Wednesday, May 15, 2024
Home Blog Page 5

বিজেপিৰ বাবে ৪০০ আসন অসম্ভব নহয়

  • ৰাজনীতি অসমৰ প্ৰতিবেদন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


বিজেপিৰ শ্লোগান_ এইবাৰ ৪০০ পাৰ। বিজেপি নেতৃত্বই স্পষ্ট কৰিছে যে তেওঁলোকক ৪০০ খন আসন আৰু ৫০% ভোট লাগে। নিতীশ, মমতাই কংগ্ৰেছৰ সংগ এৰিছে। অসমত অংকিতা, অপূৰ্ব, বিস্মিতা, দিপাংক সকলো বিজেপিৰ পিনে ধাবমান হৈছে। ইয়াতে স্পষ্ট হৈছে বতাহ কোন দিশে। বিজেপিয়ে যে ২০২৪ত কেন্দ্ৰত চৰকাৰ গঠন কৰিব সেয়া নিশ্চিত। কিন্তু ৪০০ খন আসন আৰু ৫০% ভোট পোৱা কোনো দলৰ বাবে জানো সম্ভব? স্বাধীন ভাৰতৰ ইতিহাসত এতিয়ালৈকে কোনো দলে এনে কৃতিত্ব লাভ কৰা নাই। ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত ৰাজীব গান্ধীৰ নেতৃত্বত কংগ্ৰেছে ৪০০ৰ অধিক আসন লাভ কৰিছিল যদিও ভোটৰ শতাংশ আছিল ৪৮.৫। তেন্তে বিজেপিয়ে ইতিহাস সলনি কৰিব নেকি?

৪০০ খন আসন লাভ কৰিবলৈ বিজেপিয়ে উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিম সকলোতে নিজৰ আসনৰ সংখ্যা বৃদ্ধি কৰিব লাগিব। ২০১৯ত বিজেপিয়ে লাভ কৰিছিল ৩০৩খন আসন। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশত দলে পাইছিল ৮০ৰ ভিতৰত ৬২ খন। এইবাৰ যিহেতু সমাজবাদী আৰু বহুজন সমাজবাদী দলৰ মিত্রতা হোৱাৰ সম্ভাবনা কম তথা ৰাম মন্দিৰৰ আবেগো আছে, তেনে ক্ষেত্রত বিজেপিয়ে ১০খন আসন বৃদ্ধি কৰিব পাৰে। উত্তৰ প্ৰদেশক বাদ দি উত্তৰ আৰু পশ্চিম ভাৰতৰ আন ৰাজ্য যেনে পঞ্জাৱ, দিল্লী, হাৰিয়ানা, মধ্যপ্ৰদেশ, ৰাজস্থান, গুজৰাট, আদি ৰাজ্যত বিজেপিৰ আসন বঢ়াৰ কোনো সম্ভাবনা নাই। মহাৰাষ্ট্ৰত সিন্ধে গ্ৰুপক কম আসন দিলে ৫ খন মান বাঢ়িব পাৰে। উত্তৰ পূৰ্বাঞ্চলত সমষ্টি পুনঃ নিৰ্ধাৰণৰ ফলত বিজেপিয়ে দুই বা তিনিখন আসন বেছিকৈ লাভ কৰিব। পশ্চিম বংগ আৰু উৰিষ্যা মিলি খুব বেছি ১০ খন আসন বাঢ়িব পাৰে। দক্ষিণৰ ৰাজ্য কৰ্ণাটক আৰু তেলেংগাক বাদ দি আনত বিজেপিৰ অবস্থা শোচনীয়। যোৱাবাৰ তেলেংগানাত ১৭ৰ ভিতৰত ৪ আৰু কৰ্ণাটকত ২৮ৰ ভিতৰত ২৫ খন আসন লাভ কৰিছিল। এইবাৰ কৰ্ণাটকত আসন বঢ়াৰ কোনো সম্ভাবনা নাই যদিও তেলেংগানাত ২-৫ খন বাঢ়িব পাৰে। গতিকে বিজেপিৰ মুঠ আসনৰ সংখ্যা ৩৫০ হ’ব পাৰে যদিও তাতকৈ বেছি হোৱাৰ কোনো সম্ভাবনা নাই। ৰাজনীতি অসমৰ যোৱা মাহৰ অপিনিয়ন প’লত ৮২% ৰাইজৰ মতে বিজেপিয়ে ৩৫০ৰ অধিক আসন পাব।  গতিকে ক’ব গলে ৪০০ খন আসন বিজেপিৰ বাবে অতি কঠিন প্ৰত্যাহ্বান কিন্তু অসম্ভব নহয়।  তামিলনাডু, কেৰেলা আৰু অন্ধ্ৰত যদি বিজেপিয়ে কিবা মিৰাকেল দেখুৱাব পাৰে তেতিয়া বিজেপিয়ে ৪০০ ৰ ওচৰ পাব পাৰে।

