Friday, March 14, 2025
Home Blog Page 6

আম্বেদকাৰৰ পৰা হিমন্ত বিশ্ব শৰ্মালৈ ____

  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


আম্বেদকাৰ সকলোৰে বাবে এজন নায়ক, বাওঁ আৰু সোঁপন্থী – প্ৰকৃততে প্ৰশংসাৰ বাবে আৰু প্ৰকৃত ভয়ৰ বাবে। এইটো আশা কৰিব পাৰি, কিয়নো ইয়াত আধুনিক বিশ্ব ইতিহাসৰ আন কোনো মানুহৰ দৰে মানুহ নাছিল, যিজনে নিজৰ বুদ্ধি আৰু বুজাবুজিৰে তৰাৰ দৰে জিলিকি উঠিছিল। আটাইতকৈ অভাৰতীয় ভাৰতীয়। প্ৰজ্ঞা ইমানেই ভয়ংকৰ আৰু তথাপিও ইমানেই শিপাই থকা যে ই সকলোকে আকৰ্ষণ কৰিছিল। য’ত তেওঁক অনুমতি দিয়া হৈছিল, তাত তেওঁ কেতিয়াও ভৰি এখনো ভুলকৈ ৰখা নাছিল। তেওঁৰ লেখাবোৰত কালজয়ীতাৰ সেই বিৰল গুণটো আছে, আৰু তেওঁৰ উক্তিবোৰ যদি বেনামীভাৱে উদ্ধৃত কৰা হয়, তেন্তে সমসাময়িক আজিৰ ভাৰতৰ মন্তব্য বুলি ভুলকৈ ধৰিব পাৰি। আম্বেদকাৰৰ এটা পক্ষ আছে যিটো তেওঁক নিজৰ কৰি লোৱাসকলে কোৱা নাই, লিখা নাই।

হিন্দু ধৰ্মক, ধৰ্ম হিচাপে, জীৱন-ধাৰণৰ পদ্ধতি হিচাপে আম্বেদকাৰৰ সমালোচনা – যি ইচ্ছা কওক, সকলোৱে জানে । তেওঁৰ অসংখ্য ভাষণ আৰু অসংখ্য বিদ্বান গ্ৰন্থৰ পৰা আমি আম্বেদকাৰক হিন্দু ধৰ্মৰ মানুহৰ মাজত থকা ক্ৰুতি উদঙাই দিয়া এজন ব্যক্তি হিচাপে জানো, আৰু তাৰ বাবে আমি তেওঁক শলাগ লৈছো। আম্বেদকাৰে হিন্দু ধৰ্ম এৰি বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাটো নিজৰ বাবেই এক কষ্টকৰ মূল্যায়ন। তেওঁক চিনি পাওঁ হিন্দু ধৰ্মৰ সমালোচক হিচাপে আৰু একো কোৱাৰ প্ৰয়োজন নাই। মানুহজনৰ ওপৰত এনেকুৱা বিশ্বাস ৰাখিব পাৰি।

আমি অৱশ্যে যিটো নাজানো, সেয়া হ’ল তেওঁ পৃথিৱীৰ আনটো ধৰ্ম – ইছলামৰ বিষয়ে কি ভাবিছিল। যিহেতু আম্বেদকাৰৰ এই দিশটো আমাৰ সাধাৰণ বক্তৃতা আৰু পাঠ্যপুথিৰ পৰা লুকুৱাই ৰখা হৈছে, সেয়েহে আম্বেদকাৰে সঘনাই ইছলামৰ কথা ভাবিছিল আৰু ইয়াৰ ওপৰত সঘনাই কথা কৈছিল, সেয়া হয়তো বেছিভাগৰে বাবে আচৰিত হ’ব পাৰে। ডেকা আম্বেদকাৰৰ শীতল আৰু নিষ্ঠুৰ ভাৰত, যিয়ে হিন্দু আৰু হিন্দুৰ ওপৰত তেওঁৰ মতামত গঢ় দিছিল – আৰু যাৰ বিষয়ে এই লেখকে পূৰ্বেও লিখিছে – অতি সোনকালেই বুঢ়া আম্বেদকাৰৰ ঠাণ্ডা আৰু নিষ্ঠুৰ ভাৰত হৈ পৰিল, যাৰ ফলত তেওঁ ইছলাম আৰু মুছলমানৰ অধ্যয়নৰ জৰিয়তে, যন্ত্ৰণাদায়ক আৰু ৰক্তাক্ত বিভাজনৰ দিশে হুৰহুৰাই যোৱা এটা জাতিৰ অৰ্থ বুজিবলৈ।

ইছলাম আৰু মুছলমানৰ ওপৰত আম্বেদকাৰৰ চিন্তাধাৰাৰ এটা লেখা আৰু ভাষণৰ সংকলন পাকিস্তান অৰ দ্য পাৰ্টিচন অৱ ইণ্ডিয়াত পোৱা যায়, যিটো প্ৰথম প্ৰকাশ ১৯৪০ চনত, পৰৱৰ্তী সংস্কৰণ ১৯৪৫ আৰু ১৯৪৬ চনত তীক্ষ্ণতা, আৰু ইয়াক পঢ়িলে উপলব্ধি হয় যে ইয়াৰ বিষয়ে কোনেও কিয় কোৱা নাই, ইয়াৰ দৰেই আম্বেদকাৰক বাওঁপন্থী পূজাৰীসকলৰ বাবে ইছলামোফ’বিক কুসংস্কাৰলৈ ৰূপান্তৰিত কৰাৰ সম্ভাৱনাও আছে।
তেন্তে ইছলামৰ ওপৰত আম্বেদকাৰৰ কথা ইয়াত উল্লেখ কৰা হৈছে:

‘হিন্দু ধৰ্মই মানুহক বিভাজিত কৰে বুলি কোৱা হয় আৰু ইয়াৰ বিপৰীতে ইছলামে মানুহক একেলগে বান্ধি ৰখা বুলি কোৱা হয়। এয়া মাথোঁ আধা সত্য। কাৰণ ইছলামে যিমানেই অনিবাৰ্যভাৱে বিভাজন কৰে সিমানেই বান্ধি ৰাখে। ইছলাম এটা ঘনিষ্ঠ নিগম আৰু ই মুছলমান আৰু অমুছলমানৰ মাজত যি পাৰ্থক্য কৰে সেয়া এক অতি বাস্তৱিক, অতি ইতিবাচক আৰু অতি বিচ্ছিন্নকাৰী পাৰ্থক্য। ইছলামৰ ভাতৃত্ব মানুহৰ সাৰ্বজনীন ভাতৃত্ববোধ নহয়। ই কেৱল মুছলমানৰ বাবে মুছলমানৰ ভাতৃত্ববোধ। ভ্ৰাতৃত্ববোধ আছে যদিও ইয়াৰ সুবিধা সেই নিগমৰ ভিতৰৰসকলৰ মাজতে সীমাবদ্ধ। যিসকল নিগমৰ বাহিৰত আছে তেওঁলোকৰ বাবে অৱজ্ঞা আৰু শত্ৰুতাৰ বাহিৰে আন একো নাই। ইছলামৰ দ্বিতীয়টো দোষ হ’ল ই সামাজিক আত্মশাসনৰ ব্যৱস্থা আৰু স্থানীয় আত্মশাসনৰ সৈতে অসঙ্গতিপূৰ্ণ, কাৰণ এজন মুছলমানৰ আনুগত্য তেওঁৰ দেশত থকা বাসস্থানৰ ওপৰত নিৰ্ভৰ নকৰে কিন্তু তেওঁ যি বিশ্বাসৰ প্ৰতি নিৰ্ভৰ কৰে অন্তৰ্গত। মুছলমানসকলৰ বাবে য’ত মোৰ ভাল, তাত মোৰ দেশ আছে । য’ত ইছলামৰ শাসন আছে তাতেই তেওঁৰ নিজৰ দেশ। অৰ্থাৎ ইছলামে কেতিয়াও এজন প্ৰকৃত মুছলমানক ভাৰতক নিজৰ মাতৃভূমি হিচাপে গ্ৰহণ কৰিবলৈ আৰু এজন হিন্দুক নিজৰ আত্মীয় বুলি গণ্য কৰিবলৈ দিব নোৱাৰে।”

