Saturday, March 15, 2025
Home Blog Page 10

উৰিষ্যাত পাণ্ডীয়ান বনাম হিমন্ত বিশ্ব শৰ্মা

  • ৰিতু তালুকদাৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে উৰিষ্যাৰ মুখ্যমন্ত্ৰী আৰু বিজেডিৰ সভাপতি নবীন পাটনায়কক তেওঁৰ ঘনিষ্ঠ সহযোগী ভি কাৰ্তিকেয়ান পাণ্ডিয়ানে পণবন্দী কৰি ৰাখিছে । পাণ্ডিয়ানে যোগান ধৰা কাগজ পঢ়িহে নবীন পাটনায়কে বক্তব্য দিব পাৰে ।

‘পাণ্ডিয়ানে পণবন্দী কৰি ৰাখিছে উৰিষ্যাৰ মুখ্যমন্ত্ৰীক। মাত্ৰ কিছুমান জ্যেষ্ঠ নাগৰিক আৰু বুদ্ধিজীৱীক ১০ মিনিটৰ বাবে তেওঁক অকলে লগ কৰিবলৈ দিয়ক , তেতিয়া জনতাই দেখিব যে নবীন বাবুৱে কিদৰে কান্দি উঠিব ” __হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে ।

উৰিষ্যাৰ লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ বাবে ঘোষণা কৰা ৩০ জন তাৰকা প্ৰচাৰকসকলৰ ভিতৰত অন্যতম অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

তেওঁ লগতে কয় যে নবীন পাটনাইক দেশৰ একমাত্ৰ মুখ্যমন্ত্ৰী যিয়ে অকলে আনৰ লগত কথা পাতিব নোৱাৰে।

পাণ্ডিয়ানক উৰিষ্যাৰ সকলো সম্পদ নিয়ন্ত্ৰণ কৰাৰ অভিযোগ উত্থাপন কৰি শৰ্মাই কয় যে ৰাজ্যত ক্ষমতালৈ অহাৰ পিছত বিজেপিয়ে তেওঁৰ পৰা এই সকলো সম্পদ মুকলি কৰি দিব।

‘আচলতে ভি কে পাণ্ডিয়ান ইয়াত বাস্তৱিক মুখ্যমন্ত্ৰী আৰু তেওঁ নবীন বাবুক নথি-পত্ৰত চহী কৰায়। তামিলনাডুত জন্ম গ্ৰহণ কৰা পাণ্ডিয়ানে উৰিষ্যাত বহু বছৰ আই.এ.এছ বিষয়া হিচাপে কাৰ্য্যৰত হৈ পিছত বিজু জনতা দলত যোগদান কৰে। পাণ্ডিয়ানৰ পত্নী এগৰাকী ওৰিয়া মহিলা। মোদী, শ্বাহ আৰু শৰ্মাই নবীন পাটনায়কক আক্ৰমণ কৰাৰ পৰা বিৰত আছে। তেওঁলোকে উৰিষ্যাত ভিলেইন সজাইছে পাণ্ডিয়ানক। নবীন বাবুক যেতিয়া মুখ্যমন্ত্রীৰ চকীৰ পৰা আতৰোৱাৰ ষড়যন্ত্র চলিছিল সেই সময়ত তেওঁক পাণ্ডিয়ানে ৰক্ষা কৰিছিল। তেতিয়াৰ পৰাই পাণ্ডিয়ান তেওঁৰ সকলোতকৈ বিশ্বাসভাজন ব্যক্তি। বিজেপিয়ে আনকি অভিযোগ কৰিছে যে পাণ্ডিয়ানে উৰিষ্যাৰ মন্দিৰৰ ছাবি তামিলনাডুত ৰাখি আহিছে।

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰা মতে নিৰ্বাচনৰ ফলাফলৰ পিছত বিজেডি নাথাকিব কিয়নো আত্মসন্মান থকাসকলে বিজেপিত যোগদান কৰিব । নিৰ্বাচনত বিজেডিৰ বিধায়ক-মন্ত্ৰী পৰাজিত হোৱাৰ পিছতেই বিজেডি ভাঙি পেলোৱা হ’ব। আমি পাণ্ডিয়ানক আঁতৰাই ৰাজ্যত এজন উৰিষ্যাৰ স্বাভিমানী মুখ্যমন্ত্ৰীক ৰাজ্যৰ নেতৃত্ব দিব বিচাৰো । বিজু জনতা দল গঠন কৰিছিল বিজেপিয়ে। এতিয়া ইয়াক নিঃশেষো কৰিব নেকি বিজেপিয়ে। সকলো সময়ে ক’ব।

 

শুই থকা মানুহে হাহঁ ধৰিব পাৰিবনে?

