ইজৰাইলৰ জন্ম কাহিনীৰ পৰা নতুন অসম গঢ়াৰ সংকল্প লব নোৱাৰোনে ?

513
  • জুলা শৰ্মা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


ইজৰাইলৰ জন্ম–

যি অঞ্চলক আজি লেভাণ্ট অঞ্চল বুলি কোৱা হয় য’ত আধুনিক ইজৰাইল আৰু পেলেষ্টাইন অৱস্থিত, ইয়াক ৪০০০ বছৰ আগতে কানান বুলি কোৱা হৈছিল। ই তিনিখন মহাদেশৰ সংযোগ স্থল আছিল আৰু তিনিটা প্ৰাচীন সভ্যতা (ইজিপ্ত, গ্ৰীক, মেছোপটেমিয়া) । ইয়াৰে চাৰি হাজাৰ বছৰ আগতে জেৰুজালেম আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ঠাই আছিল ।

হিব্ৰু বাইবেলৰ মতে ঈশ্বৰে অব্ৰাহামক কানাচত বসতি স্থাপন কৰিবলৈ পঠিয়াইছিল। অব্ৰাহামে জেৰুজালেমত বসতি স্থাপন কৰিছিল, তেওঁৰ দুটা পুত্ৰ আছিল – আইজাক আৰু ইছমাইল ।
পিছলৈ আইজাকৰ পৰা ইহুদী আৰু খ্ৰীষ্টান ধৰ্মৰ বংশ আৰম্ভ হয় । ইছমাইলে ইছলামিক বংশ আৰম্ভ কৰে ।

আইজাকৰ এটা লৰা হয় নাম -জেকব । জেকবৰ আন এটা নাম আছিল – ইজৰাইল । জেকবৰ সকলো বংশধৰক ইজৰাইলী বুলি কোৱা হয় আৰু তেওঁলোকে এটা ধৰ্ম আৰম্ভ কৰিলে সেইটো হ’ল ইহুদী (Jew) । ইজৰাইল সকলে কানাচ দখল কৰিলে । জেকবৰ ১২ জন পুত্ৰ আছিল সেয়ে তেওঁ ইজৰাইলক ১২ টা ভাগত বিভক্ত কৰিছিল।
তেওঁৰ সকলো ১২ জন পুত্ৰই ইহুদীসকলৰ ১২ মূল পন্থ হলগৈ।

যোৱা তিনি হাজাৰ বছৰৰ আগৰ কথা , জেবুচাইটে জেৰুজালেম অধিকাৰ কৰিলে । কিন্তু ইহুদী বংশৰ ডেভিদে পুনৰ জেৰুজালেম দখল কৰিলে আৰু তাত ইহুদী নিয়ম কানুন স্থাপন কৰিলে ।

ইহুদীসকলে তাত কিছুদিন শাসন কৰিলে তাৰ পিছত কিছুদিন আন জনজাতি সকলে শাসন কৰিলে । খ্ৰীষ্টপূৰ্ব পঞ্চাছত পলিথেইষ্ট ৰোমানে ইজৰাইল দখল কৰিলে ।

প্ৰায় দুহেজাৰ বছৰৰ আগৰ কথা । ইজৰাইলৰ দক্ষিণ অংশত এটা পলেষ্টিন জনজাতি আছিল যাৰ ইজৰাইলী সকলৰ সৈতে প্ৰতিদ্বন্দিতা আছিল।
ৰোমান সকলে ইজৰাইলৰ নামটোৰ পৰা পেলেষ্টাইনলৈ সলনি কৰি দিলে ।

জেৰুজালেমৰ পৰা ১০ কিলোমিটাৰ দূৰত যীচু খ্ৰীষ্টৰ এটা ইহুদীৰ পৰিয়ালত জন্ম হৈছিল ।
তেওঁক ৰোমান আৰু ইহুদীসকলে ক্ৰুচবিদ্ধ কৰিলে। তেওঁৰ অনুগামীসকলে এটা নতুন ধৰ্ম আৰম্ভ কৰিলে – খ্ৰীষ্টান ধৰ্ম । তাৰ পৰা পেলেষ্টাইনত (ইজৰাইল) খ্ৰীষ্টান শাসন আৰম্ভ হ’ল । ইহুদী আৰু খ্ৰীষ্টানসকলৰ মাজত সংঘৰ্ষ আৰম্ভ হ’ল।

