হামাচৰ বিষয়ে অসমত আলোচনা কৰি কি লাভ!

888
  • শিৱ প্ৰসাদ শৰ্মা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


গাজাৰ হামাচবোৰে কোনো আগজাননী নিদিয়াকৈ ইজৰাইলত প্ৰবেশ কৰি ইজৰাইলত সংগীতানুস্থানত আনন্দমত্ত সহস্ৰাধিক নিৰিহ লোকক যধেমধে গুলিয়াই হত্যাকৰাৰ ওপৰি তিনিশৰো অধিক লোকক পনবন্দী হিচাপে লৈ গ’ল৷ যুদ্ধৰ মহাভাৰতৰ দিনৰে পৰা চলি অহা নীতিৰ বিপৰীতে ই আছিল চুড়ান্ত কাপুৰুষালি৷ নিৰ্দয়তাৰ সকলো সীমা পাৰ কৰি ইজৰাইলী বাসীক ত্ৰাসিত কৰিবলৈ চল্লিশটাকৈ শিশুক দিঙি ৰেপি ৰেপি হত্যা কৰিলে৷ কোৰাণৰ সমগ্ৰ জ্ঞানৰ পৰিস্ফুটন ঘটিল এই নিৰ্দয় হত্যালীলাত, আৰু এয়া বীৰত্বৰ প্ৰকাশ হিচাপে সামাজিক মাধ্যমত এনে নিৰ্দয়তাৰ ফুটেজ সমুহ হামাচ আৰু আৰু তাৰ সমৰ্থক সকলে নিৰ্লজ্জতাৰ সকলো হদ পাৰ কৰি প্ৰচাৰ কৰিব ধৰিলে৷ নৰহত্যা আৰু শিশুবধৰ এই ভাওনাত বিশ্ব বহু কেইখন মুছলমান দেশ ইমানেই উদ্দেলিত হ’ল যে তাৰাতাৰি চাহ জলপান পৰ্ব্বৰে আনন্দ উদযাপন কৰিবলৈ লাগিল আৰু আনন্দৰ লহৰেৰে বিশ্ব মুছলমান সমাজৰ সামাজিক মাধ্যম পুলকিত হৈ পৰিল৷ আনন্দৰ অতিসহ্যত হামাচৰ ফালৰ পৰা বিবৃতি আহিল যে “ইমান দিনে দম্ভালিমাৰি থকা ইজৰাইলী তৎপৰতা আৰু বুদ্ধিদীপ্ত আচলতে এটা অন্তঃসাৰশূন্য ফটুৱামীহে“৷ ৰহ্ বেটাহঁত শিয়াল ৰঙা হৈছ ফাপৰ এৰাব তঁহতৰ আৰু দুদিন পিছতেই মানৱীয় ৰহম বিচাৰি তহঁতে তালফাল লগাবি৷ নেট্যান্যাহুৱে যুদ্ধৰ ঘোষণা কৰিলে৷ সেয়ে যুদ্ধৰ নিয়ম৷ চোঁৰৰ দৰে গৈ নিৰিহ লোকক হত্যাকৰাটো তেওঁলোকৰ নিয়ম হ’ব পাৰে কিন্তু সভ্য সমাজৰ যুদ্ধ নীতি নহয়৷

আমাৰ ইন্দি এলায়েঞ্চৰ সৰ্ব্বভাৰতীয় চেকুলাৰ বাহিনীয়ে হামাচৰ এই নাৰকীয় আক্ৰমনৰ গৰিহণা দিবলৈ সময় পোৱা নাছিল৷ কিন্তু ইজৰাইলৰ যুদ্ধঘোষণাৰ লগে লগে পেলেষ্টাইনৰ সমৰ্থনত ইহুদী বাহিনীক নিন্দা কৰিবলৈ সমস্বৰে ওলায় আহিল, মুছলমান ভোট বেংকৰ কি অপাৰ মহিমা যে সকলো নিৰ্বস্ত্ৰ হৈ পৰিল৷ সকলোতকৈ আগতে আহিল চিপিএম দল৷ পলিটবুৰত প্ৰস্তাৱলৈ গৰিহণা দিলে (মৰ্মাৰ্থঃ হে আল্লাহৰ বান্দা সকল ! আপোনালোকে জানেই আামি নাস্তিক, সেইবুলি আমি হিন্দু বা ইহুদী কাফেৰক সদায়েই ঘৃণা কৰি আহিছোঁ৷ সেয়ে আমাক আপোনালোকৰ ভোটবোৰ দিব৷)!
এতিয়া ইজৰাইলী সকল গৰজি উঠিছে৷ সাত অক্টোবৰৰ দিনা ইহুদীৰ নিৰ্মম হত্যাত চাহ-জলপানৰ আদ্দা জমায় নাচি বাগী আনন্দ কৰা সকল এতিয়া মানবীয় ৰহম বিচৰাত তৎপৰ হৈছে৷ মানবীয়তা লাগে মানবীয়তা !