  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


৪ জুনত নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব। ৰাজনীতিত সম্যক জ্ঞান থকা মানুহে বুজি পায় যে দেশত পুনৰ বিজেপিৰ চৰকাৰ হ’বলৈ গৈ আছে। একেৰাহে তৃতীয়বাৰ ৰাহুল গান্ধী বা কংগ্ৰেছ পৰাজিত হ’ব। এতিয় প্ৰশ্ন হ’ল নৰেন্দ্ৰ মোদী কিয় পুনৰ জয়ী হ’ব? বিজেপিয়ে দেশৰ সকলো মানুহৰ আশা আকাঙ্ক্ষা পুৰণ কৰিলে নেকি? মোদীৰ বিৰূদ্ধে কোনো অসন্তুষ্টি নাই নেকি? যোৱা দহ বছৰত মোদীয়ে বহু ভাল কাম কৰিছে যদিও বিৰোধীৰ বাবেও সুবিধা বহুত আছিল। ৰাম মন্দিৰ আৰু ৩৭০এ হিন্দুবাদীক আনন্দিত কৰিলে। উচ্চ খাপৰ দুৰ্নীতি কমিছে বুলি ৰাইজে বিশ্বাস কৰে, ঘাইপথ নিৰ্মান কৰি গাডকাৰীয়ে ৰেকৰ্ড গঢ়িলে, বিশ্বত ভাৰতৰ সন্মান বাঢ়িল ইত্যাদি। ৰাইজৰ বহু সমস্যা সমাধান কৰাত মোদী চৰকাৰ ব্যৰ্থও হ’ল। নিবনুৱা সমস্যা, মুল্যবৃদ্ধি ,কৃষক আন্দোলন আদি চৰকাৰখনৰ ব্যৰ্থতা। এই ব্যৰ্থতা খিনি কংগ্ৰেছে ৰাইজৰ মাজত লৈ যোৱাৰ বাবে যঠেষ্ট। তাৰ বাবে সঠিক পৰিকল্পনা লাগিব, নেতা লাগিব,বক্তা লাগিব। কিন্তু কংগ্ৰেছে ২০১৪ৰ পৰা দল চলাই আছে ৰাহুল গান্ধী আৰু তেওঁৰ দুজন তোষামোদকাৰী জয়ৰাম ৰমেশ আৰু ৰনদ্বীপ সুৰযেৱালাই। ৰাহুল গান্ধীৰ না ৰাজনৈতিক জ্ঞান আছে না তেওঁ ভালকৈ কথা ক’ব পাৰে। কেৱল তেওঁৰ অনুগত সকলে যি লেখি দিয়ে তাক ভাটৌৰ দৰে মাতিব পাৰে। দেশৰ সাধাৰণ নিৰ্বাচন আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৰে হৈ পৰিছে যত বিৰোধীয়ে মোদীৰ বিৰূদ্ধে প্ৰাৰ্থী আগতীয়াকৈ ঘোষণা কৰাটো দৰকাৰ। পথাৰত ধান পকি আছে। কংগ্ৰেছে ধান কাটি চাউল উলিয়াই খাব জানিব লাগিব। তেওঁলোকে ধাৰণা কৰে যে পথাৰৰ পৰা ধান আহি নিজে নিজে চাউল হৈ তেওঁলোকৰ মুখত পৰিব। ৪ জুনত কংগ্ৰেছে বহুতক দোষ দিব। তাৰ ভিতৰত ইলেকচন কমিচন , মিডিয়া,ইভিএম ইত্যাদি। এইখিনিতে মনত পৰে এই শ্বেৰটোলৈ ” চাৰা উমৰ ইয়ে ভুল কেৰতা ৰহা, ধুল চেহৰে পে থী,আইনা চাফ কৰতা ৰহা।’