(আগলৈ)

 

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সুস্পষ্ট দ্বি-চাৰিতা

  • ড° ক্ষিতীশ চন্দ্ৰ মিশ্ৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


জাৰ্মানী, ৰাচিয়া, অষ্ট্ৰিয়া, মাৰ্কিন যুক্তৰাষ্ট্ৰ, মিচৰ, জৰ্ডান, পাকিস্তান, বাংলাদেশ, চৌদি আৰৱ, কাজাকিস্থান, উজবেকিস্থান, তাজাকিস্থানৰ উপৰিও এচিয়া আৰু আৰৱৰ নানা দেশত হিজবুট তাহৰীৰ নামৰ মৌলবাদী ইচলামিক সন্ত্ৰাসবাদী সংগঠনটোক নিষিদ্ধ ঘোষণা কৰা আছিল ৷
বাংলাদেশৰ এই হিজবুট তাহৰীৰ নামৰ মৌলবাদী ইচলামিক সন্ত্ৰাসবাদী সংগঠনটোৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে— সৰ্ব্বাত্মক জিহাদ কৰা, পৃথিৱীৰ সকলো অমুচলমানক হত্যা কৰা, পৃথিৱীখনক কেবল মুচলমানৰ বসবাসৰ বাবে ৰখা আৰু সমগ্ৰ পৃথিৱীতে ইচলামিক খলিফাতন্ত্ৰ প্ৰতিস্থা কৰা ৷
বিগত সময়ত বাংলাদেশত শ্বেইখ হাচিনাৰ পতন হোৱাৰ পিছত নবেল বটা বিজয়ী ইউনুচে এই নিষিদ্ধ সংগঠন হিজবুট তাহৰীৰ ওপৰত বাহাল থকা নিষেধাজ্ঞা উঠাই দিছে ৷ ইয়াৰ লগতে আন এক মৌলবাদী ইচলামিক সংগঠন জামাতে ইচলামীৰ ওপৰত থকা নিষেধাজ্ঞাও উঠাই লৈছে৷
আচৰিত হ’বলগীয়া কথাটো হৈছে ২০০৬ চনত শান্তিৰ নোবেল বটাৰ দৰে এটা অতি সন্মানীয় আৰু মৰ্যদাপূৰ্ণ বটা পোৱা মঃ ইউনুচৰ দৰে আন্তৰ্জাতিক খ্যাতিসম্পন্ন লোকে মানৱতা আৰু বিশ্ব শান্তিৰ প্ৰধান শত্ৰুস্বৰূপ এই ভয়ংকৰ ইচলামিক সন্ত্ৰাসবাদী সংগঠনৰ পৃষ্ঠপোষকতা কৰি কেনেকৈ নিষেধাজ্ঞা উঠাই দিব পাৰিলে ? অকল সেয়াই নে ? হিজবুট তাহৰীৰ নামৰ এই কুখ্যাত মৌলবাদী ইচলামিক সন্ত্ৰাসবাদী সংগঠনটোৰ সন্ত্ৰাসবাদী জিহাদী সদস্য সকলক মূৰত তুলি লৈ তেওঁ এতিয়া নৃত্যও আৰম্ভ কৰিছে ৷ এই সংগঠনৰ সৈতে জড়িত এজন অন্যতম সন্ত্ৰাসবাদী মাহফুজ আলমক লগত লৈ আমেৰিকাত গৈ সমগ্ৰ বিশ্বক এই জঘন্য সন্ত্ৰাসবাদীটোক সাম্প্ৰতিক বাংলাদেশত সংঘটিত অৰাজকতাক বিপ্লৱ নাম দি তাৰ কৃতিত্বৰ বাবে মাহফুজ আলমক উচ্ছসিত প্রশংসাৰে ওপোচাই দিছে ৷ মঃ ইউনুচৰ মতে মাহফুজ আলম এই “বিপ্লৱ“ৰ মহান(?) ৰূপকাৰ !!
ইফালে পৃথিৱীৰ সকলো দেশকে মানৱ অধিকাৰ, শান্তি, গণতন্ত্ৰ আৰু সন্ত্ৰাসবাদ বিৰোধীতাৰ পাঠ পঢ়োৱা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সুস্পষ্ট দ্বি-চাৰিতা লক্ষ্য কৰক ৷ ইচলামিক সন্ত্ৰাসবাদীহঁতক নিপাত কৰিবলৈ যি মাৰ্কিন যুক্তৰাষ্ট্ৰই শত শত বিলিয়ন ডলাৰ খৰচ কৰি আহিছে সেই মাৰ্কিন যুক্তৰাষ্ট্ৰই মঃ ইউনুচৰ দৰে নীতিহীন এক ব্যক্তি আৰু মাহফুজ আলমৰ দৰে দুৰ্ঘোৰ সন্ত্ৰাসবাদীক নিজৰ দেশৰ মাটিত বৰপীৰা পাৰি স্বাগতম জনাইছে ৷ সিহঁতৰ কথা-কান্ডক হাততালি দি সমৰ্থন জনাইছে ৷ আনকি প্ৰাক্তন প্ৰেচিডেন্ট বিল ক্লিন্টনৰ দৰে লোকেও ইহঁতৰ হৈ হাততালি বজাইছে ৷
মাহফুজ আলম নামৰ এই ইচলামিক সন্ত্ৰাসবাদীটোৱে নিজকে এজন ছাত্ৰ সজাই বিগত সময়চোৱাত সমগ্ৰ বাংলাদেশৰ মুৰ্খ, ধৰ্ম্মান্ধ, গোঁৱাৰ মানুহবোৰক আৰু মুৰ্খ, গোঁৱাৰ, ধৰ্ম্মান্ধলৈ ৰূপান্তৰিত কৰি আজি বাংলাদেশত চৰম নৈৰাজ্যবাদী পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ আৰু এইজন ধুৰন্ধৰ মাহফুজ আলমকে ”শান্তিৰ নোবেল বিজয়ী“ আন এক ধুৰন্ধৰে বিশ্বৰ সন্মুখত চিনাকী কৰাই দিছে “এজন মহান বিপ্লৱী“ৰ ৰূপত !!!

কাশ্মীৰৰ নিৰ্বাচনত ইঞ্জিনিয়াৰ ৰছীদ

  • ৰাজনীতি অসমৰ প্ৰতিবেদন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


জন্মু-কাশ্মীৰত চলি থকা বিধানসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্য্যায়ৰ ভোটগ্ৰহণৰ অন্ত পৰিব ১ অক্টোবৰত। এটা দশকৰ পিছত হ’ব লগীয়া নিৰ্বাচনৰ প্ৰতি ৰাইজৰ সহাৰি এতিয়ালৈকে আশাব্যঞ্জক। ২০১৯ চনত মোদী চৰকাৰে আৰ্টিকল ৩৭০ নিস্প্ৰভাবী কৰি জন্মু কাশ্মীৰক এখন কেন্দ্ৰীয় শাসিত ৰাজ্যলৈ ৰূপান্তৰ কৰিছিল। যোৱা ৫ বছৰত ৰাজ্যখনত সন্ত্রাসবাদীৰ কাৰ্য্যকলাপ হ্ৰাস পাইছে, পৰ্য্যটকৰ সংখ্যা বাঢ়িছে আৰু ঘাইপথৰ ব্যাপক উন্নতি হৈছে। ইয়াৰ বাবে মোদী চৰকাৰ ধন্যবাদৰ পাত্র। কিন্তু তাত থকা মুছলমান সকল এতিয়াও সন্তুষ্ট নহয়। জন্মু-কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চল কৰা বাবে তেওঁলোক ক্ষোভিত। তাৰোপৰি বিজেপি এটা হিন্দুত্ববাদী দল বুলি সকলোৱে জানে। গতিকে কাশ্মীৰৰ মুছলমানে বিজেপিক ভোট নিদিয়ে।