প্ৰায় চৈধ্যশ বছৰৰ আগতে পয়গম্বৰ মহম্মদৰ পেলেষ্টাইনৰ দক্ষিণ অঞ্চলৰ মক্কাত জন্ম হয়, । মুছলমানসকলে বিশ্বাস কৰে যে মহম্মদক অলৌকিকভাৱে এদিন ৰাতি মক্কাৰ পৰা জেৰুজালেমৰ টেম্পল মাউণ্টলৈ লৈ গৈছিল
য’ৰ পৰা তেওঁ তেওঁৰ আগৰ ইছলামৰ পয়গম্বৰ সকলক লগ কৰিবলৈ স্বৰ্গলৈ উঠিছিল ।

তাৰ পিছত মুছলমান ৰজাসকলে জেৰুজালেম আক্ৰমণ কৰে আৰু যোৱা ১৪০০ বছৰ বেছিভাগ সময় ইছলামী শাসকৰ অধীনত থাকে।

১০০০ খৃষ্টাব্দৰ পৰা ১৩০০ খৃষ্টাব্দৰ ভিতৰত, জেৰুজালেমৰ বাবে খ্ৰীষ্টান আৰু মুছলমানৰ মাজত 8 খন যুদ্ধ সংঘটিত হয় । এই যুদ্ধবোৰক ক্ৰুছেড বুলি কোৱা হয় ।

শেষত যুদ্ধৰ সমাপ্তি হয় আৰু জেৰুজালেম মুছলমানসকললৈ (অট’মান সাম্ৰাজ্য) যায় ।

লাহে লাহে খ্ৰীষ্টান ধৰ্ম সমগ্ৰ ইউৰোপত বিয়পি পৰিবলৈ ধৰিলে আৰু মধ্য প্ৰাচ্যত ইছলাম ধৰ্ম বিয়পি পৰিলে ।

ইহুদীসকলৰ কোনো নিৰ্দিষ্ট দেশ নাইকিয়া হৈ তেওঁলোক গোটেই পৃথিৱীতে সিঁচৰতি হৈ পৰিল ।
তেওঁলোকে খৃষ্ট ধৰ্মীয় সকলৰ পৰা বৈষম্যৰ সন্মুখীন হব লগা হয় ।

বাইবেল আৰু কোৰাণে ধন ধাৰ দিয়াৰ অনুমতি নিদিয়ে কিন্তু ইহুদীসকলৰ এনে ধৰণৰ ধৰ্মীয় বাধা নাছিল । ইতিমধ্যে সেইসময়ত গোটেই পৃথিৱীতে
বাণিজ্যিক বিপ্লৱ আৰু ঔদ্যোগিক বিপ্লৱ আৰম্ভ হল। ইহুদীসকলে এই সুযোগ টো লয় আৰু তেওঁলোকে ধন ধাৰ দিয়া আৰু জমা থোৱাৰ ব্যৱসায় আৰম্ভ কৰে ।

আৰু তেওঁলোকৰ ভিতৰত আটাইতকৈ বেছি নাম থকা আছিল জাৰ্মানীত থকা ইহুদী Mayer Amschel Rothschild. তেওঁ বেংক আৰম্ভ কৰে, সোনকালেই তেওঁ বেংক অফ ইংলেণ্ড অধিগ্ৰহণ কৰে। তেওঁ তেওঁৰ আন বন্ধুবৰ্গই বেংক ব্যৱসায়ৰ জৰিয়তে বহুত টকা উপাৰ্জন কৰে। পিছত তেওঁৰ পাচজন পুত্ৰই লণ্ডন, পেৰিছ, ফ্ৰেংকফুর্ট, ভিয়েনা আৰু নেপলছত বেঙ্কিং আৰম্ভ কৰে ।

১৭৭৬ চনৰ কথা । ৰোথচাইল্ড ইহুদীয়ে অধ্যাপক এডাম ৱেইচাউপ্টক তেওঁৰ ধনৰ বাবেই লগ পাইছিল আৰু ৱেইচাউপ্টে এটা গোপন সমাজ ইলুমিনাটি আৰম্ভ কৰিছিল। তেওঁ ধনী অভিজাত সকলক তেওঁৰ সমাজত নিয়োগ কৰে। তাৰ পিছত হোৱা প্ৰায় প্ৰতিটো ঘটনাতে ইলুমিনাই বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ৰটছচাইল্ড পৰিয়ালে আমেৰিকান বিপ্লৱ (১৭৭৮), ফৰাচী বিপ্লৱ (১৭৮৯), ব্ৰিটিছ নেপোলিয়ান ৱাড (১৮১৫), কাৰ্ল মাৰ্ক্স (১৮৫০)ৰ বাবে বিত্তযোগান ধৰে ।