এনেকি এই মানবীয়তা বিচৰাৰ দুৰ্দম আপাহতে ইহুদী বাহিনীক অপদস্থ কৰিবলৈ এই সকল বান্দাই নিজা হচপিতালত বোমা পেলাই ইজৰাইলী বাহিনীক বদনাম দিছে৷ গাজাত ১৮৮২ চনত এংলিকান খৃষ্টিয়ান মিছনেৰীয়ে আৰম্ভ কৰা ’অল আহলি আৰৱ হচপিতাল’ত এটা বোমা পৰিল৷ হচপিতালৰ কাৰ পাৰ্কিংৰ ঠাইত বা ফুটাৰ লগে লগে দাউ দাউকৈ গাড়ীবোৰ জ্বলি উঠিল৷ লগে লগে সকলো প্ৰচাৰ মাধ্যমে চিঞৰিবলৈ লাগিল যে ইজৰাইলীয়ে গাজাৰ হচপিতালত বোমা ফুটাইছে-মানৱতাক চৰ্মসাৰ কৰা ইয়াতকৈ আৰু কি জঘন্য কাণ্ড হ’ব পাৰে? তাল ফাল৷ বিশ্বৰ সমগ্ৰ প্ৰচাৰ মাধ্যমে সমস্বৰে চিঞৰিবলৈ লাগি গ’ল৷ হচপিতালত বোম্বিং ! কি জঘন্য কাণ্ড ! আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কোনো সময় ব্যয় নকৰাকৈ নিজৰ উদ্বিগ্নতা জনালে প্ৰায় সকলো দেশেই ইজৰাইলক গৰিহণা দিবলৈ লাগি গ’ল৷ হচপিতাল চৌহদত দাউ দাউ জ্বলা গাড়ীবোৰৰ ছৰি দেখুৱাই টিভি ৰিপোৰ্টাৰ সকলে অনৰ্গল বকি গ’ল৷ তাতোকৈ একাঠী চৰিল যেতিয়া এংকৰ বাহিনেয়ে ক’বলৈ লাগিল যে পাঁচ শতাধিক হচপিতাল বোম্বিংত মৰা পৰিছে৷ পিচে আধাঘণ্টা পিছতে ইজৰাইলী সামৰিক বাহিনীয়ে চেটেলাইট ইমেজেৰিৰে গোমৰ ফাঁক কৰিলে৷ আচলতে সেইটো হামাচ বাহিনীয়ে ইজৰাইললৈ বুলি মৰা ৰকেট লাঞ্চাৰৰ দ্বাৰা মৰা এটা লক্ষ্যভ্ৰষ্ট আবদু ৰকেটহে আছিল৷ সাধাৰণতে ইজৰাইলী বাহিনীয়ে মৰা এটা ৰকেট বোমা খালি মাটিত পৰিলে চাৰি পাঁচফুট দ খাৱৈৰ দৰে গাত হয় যাৰ পৰিধিও সাত আঠ ফুট হয়৷ মাৰক ক্ষমতা ইমানেই অধিক থাকে যে কাষৰ বিল্দিং বিধ্বস্ত হয়৷ কিন্তু অল আহলি আৰৱ হচপিতালত পৰা বোমাটো মাটিৰ পৰা এক ফুটো তললৈ যাব পৰা নাছিল আৰু তাৰ মাৰক ক্ষমতাৰে হচপিতালৰ এখনো বেৰৰ কোনো ক্ষতি কৰিব পৰা নাছিল৷ হচপিতালৰ সকলো ঘৰ অক্ষত অৱস্থাত আছিল৷ পাচঁশতাধিক লোক নিহত হোৱা সহস্ৰাধিক আহত হোৱা বুলি ৰাউচি জোৰা আল জাজিৰাই কোনো আহত বা নিহত হোৱা লোকৰ ফটো দেখুৱাব পৰা নাছিল৷ অবশ্যে পাৰ্কিং প্লেছত থকা কেইবাখনো গাড়ী নিমিষতে জ্বলি চাৰখাৰ হৈছিল৷ এই ঘটনাই প্ৰমাণ কৰিলে মুছলমান আৰৱ সমাজে হামাচ ইজৰাইল যুদ্ধটো পুৰাতন “টাক্কিয়া নীতি“* একান্ত মনে পালন কৰিছে৷

জনৈক প্ৰীয় বন্ধুৱে সুধিছে হামাচ ইজৰালৰ বিষয়ে অসমত আলোচনা কৰি কি লাভ ? উত্তৰত কওঁ ইজৰাইলৰ সৈতে হামাজ আৰু হিজবুল্লা নামৰ দুটা ইছলামিক টেৰৰিষ্ট গোট আছে গাজাষ্ট্ৰীপ আৰু ৱেষ্টবেংকত৷ মাটি কালিৰ পৰিমানত অসম ইজৰাইলৰ চাৰিগুণ, সেই হিচাবত অসমত তেনে ৱেষ্টবেংক আৰু গাজাষ্ট্ৰীপৰ দৰে মৌলবাদীৰ দপদপনিত থকা অঞ্চলৰ পৰিমান আঠটাৰ বেছি হ’ব৷