জন্মু আৰু কাশ্মীৰ ৰাজ্যক মুলতঃ দুটা ভাগত ভাগ কৰিব পাৰি। ৪৩ খন আসন থকা হিন্দু বহুল জন্মু উপত্যকা আৰু ৪৭ খন আসন থকা মুছলমান বহুল কাশ্মীৰ উপত্যকা। জন্মুত বিজেপি শক্তিশালী। ৪৩ৰ ভিতৰত ৩০ বা ৩৫ খন আসন লাভ কৰিলেও আচৰিত হ’বলগীয়া নাই। কিন্তু কাশ্মীৰ উপত্যকাত বিজেপিয়ে এখনো আসন লাভ কৰাৰ সম্ভাবনা নাই। কাশ্মীৰত প্ৰধান যুঁজ হ’ব মেহবুবা মুফতিৰ পিডিপি আৰু কংগ্ৰেছ-নেচনেল কনফাৰেঞ্চ জোঁটৰ মাজত। কাশ্মীৰৰ ৰাইজৰ মেহবুবা আৰু আব্দুলা পৰিয়াল দু্য়োটাৰ প্ৰতি মোহভংগ ঘটিছে। তেওঁলোকে কংগ্ৰেছক কিছু পচন্দ কৰে। সেয়েহে কংগ্ৰেছ-আব্দুলা ইয়াত সুবিধাজনক স্তিতিত আছে। বিজেপিয়ে নিজে জয়ী হ’ব নোৱাৰে বুলি জানি কাশ্মীৰত বহুতো নিৰ্দলীয় প্ৰাৰ্থী দিছে। ইয়ে বিজেপিক বিশেষ সহায় কৰাৰ সম্ভাবনা ক্ষীণ। কাশ্মীৰৰ নিৰ্বাচনৰ সকলোতকৈ গুৰুত্নপূৰ্ণ মানুহজন হ’ল ইঞ্জিনিয়াৰ ৰছীদ। তেওঁ ২০২৪ৰ লোকসভাৰ নিৰ্বাচনৰ সময়ত জেলত থাকি নিৰ্বাচন জিকিছিল। তেওঁৰ লগত শোচনীয় ভাবে পৰাস্ত হৈছিল ওমৰ আব্দুল্লা আৰু চাজ্জাদ লোনৰ দৰে শক্তিশালী প্ৰাৰ্থী। চাৰে পাছ বছৰ তিহাৰ জেলত থকাৰ পিছত ইঞ্জিনিয়াৰ ৰছীদ এতিয়া মুকলি আকাশৰ তলত। ৰছীদৰ কাৰ্য্য কলাপে নিৰ্বাচনী ফলাফলত বহুখিনি প্ৰভাব বিস্তাৰ কৰিব।মেহবুবা মুফতিৰ মতে বিজেপিৰ লগত ইঞ্জিনিয়াৰৰ চুক্তি হৈছে যাৰ ফলত তেওঁ জামিন লাভ কৰে। ৩৭ খন আসনত ৰছীদৰ দলে প্ৰাৰ্থী দিছে।

অসমৰ সকলোতকৈ দুৰদৰ্শী নেতা কোন?

ৰাজনীতি অসমৰ এই মাহৰ অ’পিনিয়ন প’লত আমি জানিব বিচাৰিছো অসমৰ সকলোতকৈ দুৰদৰ্শী ৰাজনৈতিক নেতা কোন? আমাৰ অ’পিনিয়ন প’লত ভাগ ল’বলৈ তলত ক্লিক কৰক। প’লত ভাগ লোৱাৰ অন্তিম দিন ২০ অক্টোবৰ ২০২৪।

CLICK HERE

অপৰাধীৰ ধৰ্ম আছে

  • ফনীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


এক

এগৰাকী বয়োজ্যেষ্ঠ মুছলমান সম্প্ৰদায়ৰ লোকৰ টেলিফোনে মোক আচৰিত কৰিলে ৷ মোৰ দৈনিক অসমত প্ৰকাশিত ʼশিৱসাগৰʼ লেখাটোৰ সূত্ৰ ধৰি তেওঁ ফোন কৰিছিল ৷ পূৰ্বতেও বহুবাৰ ফোন কৰিছে বিভিন্ন লেখাক লৈ ৷ চাক্ষুস পৰিচয় নাই ৷ তেওঁ জনালে যে মিঞাৰ অপৰাধৰ কথা ওলালে , এচাম হিন্দুয়ে হিন্দুৰ অপৰাধৰ পৰিসংখ্যা দি , হিন্দুৰ অপৰাধ , সাম্প্ৰদায়িকতাৰ কথা উলিয়াই পৰোক্ষভাৱে সেই অপৰাধীক ৰক্ষনাবেক্ষণ দিয়াৰ চাপ সৃষ্টি কৰে ৷ ই মিঞা অপৰাধীক উৎসাহিত কৰাৰ লগতে আমাকো বদনামী কৰে , হিন্দু-মুছলমানৰ সম্পৰ্কত ব্যাঘাত জন্মায় ৷ সেই অপৰাধীয়ে সমগ্ৰ অসমীয়া সমাজখনৰে ক্ষতি কৰিব , যʼত হিন্দু-মুছলমান সকলোৱে বাস কৰে ৷ এচাম হিন্দুৰ হিন্দুত্ববাদী চৰকাৰৰ ওপৰত ক্ষোভ আছে , তাৰ কাৰণে যুঁজক ৷ কিন্তু তাৰ বাবে মুছলমান অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত বেচি বেচি কৰি আমাৰ ক্ষতি কৰে কিয় , সমাজৰ ক্ষতি কৰে কিয় ? তেওঁ মূলত: মাৰ্কসবাদী সকললৈ আঙুলিয়াইছিল ৷ তেওঁ মোক নিজে এজন জাতীয়তাবাদী বুলি পৰিচয় দিলে ৷নাম কʼলে বহুতে চিনি পাব ৷ বহুত সময় ভাবি থাকিলো তেওঁৰ কথাখিনি ৷

দুই

ইতিমধ্যে মিঞা বিতৰ্কক লৈ বহু কথা চৰ্চা হৈ আছে ৷ কোন সঁচা , কোন মিছা , কোনে কি স্বাৰ্থত কিদৰে কি ভুমিকা লৈ আছে , ভুমিকা সলনি কৰিছে , সেয়া জনগণই নিৰীক্ষণ কৰি নিজেই সিদ্ধান্ত লʼব ৷ মিঞাক লৈ ৰাজনীতি সকলোৱে কৰিছে- বিজেপি , কংগ্ৰেছ ,মাৰ্কসবাদী , এআইইউডিএফ , অগপ সকলোৱে ৷ যʼত সমস্যা , তাত ৰাজনীতি কৰিবই ৷তেওঁলোকৰ উদ্দেশ্য মূলত: দলীয় স্বাৰ্থ ৰক্ষা , কিন্তু আমাৰ দৰে ৰাজনীতিৰ বাহিৰৰ মানুহখিনিৰ উদ্দেশ্য হʼল অসমৰ স্বাৰ্থ-ৰক্ষা ৷ আমি সমস্যাটোৰ বাস্তৱভিত্তি আছেনে নাই , আছে যদি তাৰ সমাধান কি সেইবিষয়েহে চিন্তা কৰা উচিত ৷মাৰোৱাৰীৰটো সমস্যা , তাৰ প্ৰতিবাদ স্বত:স্ফুৰ্ত ,কাৰণ সেই প্ৰতিবাদে মোৰ স্বাৰ্থ পুৰণ কৰিব , আৰু মিঞাৰটো সমস্যা নহয় , তাৰ প্ৰতিবাদ স্বত:স্ফুৰ্ত নহয় , কাৰণ সেই প্ৰতিবাদে ৰাজনৈতিক শত্ৰুক লাভান্বিত কৰিব – এনে নীতিৰে আমি পৰিচালিত হোৱা উচিত নহয় ৷ অসমৰ যদি ক্ষতি হৈছে , সেয়া আমাৰ বাবে সমস্যা – সেই নীতিহে প্ৰযোজ্য হোৱা উচিত ৷

