Saturday, March 15, 2025
Home Blog Page 7

এবছৰত দুগুন ধন লাগিব নেকি?

  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


কম দিনত ধনী হোৱাৰ স্বপ্ন দেখাই পুনৰ ঠগ খালে কিছু মানুহে। দীপাংকৰ বৰ্মনে ৪০০০ কৌটি টকা লুট কৰি পলায়ন কৰিলে। এনে ঘটনা অসমত আগতেও সংঘতিত হৈছে। ২০১১ চন মানত এনে এটা সংস্থাই এনেকৈ বহু টকা লুটিলে। তাৰ পিছত সাৰদা। দুইবছৰ মান আগতে কিতাপক পিদিএফ বনোৱাৰ ঠিকা দিয়াৰ নামতো জনতাৰ পৰা লুটা হ’ল বহু টকা। এইবাৰ আহিল দিপাংকৰ বৰ্মন। যি সময়ত বেংকত ফিক্স ডিপোজিট কৰিলে ৮%তকৈ বেছি সুত নিদিয়ে, মিউচউল ফাণ্ডত থলেও ১৫% মানহে সুত পোৱা যায় তেনে ক্ষেত্রত দীপাংকৰ বৰ্মনৰ এনে কি আলাদিনৰ চাকি আছিল যাৰ বাবে তেওঁ ১২০% সুত দিব পাৰে?ধনী হোৱা ইমান সহজ হ’লে ভাৰতবৰ্ষত ইমান দুখীয়া মানুহে নাথাকিলহেতেন। ধনী হ’বলৈ কষ্ট কৰিব লাগিব। পঢ়িব লাগিব,কপালৰ ঘাম মাতিত পেলাব লাগিব, জীৱনত ষ্ট্ৰাগল কৰিব লাগিব। ইয়ে মানুহৰ সফলতাৰ ৰাস্তা মুকলি কৰে। তাকে নকৰি মাটি বিক্ৰী কৰি দীপাংকৰ বৰ্মনৰ নিচিনা মানুহ বিচাৰি ফুৰিলে হ’ব যানো? কেনেকৈ দিব পাৰিব তেওঁ এক বছৰত দুগুন ধন? অৰ্থনীতিৰ সামান্য জ্ঞান থকা মানুহেও এই কথা ক’ব। বাৰে বাৰে ঠগ খাই থকাৰ পিছতো কিন্তু মানুহ বিলাকৰ চকু মুকলি হোৱা নাই। কেইদিনমান পিছত আৰু কোনোবা দীপাংকৰ বৰ্মন আহিব, মানুহবিলাকে ঠগ খাব আৰু কান্দিব। এইটো চলি থাকিব। এইটো ৰোধ কৰিবলৈ হ’লে মানুহবিলাক সচেতন হ’ব লাগিব। এবছৰত ধন দুগুন কৰাৰ সপোন দেখুওৱা কোনো মানুহ পালেই তাক চৰিয়াব আৰু পুলিছক খৱৰ দিব। চৰকাৰেও চকু মুদা কুলি হৈ বহি থাকিলে নহ’ব। এনেকুৱা প্ৰৱঞ্চকৰ বিৰূদ্ধে ৰাজ্যবাসীক সজাগ আৰু সচেতন কৰা চৰকাৰৰ দায়িত্ব। এনেকুৱা প্ৰৱঞ্চকৰ বিৰূদ্ধে কঠোৰ আইন প্ৰযোজ্য হ’ব লাগে। মৃত্যুদণ্ড বা আজীবন কাৰাদণ্ড এওঁলোকৰ প্ৰাপ্য।

অসমৰ বাবে সময় অনুকুল

  • নৰেণ কলিতা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


কেইদিনমান আগত বিশেষ কাম এটাৰ বাবে বাংগালোৰলৈ গৈছিলো। বাংগালোৰত স্থানীয় কানাড়া মানুহৰ লগতে যঠেষ্ট তামিল, তেলেগু, মালায়ালী, বঙালী আৰু উত্তৰ ভাৰতীয় লোক বাস কৰে। মোৰ এই এসপ্তাহ ভ্ৰমণ কালত বহু ৰাজ্যৰ মানুহ লগ পালো। এওঁলোকৰ বহুতৰে আছে ৰাজনীতিৰ প্ৰতি ৰুচি। সকলোৰে মুখত শুনিবলৈ পালো অসমৰ মুখ্যমন্ত্রীৰ জয়গান। বহুতে ড° শৰ্মাক x (টুইটাৰ) আৰু ফেচবুকতো follow কৰে। বিহাৰ, কেৰেলা আদিৰ মানুহে হেনো তেওঁলোকৰ ৰাজ্যতো শৰ্মাৰ নিচিনা দমদাৰ মুখ্যমন্ত্রী বিচাৰে। অসমৰ ৰাজনেতা এজনৰ এনে প্ৰশংসা শুনি অভিভূত হৈ পৰিলো। অবশ্যে বৰ্তমান বিজেপিৰ আন ৰাজ্যৰ দুৰ্বল মুখ্যমন্ত্রীসকলে শৰ্মাক এটা সুযোগ আনি দিছে।ভজনলাল শৰ্মা, ভুপেন্দ্ৰ পেটেল, মোহন যাদৱ আদিৰ নাম ৰাষ্ট্ৰীয় মিডিয়াত নাহেই। যোগী আদিত্যনাথো লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত দুৰ্বল হ’ল। এতিয়া বিজেপিৰ মুখ্যমন্ত্রী সকলৰ সভা হ’লে মোদী-শ্বাহৰ ঠিক কাষতে বহি ফটো উঠে ড° হিমন্ত বিশ্ব শৰ্মা। মোদীয়ে একমাত্র ভৰষা কৰে অমিত শ্বাহক আৰু শ্বাহৰ প্ৰিয় ব্যক্তি হ’ল শৰ্মা। যিকোনো বিৰোধী দলৰ ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ হ’লে লাগে অসম পুলিছক। এক কথাত ক’বলৈ গ’লে এইখিনি অসমৰ বাবে সোণালী সময়। প্ৰথমবাৰৰ বাবে অসমৰ মুখ্যমন্ত্রী এজনে ৰাষ্ট্ৰীয় পৰ্য্যায়ত ইমান গুৰুত্ব পাইছে। এই সুযোগতে অসমে নিজৰ প্ৰাপ্য আদায় কৰি ল’ব লাগিব। দশক দশক ধৰি অসমক কৰা বঞ্চনাৰ ভৰপায়ী কৰাৰ সময় আহি পৰিছে।

স্মাৰ্ট মিটাৰৰ দোষ নাই

  • ৰজত হালৈ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


Smart Electricity মিটাৰক লৈ ৰাইজৰ মাজত ক্ষোভ বৃদ্ধি পাইছে। আচলতে হয় কি এই মিটাৰ ? কিয় আগতকৈ এতিয়া পইচা বেছি আহিছে ? কেতিয়াবা কমকৈ পইচা কাটে কেতিয়াবা বেছিকৈ । কেতিয়াবা একো লাইট নলগালেও পইচা কাটি আছে । এই সকলো বিলাক সমস্যাৰ ফলত সাধাৰণ জনতা আজি ক্ষোভিত হৈ পৰিছে, আৰু হোৱাটো স্বাভাৱিক ।আজি ইয়াৰ বাবে কিন্তু চৰকাৰৰ জনসংযোগ বিভাগ বিফল হৈছে।

আপুনি 1KW Electricity Charging Approval লৈ ৰাখিছে কিন্তু আপুনি ঘৰত ব্যৱহাৰ কৰি আছে 2KW বা ততোধিক বেছি Electricity Consumption কৰি আছে স্মাৰ্ট মিটাৰত আপোনাৰ মাচুল আগতকৈ অতিৰিক্ত অহাটো স্বাভাৱিক । আগতে ডিজিটেল মিটাৰ ব্যৱহাৰৰ কৰি বহুতে বাইপাছ কৰি বিদ্যুৎ চুৰ কৰি ব্যৱহাৰৰ কৰি আছিল বা বিল আনিবলৈ অনা মানুহক মেনেজ কৰি চলাই আছিল । কিন্তু এতিয়া গোটেই বস্তুটো হৈ পৰিল Server Related ।

এতিয়া যিহেতু গোটেই বিষয়টো বৈদ্যুতিক কাৰিকৰী দিশৰ সেয়েহে আমি বস্তুটো অলপ গভীৰভাৱে বিশ্লেষণ কৰিব লাগিব ।
প্ৰথম কথাটো হল এই বিদ্যুৎ মাচুল বিলাক আহে আমি সংযোগ কৰা Load বিলাকৰ পৰা । এতিয়া এখন ঘৰত বিভিন্ন ধৰণৰ Load থাকে যেনে Resistive Load অৰ্থাৎ বিদ্যুৎ প্ৰতিৰোধ কৰি গৰম হোৱা যন্ত্ৰ । যেনে Heater, Geysers, Electrical kettle, ইস্ত্ৰী ইত্যাদি । তাৰ পিছত হৈছে Inductive Load যেনে পানী মটৰ, ফেন ইত্যাদি । আৰু এটা হৈছে Capacitive Load যেনে টিভি, কম্পিউটাৰ, মোবাইল ইত্যাদি ।