অশোক আৰু জয়ন্তৰ মল্ল যুদ্ধ

  • ৰাজনীতি অসমৰ প্ৰতিবেদন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে আন সকলো সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰি নলবাৰীৰ ক্ষেত্রত কিছু বিলম্ব কৰে। ৯০ দশকৰ পৰা বিজেপিত কাম কৰি থকা তথা সেইসময়ৰ জিলা সভাপতি অশোক শৰ্মা টিকটৰ দাবীদাৰ আছিল। আনফালে আছিল সেইসময়ৰ নলবাৰী সমষ্টিৰ বিধায়ক, ড° হিমন্ত বিশ্ব শৰ্মাৰ অনুজ ন-বিজেপি জয়ন্ত মল্ল বৰুৱা। আৰ.এছ.এছৰ প্ৰৱল হেচাত সেও মানি হিমন্ত বিশ্ব শৰ্মাই টিকট অশোক শৰ্মাক এৰি দিবলৈ বাধ্য হয়। জয়ন্ত মল্ল বৰুৱাক হাজো, ৰঙিয়া আদি সমষ্টি যচা হৈছিল যদিও তেওঁ নলবাৰী বা পাটাচাৰকুছিক লৈ আকোৰগোজ হৈ থাকিল। বৰুৱাক সংস্থাপিত কৰা হ’ল অসম টুৰিজিমৰ অধ্যক্ষ পদত। জয়ন্ত মল্ল বৰুৱাই কাম আৰম্ভ কৰিলে পাটাচাৰকুছি সমষ্টিত। যিহেতু বৰুৱাৰ জন্মস্থান টিহু আৰু টিহু পাটাচাৰকুছি সমষ্টিত পৰে সেয়েহে বৰুৱা ইয়াকলৈ সন্ত্তষ্ট আছিল। অশোক শৰ্মাৰ বৰুৱাকলৈ কোনো ভয় নাছিল। দুয়োজনে একেলগে মেল মিটিং কৰিছিল কাৰণ বৰুৱা পাটাচাৰকুছিৰ দাবীদাৰ আছিল। পট পৰিবৰ্তন কৰিলে বিজেপি সভাপতি ৰঞ্জিত দাসে। সৰভোগত নিশ্চিত পৰাজয়ৰ কথা জানি তেওঁ পাটাচাৰকুছি সমষ্টি বাচি ললে। বৰুৱাই ভিতৰুৱা খৱৰ গম পাই নলবাৰীত কাম আৰম্ভ কৰিলে। নলবাৰী জিলা সভাপতি সলনি হ’ল। অশোক শৰ্মাৰ কিছু অনুগতই ফৈদ সলনি কৰি বৰুৱাৰ পক্ষ ল’লে। শৰ্মাৰ চকুৰ সন্মুখতে লাহে লাহে নলবাৰীৰ বাঘজৰী জয়ন্ত মল্ল বৰুৱাৰ হাতলৈ আহিল। অশোক শৰ্মাৰ শেষ অস্ত্র আৰ.এছ.এছেও তেওঁক এৰা দিলে। অশোক শৰ্মাৰ লগত বহুদিন একেলগে বিজেপি কৰা দিলীপ শইকীয়া,ফণী শৰ্মা তথা আৰ.এছ.এছৰ গুৰুত্বপূৰ্ণ নেতা বশিষ্ঠ বুজৰবৰুৱাই অশোক শৰ্মাক এৰি জয়ন্ত মল্ল বৰুৱাৰ ফৈদত যোগদান কৰিলে। ২০২১ৰ নিৰ্বাচনত প্ৰত্যাশিত ভাবেই জয়ন্ত মল্ল বৰুৱাই টিকট লাভ কৰি জয়ী হৈ কেবিনেট মন্ত্রী হ’ল। ২০২১ত টিকটৰ পৰা বঞ্চিত অশোক শৰ্মাক লাহে লাহে এলাগী কৰা হ’ল। নলবাৰী জিলা, মণ্ডল,গাও পঞ্চায়ত সকলোতে বৰুৱাৰ অনুগতক অধিষ্ঠিত কৰা হ’ল। ৩০ বছৰে নলবাৰী হৰিমন্দিৰৰ কামত লাগি থকা শৰ্মাক তাৰ সভাপতি পদৰ পৰাও অপসাৰিত কৰা হ’ল। অশোক শৰ্মাই বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰয়াসী আছিল। বৰপেটাত পুনৰ নলবাৰীৰ দৰে বঞ্চিত কৰা হ’ল শৰ্মাক। হতাশাগ্ৰস্থ হৈ তেখেতে দলৰ শীৰ্ষনেতাৰ বিৰূদ্ধে কথা ক’লে। জয়ন্ত মল্ল বৰুৱাই মুকলিকৈ অশোক শৰ্মাৰ বিৰূদ্ধে ব্যৱস্থা লোৱাৰ ধমকি দিলে যিটো কাম আচলতে দলৰ ‍অধ্যক্ষৰহে। খঙৰ ভমকত অশোক শৰ্মাই এতিয়া মুকলিকৈ জয়ন্ত মল্লৰ বিৰূদ্ধাচৰন কৰিছে। জয়ন্ত মল্লই ভাবী মুখ্যমন্ত্রীৰ দৰে আচৰন কৰা বাবে তেওঁৰ বিৰোধী লবীটোও সক্ৰিয় হৈছে। মৃণাল শইকীয়া আৰু জয়ন্ত দাসো আজিৰ তাৰিখত জয়ন্ত মল্ল বৰুৱাৰ শত্ৰু। জয়ন্ত দাসে পিযুষ হাজৰিকাক সমৰ্থন কৰি বক্তব্য দিয়া কথাটোৱো কিন্তু তাৎপৰ্যপূৰ্ণ। এতিয়া প্ৰশ্ন হ’ল ৰাজেন গোহাঁই ,অশোক শৰ্মা, জয়ন্ত দাস আৰু মৃণাল শইকীয়াৰ ওপৰত দলে কিবা ব্যৱস্থা ল’ব নেকি? সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, ৰমেন ডেকা আদিৰ দৰে নেতাও বিসম্বাদী শিবিৰত যোগ দিব নেকি? সৰ্বানন্দ সোণোৱালৰ ভূমিকা কি হ’ব?  অশোক শৰ্মা শিবিৰত যোগ দিছে নেকি ফণী শৰ্মাই? এই সকলো প্ৰশ্নৰ উত্তৰ অনাগত দিনত পোৱা যাব।

পশ্চিম বংগত ৰাষ্ট্ৰপতি শাসন

  • ৰাজনীতি অসমৰ প্ৰতিবেদন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


“শ্বাহজাহানক দহ মিনিটৰ বাবে অসমলৈ পঠাই দিয়ক, আমি তাৰ হিচাপ কৰি দিম”। পশ্চিম বংগৰ নিৰ্বাচনী সভাত ড° হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ। সন্দেশখালিৰ মূল খলনায়ক হিচাপে বিজেপিয়ে চিহ্নিত কৰিছে শ্বাহজাহান শ্বেইখক। বিজেপিয়ে অভিযোগ কৰে যে সন্দেশখালিত শ্বেইখৰ নেতৃত্বত বিজেপিৰ কৰ্মীক হাৰাশাস্তি কৰা হৈছে, মহিলাক অপদস্ত কৰা হৈছে।

