হিমন্ত বিশ্ব শৰ্মাৰ পিছত কোন?

989
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


২০২১ চনত ড° হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্রী হোৱাৰ পিছত তেওঁৰ প্ৰথম পৰীক্ষা হ’ব ২০২৪ৰ লোকসভা নিৰ্বাচন। ২০২৪ত যদি অসমত বিজেপিয়ে আশানুৰূপ ফল লাভ নকৰে তেন্তে ৰাষ্ট্ৰীয় ৰাজনীতিত শৰ্মাৰ গুৰুত্ব কমি যাব। শৰ্মাই কৈছে যে বিজেপিয়ে অসমত ১১.৫ খন আসন লাভ কৰিব। বিজেপিয়ে ধুবুৰী আৰু নগাঁঅ আসন দুখনত জয়ী হ’ব নোৱাৰে বুলি নিশ্চিত। আনহাতে কৰিমগঞ্জক লৈ দলৰ কিছু শংকা আছে। অনাগত দিনত গম পোৱা যাব বিজেপিয়ে অসমত ১১.৫ আসন লাভ কৰাৰ বাবে কি ৰণনীতি হাতত লয়।

এতিয়া আহো নেতৃত্বৰ প্ৰশ্নলৈ। ৰাইজৰ মনত প্ৰশ্ন হয় যে বিৰোধীৰ কোনজন নেতাই শৰ্মাক প্ৰত্যাহ্বান জনাব পাৰিব বা বিজেপিৰ কোন জন নেতাই শৰ্মাৰ পিছত অসমক নেতৃত্ব দিব পাৰিব? ৰাজ্যসভাৰ নিৰ্বাচন আৰু অমৃত কলহ যাত্রাৰ পিছত প্ৰমাণ হ’ল যে কংগ্ৰেছৰ বেছি ভাগ নেতাই মুখ্যমন্ত্রীৰ এজেন্ট হিচাপে কাম কৰে। আনকি ভূপেন বৰা আৰু ৰকিবুল হুছেইনকো ৰাইজে সন্দেহ কৰিবলৈ লৈছে। কংগ্ৰেছৰ একমাত্র নেতা হ’ল গৌৰৱ গগৈ যাক মুখ্যমন্ত্রীয়ে হাত কৰিব নোৱাৰে। কিন্তু সমস্যা হ’ল_ অসমৰ বায়ু ,পানী, মাতি আৰু আবেগৰ লগত গগৈৰ সম্পৰ্ক নাই। ভাল হিন্দী বা ইংৰাজী জানিলেই যঠেষ্ট নহয়, তৃণমূলৰ সমস্যা বিলাক বুজি পোৱাও এজন ৰাজনেতাৰ দায়িত্ব। অখিল গগৈয়ে মুখ্যমন্ত্রীক বিধানসভাত কিছু অসুবিধা দিয়ে যদিও তেওঁ অকলশৰীয়া। অখিল গগৈয়ে যদি কংগ্ৰেছত যোগদান কৰে তেন্তে কথা সুকীয়া। কিন্তু গৌৰৱ গগৈয়ে চাগে অখিলক কংগ্ৰেছত চামিল কৰাত বাধা দিব। এতিয়া আহো বিজেপিৰ নেতালৈ। ড° শৰ্মা তৰুণ গগৈৰ মন্ত্রীসভাত থকা সময়ত এক নিজা পৰিচয় গঢ়িবলৈ সক্ষম হৈছিল। পৰিকল্পনা -উন্নয়নৰ ৰাজ্যিক মন্ত্রী, স্বাস্হ্য মন্ত্রী, শিক্ষা মন্ত্রী ৰূপে তেওঁ বিভাগ বিলাকৰ সংস্কাৰ কৰি ৰাইজৰ মৰম আদায় কৰিবলৈ সক্ষম হৈছিল। সেই একে সুযোগ আছে এইসময়ত পিযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা আৰু অশোক সিংঘলৰ। মুখ্যমন্ত্রীৰ বিশ্বাসভাজন হোৱা বাবে তেওঁলোকে যঠেষ্ট সুবিধা  পাইছে। কিন্তু পৰিতাপৰ কথা যে যোৱা ২.৫ বছৰত তেওঁলোকে নিজা কোনো পৰিচয় গঢ়িব নোৱাৰিলে। মুখ্যমন্ত্রীৰ আশীৰ্বাদ মুৰত নাথাকিলে তেওঁলোকৰ নিজা কোনো অস্তিত্ব নাই। সেইবাবে আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মাৰ পিছত কোন অসমৰ মুখ্যমন্ত্রী হ’ব সেইটো কোৱা খুব কঠিন।