এই Load বিলাকৰ নিজৰ নিজৰ এটা অংক আছে যাৰ দ্বাৰা বিশ্লেষণ কৰা হয় Power Factor । আৰু যাৰ লগত জড়িত আছে Leading Power Factor , uniform Power Factor আৰু Lagging Power Factor । আচলতে কি এই Power Factor ? যদি আমি একেবাৰে সহজ ভাষাত বুজিবলৈ যাওঁ Alternating Current ৰ ক্ষেত্ৰত Power Factor বা PF মানে হৈছে Voltage আৰু Current ৰ মাজত থকা মধ্যবৰ্তী কোণৰ মান । অৰ্থাৎ যদি আমি এটা সূক্ষ্ম কোণ আকোঁ তাৰে এডাল ত Voltage এডালত ত Current যদি লিখোঁ তাৰ মাজৰ যিটো কোণ সেইটোৱেই হৈছে PF । বা আমি এনেকৈ কব পাৰো যে Power Factor = KW অৰ্থাৎ Real Power/ KVA বা Apparent Power

এতিয়া ওপৰত উল্লেখ কৰা Resistive Load বিলাকত সদায় Power Factor uniform থাকে অৰ্থাৎ Current আৰু Voltages একেলগে আগবাঢ়ি যায় । আনহাতে Inductive Load ত current সদায় Negative লৈ গতি কৰে Voltage তকৈ ইয়াৰ ফলত Power Factor কমি যায় আৰু Energy Lost হয় । আৰু Capacitive Load ত ভল্টেজতকৈ Current ৰ ওপৰত গতি কৰে ।

যেতিয়া আপোনাৰ ঘৰত PF কমি যাব অৰ্থাৎ Inductive Load বৃদ্ধি পাব (গাঁও সমূহত দেখা যায় water reservoir ব্যৱহাৰ নকৰাকৈ ঘনাই মটৰ চলাই যাৰ বাবে utility Bill জোখতকৈ বেছি আহে) তেতিয়া আপোনাৰ Energy Utility Bill বৃদ্ধি পাব কিয়নো কিয়নো Low Power Factor অৰ্থাৎ 0.85 ত কৈ যদি কমি যায় আপোনাক মিটাৰটোৱে জৰিমনা ভৰাই । অৰ্থাৎ যেতিয়া শক্তি কাৰক কম হয়(PF), তেতিয়া ইয়াৰ অৰ্থ হ’ল একে পৰিমাণৰ কাম (কিলোৱাট) কৰিবলৈ অধিক স্পষ্ট শক্তি (kVA)ৰ প্ৰয়োজন হয়। ইয়াৰ ফলত অদক্ষতা আহি পৰে, কিয়নো শক্তি কোম্পানীয়ে প্ৰকৃততে উৎপাদনশীল কামৰ বাবে ব্যৱহাৰ কৰা শক্তিতকৈ অধিক শক্তি যোগান ধৰিবলগীয়া হয় । যাৰ বাবে তেওঁলোকে Penalty লগাই, কিয়নো ইয়াৰ বাবে শক্তি বিলোৱা প্ৰতিষ্ঠান বিলাকে যথেষ্ট অৰ্থ খৰছ কৰে Infrastructure আৰু Operation ত ।
সেয়েহে High Power Factor Improve কৰিবলৈ (অৰ্থাৎ 0.85 তকৈ বেছি) ডাঙৰ ডাঙৰ অফিছ, উদ্যোগ, হোটেল প্ৰতিষ্ঠান বিলাকত এখন এখন Capacitor পেনেল ব্যৱহাৰ কৰে য’ত Power Factor (শক্তি কাৰক) বৃদ্ধি কৰি Apparent Power কৰে যাৰ ফলত Demand Charges কম হয় আৰু Energy বিল কম আহে । আৰু সেই বাবে Industry বিলাকক Industrial connection দিয়ে যাৰ Units rate Commercial rate ত কৈ কম কিয়নো তাত 80% inductive Loading অৰ্থাৎ Motorize Load থাকে বাবে Electricity units Consumption বেছি দেখাই আৰু তেনে ক্ষেত্ৰত যদি তেওঁলোকে Commercial Utility ৰ Rate দিবলৈ যায় Production Cost যথেষ্ট বৃদ্ধি পাব আৰু তেওঁলোকৰ PF তো Improve কৰি উনিফৰ্ম কৰিবলৈ Capacitor Bank Installation কৰে ।

আনহাতে যি সকলে কৈ আছে লাইট ফেন অফ কৰি ফুৰিবলৈ গলেও বিল আহিছে । ইয়াৰ অৰ্থ এইটো যে আপোনাৰ ঘৰত কৰা Electrical Wiring ত সমস্যা আছে । Wring কৰোতে Joint বিলাক ভালদৰে নকৰাত Resistance বাঢ়িছে আৰু গৰম হোৱাৰ ফলত আপোনাৰ utility consumption দেখাই থাকে । অন্যহাতে ঘৰত যদি Indicator আছে সেইটোৱেই আপোনাৰ মাহত 10 ৰ পৰা 20 টকা বিল উঠাব । যদি আপুনি পুৰণি যুগৰ Wiring কৰি ৰাখিছে আপোনাৰ বিদ্যুৎ মাচুল বেছিকৈ আহিব, ঘৰত যদি Earthing ঠিক নাই, ঘৰত যদি কম দামী Wire ৰ Wiring কৰিছে তাকো Aluminum ৰ বিদ্যুৎ মাচুল বাঢ়িব Insulation Linkage ৰ বাবে । পুৰণি Inverter যদি ঘৰত আছে বেটাৰীত পানী নভৰাই বিদ্যুৎ মাচুল বেছিকৈ আহিব । যদি আপুনি বেয়া হোৱা ফেন বা মটৰ পুনৰ rewinding কৰি চলাই আছে বিদ্যুৎ মাচুল বেছি আহিব । সেয়েহে এই সকলো বিলাক ক্ষেত্রতে আমি সাৱধান হ’ব লাগিব । আমি যিমান শক্তি সঞ্চয় কৰিব পাৰো আমাৰ সিমান লাভ হোৱাৰ শতাংশ বৃদ্ধি পাব।

যিহেতু গোটেই বিষয়টো কাৰিকৰী সেয়েহে সাধাৰণ মানুহে এই বিষয়বস্তু বিলাক বুজি পাবলৈ হ’লে সাধাৰণ ভাষাত বুজাবলৈ চেষ্টা কৰিব লাগিব । কিন্তু তাপৰ্য্যপূৰ্ণ কথাটো হ’ল যে অধিকাংশ কৰ্মচাৰীয়ে এই কথাবোৰ নাজানে বাবে গ্ৰাহক সকলক ক্ষোভিত হৈছে আৰু বিষয়টো ৰাজনৈতিক ৰূপ লৈছে ।

আমাৰ ক্লাছৰ বিস্ময় বালক

  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


নলবাৰীৰ গৰ্ডন স্কুলৰ দশম মান শ্ৰেণীত পঢ়াৰ সময়। শুক্ৰবাৰে ভাৰতীয় টকিজত এখন নতুন চিনেমা লাগিল। বন্ধু নৱজ্যোতি ডেকাই ( ঘৰ বিদ্যাপুৰ, বৰ্তমান আমেৰিকাত থাকে) চিনেমা চাবলৈ লগ ধৰিলে। লেজাৰৰ সময়ত চুটি লৈ চিনেমা চোৱাৰ পৰিকল্পনা চলিল। উপাধ্যক্ষ স্বৰ্গীয় তাৰিণী দত্ত চাৰৰ পৰা অনুমতি লোৱাৰ দায়িত্ব নৱই ল’লে।
-May I come in sir? আগে আগে নৱ আৰু পিছে পিছে মই।
চাৰে কিবা কোৱাৰ আগতে নৱই আৰম্ভ কৰিলে_ আপোনাৰ আজিৰ ক্লাছটো বিৰাট মনোগ্ৰাহী আছিল। সময়বিলাক কেনেকৈ পাৰ হৈ গ’ল গমেই নাপালো। চাৰ আপুনি অধ্যক্ষ হ’ব লাগে। তেতিয়া স্কুলখনৰ বহুত উন্নতি হ’ব।
চাৰৰ মুখত মিচিকিয়া হাঁহি।
~ মোৰ গাটো অলপ বেয়া। লেজাৰতে ঘৰত যাব পাৰিম নেকি?
~ যা যা_ চাৰৰ তাৎক্ষনিক অনুমতি।
~ ইয়াৰ গাটোও অলপ বেয়া_ মোৰ পিনে দেখুৱাই নৱই ক’লে।
~ তয়ো যা।

মিছন সফল হ’ল। মই হ’তবাক হৈ ৰলো। ১৫ বছৰৰ লৰা এটাই কেনেকৈ চাতুৰীৰে এগৰাকী ৫৫ বছৰীয়া শিক্ষকৰ পৰা কাম আদায় কৰি ল’লে তাৰ প্ৰত্যক্ষদৰ্শী হৈ ৰ’লো।

এইখিনিতে তাৰিণী দত্ত চাৰলৈ শ্ৰদ্ধা নিবেদন কৰিছো। চাৰৰ নিচিনা সৎ আৰু জ্ঞানী শিক্ষক এজনৰ পৰা শিক্ষা লাভ কৰাটো আমাৰ কাৰণে ভাগ্যৰ কথা আছিল।

ঝাৰখণ্ডত কাৰ চৰকাৰ?