পশ্চিমবংগত যেন নিৰ্বাচন মানেই হিংসা। প্ৰতি নিৰ্বাচনতে তাত বহু ৰক্ত প্ৰবাহিত হয়। দেশত যে ইমান দিঘলীয়া নিৰ্বাচন হৈছে তাৰ এটা কাৰণ হৈছে বংগ। তাত ৭ বা ৮টা ফেজত নিৰ্বাচন কৰিবলগীয়া হয়।দৰিদ্ৰ মানুহেৰে ভৰি থকা পশ্চিমবংগত নিৰ্বাচনত বহুত মানুহে কিছু টকা ঘটাৰ সুবিধা পায়। নিজৰ বিৰোধী দলৰ মানুহক মাৰধৰ কৰা, ঘৰ জ্বলাই দিয়া, অফিছ ভঙা আদি তাৰ গ্ৰামাঞ্চলৰ সাধাৰণ ঘটনা। চিপিএমে আগতে কৰিছিল, এতিয়া তৃণমূলে কৰে। পুলিছ প্ৰশাসনো শাসক দলৰ হাতৰ পুতলা। ২০২১ বিধানসভাত পৰাজিত হোৱা বিজেপিয়ে সন্দেশখালিৰ ইছুটোৰে পশ্চিমবংগত প্ৰভাব বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। ২০২১ত ৪২ৰ ভিতৰত ১৮খন আসন লাভ কৰা বিজেপিয়ে ২০২৪ত তৃণমূলক অতিক্ৰম কৰি সৰ্ববৃহৎ দল হ’বলৈ আগবাঢ়িছে। মোদী-শ্বাহে হুংকাৰ দিছে যে বিজেপিৰ কৰ্মকৰ্তাৰ ওপৰত কৰা অত্যাচাৰৰ হিচাপ লোৱা হ’ব। ৪ জুনত সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব। দেশৰ ৰাজনৈতিক পৰিবেশ চাই কব পাৰি যে নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্রীৰ পদত শপত গ্ৰহণ কৰিব। এইবাৰ শাসনলৈ আহিলে বিজেপিয়ে কেইটামান ডাঙৰ সিদ্ধান্ত ল’ব। তাৰ ভিতৰত অন্যতম সমান নাগৰিক সংহিতা আৰু পশ্চিম বংগত ৰাষ্ট্ৰপতি শাসন। তৃণমূলৰ কৰ্মীৰ মাৰ সহ্য কৰি থকা কৰ্মীসকলৰ বাবে যদি বিজেপিয়ে একো নকৰে তেন্তে তেওঁলোক নিৰাশ হ’ব। ২০১৯ত বিজেপিয়ে আশা কৰিছিল যে ৰাষ্ট্ৰপতি শাসন নলগোৱাকৈ ২০২১ৰ বিধানসভাত তেওঁলোকৰ জয় হ’ব। কিন্তু বিধানসভাত পুণৰ মমতা বেনাৰ্জীয়ে চমক দেখালে। মমতাইও বুজি পাইছে যে বিজেপিয়ে ৰাষ্ট্ৰপতি শাসন জাৰি কৰিব পাৰে। সেয়েহে মমতাৰ ব্যৱহাৰ কিছু নম্ৰ হৈছে। মমতা বেনাৰ্জীয়ে অনাগত দিনত এনদিএৰ কাষ চাপিবলৈ চেষ্টা কৰিব। কিন্তু অমিত শ্বাহে ইতিমধ্যে পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসন লগাবলৈ মন বান্ধি লৈছে। এতিয়া আপেক্ষা মাথো ৪ জুনলৈ।

আৰ.এছ.এছৰ প্ৰয়োজন নাই?

  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি জে পি নাড্ডাই দলটোক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সমৰ্থনৰ প্ৰয়োজন নাছিল বুলি কোৱা কথাষাৰে পুনৰবাৰ সংগঠন দুটাৰ মাজৰ সম্পৰ্কক লৈ বিতৰ্কৰ সৃষ্টি কৰিছে।

সংবাদ মাধ্যমৰ আগত নড্ডাই দিয়া সাক্ষাৎকাৰত অন্তৰ্নিহিত পৰামৰ্শটো হ’ল বিজেপি আৰু ইয়াৰ সৰ্বোচ্চ নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰএছএছক আগুৰি ধৰিছে। বিজেপিৰ নেতা কৰ্মী সকলেহে নিৰ্বাচনত জয়ী কৰায় , আৰ এছ এছে নহয় ।

ভোটগ্ৰহণৰ সময়ত ভোটাৰক সংগঠিত কৰিবলৈ আৰ এছ এছৰ কেডাৰ ওলাই অহা নাই বুলি জল্পনা-কল্পনাৰ সৃষ্টি হোৱাৰ সময়তেই নাড্ডাৰ সাক্ষাৎকাৰটো আহিছে।  উত্তৰ প্ৰদেশৰ পৰা পোৱা খবৰ অনুসৰি আৰ এছ এছ কেডাৰে অনুভৱ কৰিছে যে তেওঁলোকৰ অবিৰত সমৰ্থনৰ বাবে চৰকাৰে পুৰস্কৃত কৰা নাই আৰু সেয়ে ক্ষেত্ৰ ভিত্তিকভাৱে দলটোৰ বাবে কাম কৰিবলৈ অনিচ্ছুক।

সাধাৰণ নিৰ্বাচনৰ মাজতে নাড্ডাৰ সাক্ষাৎকাৰৰ পিছত বিজেপি আৰু আৰএছএছৰ মাজত অৱনতি ঘটা সম্পৰ্কৰ জল্পনা-কল্পনাৰ সৃষ্টি হোৱাটো আচৰিত কথা নহয়। আনকি বিজেপি আৰু আৰএছএছৰ মাজত ‘বিচ্ছেদ’ হোৱা বুলিও ভবা হৈছে।

নাড্ডাৰ সাক্ষাৎকাৰৰ প্ৰকাশৰ তিনিদিন পিছত উপায়হীন হৈ অৱশেষত আৰ এছ এছৰ কেডাৰে বিজেপিক সহায় কৰিবলৈ খোজ দিছিল। ইয়াৰ পৰা অনুমান কৰা হৈছে যে যেতিয়া প্ৰথম তিনিটা পৰ্যায়ত ভোটদানৰ হাৰ কম হোৱাৰ সন্মুখীন হ’বলগীয়া হৈছিল তেতিয়াহে আৰ এছ এছ ভোটাৰৰ ক্লান্তি, আৰু তেওঁৰ মূল সমৰ্থকসকলৰ সৈতে মোডীৰ ভাবমূৰ্তি ম্লান হোৱাটো প্ৰতিহত কৰিবলৈ সক্ৰিয় হৈ পৰিছিল।