তাৰ পাছত ১৮৯৭ চনৰ কথা । ইতিমধ্যে বিশ্বত ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশত বহুত সলনি হ’ল। বহুতো ৰাজ্য গণতান্ত্ৰিক দেশ হলগৈ । সেইসময়ত ৰোথচাইল্ড পৰিয়াল বিশ্বৰ আটাইতকৈ ধনী পৰিয়াল আছিল । ধনৰ সম্পূৰ্ণ প্ৰবাহ আৰু বিশ্বৰ বেঙ্কিং ইহুদীসকলৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয় । ধনৰ বাবেই সকলো চৰকাৰ আৰু ৰাজনৈতিক নেতাৰ সৈতে তেওঁলোকৰ ভাল সম্পৰ্ক গঢ়ি উঠিল।

প্ৰথম জায়নবাদী কংগ্ৰেছ বাছেলত আয়োজিত হয় য’ত দুশ ধনী ইহুদী সমাজে অংশগ্ৰহণ কৰে ।
দুহেজাৰ বছৰ আগতে তেওঁলোকে হেৰুওৱা তেওঁলোকৰ মাতৃভূমি ইজৰাইলক ঘূৰাই পাবলৈ এটা সংকল্প লোৱা হল।

মধ্য প্ৰাচ্য সেইসময়ত মুছলমান অটোমান সাম্ৰাজ্যৰ দ্বাৰা শাসিত য’ত ইৰাণৰ বাহিৰে সমগ্ৰ মধ্য প্ৰাচ্য আৰৱ অঞ্চলৰ অন্তৰ্ভুক্ত আছিল ।

তেওঁলোকৰ পুৰণি ইজৰাইল তেতিয়া আৰৱসকলৰ ঘৰ আৰু জেৰুজালেম অটোমানৰ নিয়ন্ত্ৰণত আছিল ।

সেইয়া ১৯০১ চনৰ কথা । ইহুদী বেংকাৰসকলে অটোমান চুলতানক পেলেষ্টাইনৰ বিনিময়ত তুৰ্কীৰ বৈদেশিক ঋণ হ্ৰাস কৰাৰ ব্যৱস্থা কৰিবলৈ চুক্তি আগবঢ়ায় (জায়নবাদী বেংকৰ ওচৰত ঋণ) ।
তুৰ্কীৰ চুলতানে এইটো তুৰ্কী আৰু পেলেষ্টাইনৰ মুছলমান জনগোষ্ঠীৰ প্ৰতি বিশ্বাসঘাতকতা হ’ব বুলি কৈ স্পষ্টভাৱে অস্বীকাৰ কৰে

জায়নবাদীসকলে ১৯১৭ চনত ইজৰাইলক ঘূৰাই পোৱাৰ সুযোগ পায়। ইতিমধ্যে প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হ’ল। এফালে ব্ৰিটেইন, ফ্ৰান্স, ইটালী, ৰাছিয়া আৰু আন ফালে জাৰ্মানী, অষ্ট্ৰো হাংগেৰী, অটোমান ।

জাৰ্মানীয়ে সাহসেৰে যুঁজ দি আছিল সেইসময়ত ব্ৰিটিছ আৰু জায়নবাদীৰ মাজত চুক্তি হয় । চুক্তি অনুসৰি জায়নবাদীসকলে আমেৰিকা যুক্তৰাষ্ট্ৰক ব্ৰিটেইন বাবে যুদ্ধত সহায় কৰিবলৈ সৈমান কৰিব আৰু তাৰ বিনিময়ত ব্ৰিটেইনে তেওঁলোকক ইজৰাইল দিব।

কিন্তু ব্ৰিটেইনে দ্বৈত ভূমিকা ললে , তেওঁলোকে আৰৱসকলৰ সৈতেও একে ধৰণৰ চুক্তি কৰে য’ত আৰবে ব্ৰিটিছক সমৰ্থন কৰিব আৰু অটোমানৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব আৰু ব্ৰিটেইনে তেওঁলোকক আৰৱ ভূমি প্ৰদান কৰিব ।

জায়নবাদীসকলে আমেৰিকা যুক্তৰাষ্ট্ৰক ব্ৰিটিছ পক্ষৰ পৰা যুদ্ধত প্ৰৱেশ কৰিবলৈ সৈমান কৰে আৰু অটোমানৰ বিৰুদ্ধে আৰৱ বিদ্ৰোহ কৰে ।
ব্ৰিটিছ মিত্ৰজোঁটে যুদ্ধত জয়লাভ কৰে।