  • ৰাজনীতি অসমৰ প্ৰতিবেদন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


এইবছৰ ঝাৰখণ্ডৰ বিধানসভাৰ নিৰ্বাচন অনুস্থিত হ’ব। অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা ঝাৰখণ্ডত বিজেপিৰ সহ-প্ৰভাৰীৰ দায়িত্বত আছে তথা সকলো নিৰ্বাচনী কামকাজ চোৱা চিতা কৰি আছে। যোৱা লোকসভা নিৰ্বাচনত ইণ্ডিয়া ব্লকে ইয়াৰ পৰা ৫ খন আসন লাভ কৰিবলৈ সক্ষম হয়। ২০১৯ৰ তুলনাত ৩ খন বেছি। লক্ষ্যনীয় যে এই ৫ খন আসন তেওঁলোকে আদিবাসী বেল্টত লাভ কৰিবলৈ সক্ষম হয়। এইটোৱে প্ৰমাণ কৰে যে আদিবাসী সকলৰ মাজত তেওঁলোকৰ মুখ্যমন্ত্রী হেমন্ত চোৰেনক গ্ৰেপ্তাৰ কৰাকলৈ অসন্তুষ্টি আছে। ইয়ে বিজেপিৰ আদিবাসী নেতা বাবুলাল মাৰাণ্ডী আৰু অৰ্জুন মুণ্ডাৰ ব্যৰ্থতাকো সুচিত কৰে। ঝাৰখণ্ডত আদিবাসী প্ৰায় ২৬%। আদবাসী, অনুসুচিত জাতি আৰু মুছলমান মিলি প্ৰায় ৫০% হ’ব। ঝাৰখণ্ড মুক্তি মৰ্চা আৰু ইণ্ডিয়া ব্লকে আশা কৰিছে যে তেওঁলোকে এই ভোটখিনি লাভ কৰি চৰকাৰ গঠন কৰিব। আনফালে বিজেপিয়ে ঝাৰখণ্ডৰ Tiger চম্পাই চোৰেনক দলত যোগদান কৰাই আদিবাসী সকলৰ মাজত নিজৰ শক্তি বৃদ্ধি কৰিছে। হেমন্ত চোৰেন জেলত থকা সময়ত চম্পাই চোৰেনক তাৰ মুখ্যমন্ত্রী পতা হৈছিল। কিন্তু হেমন্ত চোৰেন জেলৰ পৰা ওলাই যি ধৰণে চম্পাই চোৰেনক মুখ্যমন্ত্রীৰ চকীৰ পৰা আতৰাই আনিলে তাত তেওঁ অপমানিত বোধ কৰিলে। ঝাৰখণ্ড ৰাজ্য গঠন আন্দোলনত চম্পাই চোৰেনৰ গুৰুত্বপূৰ্ণ ভুমিকা আছে। চম্পাই চোৰেনৰ যোগদানে বিজেপি কৰ্মী সকলক উৎসাহিত কৰিছে। সদ্যহতে ঝাৰখণ্ডত বহু আদিবাসী খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে। বিজেপিয়ে ইয়াকো ৰাজনৈতিক ইছু কৰিছে। আনহাটে ৰাজ্যৰ নিবনুৱা সমস্যা , মহিলা সবলীকৰণ আদিকলৈও বিজেপি নেতাসকলে বক্তব্য ৰাখিছে। মুঠৰ ওপৰত এইবাৰ ঝাৰখণ্ডৰ নিৰ্বাচনত দুয়োতা দলৰ বাবে প্ৰত্যাহ্বানৰ হ’ব। সৰু দল যেনে AJSU আদিয়ে কাৰ ভোট বিভাজন কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব নিৰ্বাচনী ফলাফল।

২০২৬ৰ নিৰ্বাচনত প্ৰধান ইছু কি হ’ব?

২০২৬ৰ নিৰ্বাচনলৈ মাজত প্ৰায় ডেৰ বছৰ। আমাক জনাওক ২০২৬ত নিৰ্বাচনৰ ইছু কি হ’ব পাৰে? আমাৰ অপিনিয়ন প’লত ভাগ ল’বলৈ তলত ক্লিক কৰক। আমাৰ অ’পিনিয়ন প’লত ভাগ লোৱাৰ অন্তিম দিন হ’ল ২১ ছেপ্তেম্বৰ ২০২৪।

CLICK HERE

গৌৰৱৰ সন্মুখত পবিত্ৰ নিমিত্ত মাত্ৰ ।

  • দেৱজিত বৰগোঁহাই

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


ইঞ্জিনিয়াৰিং পাছ কৰি এজন ল’ৰাই এম বি এ কৰিবলৈ আমেৰিকালৈ যায়। পিতৃয়ে বিচাৰিছিল পুত্ৰই তেওঁৰ দৰে ৰাজনীতিত প্ৰৱেশ কৰক। কিন্তু পুত্ৰই ৰাজনীতিৰ পৰা আঁতৰি থাকিব বিচাৰিছিল। অৱশ্যে ‘সমাজ সেৱা’ কৰাৰ হেঁপাহ নিশ্চয় আছিল। সমাজসেৱাৰ এই হেঁপাহ আৰু পিতৃৰ পৰা পোৱা বাৰম্বাৰ পৰামৰ্শৰ বাবে পুত্ৰই ৰাজনীতিত প্ৰৱেশ কৰে। ৰাজনীতিত অহাৰ লগে লগে সাংসদ হয়। আৰু তাৰ পিছত সি ইটোৰ পিছত সিটো চিৰি বগাই থাকে। লোকসভাত তেওঁৰ হিন্দী ভাষণ ভাইৰেল হৈ পৰে। ল’ৰাটোৰ নাম – গৌৰৱ গগৈ। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ। যাক কংগ্ৰেছে পুনৰবাৰ লোকসভাত উপ-নেতা কৰি তুলিছে।
আজি অসমত যদি কোনোবা আছে, কংগ্ৰেছৰ আটাইতকৈ ডাঙৰ মুখ, সেয়া নিঃসন্দেহে গৌৰৱ গগৈ। কিন্তু গৌৰৱে যোৱা ১০ বছৰ ধৰি দিল্লীৰ ৰাজনীতিত সক্ৰিয় হৈ আছে। ৰাজনীতিত অহাৰ পিছত একেৰাহে দুটা কাৰ্যকালৰ বাবে কলিয়াবৰৰ পৰা সাংসদ হয়। কলিয়াবৰ লোকসভাৰ আসন আমেথি আৰু ৰায়ে বৰেলীৰ দৰে আছিল গান্ধী পৰিয়ালৰ বাবে গগৈ পৰিয়ালৰ বাবে। এইবাৰ সীমা নিৰ্ধাৰণৰ বাবে এই আসনখন হেৰাই গ’ল। প্ৰথমবাৰৰ বাবে গৌৰৱে পিতৃ অবিহনে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। সেয়ে এইবাৰ তেওঁৰো দলৰ লগত পৰীক্ষা হ’ল। যোৰহাটৰ পৰা তেওঁ লোকসভালৈ নিৰ্বাচিত হৈছিল। বিজেপিৰ বহা সাংসদ তপন কুমাৰ গগৈক ১ লাখ ৪৪ হাজাৰ ভোটত পৰাস্ত কৰে।
গৌৰৱ গগৈ আহোম সম্প্ৰদায়ৰ পৰা আহিছে। তেওঁৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থীসকলো এই সম্প্ৰদায়ৰ আছিল। এই জনগোষ্ঠীয়ে ৬০০ বছৰ (ত্ৰয়োদশ শতিকাৰ পৰা ১৯ শতিকালৈ) অসমত শাসন কৰিছিল। এই সম্প্ৰদায়ৰ অসমত ৰাজনৈতিক প্ৰভাৱ নাই। কিন্তু যোৰহাটত তেওঁলোকৰ সংখ্যা ভাল।

ইণ্ডিয়া টুডে আলোচনীৰ কাৰ্যবাহী সম্পাদক কৌশিক ডেকাই কয় যে যোৰহাটত জয়লাভৰ লগে লগে তেওঁৰ উচ্চতা আৰু অধিক বৃদ্ধি পাইছে। তেওঁলোকে কয়,

