম্বৰ। মুছলমান, খ্ৰীষ্টান, ইহুদী সকলোৱে ইব্ৰাহীম, ইছাক, ইছমাইল, মুছা, যীশু, হজৰত মহম্মদৰ নাম নিজৰ ধৰ্মগ্ৰন্থত উল্লেখ কৰিছে। মাত্র এওঁলোকৰ সকলোৰে ঈশ্বৰৰ দূতজন বেলেগ বেলেগ। এই তিনিওটা ধৰ্মৰ মিলো বহুত আছে। এওঁলোকে মৃত্যুৰ পিছত মানুহক কৱৰ দিয়ে, ধৰ্মগুৰুৱে টুপী পিন্ধে তথা একজন ঈশ্বৰৰ কথা কয়। ইমানবোৰ মিল থকাৰ পিছতো কিন্তু সকলোৱে নিজৰ স্বকীয়তা বজাই ৰখাৰ চেষ্টা কৰে। খ্ৰীষ্টান হিটলাৰে ইহুদি সকলৰ নৰসংহাৰ কৰিছিল। আজি ইজৰাইলৰ ইহুদি আৰু মধ্যপ্ৰাচ্যৰ মুছলমানৰ মাজত অহি নকুল সম্পৰ্ক।
ইব্ৰাহীমৰ তুলনাত ভাৰতীয় মূলৰ ধৰ্মবিলাকৰ মাজত সিমান মতভেদ নাই। হিন্দু, বুদ্ধ, জৈন বা শিখ সকলৰ মাজত এতিয়ালৈকে ইমান ডাঙৰ মতভেদ দেখা পোৱা নাই।