মোডী নেতৃত্বাধীন বিজেপিৰ প্ৰচাৰ অভিযানৰ বাবে আৰ এছ এছ কেডাৰে কাম নকৰাৰ কোনো কাৰণ নাই। মোডীৰ অবিহনে আৰ এছ এছৰ হিন্দু সংখ্যাগৰিষ্ঠতাবাদী এজেণ্ডাক আগুৱাই নিয়াৰ সপোনতো কল্পনা কৰিব নোৱাৰিলেহেঁতেন: বাবৰি মছজিদৰ স্থানত ৰাম মন্দিৰ নিৰ্মাণ কৰা, ট্ৰিপল তালাকক অপৰাধমূলক কৰা, পূৰ্বৰ বিশেষ মৰ্যাদা বাতিল কৰা জম্মু-কাশ্মীৰ ৰাজ্যত, নাগৰিকত্ব সংশোধনী আইন (CAA), আৰু উত্তৰাখণ্ডত পাইলট প্ৰকল্প হিচাপে ইউনিফৰ্ম চিভিল কোড (ইউচিচি) ৰূপায়ণ কৰা।
সেয়ে আৰ এছ এছে মোডীক তৃতীয় কাৰ্যকাল লাভ কৰাত সহায় নকৰাৰ কোনো মতাদৰ্শগত কাৰণ নাই।

হয়তো একমাত্ৰ সংঘৰ্ষ হৈছে মোডী নামৰ এজন ব্যক্তিকলৈ কৰা প্ৰচাৰ । আৰ এছ এছে হিন্দুত্ববাদী মতাদৰ্শৰ মাতৃ সংগঠন হিচাপে হিন্দু জাতীয়তাবাদকেই স্থায়ী (সাশ্বত) বুলি বিশ্বাস কৰাৰ প্ৰৱণতা য’ত ৰাজনৈতিক নেতাসকলৰ ব্যক্তিগত গ্লেমাৰ অস্থায়ী ।

৩৯% লোকৰ মতে কংগ্ৰেছৰ ৩ খন আসন

  • ৰাজনীতি অসমৰ প্ৰতিবেদন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


ৰাজনীতি অসমৰ মে ২০২৪ৰ অ’পিনিয়ন প’লত আমি প্ৰশ্ন কৰিছিলো_সাধাৰণ নিৰ্বাচনত কোন দলে কেইখন আসন পাব? আমাৰ অ’পিনিয়ন প’লৰ ফলাফল তলত উল্লেখ কৰা হ’ল।

২০২৪ চনত অসমত বিজেপি মিত্রজোঁটে কেইখন আসন পাব?
১১ খন- ৩৪.৮%
১২ খন- ২১.৭%
১৩ খন- ১৭.৪%
১০ খন -১৩%
৯ খন- ৮.৭%
অন্য- ৪.৩%
২০২৪ চনত অসমত কংগ্ৰেছে কেইখন আসন পাব?
৩ খন- ৩৯.১%
১খন -৩৪.৮%
২ খন- ২১.৭%
অন্য- ৪.৩%

জগন আৰু পাটনায়কৰ বিদায়?

  • ৰাজনীতি অসমৰ প্ৰতিবেদন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


যোৱা ৫ বছৰ বিজেপিৰ লগত বুজাবুজি কৰি চলিছিল উৰিষ্যাৰ মুখ্যমন্ত্রী নবীন পাটনায়ক আৰু অন্ধ্ৰৰ মুখ্যমন্ত্রী জগন ৰেদ্দীয়ে। ৰাজ্যসভাত এনদিএক বহু বিধেয়ক পাৰিত কৰাত তেওঁলোকে সহায় কৰিছিল। আজি সেই দুজন নেতাৰে নিজৰ ৰাজ্যত অবস্থা তথৈবচ। উৰিষ্যাৰ প্ৰাক্তন মুখ্যমন্ত্রী বিজু পাটনায়কৰ পুত্র নবীন পাটনায়কে বিজু জনতা দল গঠন কৰি বিজেপিৰ লগত মিত্রতা কৰি ২০০০ চনত প্ৰথম বাৰ উৰিষ্যাৰ মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ কৰিছিল। বিজু জনতা দল গঠন কৰাত আগফাগ লৈছিল আদৱানী আৰু প্ৰমোদ মহাজনে। বেজেপিয়ে অৰ্থনৈতিক ভাবেও তেওঁলোকক সহায় কৰিছিল। ২০১১ চনত বিজেপি দলৰ সৈতে তেওঁ সম্বন্ধ ত্যাগ কৰি অকলে নিৰ্বাচন খেলে। একেৰাহে ২৪ বছৰ মুখ্যমন্ত্রী হৈ থকাৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজ্যত প্ৰৱল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে পাটনায়ক। তেওঁৰ বয়স ৭৭ বছৰ। তেওঁৰ কোনো ৰাজনৈতিক উত্তৰাধিকাৰী নাই। তেওঁ বিজেদিৰ কোনো নেতা মন্ত্রীক বেছি শক্তি নিদিলে। জয় পাণ্ডাৰ দৰে যোগ্য ব্যক্তিক দলৰ পৰা উলিয়াই দিলে। এতিয়া নবীন বাবুৰ স্বাস্হ্য বেয়া। তাত চৰকাৰ চলাই আছে পাণ্ডিয়ান নামৰ তামিল আই.এ.এছ বিষয়া এজনে। নবীন পাটনায়কে ইচ্ছা কৰিছিল বিজেপিৰ সৈতে মিত্রতা কৰিবলৈ। কিন্তু বিজেপিয়ে এইবাৰ ইচ্ছা নকৰিলে। ধৰ্মেন্দ্ৰ প্ৰধান, সম্বিত পাত্রাকে আদি কৰি বিজেপিৰ আগশাৰীৰ নেতাসকলে উৰিষ্যাত নিৰ্বাচন খেলিছে। ৰাজনৈতিক বিশ্লেষক সকলৰ মতে এইবাৰ লোকসভা নিৰ্বাচনত বিজেদিতকৈ বিজেপিয়ে বেছি আসন পাব। উৰিষ্যাত লোকসভাৰ সমান্তৰালকৈ বিধানসভাৰ নিৰ্বাচনো অনুষ্ঠিত হ’ব। ৰাইজৰ অপ্ৰিয় হৈ পৰা বিজেদি দলৰ চৰকাৰৰ এইবাৰ অন্ত হ’ব বুলি ৰাজনৈতিক বিশ্লেষক মহলে বিশ্বাস কৰে। পৰাজিত হ’লে নবীন পাটনায়কৰ ৰাজনৈতিক কেৰিয়াৰৰো ইমানতে অন্ত হ’ব।