তিনি

মোৰ বোধেৰে মাৰোৱাৰী আৰু মিঞা -দুয়োটা ক্ষেত্ৰতে হোৱা প্ৰতিবাদ স্বত:স্ফুৰ্ত ক্ষোভৰ প্ৰকাশ ৷সেই কথা উপলব্ধি কৰি সমস্যাৰ অস্তিত্ব স্বীকাৰ কৰিলেহে তাৰ সমাধান ওলাব ৷ ৰাজনৈতিক কাৰণত সমস্যাবোৰ ঢাকি ঢুকি থৈ আমি সেইবোৰৰ বৃদ্ধিতহে সহায় কৰিছো ৷ সমস্যাবোৰ আলোচনা হোৱাটো সমাধান অভিমুখী প্ৰথম পদক্ষেপ ৷ storming হʼলেও , গালি খাবলগীয়া হʼলেও , সেই আলোচনা কৰিব লাগিব ৷

চাৰি

অলপ খবৰ ৰাখিলেই গম পোৱা যায় , এটা কথা জনমানসত গভীৰভাবে শিপাবলৈ আৰম্ভ কৰিছে যে মিঞা সম্প্ৰদায়ৰ মাজত তুলনামূলকভাবে অপৰাধপ্ৰবণতা বেচি , তেওঁলোকৰ নৃশংসতাৰ তুলনা নাই , নাৰীজনিত কেলেঙ্কাৰী , বেদখল , ড্ৰাগছৰ ব্যৱসায় আদিত তেওঁলোকৰ সংখ্যাই অধিক ৷ ইয়াৰ উপৰি বিভিন্ন অঞ্চলত তেওঁলোকৰ আগ্ৰাসন আৰু জনসংখ্যা বৃদ্ধিয়ে অসমৰ বাবে ক্ষতিকৰ বুলি বহুতে বিশ্বাস কৰে ৷
যদিও বিজ্ঞানসন্মত পৰিসংখ্যা চৰকাৰীভাবে প্ৰকাশ হোৱা দেখা নাযায়, তথাপি সংবাদ পত্ৰৰ খবৰবোৰে স্বাভাৱিকতে এনে এটা ধাৰণাৰেই জন্ম দিয়ে৷ ৷ (চৰকাৰে পৰিসংখ্যা প্ৰকাশ কৰা উচিত )

হিন্দুৰ মাজতো ধৰ্ষণকাৰী আছে ,অত্যাচাৰী আছে, নৃশংস হত্যাকাৰী আছে, উগ্ৰ সাম্প্ৰদায়িক অপৰাধপ্ৰবণ লোক আছে , বেদখলকাৰী লোক আছে ৷ মিঞাৰ মাজত বেচিকৈ আছে বুলি সাধাৰণ লোকৰ ধাৰণা হৈছে ৷যদি সঁচা হয়, সেই সত্যক স্বীকাৰ কৰি লোৱাত আপত্তি থাকিব নালাগে ৷ সত্যক স্বীকাৰ কৰিলেহে সমাধান ওলাব ৷

পাঁচ

জন্ম সূত্ৰে বা নিজ নিজ বিশ্বাস অনুসৰি সাধাৰণতে আমাৰ সকলোৰে একোটা ধৰ্ম আছে ৷ আমি জঘন্য অপৰাধত লিপ্ত হ’লেই আমি ধৰ্ম পৰিচয়হীন হৈ নপৰোঁ ৷ মূল কথাটো হ’ল- ধৰ্মৰ ভিত্তিত নহয় , অপৰাধৰ ভিত্তিতহে দোষীৰ শাস্তি হ’ব লাগে ৷ আৰ্থ-সামাজিক কাৰকৰ সঠিক বিশ্লেষণেৰে যাতে সমাজৰ পৰা অপৰাধ নিৰ্মূলৰ সঠিক আঁচনি ল’ব পাৰি , তাৰ বাবে অপৰাধীৰ ধৰ্ম জনাটো জৰুৰী ৷ সেয়েহে ʼঅপৰাধীৰ ধৰ্ম নাই ʼ -এই কথাটো মই এক অবাস্তৱ ধাৰণা বুলি ভাবো ৷

ছয়

মিঞাসকলৰ মাজত অপৰাধ প্ৰবণতা বেচি বুলি তেওঁলোকক ঘৃণাৰে ওপোচাই দিয়া বা অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ বৌদ্ধিক-ৰাজনৈতিক চতুৰালিয়ে তেওঁলোকৰ অধিক অপকাৰহে কৰিব৷ ক্ষতি কৰিব সমাজখনৰো৷ তাৰ পৰিবৰ্তে যি সকল অপৰাধী তেওঁলোকক যথাবিহিত শাস্তি প্ৰদান কৰি বৈধ নাগৰিক হিচাপে স্বীকৃত মিঞা সম্প্ৰদায়ৰ লোকসকলক কিদৰে অসুস্থ প্ৰাতিষ্ঠানিক প্ৰভাৱৰ পৰা মুক্ত কৰি বৃহত্তৰ অসমীয়া সমাজৰ অংশ হোৱাত সহায় কৰিব পাৰি ,তাৰহে চিন্তা-চৰ্চা হোৱা উচিত৷ মই মানুহ হিচাপে সাধাৰণ হিন্দু আৰু সাধাৰণ মিঞাৰ মাজত একো পাৰ্থক্য বিচাৰি নাপাও ৷ একেই আৱেগ-অনুভূতি ৷ শাসক পক্ষইও মিঞা সম্প্ৰদায়ৰ প্ৰতি অৱজ্ঞাসুচক টিপ্পনী দিয়াৰ পৰা বিৰত থকা উচিত ,তাৰ পৰিবৰ্তে অপৰাধীক কঠোৰ শাস্তি দিয়াৰ লগতে হিংসা,অপৰাধ আদিৰ বাবে প্ৰৰোচিত কৰা অনুষ্ঠান-প্ৰতিষ্ঠানক নিয়ন্ত্ৰণলৈ অনাত দৃঢ় হোৱা উচিত ৷বৌদ্ধিক সমাজেও তেওঁলোকক হিন্দুৰ বিৰুদ্ধে ৰাজনৈতিক হাতিয়াৰৰ ৰূপ দিয়া অনুচিত, হিন্দুত্ববাদীয়েও মিঞা সম্প্ৰদায়ৰ প্ৰতি ঘৃণাৰ মনোভাবৰ পৰা সম্পূৰ্ণ মুক্ত হোৱা উচিত ৷ তাৰ পৰিবৰ্তে বৃহত্তৰ অসমীয়া সমাজৰ সৈতে মিলি যোৱাৰ পথহে সুগম কৰা উচিত ৷বুজাই দিয়া উচিত যে অসমীয়া পৰম্পৰাগত সমাজখন সকলো ধৰ্মৰ লোক, কাৰো প্ৰতি কোনো বিদ্বেষ নথকাকৈ থকা এখন উদাৰ,অনন্য সমাজহে৷