“যোৰহাট জয় কৰাটো তেওঁৰ বাবে সহজ নাছিল। কাৰণ হিমন্তই তেওঁৰ বিৰুদ্ধে সকলো শক্তি ব্যৱহাৰ কৰিছিল। গোটেই কেবিনেটটোক লগাই দিয়া হ’ল। বিজেপিয়ে মুছলমানক সন্তুষ্ট কৰাৰ অভিযোগ উত্থাপন কৰাৰ পাছতো হিন্দু প্ৰধান লোকসভাত তেওঁ জয়লাভ কৰে। এইটো গুৰুত্বপূৰ্ণ কাৰণ এতিয়া ৰাজ্যত যদি হিমন্তৰ বিৰুদ্ধে কোনো মুখ আছে তেন্তে সেয়া হ’ল গৌৰৱ।”
গৌৰৱ গগৈৰ জন্মৰ সময়ত তেওঁৰ পিতৃ আছিল লোকসভাৰ সাংসদ। ৪ ছেপ্টেম্বৰ ১৯৮২ চনত তৰুণ গগৈ জাতীয় ৰাজনীতিত উত্তৰ-পূৰ্বাঞ্চলৰ পৰা কংগ্ৰেছৰ এজন ডাঙৰ নেতা আছিল। প্ৰায় ৫ দশক ধৰি কংগ্ৰেছ ৰাজনীতি কৰিছিল। ৬ বাৰ লোকসভাৰ সাংসদ আছিল। সেয়ে গৌৰৱৰ শৈশৱ কেৱল দিল্লীতে পাৰ হৈছিল। সমগ্ৰ বিশ্বৰ দৰে দিল্লীও তেওঁলোকৰ বাবে নতুন চহৰ নহয়। প্ৰথম পঢ়া-শুনা কৰিছিল দিল্লীৰ ছেইণ্ট কলম্বাছ স্কুলৰ পৰা। তাৰ পিছত ২০০৪ চনত ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়ৰ পৰা ইলেক্ট্ৰনিক্স আৰু কমিউনিকেচন ইঞ্জিনিয়াৰিঙত বি টেক ডিগ্ৰী লাভ কৰে। কিছুদিন এয়াৰটেলত কাম কৰিছিল। কিন্তু মন নগ’ল। ‘সমাজ সেৱা’ কৰিবলৈ মন গ’ল। ২০০৫ চনত এয়াৰটেলৰ চাকৰি এৰি এটি এন জি অ’ ‘প্ৰৱাহ’ৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰে।

‘প্ৰৱাহ’ৰ সৈতে কাম কৰাৰ সময়ত তেওঁ ৰাজস্থান, মধ্যপ্ৰদেশ আৰু উত্তৰাখণ্ডৰ গ্ৰাম্য অঞ্চলত কাম কৰিছিল। গাঁৱৰ মানুহৰ লগত বাস কৰিছিল। মাটিত শুছিল ,নিজে খাদ্য ৰান্ধিছিল। ইণ্ডিয়া টুডে আলোচনীৰ সৈতে কথা পাতি থাকোঁতে গৌৰৱে কৈছিল,

“মই জৈৱিক কৃষি, পানী ব্যৱস্থাপনা আৰু সামাজিক বৈষম্য আদি বিষয়ত বহুতো পৰীক্ষামূলক শিক্ষা কাৰ্যসূচী সৃষ্টি কৰিছিলোঁ। প্ৰৱাহৰ সৈতে কাম কৰি থাকোঁতে মই উপলব্ধি কৰিছিলোঁ যে ৰাজনীতি হৈছে প্ৰান্তীয় লোকৰ বাবে আটাইতকৈ ডাঙৰ মঞ্চ। কিন্তু মই প্ৰস্তুতি অবিহনে ৰাজনীতিত প্ৰৱেশ নকৰো।””

কেইবছৰমান এন জি অ’টোৰ সৈতে কাম কৰাৰ পিছত গগৈয়ে ২০০৮ চনত মাষ্টাৰছ কৰিবলৈ আমেৰিকালৈ গৈছিল। ২০১০ চনত নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা চৰকাৰী প্ৰশাসনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। খোদ ইণ্ডিয়া টুডেৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত গৌৰৱে কৈছিল যে পঢ়া-শুনাৰ বাবে আমেৰিকালৈ যোৱাৰ দুটা উদ্দেশ্য আছে। এটা হ’ল নিজকে প্ৰশিক্ষণ দিয়া, আৰু দ্বিতীয়টো হ’ল উন্নত দেশসমূহত উন্নয়নমূলক প্ৰকল্পসমূহ কেনেকৈ ৰূপায়ণ কৰা হয় সেই কথা বুজি পোৱা।

‘আমেৰিকাৰ পৰা উভতি অহাৰ লগে লগে গৌৰৱ অসমৰ মাটিত সক্ৰিয় হৈ পৰিল। দলত যোগদান কৰা নাছিল। কিন্তু ২০১১ চনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব লাগিছিল। নিৰ্বাচনৰ বাবে ৰেলীত বহুত অংশগ্ৰহণ লৈছিল। অৱশেষত পিতৃ তৰুণ গগৈৰ বহু বুজাবুজিৰ অন্তত ২০১২ চনৰ মে’ মাহত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। তেতিয়া তৰুণ গগৈয়ে কৈছিল যে তেওঁ বহুদিনৰ পৰা গৌৰৱক ৰাজনীতিত প্ৰৱেশ কৰিবলৈ পতিয়ন নিয়াই আহিছে। কিন্তু তেওঁলোকৰ মাজত একমত নহ’ল।

গৌৰৱে যেতিয়া ৰাজনীতিত প্ৰৱেশ কৰিছিল তেতিয়া স্পষ্ট হৈ পৰিছিল যে তেওঁৰ ওপৰত নেপোটিজমৰ অভিযোগ। দলত যোগদান কৰাৰ পূৰ্বে গৌৰৱে কৈছিল যে এয়া বংশৰ ৰাজনীতি নহয়। তেওঁ গ্ৰাউণ্ড জিৰ’ৰ পৰা আৰম্ভ কৰাৰ কথা কৈছিল। আৰু কৈছিল যে তেওঁৰ পিতৃৰ পৰা পোনপটীয়াকৈ ক্ষমতা লোৱাৰ কোনো উদ্দেশ্য নাছিল। নিজৰ পৰিচয় সৃষ্টি কৰিব।

পুত্ৰই দলত যোগদান কৰাৰ সন্দৰ্ভত তৰুণ গগৈয়ে কৈছিল,

“মোৰ ল’ৰাই মোক কৈছিল যে তেওঁ সমাজ সেৱা কৰাত বেছি আগ্ৰহী। মই কৈছিলোঁ যে তেওঁ ৰাজনীতিত থাকি সমাজ সেৱা কৰিব পাৰে।”

অৱশ্যে যোৱা বছৰ দ্য লালানটপক দিয়া এক সাক্ষাৎকাৰত গৌৰৱে কয় যে তেওঁৰ পিতৃয়ে তেওঁক কেতিয়াও ৰাজনীতিত প্ৰৱেশৰ বাবে হেঁচা দিয়া নাছিল। মাইক্ৰ’মেনেজৰ প্ৰয়োজনীয়তা কেতিয়াও অনুভৱ কৰা নাছিল।

দলত যোগদান কৰাৰ দুবছৰৰ পাছত অৰ্থাৎ ২০১৪ চনত লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। তেতিয়া গৌৰৱৰ বয়স আছিল মাত্ৰ ৩১ বছৰ। কলিয়াবৰৰ পৰা প্ৰথম নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ৯৩ হাজাৰ ভোটত জয়ী হয়। তেওঁৰ পিতৃ তৰুণ গগৈ আৰু খুড়াক দীপ গগৈও এই আসনৰ পৰা সাংসদ হৈ আছিল। দীপ গগৈয়ে গৌৰৱৰ কাৰণে এই আসনখন এৰি দিছিল।

তেওঁৰ ব্ৰিটিছ পত্নী এলিজাবেথ ক’লবৰ্ণেও তেওঁৰ লগত নিৰ্বাচনী প্ৰচাৰত সংগ দিছিল। ইয়াৰ বাবে তেওঁ অসমীয়া ভাষাও শিকিছিল। কিছুমান ৰেলীত এলিজাই মানুহৰ লগত স্থানীয় ভাষাত কথা পাতিছিল। ২০১০ চনত নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ ইন্টাৰশ্বিপৰ সময়ত গৌৰভ আৰু এলিজাবেথৰ লগ হৈছিল। এলিজাবেথে লণ্ডন স্কুল অৱ ইকনমিক্সত অধ্যয়ন কৰিছে। ২০১৩ চনত গৌৰৱ আৰু এলিজাবেথৰ বিবাহ হয়। এলিজাবেথে নিজেই এটা এন জি অ’ত কাম কৰে। দুয়োৰে দুটা সন্তান – কবীৰ আৰু মায়া।

গৌৰৱে কংগ্ৰেছত যোগদান কৰাৰ পিছতে ক্ষুব্ধ হৈ পৰিল হিমন্ত বিশ্ব শৰ্মা। কাৰণ গৌৰৱে দলত অধিক মনোযোগ পাবলৈ ধৰিলে। ইয়াৰ পূৰ্বে হিমন্তক তৰুণ গগৈৰ আটাইতকৈ বিশ্বাসযোগ্য লেফটেনেণ্ট হিচাপে গণ্য কৰা হৈছিল। ২০১১ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ ব্যাপক বিজয়ৰ কৃতিত্বও হিমন্তৰ। কিন্তু গৌৰৱ অহাৰ পিছত তৰুণ গগৈ আৰু হিমন্তৰ মাজত সমস্যা আৰম্ভ হ’ল। দীৰ্ঘদিনীয়া বিবাদৰ অন্তত ২০১৪ চনৰ জুলাই মাহত হিমন্তই কংগ্ৰেছ ত্যাগ কৰে। তাৰ পিছত এবছৰৰ পাছত ২০১৫ চনৰ আগষ্ট মাহত তেওঁ বিজেপিত যোগদান কৰে।

ইয়াত চাৰি বছৰ সাংসদ হৈ থকাৰ পাছত ২০১৮ চনত গগৈক পশ্চিম বংগৰ দায়িত্বত নিযুক্তি দিয়া হয়। আন বহু ৰাজ্যতো দায়িত্ব দিয়া হৈছিল। পিছলৈ তেওঁক লোকসভাৰ উপ-নেতা হিচাপেও নিযুক্তি দিয়া হয়। কোৱা হয় যে গগৈ পৰিয়াল গান্ধী পৰিয়ালৰ ঘনিষ্ঠ হোৱাৰ সুবিধাও গৌৰৱে পাইছিল। ৰাজীৱ গান্ধীৰ লগতো তৰুণ গগৈ অতি ঘনিষ্ঠ আছিল।