উৰিষ্যাৰ লগতে অন্ধ্ৰ প্ৰদেশতো বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। নবীন পাটনায়কৰ দৰে অন্ধ্ৰৰ মুখ্যমন্ত্রী জগন এজন প্ৰাক্তন মুখ্যমন্ত্রীৰ সন্তান। ২০১৯ত ব্যাপক জনসমৰ্থন লাভ কৰা জগনৰ বহু কাৰ্য্যই ৰাইজক ক্ৰোধান্নিত কৰিছে। বিজেপিয়ে টিডিপি আৰু অভিনেতা পৱন কল্যানৰ জনসেনাৰ লগত মিত্রতা কৰিছে। আমি পোৱা খৱৰ অনুসৰি অন্ধ্ৰত পৰিবৰ্তনৰ বতাহ বৈছে। এইবাৰ চন্দ্ৰবাবু বাবুৰ নেতৃত্বত তাত চৰকাৰ গঠন হোৱাটো প্ৰায় নিশ্চিত।

এইবাৰ লোকসভাৰ লগত অনুষ্ঠিত হোৱা দুখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ বাবে ভাল খৱৰ আহিব পাৰে।

৪ জুনত কংগ্ৰেছৰো বল্লে বল্লে

  • ৰাজনীতি অসমৰ প্ৰতিবেদন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


৪ জুনত ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব। ১০ বছৰ শাসন কৰাৰ পিছত মোদীৰ বিৰূদ্ধে কিছু অসন্ত্তষ্টি আছে যদিও ৰাইজৰ মনত এতিয়াও ঘৃণাৰ সৃষ্টি হোৱা নাই। তাৰ উপৰিও ৰাইজে বিশ্বাস নকৰে যে ৰাহুল গান্ধী প্ৰধানমন্ত্রী হ’লে ৰাইজৰ জীৱনধাৰণত বহুত কিবা উন্নতি হ’ব। সেয়েহে ৪ জুনৰ ফলাফল ঘোষণা কেবল মাত্র আনুষ্ঠানিকতা। ২০১৪ত কংগ্ৰেছৰ প্ৰধান চেহেৰা আছিল ৰাহুল গান্ধী। ২০১৯ত ৰাহুল গান্ধী কংগ্ৰেছৰ সভাপতি আছিল। ২০২৪ত সভাপতি নহয় যদিও সকলো সিদ্ধান্ত তেওঁ নিজে লয়। তৃতীয়বাৰ পৰাজিত হোৱাৰ পিছত ৰাহুল গান্ধীয়ে কি কৰিব? তেওঁ অবসৰ ল’ব নেকি? নিশ্চয় নলয়।

তেওঁৰ চাৰিওফালে থকা তোষামোদকাৰী সকলে গান্ধীক পুনৰ সান্তনা দি ২০২৯ত তেওঁক ৰি লউন্স কৰিব। পৰাস্ত হ’লেও ৪ জুনত ৰাহুল গান্ধীৰ চামচা বিলাকৰ মুখত কিছুমান ধনাত্মক কথা শুনিব পোৱাৰ পূৰ্ণ সম্ভাবনা আছে। তাৰে কেইটামান আমি আগতীয়াকৈ পূৰ্বাণুমান কৰিছো।

১) মোদীয়ে ৪০০ আসন পাম বুলি কৈছিল কিন্ত পালে মাত্র ৩৩০ খন। এয়া মোদীৰ পৰাজয়। তেওঁ প্ৰধানমন্ত্রীৰ পদত শপত লোৱাৰ নৈতিক অধিকাৰ নাই।

২) ৰাহুলে ৰাইবেৰেলি আৰু ৱাইনাৰ্ড দুয়োটা সমষ্টিত জয়ী হৈছে। ইয়ে প্ৰমাণ কৰে যে দেশত ৰাহুল গান্ধীৰ জনপ্ৰিয়তা বাঢ়িছে।

৩) ২০১৯ৰ তুলনাত ২০২৪ত কংগ্ৰেছে ৩ খন আসন বেছি পাইছে। আমাৰ ভোট শ্বেয়াৰ ০.৮% বাঢ়িছে। ৰাহুল বাবা জিন্দাবাদ।