সাঁত

মিঞা সমাজেও ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত মিঞা কবিতাৰ সৃষ্টি, মিঞা যাদুঘৰ, মিঞা সাহিত্য সভা, অবৈধ কামক ৰক্ষণাবেক্ষণ দিয়া আদিক লৈ বেচি হৈ চৈ নকৰাটোৱেই হ’ব তেওঁলোকৰ বাবে মঙ্গলজনক ৷ লগতে অপৰাধীৰ যে ধৰ্ম আছে সেই সত্যও স্বীকাৰ কৰি লোৱা হওক ৷ পৰিসংখ্যাৰ পৰা যদি এই কথা ওলাই পৰে যে অধিকাংশ অপৰাধী মিঞা সম্প্ৰদায়ৰ, তেনেহ’লে চিহ্নিত কৰা হওক অপৰাধীৰ আধিক্য থকা মিঞা অধ্যুষিত অঞ্চলসমুহ ৷ যিদৰে পিছ পৰা কিছু শ্ৰেণীক বিশেষ সুবিধা প্ৰদান কৰা হয় , সেইদৰে অধিক অপৰাধী থকা সম্প্ৰদায়ৰ ক্ষেত্ৰতো বিশেষ সতৰ্কতা আৰু নিৰীক্ষণৰ ব্যৱস্থা থাকক ৷ অনুসন্ধান কৰা হওক কোনো অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰভাৱৰ বাবে এক আধুনিক চিন্তাৰ পৰা বিচ্ছিন্ন দ্বীপসদৃশ পৰিৱেশৰ সুযোগ লৈ তাত এক অসুস্থ Comraderie গঢ়ি উঠিছে নেকি, যদিহে হৈছে পুৰ্নসংস্থাপনৰ জৰিয়তে এলেকাটো নতুনকৈ গঢ় দিয়ক যাতে তাত সকলো ধৰ্মাৱলম্বী লোকৰ এক মিশ্ৰ সমাজ গঢ় লৈ উঠে৷

আঠ

চহৰ-নগৰতো এনে ব্যৱস্থা হওক যাতে সেইবোৰ এলেকাৰ পৰা অহা লোকসকলে এটা নিৰ্দিষ্ট পকেটত থকাতকৈ সকলো ধৰ্মাৱলম্বী লোকৰ মাজত মিলিজুলি বাস কৰিব পাৰে৷ এনে নতুন নতুন দ্বীপসদৃশ এলেকাৰ যাতে সৃষ্টি নহয় ,তাৰ বাবে অবাধ জন্মৰ গতি ৰোধৰ ব্যৱস্থা কৰক ৷ কাৰাগাৰতো অসুস্থ Comraderie ৰ ওপৰত নজৰ ৰখা হওক৷ খুব সম্ভৱ অলপ অধ্যয়ন কৰিলেই এই কথা ওলাই পৰিব যে এনে বিচ্ছিন্ন এলেকাৰ পৰিবৰ্তে বাহিৰলৈ ওলাই আহি সকলোৰে মাজত ডাঙৰ-দীঘল হোৱা সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ মাজত এনে অপৰাধ প্ৰবণতা কম ৷
এই সকলোবোৰৰ পৰা আটাইতকৈ উপকৃত হ’ব মিঞা সম্প্ৰদায়৷ আমি সকলো মিলিজুলি এনে এখন সমাজত, এনে এক সাংস্কৃতিক বাতাবৰণত থাকিব বিচাৰোঁ য’ত এইটো মিঞাৰ ঘৰ, এইটো খিলঞ্জীয়া মুছলমানৰ ঘৰ, এইটো খ্ৰীষ্টিয়ানৰ ঘৰ, এইটো হিন্দুৰ ঘৰ ,এইটো মিঞাৰ অঞ্চল , এইটো মাৰোৱাৰী পট্টি বুলি কোনোবাই কৈ নিদিলে ধাৰণা কৰাটো সহজ নহয় ৷

অপৰাধ প্ৰবণতা যদি মিঞাৰ ক্ষেত্ৰত বেচি , সেই অপৰাধৰ বিৰুদ্ধে উচিত ব্যৱস্থা লোৱাত সহযোগ কৰাটো মুছলমান , হিন্দু , চৰকাৰ , বিৰোধী সকলোৰে দায়িত্ব ৷ এনে সহযোগিতাইহে সমাজখনক ৰক্ষা কৰিব ৷ 26 আহিব বা যাব , কিন্তু একেবোৰ সমস্যা তাৰ পিছতো থাকিব ৷ সেইবোৰক ৰাজনৈতিক কাৰণত ঢাকি-ঢুকি ৰখা বা ফুৱাই দিয়াতকৈ মুকলি আলোচনাৰ মাজলৈ আনি নিৰ্মোহ গণতান্ত্ৰিক বিশ্লেষণ কৰি সমাধান উলিওৱাৰ প্ৰয়াসহে জৰুৰী ৷ তাৰ বাবে দুয়ো পক্ষৰ সাধাৰণ লোকৰ মাজত মুখামুখিকৈ ডায়লগৰ ব্যৱস্থা হওক ৷ এনেবোৰ সমস্যাৰ সমাধানৰ বাবে দৃষ্টি 26 তে সীমাৱদ্ধ হʼলে নহʼব , ই হʼব লাগিব সুদূৰপ্ৰসাৰী ৷

দহ

প্ৰতিবাদকাৰীক চহী কৰিবলৈ দিয়া bond ত কি লিখা আছে নাজানো , আইনত কি আছে তাকো নাজানো ৷ মোৰ বোধেৰে বণ্ডত ʼআমি গণতান্ত্ৰিক উপায়েৰে আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিম ʼ – অকল সেই কথাটো থাকিলেহে তেনে বণ্ড চহীৰ যোগ্য বুলি বিবেচিত হʼব পাৰে ৷আন বণ্ড স্বাভিমানত আঘাত , গ্ৰহণযোগ্য নহয় ৷

অসমীয়া ভাষা শিকা জৰুৰী নেকি?

  • দিগন্ত কুমাৰ ভট্টাচাৰ্য্য

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


এই যে আমি বহুতেই ‘আজি এজন মাৰোৱাৰীয়ে হিন্দীত কথা সুধিলে, মই কিন্তু অসমীয়াত হে উত্তৰ দিলোঁ৷ তাৰ পাছত সেইজনেও অসমীয়াত ক’বলৈ ধৰিলে’ অথবা ‘বিহাৰী এজনে আজি হিন্দীত কিবা কৈ আছিল, এনেকুৱা দম দিলোঁ নহয় যে অসমত থাকিবলৈ হ’লে অসমীয়া ভাষা শিকি ল, নহ’লে বিহাৰ যা’ – এনে ধৰণৰ পোষ্ট লিখি ফে’চবুকত সকলোকে দেখুৱাও – ‘চা মই কিমান জাতীয়তাবাদী, অসমীয়া ভাষা-সংস্কৃতি জীয়াই ৰাখিবলৈ মই আজি কম কাম নকৰিলোঁনে, দে মুঝে তালিয়া, দে মুঝে লাইক’!

বিহাৰী বা মাৰোৱাৰী দুজনক অসমীয়া ভাষাত দুটা বাক্য জোৰ কৰি ক’বলৈ দি যদি ভাবিছে- ‘এনেকৈ মোৰ ভাষা-সংস্কৃতি প্ৰৱাহিত হ’ব আজীৱন’, তেনেহ’লে মোৰ ক’বলৈ একো নাই৷ আৰে, বিহাৰী বা মাৰোৱাৰীয়ে দুই লাইন কৈও দিব, মই খুছ, অসমীয়া ভাষাৰ মজবুটিত ময়ো যোগালোঁ অৰিহনা৷ হাস্যকৰ৷ মই পুণেত থকা বিশ বছৰেই হ’ল৷ আজিলৈ কাকো মাৰাঠীত এষাৰো কৈ পোৱা নাই৷ যি কওঁ, হিন্দী বা ইংৰাজীত৷ কাৰো সমস্যাও নাই৷ কোনেও মোক দম দিয়াও নাই৷ এতিয়া ৰাজ থাকৰেৰ উদাহৰণ দি নক’ব যে তেওঁ কিয় বিহাৰী খেদোৱাৰ কথা ভাবিছিল৷ সেইবোৰ ৰাজনীতি৷ মুম্বাইত কেইজন বহিৰাগতক খেদিলে বাৰু?