পিতৃৰ মৃত্যুৰ পিছত গৌৰৱ গগৈয়ে এটা উপাখ্যান বৰ্ণনা কৰিছিল। যে তেওঁ পিতৃৰ শেষ ইচ্ছামতে নিজৰ বিধানসভা সমষ্টি তিতাবৰক প্ৰতিনিধিত্ব নকৰে। যোৰহাট জিলাৰ এই বিধানসভা আসনৰ পৰা একেৰাহে ২০ বছৰ বিধায়ক আছিল তৰুণ গগৈ। ২০২১ চনত দিয়া এক সাক্ষাৎকাৰত গৌৰৱে কৈছিল যে তেওঁৰ উত্তৰাধিকাৰী পৰিয়ালৰ বাহিৰৰ, কিন্তু সেই অঞ্চলৰ থলুৱা হোৱাটো পিতৃৰ শেষ ইচ্ছাৰ ভিতৰত অন্যতম।
ৰাজনৈতিক বিশেষজ্ঞসকলে কয় যে গৌৰৱ গগৈ ৰাহুল গান্ধীৰ অন্যতম বিশেষ নেতা। যোৱা কেইবছৰমানৰ পৰা দুয়োজনেই ওচৰ চাপিছে। কাৰণ যেতিয়া কংগ্ৰেছ দল দুৰ্বল আছিল তেতিয়া গৌৰৱে মোডী চৰকাৰক লৈ মুকলিকৈ প্ৰশ্ন উত্থাপন কৰি আছিল। আৰু ৰাহুল গান্ধীয়ে এই কথা ভাল পায়। প্ৰথমবাৰৰ বাবে সদনলৈ অহাৰ সময়ত কংগ্ৰেছৰ মাত্ৰ ৪৪ জন সাংসদ আছিল। সেয়েহে তেওঁৰ ভাষণৰ বাবে গৌৰৱ দলৰ নেতৃত্বৰ দৃষ্টিগোচৰ হ’ল। কিন্তু এইটোৱেই একমাত্ৰ কথা নহয়।

কৌশিক ডেকাই কয় যে গৌৰৱ গগৈ আমেৰিকাৰ পৰা উভতি অহাৰ পৰা ৰাহুল গান্ধীৰ সৈতে জড়িত হৈ আছে। তেওঁলোকে কয়,

“সেই সময়ছোৱাত দুয়োজনে ই-মেইলযোগে কথা পাতিছিল। বাহিৰৰ পৰা পঢ়াৰ বাবে গৌৰৱ দিল্লীৰ অভিজাত সামাজিক মহলত ফিট হৈ পৰিছিল, য’ত ৰাহুল গান্ধী আৰু অন্যান্য ৰাজনৈতিক পৰিয়ালৰ যুৱক-যুৱতীসকলক অন্তৰ্ভুক্ত কৰা হৈছিল।” ৰাহুল গান্ধীৰ মাতৃ যিদৰে ইটালী মুলৰ একেদৰে গৌৰৱ গগৈৰ পত্নীও বিদেশী মুলৰ । তাকেলৈও দুয়োৰে বিশেষ বুজাবুজি আছে ।

ৰাহুল গান্ধীৰ সৈতে থকা ঘনিষ্ঠতাৰ সন্দৰ্ভত গৌৰৱে নিজেই লল্লানটপক এক সাক্ষাৎকাৰত কয় যে উপ-নেতা হোৱাৰ বাবে তেওঁ ৰাহুল গান্ধীক বাৰে বাৰে লগ পোৱাৰ সুযোগ পায়। বহু আগতেই মানুহে আজি দেখিবলৈ পোৱা ৰাহুল গান্ধীৰ প্ৰতিচ্ছবিখনৰ বিষয়ে জানিবলৈ আহিছিল। সেইবাবেই ৰাহুলৰ ওপৰত তেওঁৰ বিশ্বাস আছিল।

সংসদত ভাষণ আৰু ক্ষুব্ধ অমিত শ্বাহ:

যোৱা বছৰ গৌৰৱ গগৈয়ে মণিপুৰৰ হিংসাৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰক কোণত পেলাইছিল। ইয়াৰ ফলত তেওঁ সংবাদ মাধ্যমতো স্থান লাভ কৰিছিল। মোডী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ দাখিল কৰি প্রথম ভাষণ দিয়া বুলিও তেওঁ আলোচনাত আহে৷ বিশ্বাস কৰা হৈছিল যে তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ হোৱাৰ বাবে কংগ্ৰেছে ৰাহুল গান্ধীৰ সলনি গৌৰৱ গগৈক আগুৱাই লৈ গৈছিল। অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনা আৰম্ভ কৰাৰ সময়ত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তিনিটা প্ৰশ্ন কৰে।

১/ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিলৈকে কিয় মণিপুৰ ভ্ৰমণ কৰা নাই?
২/ প্ৰধানমন্ত্ৰী মোদীয়ে এতিয়াও কিয় হিংসা সন্দৰ্ভত বিবৃতি দিয়া নাই?
৩/ প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ মুখ্যমন্ত্ৰীক কিয় চাকৰিৰ পৰা বৰ্খাস্ত কৰা নাছিল?

লোকসভাত আলোচনা আৰম্ভ হোৱাৰ সময়ত তদানীন্তন সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ৰাহুল গান্ধীৰ নাম অধ্যক্ষলৈ প্ৰেৰণ কৰা বুলি প্ৰশ্ন কৰিছিল যদিও তেওঁৰ নাম কিয় প্ৰত্যাহাৰ কৰা হ’ল? এই কথাত গগৈয়ে উত্তৰ দিছিল,

‘অধ্যক্ষৰ চেম্বাৰত ঘটা কথাবোৰ ৰাজহুৱা কৰাটো উচিত নহয়, আপোনাৰ (অধ্যক্ষৰ) কাৰ্যালয়ৰ ভিতৰত সকলো প্ৰধানমন্ত্ৰীয়ে কি কথা ক’লে আমি ক’ব লাগেনে।”

এই লৈ খং উঠিল অমিত শ্বাহৰ লগতে আন মন্ত্ৰীসকল। শ্বাহে কয় যে এইটো এটা গুৰুতৰ অভিযোগ, প্ৰধানমন্ত্ৰী আৰু অধ্যক্ষৰ মাজত কি হ’ল সেই কথা আপোনালোকে ক’ব লাগে।

গৌৰৱক লোকসভাৰ উপ-নেতা কৰি পুনৰবাৰ আস্থা প্ৰকাশ কৰিছে কংগ্ৰেছে। এই সন্দৰ্ভত কৌশিক ডেকাই কয় যে ৰাহুল গান্ধীৰ ঘনিষ্ঠ হোৱাৰ সুবিধা তেওঁ নিশ্চিতভাৱে পাইছিল। লগতে গৌৰৱ গগৈৰ ভাল কথাটো হ’ল তেওঁ ব্ৰিফৰ বাহিৰলৈ নাযায়। কোৱাৰ দৰেহে কথা কয়।

নাম প্ৰকাশ নকৰাৰ চৰ্তত কংগ্ৰেছৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰা এজন বিষয়াই কয় যে উত্তৰ-পূবত দলটোৱে নিজৰ স্থিতি শক্তিশালী কৰিব লাগিব। আৰু অসম তাৰ কেন্দ্ৰবিন্দু। তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মাই দল এৰি যোৱাৰ পিছত ৰাজ্যত এক শূন্যতাৰ সৃষ্টি হৈছিল। গৌৰৱ অসমত দীৰ্ঘদিন ধৰি আধিপত্য বিস্তাৰ কৰি অহা পৰিয়াল এটাৰ পৰা আহিছে। ডেকা আৰু কণ্ঠস্বৰও তীক্ষ্ণ । সেইবাবেই দলটোৱে অহৰহ তেওঁৰ ওপৰত নিৰ্ভৰ কৰি আছে।

অসমৰ ৰাজনীতি জনা সকলে কয় যে জাতীয় ৰাজনীতিত তেওঁৰ ভাল দখল নাই । কিন্তু ৰাষ্ট্ৰৰ ৰাজনীতিত তেওঁৰ পিতৃৰ দৰেই দখল আছে । ২০১৪ চনৰ পিছত অসমত কংগ্ৰেছৰ দখলও দুৰ্বল হ’বলৈ ধৰিলে। গতিকে এজন নিৰ্বিবাদ নেতা হোৱাৰ পিছতো তেওঁ ৰাজ্যত কিমান গ্ৰহণযোগ্য হ’ব সেয়া ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰিব। হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ জনপ্ৰিয়তাক প্ৰত্যুত্তৰ দিবলৈ ব্যৱহাৰ কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাক । মাৰ্ঘেৰিতাক সাংসদ পাতিলে আৰু এইবাৰ কেন্দ্ৰীয় মন্ত্ৰী । পিতৃ পুৰুষৰ উপাধি ত্যাগ কৰা পবিত্ৰ গগৈয়ে গৌৰৱ গগৈক প্ৰত্যাহ্বান দিবলৈ যোগ্য প্ৰাৰ্থী কেতিয়াও হব নোৱাৰে । অসমৰ ৰাইজে পবিত্ৰ মাৰ্ঘেৰিতাক আজিও এজন জুবিন অনুৰাগী হিচাপেহে জানে । তেনেস্থলত সংসদৰ মজিয়াত মোদী – অমিত শ্বাহৰ মুখে মুখে কথা কোৱা গৌৰৱ গগৈৰ সন্মুখত পবিত্ৰ মাৰ্ঘেৰিতা নিমিত্ত মাত্ৰ । হিমন্ত বিশ্ব শৰ্মাক প্ৰয়োজন এজন লুৰিণ জ্যোতি গগৈ ,যিয়ে প্ৰত্যাহ্বান জনাব পাৰিব গৌৰৱৰ গৌৰৱক এজন আহোম হিচাপে ।