৪) বাৰাণসীত মোদীৰ জয়ৰ ব্যৱধান ২১০টা ভোটত হ্ৰাস পাইছে। ক্ৰেদিত ৰাহুল গান্ধীৰ।

৫) তামিলনাডু আৰু কেৰেলাত কংগ্ৰেছ বিজেপিতকৈ আগত আছে।ধন্যবাদ গান্ধী।

৬) বিহাৰ আৰু মহাৰাষ্ট্ৰত এনদিএৰ আসন কমাবলৈ সক্ষম হৈছে ৰাহুল গান্ধীয়ে।

৭) কৰ্ণাটক আৰু মেঘালয়ত আমাৰ ভোট শ্বেয়াৰ বাঢ়িছে। ইয়াৰ আঁৰত আছে ৰাহুল।

৮) কৰ্ণাটক আৰু হিমাচলত ব্যৱহাৰ কৰা ইভিএম কেইটাৰে গোটেই দেশত ভোটিং কৰালে ৰাহুলে ৪০০ খন আসন পাব।

৯) অসমত ৰাহুল গান্ধীয়ে কৰা যাত্রাৰ বাবে আসন তিনিখনতকৈ কমা নাই।

১০) আজমলক পৰাজিত কৰাৰ আঁৰৰ ব্যক্তি ৰাহুল।

মুখ্যমন্ত্রীৰ প্ৰধান দুৰ্বলতা কি? অপিনিয়ন প’ল

২০০১ চনত ড° হিমন্ত বিশ্ব শৰ্মা প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈছিল। সেইদিনৰ পৰাই তেওঁ অসমৰ ৰাজনীতিত দপদপাই আছে। তৰুণ গগৈৰ সকলোতকৈ বিশ্বাসভাজন মানুহজন সৰ্বানন্দ সোণোৱালৰ দিনত অসমৰ সৰ্বেসৰ্বা হৈ পৰে। আনুষ্ঠানিক ভাবে ২০২১ চনত তেওঁ মুখ্যমন্ত্রী পদত শপদ গ্ৰহণ কৰে। আজিৰ দিনত ড° শৰ্মা বিজেপিৰ এজন ৰাষ্ট্ৰীয় চেহেৰা। সকলো মানুহৰ কিছুমান পজিটিভ আৰু নিগেটিভ থাকে। এনে কিবা কাৰক আছে নেকি যিয়ে শৰ্মাক অনাগত দিনত অসুবিধাত পেলাব পাৰে?  আমাৰ অ’পিনিয়ন প’লত ভাগ ল’বলৈ তলত ক্লিক কৰক। অ’পিনিয়ন প’লত ভাগ লোৱাৰ অন্তিম দিন ২০ জুন ২০২৪।

CLICK HERE

অমিত শ্বাহৰ পদাংকত জয়ন্ত মল্ল …..

  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


২০১৪ চনৰ প্ৰদৰ্শনৰ এক আচৰিত পুনৰাবৃত্তিত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে দ্বিতীয়টো কাৰ্যকাল নিৰ্ণায়কভাৱে জয়লাভ কৰে। এইবাৰ মোডীৰ নিৰ্বাচনী প্ৰচাৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত যিমানেই সংঘটিত হ’ল, সিমানেই গ্ৰাম্য ভাৰতৰ ৰাজপথতো সংঘটিত হ’ল।

নিৰ্বাচনী প্ৰচাৰত প্ৰযুক্তিৰ ব্যৱহাৰ আয়ত্ত কৰাটো ক্ষমতাৰ নিশ্চিত পথ নহয়। ইণ্টাৰনেট এণ্ড ম’বাইল এছ’চিয়েশ্যন অৱ ইণ্ডিয়াৰ তথ্য অনুসৰি ভাৰতত প্ৰায় ডেৰ বিলিয়ন ভাৰতীয়ই ইণ্টাৰনেটৰ সুবিধা লাভ কৰিছে, যিটো জনসংখ্যাৰ প্ৰায় ৪০ শতাংশ। ভাৰতৰ গ্ৰাম্য অঞ্চলত ইণ্টাৰনেটৰ প্ৰৱেশ প্ৰায় ১৫ শতাংশ, য’ত প্ৰায় ৭০ শতাংশ ভাৰতীয় লোক বাস কৰে । যাৰ ফলস্বৰূপে প্ৰচাৰৰ দিশটো অতি ভাইটেল ।

নিৰ্বাচনী প্ৰচাৰৰ সফলতাৰ বাবে শক্তিশালী দলীয় কৰ্মী আৰু স্বেচ্ছাসেৱক অপৰিহাৰ্য। তৃণমূল পৰ্যায়ৰ ৰাজনৈতিক দলৰ কাৰ্যকৰ্তাসকলে — যিসকলে ভোটাৰৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শত আছে — তেওঁলোকে স্থলভাগত সমৰ্থন সংগ্ৰহ কৰাৰ সময়তে ডিজিটেল-চেভি আনুগত্যবাদীসকলে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত “নিজৰ পক্ষৰ” বাবে এজেণ্ডা নিৰ্ধাৰণ কৰিবলৈ যুঁজ দিয়ে।