বিস্মিতা গগৈৰ ব্লাউজ থিওৰি

  • দেৱজিত দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


বিস্মিতা গগৈৰ ব্লাউজত পদুম ফুলৰ চিহ্ন আছিল। কংগ্ৰেছীয়ে হেনো ইয়াতো নজৰ দিছিল। এই কথা তেওঁ কাৰোবাৰ মুখৰ পৰা শুনিছে। সেইকাৰণে হেনো তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিছে। এগৰাকী প্ৰাক্তন বিধায়িকা তথা প্ৰাক্তন মন্ত্রীৰ মুখত এনে অদ্ভুত কথা। ভাবি আচৰিত লাগে যে এনে এগৰাকী নেত্রীক ৰাইজে নিৰ্বাচনত জয়ী কৰিছিল আৰু প্ৰাক্তন মুখ্যমন্ত্রীয়ে তেওঁৰ মন্ত্রীসভাত স্থান দিছিল। বহু কলেজীয়া ছাত্রীৰে এওঁতকৈ মেচিউৰিটি বেছি। বিস্মিতাৰ লগতে অংকিতা দত্ত, দিপাংকৰ নাথ আদিয়েও বিজেপিত যোগদান কৰিছে। এওঁলোক প্ৰতিজনেই একো একোজন পৰাজিত সৈনিক। বিধানসভা নিৰ্বাচনত পতাজিত হৈ অংকিতা দত্তই বহুদিন বিজেপিৰ হৈ চোৰাংচোৱা গিৰি কৰি আছিল। দিপাংক নাথ আছুৰ সভাপতি আছিল যদিও তেওঁৰ কথা বাৰ্তাত আমি কোনো দিনে বুদ্ধিমত্তাৰ পৰিচয় পোৱা নাছিলো। তেওঁ আছিল শংকৰ প্ৰসাদ ৰয়ৰ নিচিনা। সমুজ্জ্বল ভট্টাচাৰ্য্যৰ আশীৰ্বাদত সভাপতিৰ পদত থাকি দিনে ৰাতি বিজেপিক গালি দি বিজেপিতে যোগদান কৰা বয়সীয়াল ছাত্র নেতা। তালিকাৰ শেষৰজন হ’ল অগপত যোগদান কৰা অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য। মংগলদৈ লোকসভা আৰু ঢেকিয়াজুলি বিধানসভাৰ পৰা নিৰ্বাচনত পৰাজিত হোৱা ভট্টাচাৰ্য্যৰ কথা বাৰ্তা বিলাক যোৱা ৫ বছৰত স্বাভাবিক নাছিল। জনি লিভাৰৰ ষ্টাইলত কথা কোৱা ভট্টাচাৰ্য্যই অগপৰ কি হিত সাধন কৰিব সেয়া পৰিস্কাৰ নহয়। মুঠৰ ওপৰত এতিয়া প্ৰাক্তন কংগ্ৰেছী আৰু প্ৰাক্তন আছুৰে ভৰি পৰিছে বিজেপি দল। অনাগত দিনত এওঁলোকে টিকট পায় নে নিৰাশ হয় সেয়া লক্ষণীয় হ’ব।