মিঞাৰ পৰা মুক্তি কেনেকৈ

  • শিৱ প্ৰসাদ শৰ্মা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


অসমৰ অন্য চহৰবোৰৰ কথা বাদ দিলো। আমি বিহঙ্গম জৰীপেৰে কৰা এটা সমীক্ষাত দেখিলো গুৱাহাটীৰ পৌৰ নিগম এলেকাত থকা “ফল মুল বেচা লোক” (ফ্ৰুইটাৰ)ৰ সংখ্যা প্ৰায় ৬০০ জন। তাৰে প্ৰায় ৪০০ জনেই বাংলাদেশী মুলৰ মীঞা যুৱক। বাচ, ৰেলৰ আস্থানকে ধৰি সকলো তিনি আলী চাৰি আলীতে তেওঁলোক বিস্তৃত। কেৱল জালুকবাৰী অঞ্চলতে প্ৰায় ৫০/৬০ জন তেনে মীঞা ফ্ৰুইটাৰ দেখা যায়। অনুমান কৰাত অসুবিধা নহয় যে তেওঁলোকে এক মহজবি সাম্প্ৰদায়িক পতাকা তলত কাম কৰে। তেওঁলোকক এইদৰে সংস্থাপিত কৰাত এক সাম্প্ৰদায়িক শক্তি থাকে। আমি জানো বাংলাদেশৰ পৰা গজোৱা ই হিন্দ কৰিবলৈ ভাৰতলৈ পথোৱা লোক সকল ভাৰত আহি পোৱাৰ আগতেই তেওঁলোকৰ আহি পায়েই কৰিব লগীয়া সংস্থাপন তৈয়াৰ হৈ থাকে। বহুক্ষেত্ৰতে তেওঁলোকৰ পান কাৰ্ড, আধাৰ কাৰ্ড, ৰেছন কাৰ্ডো তৈয়াৰ হৈ থাকে। এই সকল ফ্ৰুইটাৰক সুৰক্ষা দিয়া এক “লোকেল দাদা” বাহিনী অনবৰতে সষ্টম হৈ থাকে। প্ৰতিজন ফ্ৰুইটাৰে মই জনাত মিউনিচিপালিতিৰ “টাউট” সকলক চহৰৰ বাট পথত ব্যৱসায় কৰাৰ বাবে দৈনিক ৫০ ৰ পৰা ১০০ টকা “হাপ্তা” দিয়ে।

সাধাৰনতে এখন চাইকেল বা থেলাত এই বেপাৰ কৰিব পাৰি। ২০ কিলো আপেল, ১০ কিলো আঙুৰ, বিশ কিলো মোচাম্বী পাচ ছয় আশী কলেৰে এই ব্যৱসায় কৰিব পাৰি। সাধাৰনতে প্ৰতি কিলোত ২৫ ৰ পৰা ৩০ টকালৈকে লাভ কৰিব পাৰি। দিনে বিশ কিলো বেচিলে ৫০ টকা চাহ খোৱা খৰচ বাদ দিলে ৫০ টকা বাদ দিলে সন্ধিয়ালৈ ৫০০ টকা লৈ ঘৰলৈ আহিব পাৰি।

ওপৰত লিখাৰ দৰে ব্যৱসায়টো ইমান সহজ নহয়। ব্যৱসায়টোৰ লগত কেইবাটাও কথা জড়িত হৈ আছে।
১। এই ব্যৱসায়টোৰ লাভ নিৰ্ভৰ কৰে কিনা দৰতহে। যিমানে সস্তাত কিনিব পাৰে সিমানে লাভ। যিহেতু কিনা বস্তুবোৰ দুদিন বা তিনিদিনৰ ভিতৰতে বিক্ৰী কৰিব লাগিব সেয়ে প্ৰথমতে দৰ দাম কচি থাকিলেও পিছলৈ মুলে মুলে এৰিব লাগিব বা এৰা ধৰা দামত বিক্ৰী কৰিব লাগিব।
২। কিনা দৰত সস্তাত কিনিব লাগিলে যৌথভাবে কিনিব লাগিব। ত্রিশৰ পৰা চল্লিশ টন আপেলৰ এক গাড়ী আপেল গুৱাহাটী আহি পাওঁতে ৬০ টকা মান প্ৰতি কিলোত যদি পৰে সেই আপেলৰ খুচুৰা বজাৰ দৰ নিশ্চিত কৰা হয় ১২০ টকা দৰত। এতিয়া ৩০০ জন ৰাস্তাৰ ফেৰিৱালাক এশ কিলোকৈ বিকিবলৈ ত্রিশ টন আপেল একে দিনাই শেষ হয়। ত্ৰিশ টন আপেলৰ খৰিদ মুল্য ওঠৰ লাখ টকা। প্ৰতি কিলোত দহ টকাকৈ মুনাফা ৰাখি বিক্ৰী কৰিলে এক লৰি আপেলত তিনি লাখ টকা মুনাফা হয়। এতিয়া ৭০ টকা প্ৰতি কিলোত ১০০ কিলো আপেল এজন ফেৰিৱালাক বিক্ৰী কৰিলে দহ শতাংশ আপেল পচি গ’লে ৯০ কিলো আপেল এজন ফেৰিৱালাই বিক্ৰী কৰিব পাৰে। আৰু প্ৰথমতে প্ৰতি কিলোত ৫০ টকা লাভ কৰিলেও শেষত গৰুৰ দানা হিচাপত বিক্ৰী কৰিব লগীয়া হয়। ১০ কিলো আপেল গৰুৰ দানা হিচাপত ১০ টকা কিলোকৈ ১০০ টকা আৰু বাকী নব্বৈ কিলো আপেল ১০ টকা মুনাফাৰ পৰা ৫০ টকা মুনাফা দৰত গড়ে ৩০ টকা মুনাফাকৈ নব্বৈ কিলো আপেল বিক্ৰীত ২৭০০ টকা লাভ পাব পাৰি পচি যোৱা দহ কিলো আপেলৰ বাবদ ৭০০ টকা বাদ দিলে কেৱল চাৰি বা পাচ দিনত কেৱল আপেল বেচি দুহেজাৰ টকা ঘটিব পাৰি।

থিক একেদৰেই আঙুৰৰ ক্ষেত্ৰটো চাৰি বা পাচ দিনত ৯০ কিলো আঙুৰ বেচি পচা আঙুৰৰ লোকচান বাদ দি দুহেজাৰ টকা লাভ পাব পাৰি।

আগতেই কৈছোঁ এই বেপাৰত লাভ কিনাৰ ওপৰতহে। অসমৰ কলৰ বাৰীবোৰ তামোলৰ বাৰীবোৰ থলিতেই কিনা হৈ থাকে। আৰু এই কিনোতা সকলৰ ৯০% ই মধ্যপ্ৰাচ্যৰ ধনত ৰঙিয়াল হৈ যিকোনো বিনিয়োগৰ ৰিস্ক ল’ব পাৰা লোক। মেঘালয় আৰু ত্ৰিপুৰা ৰ গোটেই কাজুবাদামৰ বেপাৰৰ ক্ৰীমটো খাই বহে সম্পুৰ্ণৰূপে এই মধ্যপ্ৰাচ্যৰ ধনেৰে ৰঙিয়াল সকলেই। কাজু বাদামৰ খেতিয়কে প্ৰতি কিলোত পাচশ টকা পায়েই সন্তুষ্ট থাকে। আমি হাজাৰ বাৰশ টকাত কিনো।

ফলমুলৰ এই বজাৰ খনত অসমত ৫০০০ যুৱকৰ সহজ প্ৰত্যক্ষ আত্মনিয়োগৰ পৰিসৰ এটা আছে। আন ১০০০ পৰোক্ষ নিয়োগ (সুৰক্ষা ব্ৰিগেদ আদি- কোনো মৌলবাদী সাম্প্ৰদায়িক দাদাৰ বিৰোধিতা বা গুণ্ডামী ঠাণ্ডা কৰা বাহিনী!)ৰ পৰিসৰ আছে।