বেছিভাগ ৰাজনৈতিক দলৰেই প্ৰযুক্তিৰ কাৰ্য্যকলাপ পৰিচালনাৰ বাবে বিশেষ দল থাকে। কিন্তু মোডীৰ বিজেপিৰ লগত তেওঁলোকৰ কোনো তুলনা নহয়। সংগঠিত স্থল শক্তিৰ বৃহৎ পুলৰ ওপৰত নিৰ্মাণ কৰি দলটোৱে তথ্য প্ৰচাৰৰ বাবে স্তৰভিত্তিক গাঁথনি সৃষ্টি কৰিছিল। সুত্ৰৰ পৰা পোৱা খৱৰ অনুসৰি বিজেপিৰ তথ্য প্ৰযুক্তি বিভাগত অসমত ছটা মণ্ডল আছে আৰু প্ৰতিটোতে ১১ জনীয়া ছ’চিয়েল মিডিয়া দল আছে। প্ৰতিখন জিলাতে ১৩ জন সদস্য আছে; প্ৰতিটো মণ্ডলত পাঁচটা; প্ৰতিটো ৱাৰ্ডত দুজনকৈ; আৰু বুথ পৰ্যায়ত পাঁচজন ব্যক্তি যিয়ে ভোটাৰৰ সৈতে সংস্পৰ্শৰ শেষ বিন্দু।
অসমত এই গোটেই বিষয়টোৰ নেতৃত্ব দি আছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।
জয়ন্ত মল্ল বৰুৱা প্ৰযুক্তি ব্যৱহাৰ কৰিব জনা এজন ৰাজনেতা । সংঘৰ ফলপ্ৰসূ ব্যৱহাৰ তেওঁ জানে । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল তেওঁৰ বিৰুদ্ধে যুঁজিবলৈ বিৰোধীৰ কোনো নতুন কৌশল নাই অন্যহাতে তেওঁ কংগ্ৰেছ বা আন যিকোনো দলৰ সকলো পুৰণি কৌশল আয়ত্ত কৰিছে । ২০১৬ চনৰ বিধানসভাত দলীয় টিকট নোপোৱাৰ পিছতেই সেই নিৰ্বাচনৰ ৰণ কৌশলৰ আৰ্হিত তেওঁ বিজেপিৰ প্ৰচাৰ কক্ষৰ দায়িত্ব লৈছিল । ২০১৬ ৰ সফলতাৰ পিছত ২০১৯ ৰ লোকসভা নিৰ্বাচনত তেওঁ অমিত শ্বাহৰ নিৰ্দেশত লৈছিল নিৰ্বাচনৰ অন্যতম কাম কৰিছিল বুথ মেনেজমেন্টৰ । জল জীৱন মিছনৰ দ্বাৰা যুবক যুবতীক কৰ্ম সংস্থাপন দি তেওঁ অসমৰ প্ৰতিটো কোণত সৃষ্টি কৰিছে ডেডিকেটেদ কাৰ্য্যকৰ্তা ।

নৰেন্দ্ৰ মোদী – অমিত শ্বাহৰ সৈনিক হিমন্ত বিশ্ব শৰ্মাই অসমত নিজৰ দলৰ নেতৃত্ব দিছে । প্ৰতিজন জনতাৰ বিকাশ , সুশাসন হৈছে হিমন্ত বিশ্ব শৰ্মা শ্লোগান যিটো শ্লোগান মোদীৰ সব কা সাঠ সবকা বিকাশৰ অসমীয়া ৰূপান্তৰ । তেখেতৰ আটাইতকৈ বিশ্বাসযোগ্য লেফটেনেণ্ট জয়ন্ত মল্ল বৰুৱাই নিজকে বিৰোধী দলৰ নেতাৰ লগতে সংখ্যালঘু সম্প্ৰদায়ৰ হাৰ্ডলাইনাৰৰ বিৰুদ্ধেও যুঁজি থকা দেখা পায়। জয়ন্ত মল্লবৰুৱাৰ টিমত আছে ৠষি ৰাজ হাজৰিকা , বুবুল তালুকদাৰৰ দৰে অৰি বিশ্বাসী এদল যুবক । নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি অমিত শ্বাহৰ প্ৰতিখন সভা নিয়াৰিকৈ অনুষ্ঠিত কৰিবলৈ এই সকল লোকে দিনে নিশাই কাম কৰি আছে । মুম্বাইৰ পৰা অহা এটা প্ৰফেচনেল দলে নেতৃত্ব দিছে মিডিয়াক । যাৰ লগত কাম কৰে বিজেপিৰ বিভিন্ন দায়িত্ব বহন কৰা নেতাসকলে । পবিত্ৰ মাৰ্ঘেৰিটা আৰু জয়ন্ত মল্লবৰুৱাই অতি নিষ্ঠাৰে নিৰ্বাচনটোক এক বিশেষ পৰ্যাযত উপনীত কৰিছে । যাক লৈ বিৰোধী দলসমুহ শলঠেকত পৰিছে ।

জয়ন্ত মল্লবৰুৱাৰ উন্মাদনা কোনো পদ্ধতি কৌশল নেকি? দলৰ জ্যেষ্ঠ নেতাসকলে ইয়াক এক সু-নিৰ্মিত ভোটগ্ৰহণ কৌশল হিচাপে লয়। হিমন্ত বিশ্ব শৰ্মাই উন্নয়ন, নিৰাপত্তা আৰু সুশাসনৰ ভিত্তিত ভোট বিচাৰিব অন্যহাতে জয়ন্ত মল্ল বৰুৱাই হিন্দু গৌৰৱ, অন্যায় আৰু প্ৰতিশোধৰ দৰে উপনাম আমন্ত্ৰণ কৰি কঠোৰ হিন্দুত্ববাদী তক্তাক জীয়াই ৰাখিব। ঠিক নৰেন্দ্ৰ মোদী – অমিত শ্বাহৰ সংমিশ্ৰণৰ দৰেই অসমত হিমন্ত-জয়ন্ত যুটী । ২০১৬ চনৰ পৰা আৰম্ভ কৰি ২০২৪ চনলৈ অনুষ্ঠিত হোৱা চাৰিটা নিৰ্বাচনতে জয়ন্ত মল্লবৰুৱাই দেখুৱাই পাৰদৰ্শীতাই হয়টো তেওঁক আগন্তুক দিনত অসম বিজেপিৰ দায়িত্ব লবলৈ দলে আহ্বান জনাব পাৰে ।