ব্ৰিটেইন আৰু ফৰাচী দখল কৰা অটোমান ৰাজ্য সমানে বিভাজন হল –ইৰাক, চৌদি আৰৱ, জৰ্ডান, লেবানন, চিৰিয়া, তুৰ্কী ইত্যাদি ।

কিন্তু ব্ৰিটিছে দুয়োটা পক্ষ ইহুদী আৰু আৰৱৰ লগত হোৱা চুক্তি নামানি বিশ্বাসঘাটকতা কৰিলে । সেই অঞ্চলত ব্ৰিটিছে উপনিবেশ স্থাপন কৰি মেণ্ডেট পেলেষ্টাইন নাম দিলে ।

ইফালে সমগ্ৰ বিশ্বৰ পৰা জায়নবাদীসকলে পেলেষ্টাইনলৈ প্ৰব্ৰজন কৰিবলৈ আৰম্ভ কৰে।
১৯১৪ চনলৈ আৰৱৰ জনসংখ্যা আছিল ৭ লাখ আৰু ইহুদীৰ সংখ্যা আছিল ৫০,০০০ জন ।

১৯৪০ চনৰ ভিতৰত দ্বিতীয় বিশ্বযুদ্ধত প্ৰব্ৰজন দ্ৰুতগতিত আৰম্ভ হয় আৰু তেতিয়া ৪.৫ লাখ ইহুদী হ’লগৈ । আনহাতে আৰৱ প্ৰায় একে থাকিল

দ্বিতীয় বিশ্বযুদ্ধ এতিয়া শেষ হৈছে জায়নবাদীসকলে ইজৰাইল পোৱাৰ আশাত ব্ৰিটেইনৰ মিত্ৰশক্তিক জয়লাভ কৰাত সহায় কৰিছিল ।

ব্ৰিটেইনৰ বিৰুদ্ধে বিদ্ৰোহ মেণ্ডেট পেলেষ্টাইনতো ইহুদী আৰু আৰৱ দুয়োৰে দ্বাৰা চলি আছে ইহুদীসকলৰ তেতিয়া ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত অতি প্ৰভাৱশালী স্থিতি আছিল ।

ব্ৰিটেইনে পেলেষ্টাইনক UNOক হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছে।

UNO ৰ মত অনুসৰি পেলেষ্টাইনক তিনিটা ভাগত বিভক্ত কৰাৰ সিদ্ধান্ত ললে —

এটা অংশ ইহুদীসকলৰ ওচৰলৈ যায় – ইজৰাইল
এটা অংশ আৰৱ – পেলেষ্টাইনলৈ যায়
আৰু ইয়াৰ ধৰ্মীয় গুৰুত্ব বিবেচনা কৰি জেৰুজালেমক UNO ৰ নিয়ন্ত্ৰণত ৰখা হল ।

অৱশেষত ২০ বছৰৰ পিছত ইহুদীসকলে তেওঁলোকৰ দেশ ইজৰাইলক ঘূৰাই পালে । ১৪ মে ১৯৪৮ – ইজৰাইলৰ জন্ম হয় ।

বৰ্তমান গোটেই বিশ্বৰ চুকে কোণে অসমীয়া সিচঁৰিত হৈ পৰিছে আৰু সকলো ঠাইতে অসমৰ লোকে যথেষ্ট পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। বিদেশতে ঘৰ বাৰী কৰি খুব সুন্দৰ ভাবে পৰিবেশৰ লগত খাপ খুৱাই প্ৰায় সকলো বিলাকে এক সন্মানৰ জীৱন নিৰ্বাহ কৰি আছে । তথাপিও এই লোক সকলক যদি অসমলৈ ঘূৰি অহাৰ আহ্বান দিব নোৱাৰিনে ? মই এই কথা লিখা দেখি বহুতেই মোক হয়তো হাহিব পাৰে। বিদেশৰ দৰে অসমত জানো সুবিধা পাব ?

কিন্তু ভালদৰে যদি ভাবি চোৱা যায় তেন্তে এটা কথা অনুভৱ কৰিব পাৰি যদি বিদেশত থকা সকলৰ কিছু সংখ্যকো যদি ঘূৰি আহে তেতিয়াহে অসমভূমিত অসমীয়াৰ অস্তিত্ব থাকিবগৈ ।