মুঠ বিনিয়োগৰ পৰিমান লাগিব প্ৰায় বিশ/ত্ৰিশ কোটি। প্ৰত্যেক মহকুমাতেই একোজনকৈ আপেল আঙুৰ কাজু আৰু অন্যান্য ফলৰ ডিলাৰ থাকিব কোনো কোনো মহকুমাত দুজন বা তিনিজনো লাগিব। অসমৰ মুঠ ৫৪ টা মহকুমাত ৮০ জন এনে ফ্ৰুট দিলাৰ থাকিব লাগিব। তেওঁলোকৰ বিনিয়োগ ক্ষমতা ৫ ৰ পৰা ১০ লাখ হ’ব লাগিব। নিজা গুদাম থাকিব লাগিব। চহৰ উপকণ্ঠত হ’লে ভাল। এই আশীজন ব্যৱসায়ীয়ে মিলি এটা প্ৰাইভেট লিমিটেড কোম্পানী কৰিব পাৰে। গাই প্ৰতি পাঁচ লাখকৈ শ্বেয়াৰ কেপিটেল দি আৰম্ভ কৰিলে ৪ কোটি পেইদ আপ কেপিতেল লৈ বেঙ্কৰ কাষ চাপিব পাৰি। প্ৰতিজন দিলাৰৰ লগত এশজন মানকৈ ফ্ৰুইটাৰ গাঁঠি দিব পাৰি। এখন কেন্দ্ৰীয় ক্ষৰিদ এক্সপাৰ্টৰ দল গঠন কৰি সস্তাত সকলো ফলমুল কিনিবলৈ দিহিঙে দিপাঙে পঠিয়াব লাগিব। সকলোতকৈ ডাঙৰ প্ৰয়োজন গভীৰ বিশ্বাস আৰু আস্থাৰ।

যুৱ প্ৰজন্ম-মহিলাৰ বাবে বাজেট -২০২৪

  • প্ৰিয়াংকু নাৰায়ন বৰুৱা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


নিৰ্মলা সীতাৰমণে তেওঁৰ সপ্তম কেন্দ্ৰীয় বাজেটৰ ভাষণত কয় যে এইবাৰৰ বাজেটত ৯ টা বিষয়বস্তুক অগ্ৰাধিকাৰ দি স্থায়ী প্ৰচেষ্টাৰ কল্পনা কৰা হৈছে ৷ সেইকেইটা হ’ল –
কৃষিত উৎপাদনশীলতা আৰু স্থিতিস্থাপকতা,নিয়োগ আৰু দক্ষতা,অন্তৰ্ভুক্ত মানৱ সম্পদ উন্নয়ন আৰু সামাজিক ন্যায়,উৎপাদন আৰু সেৱা,নগৰ উন্নয়ন,শক্তি সুৰক্ষা
আন্তঃগাঁথনি,উদ্ভাৱন-গৱেষণা আৰু উন্নয়ন। বাজেটত আৰম্ভণিতে এক অভিলাষী চিন্তাৰ উমান পোৱা যায়।কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত দৰিদ্ৰ জনসাধাৰণ,যুৱক,অন্নদাতা (কৃষক) আৰু মহিলাক অগ্ৰাধিকাৰ দিয়া পৰিলক্ষিত হৈছে।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ বাজেট ভাষণত পৰৱৰ্তী পাঁচ বছৰত প্ৰায় ৪.১ কোটি যুৱক-যুৱতীৰ বাবে নিযুক্তি সৃষ্টিৰ প্ৰস্তাৱ দিছে । ইয়াৰ বাবে বিত্তমন্ত্ৰীয়ে ২ লাখ কোটি টকা আৱণ্টন কৰিছে । একেদৰে নিয়োগ সৃষ্টিৰ বাবে যাতে নাগৰিকসকলক দক্ষ কৰিব পৰা যায় তাৰ বাবে তেওঁ বাজেটত ১.৪৮ কোটি টকাৰ প্ৰস্তাৱ দিছে । ইয়াৰ দ্বাৰা আগন্তুক পাঁচ বছৰৰ ভিতৰত ২০লাখ যুৱক-যুৱতীক দক্ষ কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

আনহাতে, বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰা মতে, দেশৰ মুঠ ১০০০ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান উন্নীত কৰা হ’ব । বাজেট ভাষণত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে প্ৰস্তাৱ দিয়ে যে সকলো খণ্ডৰে নতুনকৈ নিযুক্তিপ্ৰাপ্ত সকলো কৰ্মচাৰীক এককালীন মজুৰি প্ৰদান কৰা হ’ব । এই ইনচেণ্টিভ নতুনকৈ নিযুক্তি লাভ কৰাসকলক প্ৰত্যক্ষ লাভালাভ প্ৰদানৰ (Direct Benefit Transfer, DBT) জৰিয়তে প্ৰদান কৰা হ’ব ।লগতে চৰকাৰে পাঁচ বছৰত এক কোটি যুৱক-যুৱতীক ৫০০ টা কোম্পানীত ইণ্টাৰ্ণশ্বিপৰ সুযোগ আৰম্ভ কৰিব । এই ইণ্টাৰ্ণসকলে বাস্তৱ জীৱনৰ পৰিৱেশৰ সংস্পৰ্শলৈ আহিব আৰু প্ৰতিমাহে ৫০০০ টকাৰ ভাট্টা লাভ কৰিব বুলিও বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে।উল্লেখ্য যে কোম্পানীবোৰে এই প্ৰশিক্ষণ প্ৰদান কৰিব আৰু চি এছ আৰ পুঁজিৰ পৰা ১০ শতাংশ প্ৰশিক্ষণ ব্যয় বহন কৰিব।এই বাজেটৰ মুখ্য গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ ভিতৰত নিযুক্তি, দক্ষতা, এম এছ এম ই আৰু মধ্যবিত্ত শ্ৰেণী অন্যতম।এনে প্ৰেক্ষাপটত যুৱ প্ৰজন্ম তথা মহিলা সকলৰ বাবে বাজেট খন উপযোগী বিবেচিত হোৱাৰ সম্ভাৱনা নস্যাৎ কৰাটো উদ্দেশ্যপ্ৰণোদিত চৰ্বিত-চৰ্বণ যিটো একাংশ বিৰোধী নেতাই কেৱল বিৰোধৰ বাবেই বিৰোধিতা কৰাৰ চিন্তাত প্ৰতিফলিত হৈছে।

এইবাৰৰ সাধাৰণ বাজেটত গ্ৰাম্য উন্নয়নৰ বাবে ২.৬৬ লাখ কোটি টকা আবণ্টন দিয়া হৈছে, য’ত গ্ৰাম্য আন্তঃগাঁথনিও অন্তৰ্ভুক্ত কৰা হৈছে।পি এম আৱাস যোজনাৰ অধীনত গ্ৰামাঞ্চল আৰু চহৰ অঞ্চলত অতিৰিক্ত তিনি কোটি ঘৰ নিৰ্মাণ কৰা হ’ব ।চৰকাৰে নিয়োগ সম্পৰ্কীয় তিনিখন আঁচনি আৰম্ভ কৰিব-এয়া এক আশাৰ বাৰ্তা। ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত চৰকাৰে এমাহৰ PF (প্ৰভিডেণ্ট ফাণ্ড)ৰ বৰঙণি আগবঢ়াই ৩০ লাখ চাকৰিৰ প্ৰাৰ্থীক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে।মহিলাসকলৰ বাবে হোষ্টেল স্থাপন কৰা হ’ব । জলবায়ু স্থিতিস্থাপক বীজ নিৰ্মাণৰ বাবে ব্যক্তিগত খণ্ড, ডমেইন বিশেষজ্ঞ আদিক চৰকাৰে ধন আগবঢ়াব।ইতিমধ্যে প্ৰচলিত এখন আঁচনি – এমএনৰেগা (মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা) –আচনিৰ জৰিয়তে প্ৰতিখন পৰিয়ালৰ প্ৰাপ্তবয়স্ক সদস্যই হাতৰ কাম কৰিব বিচৰা প্ৰতিটো পৰিয়ালৰ অন্ততঃ এজন সদস্যক এটা বিশেষ বিত্তীয় বৰ্ষত ১০০ দিনৰ মজুৰি নিয়োগ প্ৰদান কৰাৰ লক্ষ্য ৰাখিছে ।

কৃষি আৰু সহযোগী খণ্ডসমূহক ১.৫২ লাখ কোটি টকা আৱণ্টন দিয়া ঘোষণা অনুপ্ৰেৰণাদায়ক সদিচ্ছাৰ প্ৰতিফলন। কৃষি খণ্ডত গৱেষণা আৰু বিকাশৰ ওপৰত গুৰুত্ব আৰোপ বাজেটৰ আন এক ইতিবাচক দিশ।গৱেষণা আৰু পৰীক্ষামূলক বিকাশৰ বাবে যথেষ্ট পুঁজি প্ৰদান কৰা হ’ব । বিশেষকৈ মাহজাতীয় শস্য আৰু তৈলবীজৰ উৎপাদন, সঞ্চয় আৰু বিপণনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।সেইবোৰৰ উৎপাদন, সঞ্চয় আৰু বিপণন শক্তিশালী কৰিব। এই পদক্ষেপৰ উদ্দেশ্য হৈছে সৰিয়হ, চিনাবাদাম, তিল, চয়াবিন আৰু সূৰ্যমুখী ফুলৰ দৰে তৈলবীজত ‘আত্মনিৰ্ভৰশীলতা’ লাভ কৰা । অন্তৱৰ্তীকালীন বাজেটত ঘোষণা কৰা অনুসৰি সৰিয়হ, চিনাবাদাম, তিল, চয়াবিন আৰু সূৰ্যমুখী ফুলৰ দৰে তৈলবীজৰ বাবে ‘আত্মনিৰ্ভৰতা’ৰ বাবে এক ৰণনীতি প্ৰস্তুত কৰা হৈছে।
সমবায় খণ্ডৰ প্ৰণালীবদ্ধ, সুশৃংখল আৰু সৰ্বাংগীন বিকাশ নিশ্চিত কৰাৰ বাবে এক নতুন ৰাষ্ট্ৰীয় সহযোগিতা নীতি প্ৰৱৰ্তন কৰা হ’ব । গ্ৰাম্য অৰ্থনীতিৰ দ্ৰুত বিকাশ আৰু বৃহৎ পৰিমাণত নিযুক্তিৰ সুযোগ সৃষ্টি কৰাটো হ’ব নীতিগত লক্ষ্য।অৰ্থনৈতিক স্বাৱলম্বিতাৰ দৃষ্টিকোণেৰে এয়া সময়োপোযোগী স্থিতি বুলি নি:সন্দেহ ক’ব পাৰি।