যিয়েই নহওক, বিহাৰী/মাৰোৱাৰী দুজনমানৰ লগত অসমীয়াত কোৱা/লিখাৰ তৰ্ক কৰাতকৈ এইখিনি কৰোঁ আহক, তেতিয়াহে যদি অলপ হ’লেও অসমীয়া ভাষা-সংস্কৃতি ৰক্ষাত মই এক অনাৰ অৰিহনা যোগাব পাৰোঁ :
১) মই মোৰ ঘৰৰ শিশুসকলে অসমীয়া ভাষাটো কিমান শিকিছে, মই নিৰীক্ষণ কৰিম
২) ওচৰ-চুবুৰীয়াক আংকল-আন্টি মাতিলে মই শিকাই দিম যে অসমীয়াত বহুত ভাল সম্বোধন আছে, বহুত মিঠা – মাহী, খুৰা, জেঠাই – এইবোৰ মাতিবা৷ (মাৰাঠীসকলে এতিয়াও আই, বাবা, তায়ি – আদি সম্বোধনবোৰ এৰা নাই, তাৰ কাৰণে ৰাস্তাত আন্দোলনো কৰা নাই)
৩) মই এখন হ’লেও অসমীয়া বাতৰি-কাকত ঘৰত ৰাখিবলৈ আৰম্ভ কৰিম৷ বছৰেকত দুই-তিনিখন অসমীয়া কিতাপ কিনি আনি (খুজি-মাগি, ধাৰ কৰি নহয়) মোৰ ঘৰৰ নৱ-প্ৰজন্মক পঢ়িবলৈ উৎসাহ দিম
৪) বছৰেকত দুখনমান হ’লেও অসমীয়া চিনেমা একেলগে চাবলৈ যাম
৫) ক’ৰবাত শিল্পী দিৱস, ৰাভা দিৱস আদি অনুষ্ঠিত হ’লে ঘৰৰ শিশুহঁতক লৈ যাম৷ অসমীয়া গান-নাঁচৰ প্ৰতি আগ্ৰহ জন্মাবলৈ চেষ্টা কৰিম৷ (বহুত বিহু ফাংচন এতিয়া বজৰুৱা, সেইবোৰ কেনেকৈ ঠিক কৰিব পাৰি, উগ্ৰ জাতীয়তাবাদী সকলক মুকলিকৈ সুধিম)
৬) ক’ৰবাত অসমীয়া নাটক-ভাওনাৰ যদি খবৰ পাওঁ, যাবলৈ আৰু চাবলৈ যত্ন কৰিম
৭) ঘৰত মই শিশু বা নৱ প্ৰজন্মৰ কেইজনৰ লগত অসমীয়াতে কথা পাতিম। ‘বেটা ড’ন্ট গো ডে’য়াৰ’ বা ‘বেইবী, কম হেয়াৰ’ – ধৰণৰ বাক্য নকওঁ
৮) ….. আৰু বহুত আছে
কাৰোবাৰ দ্বিমত থাকিব পাৰে, কিন্তু এইখিনি কৰক, মোৰ মতে অসমীয়া ভাষা-সাহিত্যলৈ বহু যুগলৈ সমস্যা নাহিব

কংগ্ৰেছৰ সভাপতি কোন হ’ব?

  • ৰাজনীতি অসমৰ প্ৰতিবেদন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


২০২৪ৰ সাধাৰণ নিৰ্বাচনত অসমত কংগ্ৰেছ দলে মাত্র তিনিখন আসন লাভ কৰিলেও দলটোৰ উৎসাহ বৃদ্ধি পাইছে। ইয়াৰ মুখ্য কাৰণ দুটা। মুছলমান ভোটাৰসকল সম্পূৰ্ণ ভাবে কংগ্ৰেছলৈ ছিফ্ট হৈছে। ধুবুৰীত ৰকিবুল হুছেইনৰ জয়ৰ ব্যৱধান আৰু নগাওঁত আমিনুল ইছলামৰ দশাই ইয়াক প্ৰমাণ কৰিবলৈ যঠেষ্ট। আনফালে হিন্দু বলয়তো কংগ্ৰেছৰ গ্ৰহণযোগ্যতা বৃদ্ধি পাইছে। যোৰহাটত কংগ্ৰেছৰ বিজয়ৰ লগতে কংগ্ৰেছ গুৱাহাটী, বৰপেটা , ডিব্ৰুগড় আদিত হিন্দু ভোট লাভ কৰিবলৈ সক্ষম হৈছে। অশোক শৰ্মাৰ দৰে প্ৰবীণ হিন্দুত্ববাদী নেতাৰ যোগদানে কংগ্ৰেছক হিন্দুৰ মাজত জনপ্ৰিয় কৰি তুলিব বুলি তেওঁলোকে আশা কৰিছে। দলীয় কৰ্মীসকলৰ উৎসাহ দুগুণে বৃদ্ধি কৰিবলৈ এইবাৰ কংগ্ৰেছৰ প্ৰদেশ সভাপতি সলনি কৰাৰ যো যা চলিছে। ভুপেন বৰাৰ ওপৰত যদিও তেনেকৈ কোনো অসন্তোষ নাই তথাপি তেওঁ তিনিবাৰ নিৰ্বাচনত পৰাজিত হৈছে। কংগ্ৰেছে ২০২৪ত জয়ী হোৱা তিনিজন সাংসদৰ ভিতৰত এজনক সভাপতি পতাৰ চিন্তা কৰিছে। ৰকিবুল হুছেইন অসমীয়া মুছলমান হ’লেও তেওঁ ধুবুৰীৰ সাংসদ। বিজেপিয়ে ইয়াক নিৰ্বাচনী ইছু কৰিব পাৰে। সেয়ে প্ৰদ্যুত বৰদলৈ বা গৌৰৱ গগৈৰ ভিতৰতে এজন সভ‍পতি হ’ব। হাইকামাণ্ডে গৌৰৱ গগৈ সভাপতি হোৱাটো বিচাৰে যদিও তেওঁ নিজে সভাপতি হ’বলৈ ইচ্ছা কৰা নাই। গৌৰৱ গগৈয়ে ভাবে যে তেওঁ সভাপতি পদ লোৱাৰ সময় এতিয়াও আহি পৰা নাই। তেওঁ অসমখনত আৰু অধিক ঘুৰিব বিচাৰে ইয়াক জানিব বিচাৰে। সেইফালৰ পৰা চাব গ’লে প্ৰদ্যুত বৰদলৈৰ পৰবৰ্তী কংগ্ৰেছ সভাপতি হোৱাৰ সম্ভাবনা উজ্জ্বল।

টকা থাকিলে অসমীয়া?

