ৰাঘব আৰু ৰাজনীতি

922
  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


মই, শ্ৰীমতী আৰু দুটা লৰা। আমাৰ চাৰিজনীয়া এটা সুখী পৰিয়াল। মোৰ প্ৰাইভেট চাকৰি, মাহত ৫০ হাজাৰ টকা দৰমহা পাওঁ। শ্ৰীমতীয়ে ঘৰ চম্ভালে। ৫০ হাজাৰ টকাৰে খোৱা লোৱা, কাপোৰ,ঘৰ ভাড়া আদিত খৰচ কৰি মাহত ২০ হাজাৰমান ৰাহি কৰিবলৈ চেষ্টা কৰো। এল.আই.চিৰ প্ৰিমিয়াম, পূজাৰ বন্ধ, গাড়ীৰ চাৰ্ভিছিং আদি আহিলে ঘৰৰ বাজেট অলপ খেলিমেলি হয়। ভাল চিনেমা আহিলেই পৰিয়ালক লৈ চিনেমা চাবলৈও যাও। টিকটৰ দাম আজিকালি ২০০ৰ পৰা ৩০০ টকা। এটা ফেমিলি চিনেমা চাব গ’লে টিকট,পপকৰ্ণ আদি মিলি ২০০০ টকা মান খৰছ হয়। সেইবাবে চিনেমা চোৱাৰ ক্ষেত্রত অলপ ভাবনা চিন্তা কৰিব লগা হয়। ভাল চিনেমা হ’লেহে পৰিয়ালক লগত লৈ চিনেমা চাবলৈ যাও। অসমীয়া চিনেমাৰ প্ৰতি সুকীয়া আবেগ আছে। কাঞ্চনজংঘা, ৰত্নাকৰ, ডাঃ বেজবৰুৱা আৰু ৰঘুপতি পৰিয়ালৰ লগত উপভোগ কৰিছিলো। এই গোটেইকেইখনৰ ভিতৰত ৰঘুপতি সকলোতকৈ বেছি উপভোগ্য। ৰত্নাকৰ আৰু কাঞ্চনজংঘা চাইও ভালেই লাগিছিল। গাণ আৰু প্ৰচাৰৰ বাবে ডাঃ বেজবৰুৱা২ চাবলৈ গৈছিলো যদিও ছবিখন চাই নিৰাশ হৈছিলো। ৰঘুপতিৰ জড়িয়তে ৰবি শৰ্মাই অসমীয়া ছবিজগতত এটা নতুন benchmark আনি দিলে। ৰাঘবৰ ট্ৰেইলাৰ বা প্ৰচাৰে মনত কোনো ধৰণৰ উৎসাহ নিদিলে। যতীন বৰাৰ বসয় ৫০ৰ ওপৰত। নায়িকাজনীও ৪০ৰ ওপৰত। দুয়োজনৰ মুখত বয়সৰ চাপ পৰিছে। ব্যবসায়িক চিনেমাত এইবিলাক কাৰকে কাম কৰে। সেইবাবেই ৰাঘব নোচোৱাৰ সিদ্ধান্ত ল’লো। যতীন বৰা এজন সুবিধাবাদী বুলি সকলোৱে জানে। কংগ্ৰেছ চৰকাৰ থকা সময়ত বৰা কংগ্ৰেছ আছিল আৰু বিজেপিৰ দিনত বিজেপি হৈ সুবিধা লৈছে। কা আন্দোলনৰ সময়তো তেওঁ বিতৰ্কিত ভুমিকা লৈছিল। কিন্তু মই ভাবো এজন দৰ্শকৰ বাবে সেয়া কোনো ইছু নহয়। ভাল চিনেমা হ’লে ৰাইজে চাবই। ৰত্নাকৰৰ সময়ত যতীন বৰাৰ চিনেমা ৰাইজে চালে যদি এতিয়া নাচালে কিয়? ৫ বছৰত যতীন বৰাৰ কিবা ৰাজনৈতিক ভাবে পৰিবৰ্তন হৈছে নেকি? নিশ্চয় নহয়। গতিকে সামাজিক মাধ্যমত boycott কৰিলেই অভিনেতা এজন শেষ হৈ নাযায়। এটা সময়ত শ্বাহৰুক খানৰ জিৰো, ৰা ওৱান,ফেন আদি ফ্লপ হৈছিল। আজি তেওঁৰ পাঠান হিট হৈছে। একাংশই খানক তেতিয়াও বয়কট কৰিছিল এতিয়াও কৰে। ৰাঘবৰ ট্ৰেইলাৰ আৰু প্ৰচাৰে ৰাইজক আকৰ্ষন কৰিব নোৱাৰিলে। কথা সিমানেই।