তিনি লাখ টকালৈ আয়কৰ ৰেহাই, বান সমস্যাৰ বাবে বিশেষ পুঁজি এক উল্লেখযোগ্য সংযোজন।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বাজেটক ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ সপোন পূৰণৰ বাবে ৰোডমেপ বুলি অভিহিত কৰাটো তাৎপৰ্যপূৰ্ণ।
কেন্দ্ৰীয় বাজেটত ব্যক্তিগত আয়কৰ সন্দৰ্ভতো কেতবোৰ স্থিতি গ্ৰহণ কৰা হৈছে।নতুন কৰ ব্যৱস্থালৈ পৰিৱৰ্তন হোৱা দৰমহাপ্ৰাপ্ত কৰ্মচাৰীৰ বাবে মানক কৰ্তন ৫০,০০০ ৰ পৰা ৭৫,০০০ লৈ বৃদ্ধি কৰা হ’ব।একেদৰে পেঞ্চনাৰসকলৰ বাবে পৰিয়ালৰ পেঞ্চনৰ বাবে কৰ্তন ১৫,০০০ ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰা হ’ব । ইয়াৰ দ্বাৰা প্ৰায় ৪ কোটি দৰমহা আৰু পেঞ্চনাৰ ব্যক্তিয়ে সকাহ পাব।এই বাজেটত মূলধনী লাভৰ কৰ বহু পৰিমাণে সৰল কৰাৰ প্ৰস্তাৱ আছে । কিছুমান বিশেষ বিত্তীয় সম্পত্তিৰ ওপৰত হ্ৰস্বম্যাদী লাভ এতিয়া ২০% লোৱা হ’ব, আনহাতে বৰ্তমানৰ হাৰ বাকী সকলো সম্পত্তিৰ ওপৰত প্ৰযোজ্য হৈ থাকিব। ‘‘নিম্ন আৰু মধ্যম আয়ৰ গোটটোক উপকৃত কৰিবলৈ মই মূলধনী লাভৰ বাবে কিছুমান বিত্তীয় যন্ত্ৰৰ ৰেহাইৰ সীমা বছৰি ১.২৫ লাখ লৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ উপযোগী বিবেচিত হ’ব।বিনিয়োগকাৰীৰ বাবে এঞ্জেল টেক্স বিলুপ্ত কৰাটো ‘‘ভাৰতীয় ষ্টাৰ্টআপ ইক’চিষ্টেম শক্তিশালী কৰাৰ দিশত গুৰুত্বপূৰ্ণ প্ৰয়াস।

কেন্সাৰ ৰোগীৰ বাবে তিনিটা ঔষধ শুল্ক সম্পূৰ্ণৰূপে ৰেহাই
ভাল পদক্ষেপ।

ভূমি প্ৰশাসন, পৰিকল্পনা আৰু নগৰ অন্তৰ্ভুক্তকে ধৰি চহৰ আৰু গ্ৰাম্য উভয় অঞ্চলতে ভূমি সম্পৰ্কীয় সংস্কাৰ পৰিকল্পনা আৰু নিৰ্মাণ উপ-বিধি সংস্কাৰৰ দিশতো এই বাজেটত প্ৰস্তাৱ আছে।।গ্ৰাম্য ভূমি সম্পৰ্কীয় কামৰ ভিতৰত সকলো মাটিৰ বাবে একক তথ্যকোষ আবণ্টন, ট’প’লজিকেল মেপ ডিজিটেলাইজেচন, ভূমি জৰীপ আৰু ভূমি পঞ্জীয়ন স্থাপন আদি থাকিব।শ্ৰম সম্পৰ্কীয় সংস্কাৰৰ ক্ষেত্ৰত আমাৰ চৰকাৰে শ্ৰমিকসকলৰ বাবে কৰ্মসংস্থাপন আৰু দক্ষতাকে ধৰি বিভিন্ন ধৰণৰ সেৱাৰ সুবিধা প্ৰদান কৰিব।ব্যাপকভাৱে পৰিৱৰ্তিত চাকৰি বজাৰৰ বাবে মুক্ত আৰ্কিটেকচাৰ ডাটাবেছ অন্তৰ্ভুক্ত কৰা হ’ব আৰু সম্ভাৱ্য কৰ্মচাৰীসকলক উদ্যোগটোৰ সৈতে সংযোগ কৰা হ’ব । উদ্যোগ আৰু বাণিজ্যৰ বাবে অনুসৰণ সহজ কৰি তুলিবলৈ শ্ৰম সুবিধা আৰু সমাধান পৰ্টেলৰ সংস্কাৰ আদি দিশতো মনোনিবেশ কৰাটো ভৱিষ্যত সম্ভাৱনাৰ দৃষ্টিকোণেৰে প্ৰয়োজনীয় চিন্তা৷ইয়াৰ উপৰিও ভাৰতীয় সভ্যতাৰ অংগ স্বৰূপ পৰ্যটন ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব দিয়া হৈছে চলিত বাজেটত।এনে বিভিন্ন দিশৰ বিশ্লেষণ কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ২০২৪ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক সৰ্বস্তৰৰ জনসাধাৰণৰ হৃদয়ৰ অন্ত:স্ৰোতৰ আহ্বান সংপৃক্ত দস্তাবেজ আখ্যা দিব পাৰি।

প্ৰিয়ংকু নাৰায়ণ বৰুৱা,৮৬৩৮৫৫৪৬৫৩

নিতিন গডকাৰীয়ে উভতি ধৰিলে নীৰ্মলা সীতাৰমনক

  • নয়ন বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


জীৱন আৰু চিকিৎসা বীমাৰ প্ৰিমিয়ামৰ জি এছ টি খাৰিজ কৰিবলৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ পত্ৰ প্ৰেৰণ কৰিছে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে।

বিত্ত মন্ত্ৰীলৈ লিখা এখন পত্ৰত গাডকাৰীয়ে কয় যে নাগপুৰ সংমণ্ডল জীৱন বীমা নিগমৰ কৰ্মচাৰী সংঘই তেওঁক বীমা উদ্যোগৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত এখন স্মাৰক পত্ৰ দাখিল কৰিছে।

সংঘই উত্থাপন কৰা মূল বিষয়টো আছিল জীৱন আৰু চিকিৎসা বীমা প্ৰিমিয়ামৰ জি এছ টি প্ৰত্যাহাৰৰ সৈতে জড়িত।

জীৱন বীমা আৰু চিকিৎসা বীমাৰ প্ৰিমিয়াম দুয়োটাতে ১৮ শতাংশ জি এছ টি হাৰ কৰা হয়। জীৱন বীমাৰ প্ৰিমিয়ামৰ ওপৰত জি এছ টি আৰোপ কৰাটো জীৱনৰ অনিশ্চয়তাৰ ওপৰত কৰ আৰোপ কৰাৰ সমান বুলিও তেওঁ পত্ৰখনত কয়।

সংঘই অনুভৱ কৰে যে পৰিয়ালটোক কিছু সুৰক্ষা দিবলৈ জীৱনৰ অনিশ্চয়তাৰ বিপদ সামৰি লোৱা ব্যক্তিজনক এই বিপদৰ বিৰুদ্ধে আঁচনি ৭ ক্ৰয় কৰিবলৈ প্ৰিমিয়ামৰ ওপৰত কৰ আৰোপ কৰা উচিত নহয়।

একেদৰে চিকিৎসা বীমাৰ প্ৰিমিয়ামৰ ওপৰত ১৮ শতাংশ জি এছ টিয়ে সামাজিকভাৱে প্ৰয়োজনীয় এই ব্যৱসায়ৰ ক্ষেত্ৰখনৰ বৃদ্ধিৰ বাবে বাধা হিচাপে প্ৰমাণিত হৈছে বুলিও গডকাৰীয়ে কয়।

“জীৱন আৰু চিকিৎসা বীমা প্ৰিমিয়ামৰ ওপৰত জি এছ টি উলিওৱাৰ পৰামৰ্শক অগ্ৰাধিকাৰ ভিত্তিত বিবেচনা কৰিবলৈ অনুৰোধ জনোৱা হৈছে কাৰণ ই নিয়ম অনুসৰি যথাযথ পৰীক্ষণৰ সৈতে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে জটিল হৈ পৰে আৰু লগতে উত্থাপিত অন্যান্য প্ৰাসংগিক কথাও,” পত্ৰখনত কোৱা হৈছে।