  • দেৱজিত দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


মুখ্যমন্ত্রীয়ে অভিযোগ কৰা মতে USTM য়ে পাহাৰ কটাৰ ফলত গুৱাহাটীত কৃটিম বাণৰ প্ৰকোপ বৃদ্ধি পাইছে। তেখেতে ইয়াক নাম দিছে ফ্লাদ জেহাদৰ। যিহেতু USTM ৰ মালিকজন মুছলমান সম্প্ৰদায়ৰ সেয়েহে মুখ্যমন্ত্রীৰ বক্তব্যত বহুতে ৰাজনীতিৰ গোন্ধ পাইছে। সেইসকলৰ মতে আজমল দুৰ্বল হোৱাৰ পিছত মুখ্যমন্ত্রীয়ে আন এজন মুছলমান খলনায়ক বিচাৰি ফুৰিছে। কিন্তু আচলতে জানো USTM ৰ ফলত অসমত কৃত্রিম বানপানী বৃদ্ধি পাইছে? আমাৰ চৰজমিন তদন্তত মুখ্যমন্ত্রীৰ বক্তব্যৰ সত্যতা প্ৰমাণিত হৈছে। আমি তাৰ স্থানীয় লোকৰ সৈতে কথা পাতি গম পাইছো যে নতুনকৈ মেডিকেল কলেজ নিৰ্মানৰ ফলত যি বন ধ্বংস যজ্ঞ চলিছে তাৰ দাম অসমে পৰিষোধ কৰিবলগীয়া হৈছে। আগতে পাহাৰখনে যিমান পানী ধৰি ৰাখিব পাৰিছিল বৰ্তমান সময়ত তাৰ পৰিমাণ বহুত হ্ৰাস পাইছে। USTM নিৰ্মান কৰা হৈছে মেঘালয়ত যদিও ই গুৱাহাটীৰ নিচেই কাষত। ইয়াৰ শিক্ষাৰ্থী তথা শিক্ষকৰ সৰহভাগেই অসমৰ। পৰিকল্পিত ভাবে ইয়াত মেঘালয়ত নিৰ্মান কৰি মালিকজনে সকলো সা সুবিধা আদায় কৰিছে অসমৰ পৰা। অসমৰ ডাক্তৰ বিলাকক ফুচুলাই টকাৰ লোভত তাত লৈ যোৱা হৈছে। অনাগত দিনত USTM ৰ মেডিকেল কলেজে স্বীকৃতি পালে অসমত চিকিৎকৰ নাটনি হ’ব পাৰে। USTMৰ বিৰূদ্ধে মুখ্যমন্ত্রীৰ আক্ৰোশ সম্পূৰ্ণ সমৰ্থনযোগ্য।

এতিয়া আহো কিছুমান সংবাদ মাধ্যম আৰু য়ুটুবাৰৰ প্ৰসংগলৈ। সময়ে সময়ে এওঁলোকে USTM ক প্ৰশংসা কৰি আহিছে। জেপত সামান্য ধন লৈ মেহবাবুল হকে হেনো আজি কৌটিপতি হৈছে। ইলেকট্ৰনিক মিডিয়াৰ নামী দামী সাংবাদিকে তেওঁৰ সন্মুখত শিৰ নত কৰি কথা কৈছে। তাৰ বিনিময়ত যে এইসকল লোকে কিবা প্ৰতিদান লাভ কৰিছে সেয়া নিশ্চিত। খৱৰ পোৱা মতে বিজ্ঞাপন, বিদেশ ভ্ৰমণ, অদিটৰিয়ামত মিটিং কৰাৰ সুবিধা দি USTM ৰ মালিকে অসমৰ বহু সাংবাদিক আৰু মালিক গোষ্ঠীক ফিটিং কৰিছে। ইয়াৰ জলন্ত প্ৰমাণ হ’ল মুখ্যমন্ত্রীৰ বক্তব্যৰ পিছত এওঁলোকৰ ভুমিকা। তথ্য প্ৰমাণ সহকাৰে এওঁলোকে প্ৰমাণ কৰিব লাগিছিল যে USTM এ অসমৰ একো ক্ষতি কৰা নাই। এয়া নকৰি তেওঁলোকে কৰি আছে অন্য এখন নাটক। USTM ক বচাবলৈ বাচি লোৱা হৈছে কৃত্রিম বানপানীৰ অন্য কাৰণসমূহ। মুখ্যমন্ত্রীৰ গৃহ সমষ্টিত পাহাৰ কটা, আমচাং ইত্যাদি ইত্যাদি। কৃত্রিম বানপানী হোৱাৰ বহু কাৰণ থাকিব পাৰে কিন্তু USTMৰ কাৰকটোক এই কাৰণে আওকাণ কৰিছো নেকি যে তাৰ মালিকৰ বহু টকা আছে? সামাজিক মাধ্যমত এজন লোকে ঠিকেই লিখিছে _টকা থাকিলে অসমীয়া নহ’লে মিঞা।

অশোক শৰ্মাই কিমান ভোট পাব?

  • নয়ন বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


অৱশেষত অশোক শৰ্মাই কংগ্ৰেছত যোগদান কৰিলে। তেওঁ নিশ্চয়কৈ ২০২৬ত কংগ্ৰেছৰ টিকট পোৱাৰ প্ৰতিশ্ৰুতি লাভ কৰিছে। ইতিমধ্যে নলবাৰীত দুবাৰকৈ পৰাজিত হোৱা কংগ্ৰেছৰ নেতা প্ৰদ্যুত ভূঞাৰ ইয়াত আপত্তি নাথাকিব চাগে। নলবাৰী হ’ল হিন্দুত্বৰ কাৰখানা আৰু কংগ্ৰেছ ইয়াত দুৰ্বল। তেওঁলোকেও বুজে যে ইয়াত অশোক শৰ্মাক বাদ দি তেওঁলোকৰ গত্যন্তৰ নাই।

অশোক শৰ্মা জয়ী হ’ব পাৰিবনে?

২০২৬ত নলবাৰীত অশোক শৰ্মা বনাম জয়ন্ত মল্ল বৰুৱা হ’বলৈ গৈ আছে। জয়ন্ত মল্ল বৰুৱা এজন কেবিনেট মন্ত্রী তথা মুখ্যমন্ত্রীৰ সকলোতকৈ ঘনিষ্ঠ ব্যক্তি। সমষ্টি পুনৰনিৰ্ধাৰণৰ পিছত নলবাৰীৰ কিছু হিন্দু  অধ্যুসিত অঞ্চল বৰক্ষেত্রীক দিয়া হ’ল আৰু বৰক্ষেত্রীৰ কিছু মুছলমান বহুল অঞ্চক নলবাৰীত যোগ কৰিলে।সকলোবোৰ মুছলমানে কংগ্ৰেছক ভোট দিয়াটো খাটাং যদিও হিন্দুসকলৰ ভোট ভাগ হ’ব। বৰ্তমান সময়ত নলবাৰীত বিজেপিৰ প্ৰায় ১ লাখ ভোট আছে আৰু কংগ্ৰেছৰ আছে প্ৰায় ৬০ হাজাৰ। যদি প্ৰদ্যুত ভূঞা কংগ্ৰেছৰ প্ৰাৰ্থী হ’লহেতেন তেতিয়া হয়তো জয়ন্ত মল্ল ইয়াৰ পৰা প্ৰায় ৪০ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হ’লহেতেন। কিন্তু অশোক শৰ্মা ইয়াৰ স্থানীয় লোক। ভূঞা আৰু বৰুৱাক নলবাৰীৰ ৰাইজে ২০১১ চনৰ পৰাহে দেখা পাইছে। আনফালে অশোক শৰ্মাই নলবাৰীত ১৯৯০ চন মানৰ পৰাই সামাজিক ভাবে জড়িত হৈ আছে। কৃষি, বহুমুখী প্ৰকল্প, নলবাৰী হৰিমন্দিৰ, ৰাষ্ট্ৰীয় স্বয়ম স্বেবক সংঘ আদিৰ লগত জড়িত হৈ তেখেতে ৰাইজৰ সেৱা আগবঢ়াই আছে। বিধায়ক থকা বা নথকা যিকোনো সময়তে তেওঁক নলবাৰীত দেখা পোৱা যায়। আনফালে জয়ন্ত মল্ল বৰুৱাও এজন শক্তিশালী নেতা। তেওঁৰ বাকপটুটা আৰু কৰ্মদক্ষতাক স্বীকাৰ কৰিবই লাগিব। নলবাৰীৰ নলা নৰ্দমা আৰু ফুটপাথৰ কামৰ বাবে ৰাইজে তেওঁৰ শলাগ লৈছে। নলবাৰীৰ ঐতিয্যমন্দিত গৰ্ডন স্কুলক তেওঁ নতুন ৰূপ দিছে। কিন্তু বৰুৱাৰ প্ৰধান সমস্যা হৈছে সময়। তেওঁ মন্ত্রী, অভিভাবক মন্ত্রীৰ লগতে দলৰো কাম কৰিব লগা হৈছে। ফলত সমষ্টিৰ মানুহৰ ফোন ধৰিবলৈ বা সমষ্টিৰ মানুহক লগ কৰিবলৈ তেওঁৰ সময় নাই। তেওঁৰ সোঁৱে বাওেঁ থকা মানুহকেইজন বহুত অংহকাৰী বুলি ৰাইজে সততে অভিযোগ কৰা। ইয়ে জয়ন্তমল্লৰ ভোট কিছু কৰ্তন কৰিব। আমি পোৱা খৱৰ অনুসৰি অশোক শৰ্মাই বিজেপিৰ প্ৰায় ১০ হাজাৰ ভোট নিজৰ ফালে আনিবলৈ সক্ষম হৈছে। এতিয়া দুয়োজনৰ মাজত ব্যৱধান মাত্র ২০ হাজাৰৰ। নিৰ্বাচনলৈ এতিয়াও দেৰ বছৰমান আছে। যদি অশোক শৰ্মাই আৰু ১০ হাজাৰ ভোট টানিব পাৰে তেন্তে শৰ্মা পুনৰ ২০২৬ত বিধায়ক হৈ যাব পাৰে। অবশ্যে বহু কথা নিৰ্ভৰ কৰিব অশোক শৰ্মাৰ নিৰ্বাচন ষ্ট্ৰেটেজীৰ ওপৰতো।

লাভ জেহাদৰ ৯টা কেছ

  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো লাভ জিহাদৰ বহু ঘটনা আজি কালি ঘটি আছে । ধুবুৰী জিলাৰ আগমনিত পুনৰ আৱিৰ্ভাৱ ঘটিছে লাভ জেহাদীৰ ।
গুৱাহাটীৰ চানমাৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল
আগমনিৰ দীঘলটাৰী গাঁৱৰ এগৰাকী আইনৰ ছাত্ৰ। যোৱা ২৭ আগষ্ট তাৰিখে অসম আৰক্ষীয়ে মাদ্ৰাছা তথা খেৰবাৰী ছিনিয়ৰ এম ই স্কুলৰ শিক্ষক জহিৰুদ্দিন আহমেদৰ পুত্ৰ আলমগীৰ আহমেদ নামৰ ছাত্ৰজনক গ্ৰেপ্তাৰ কৰি লৈ যায়। জানিব পৰা মতে, ধৃত আলমগীৰে গুৱাহাটীৰ চানমাৰিৰ জে বি মহাবিদ্যালয়ৰ আইন বিভাগত অধ্যয়ন কৰাৰ গইনা লৈ গুৱাহাটীৰ এখন শিক্ষানুষ্ঠানৰ ছাত্ৰী তথা লামডিঙৰ এগৰাকী হিন্দু ছাত্ৰীক পৰিচয় সলায় প্রলোভন দি লাভ জেহাদত লিপ্ত হৈ শাৰীৰিক সম্পৰ্ক কৰিছিল। কিন্তু প্রায় এমাহ পূৰ্বে ছাত্ৰীগৰাকীক এৰি পালায়ন কৰে লম্পট আলোমগীৰে। উপায়হীন হৈ ছাত্ৰীগৰাকীয়ে চানমাৰি থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ১৪০/২৪ নম্বৰত এটা গোচৰ ৰুজু কৰে। কালি দুপৰীয়া হালাকুৰা আৰক্ষীয়ে দীঘলটাৰী গাঁৱৰ নিজ ঘৰৰ পৰা লম্পট আলোমগীৰক আটক কৰে আৰু নিশা চানমাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।গ্ৰেপ্তাৰৰ পিছতেই সকলো তথ্য পোহৰলৈ আহে ।

চাদিক শ্বাহজাহানে মিন্টু ৰয় নাম লৈ হিন্দু ছোৱালীক কামাখ্যা মন্দিৰত বিয়া কৰোৱাৰ পিছত অত্যাচাৰ আৰম্ভ কৰে যুৱতী গৰাকীক আৰু জোৰ জুলুম কৰি গো মাংস খাবলৈ বাধ্য কৰে। জাকিৰ হুচেইনে ৰাজু চক্ৰৱৰ্তী নাম লৈ এগৰাকী হিন্দু যুবতীক বিয়া কৰায়।সোণাৰিত আব্দুল চামাদ তালুকদাৰে অভিজিত দাস নাম লৈ হিন্দু ছোৱালী বিয়া কৰায় ধৰা পৰে।লালুকৰ আব্দুল হেলিম দুটা সন্তানৰ পিতৃ হৈয়ো অৰুণাচলৰ পৰা ১৩ বছৰীয়া ছোৱালী লৈ পলায়ন কৰে।১৪ অক্টোবৰ ২০১৮ চনত দ্বীপৰ বিলৰ ওচৰত ময়ুৰীৰ মৃতদেহ উদ্ধাৰৰ কথা এতিয়াও মনত আছে। সন্দেহ কৰা মতে জালুকবাৰীৰ চাহিদ খানৰ‌ লগত‌ সম্পৰ্ক থকা বাবেই হত্যা কৰা হৈছিল। ছিপাঝাৰৰ বুঢ়া কাণ্ড খ্যাত হিন্দু যুৱতীক অপহৰণ কৰা ৰফুল আলিৰ কথাই হওক , গোলাঘাট জিলাৰ উমিয়াম ঘাটৰ বোৱাৰী পূৰ্ণিমা মেচৰ সমীৰ আলীয়ে ছদ্ম নামেৰে বিয়া কৰাই অসমৰ বাহিৰত এৰি পলাই যোৱাৰ ঘটনাই হওক ,২০১৮ চনত জফৰ আলীৰ লগত মৌচুমী দাসৰ লাভ জিহাদৰ ঘটনাই হওক, হিজবুল জিহাদি ছাহজাহানৰ লাভ জিহাদৰ জৰিয়তে শ্লিপাৰ চেল গঠনৰ চেষ্টা কথাই হওক এই ঘটনাবোৰৰ পেটাৰ্ন কিন্তু একেই।সেয়া চল‌-চাতুৰীৰে হিন্দু ছোৱালী বা মহিলাক প্ৰলোভিত কৰাই হওক বা কেৱল হাৰাশাস্তি কৰাই হওক, জোৰ-জবৰদস্তি কৰাই হওক, গুণ্ডাগিৰি কৰাই হওক, বা ব্যক্তিগত মূহুৰ্তৰ ছবিৰে ব্লেকমেইল কৰাই হওক তাৰ কোনো হিচাপ নাই।প্ৰগতিশীল ৱেবছাইট আৰু মূলসুঁতিৰ সংবাদ মাধ্যমৰ “লাভ জেহাদ” শব্দটোৰ প্ৰতি এলাৰ্জী থাকে,গতিকে তেওঁলোকৰ প্ৰিয় ‘ইন্টাৰ ফেইথ” শব্দটো ।এই ‘আন্তঃধৰ্মী’ বা “ইন্টাৰ ফেইথ” হত্যাকাণ্ডৰ ঘটনা আজিকালি বহুত বাঢ়িছে।অদূৰ ভৱিষ্যতে ভাৰতত এনে ঘটনা বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰবল ।

আজি আপুনি ইণ্টাৰনেটত এই কথা শুনিছে, সংবাদ মাধ্যমৰ পৰা কিছু তথ্য লাভ কৰি ভাবিছে – “এই ঘটনাবোৰৰ লগত মোৰ কোনো সম্পৰ্ক নাই”। কিন্তু যি দৰে ঘটনাৰ বৃদ্ধি পাইছে , এদিন চাব এনেধৰণৰ ঘটনাই আপোনাৰ দুৱাৰত টোকৰ মাৰিব, আৰু তেতিয়ালৈকে বহু দেৰি হ’ব।চৰকাৰে এই লাভ জেহাদীৰ বিৰুদ্ধে এচ টি এফ গঠন কৰিব লাগে ।