বিহাৰ, অসম আৰু কেৰেলাৰ যুৱকৰ সপোন

  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


আজিলৈকে যিমান চেলুনত চুলি কাটিছো তাৰ বেছিভাগ নাপিতেই বিহাৰী। ঘৰৰ ওচৰৰ ধোবীজনো ভগলপুৰৰ। ভাৰতবৰ্ষৰ সকলোতকৈ দৰিদ্ৰ ৰাজ্য বিহাৰৰ পৰা কৰ্মৰ সন্ধানত বছৰি হাজাৰ হাজাৰ যুৱক পলায়ন কৰে। অসম তথা আন ৰাজ্যবোৰত তেওঁলোকে বনুৱাৰ কাম কৰি জীৱন নিৰ্বাহ কৰে। উপাৰ্জনৰ এটা অংশ খৰছ কৰি কিছু টকা ঘৰলৈ পঠায়। বিহাৰীসকল অসমলৈ অহা মানেই যে অসমখন বহু চহকী ৰাজ্য সেইটো নহয়। অসমীয়া সকলে নাপিত বা ধোবীৰ কাম কৰিবলৈ ভাল নাপায়। আমাক লাগে আৰামৰ চাকৰি। বিহাৰী লৰা এজনৰ যেনেকৈ সপোন থাকে যে তেওঁ অসমলৈ গৈ এখন চেলুন খুলিব, বহু অসমীয়া যুৱকৰ সপোন চিকিউৰিটি গাৰ্ড হোৱা। বাংগালোৰৰ আই.টি কোম্পানীবোৰত ৰাতি ১০টাৰ পিছত গ’লে প্ৰায়ে শুনিবলৈ পোৱা যায় জুবিনৰ _ মায়াবিনী ৰাতিৰ বুকুত। বৰ্তমান হাজাৰ হাজাৰ অসমীয়া যুবক বাংগালোৰ, হায়দৰাবাদ ,কেৰেলাত চাকৰি কৰি আছে। বৰ্তমান বেছিভাগেই কেৰেলা যাবলৈ ভাল পায়। আনফালে কেৰেলাৰ যুৱকবোৰৰ সপোন হ’ল আৰবত গৈ চাকৰি কৰা। বহু কেৰেলীয়ানে ডুবাই আদি ঠাইত বনুৱাৰ কাম কৰি জীৱন নিৰ্বাহ কৰি আছে। এজন বিহাৰীয়ে অসমত কাম কৰি বা এজন অসমীয়াই যদি কেৰেলাত কাম কৰি মাহে ১৫ বা ২০ হেজাৰ উপাৰ্জন কৰে, এজন কেৰেলীয়ানে ডুবাইতগৈ মাহত ১ লাখ টকা জমা কৰে। কেৰেলালৈ গ’লে বেছিভাগ বুঢ়া মানুহ লগ পোৱা যায় যাৰ সন্তান বিলাক আৰবত থাকে। এই বুঢ়া মানুহ বিলাকক চোৱাচিতা কৰিবলৈ অসমৰ পৰা যুৱক তালৈ যায়। মুঠৰ ওপৰত সপোন সকলোৰে আছে। বিহাৰীয়ে যদি অসম আহিব বিচাৰে,অসমীয়াই যাব বিচাৰে কেৰেলা। কেৰেলীয়ানে আকৌ ডুবাইলৈ গৈ টকা ঘটে।

হিন্দুৰ শ্ৰেণীবিভাজনৰ সুযোগ লৈছিল কংগ্ৰেছে

  • নয়ন কলিতা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


ভাৰতত হিন্দু সংখ্যাগৰিষ্ঠতা হোৱা সত্বেও ধৰ্মনিৰপেক্ষতাৰ নামত কংগ্ৰেছে কিয় মুছলমান তুষ্টিকৰণেৰে ৰাজনৈতিক লাভ লব পাৰিছে?এইটো এটা লাখ টকীয়া প্ৰশ্ন…

কিন্তু ইয়াৰ উত্তৰটোৱে আমাক সকলোকে কষ্ট দিব।

দশম শতিকাৰ পৰাই আনুমানিক ১২০০ বছৰ দাসত্বৰ অন্তত হিন্দুসকলে নিজৰ পৰিচয় হেৰুৱাই পেলাইছে। আমি নাজানো কিহে আমাক বান্ধি ৰাখে আৰু কিহে আমাক পৃথক কৰে৷ আমি কোন কোন সেইটোও নাজানো৷ আমি আমাৰ ধৰ্ম পাহৰি নিজৰ সমাজখনক ইমানবাৰ শ্ৰেণীত বিভাজিত কৰিছো যে আজি আমি নিজেই নিজৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈ পৰিছো।

যুগ যুগ ধৰি আক্ৰমণকাৰীয়ে আমাৰ মাজত বিভিন্ন জাত পাত উলিয়াই আমাকেই বিভাজিত কৰি আহিছে। আৰু আমিবোৰে আনক আমাক ব্যৱহাৰ কৰিবলৈ দিছো। আমিয়েই জেনেৰেল ডায়েৰৰ নিৰ্দেশত আমাৰ ভাইসকলৰ ওপৰত গুলীচালনা কৰিছিলো। আমিয়েই পাথৰুঘাটত বৃটিছৰ নিৰ্দেশত আমাৰ ভাই-ককাইৰ ওপৰত গুলি বৰ্ষণ কৰিছিলোঁ। মহাৰাণ প্ৰতাপৰ বিৰুদ্ধে আমি যুদ্ধ কৰিছিলোঁ। দ্বিতীয় বিশ্বযুদ্ধত ব্ৰিটিছৰ নিৰ্দেশত মৃত্যু হোৱা ৮৫ হাজাৰ সৈনিক আমাৰেই আছিল। আমি সকলোৰে কথা শুনিছো বিপৰীতে কিন্তু কোনেও আমাৰ কথা শুনা নাই। যোৱা সাতটা দশকত আমি বিশেষভাৱে নিৰ্দিষ্ট ভাবে কাকো ভোট দিবলৈ শিকিব নোৱাৰিলোঁ। আমি একত্ৰিত নহয়। আমি আত্ম-অনুশাসনশীল নহয়। আমি পলায়নবাদী। আৰু সেইবাবেই ভোট-বেংক ৰাজনীতিৰ হিচাপত আমি কেতিয়াও গুৰুত্বপূৰ্ণ নাছিলো। ৰাজনৈতিক দলবোৰৰ বাবে আমি কেতিয়াও হিন্দু ভোট-বেংক নাছিলোঁ। আমি সদায় ব্ৰাহ্মণ, ক্ষত্ৰিয়, উচ্চ জাতি, নিম্ন জাতিৰ মাজতেই আবদ্ধ হৈ থাকিলো। ইয়াৰ বিপৰীতে কিন্তু মুছলমান সকল অধিক সংহত আছিল। কংগ্ৰেছে আমাক বছৰ বছৰ ধৰি পৰীক্ষা কৰিছিল আৰু আমি মাত্ৰ সিহঁতৰ কুটিল ৰাজনীতিত সোমাই পৰিছিলো আৰু নিজকে এডজাষ্ট কৰি লৈছিলোঁ। কাৰণ কংগ্ৰেছে এইটো ভালকৈ জানে যে হিন্দুতকৈ মুছলমানক সন্তুষ্ট কৰি জয়ী হোৱাৰ সম্ভাৱনা বেছি।

মুখ্যমন্ত্রী হ’বলৈ পদত্যাগ মুখ্যমন্ত্রীৰ

  • ৰাজনীতি অসমৰ প্ৰতিবেদন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


ৰাজনীতি অসমৰ যোৱা মাহৰ খণ্ডতে কোৱা হৈছিল যে নিতীশ কুমাৰে বিজেপিৰ সংগ ল’ব। এই কথা সত্য প্ৰতিপন্ন কৰি তেওঁ মুখ্যমন্ত্রী পদৰ পৰা পদত্যাগ কৰি নবম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্রী ৰূপে শপত গ্ৰহণ কৰে। ইণ্ডিয়া মৰ্চাৰ গুৰিধৰোতা নীতিশ কুমাৰে হঠাৎে কিয় নিজৰ মন সলনি কৰিলে? তেওঁ প্ৰধানমন্ত্রী হ’ব নোৱাৰিব বাবে নেকি? নে তেওঁ ৰাহুল গান্ধীৰ ওপৰত নাৰাজ? নে তেওঁৰ মমতা বেনাৰ্জীৰ ওপৰত খং উঠিছে? আচলতে নীতিশ কুমাৰে পাল্টী মৰাৰ কাৰণ ইয়াৰ ভিতৰত এটাও নহয়। চতুৰ মুখ্যমন্ত্রীজনে আজিৰ পৰা ৬ মাহমান আগতেই বুজি পাইছে যে ২০২৪ত পুনৰ বিজেপিৰ চৰকাৰ হ’ব। লোকসভাত নীতিশৰ দলে এখন আসনো নাপাব পাৰে। লোকসভাৰ পিছতে চৰকাৰ খনো ভঙা যাব পাৰে। সেয়ে তেওঁ আৰম্ভ কৰি দিলে ইণ্ডিয়াৰ নাটক। ইণ্ডিয়াৰ গুৰিধৰোতা হিচাপে তেওঁ সংবাদ মাধ্যমৰ গুৰুত্ব লাভ কৰিলে। ফলত বিজেপিৰ লগতো তেওঁৰ দৰদাম কৰিবলৈ সহজ হ’ল। দেশৰ ৰাজনীতিত গুৰুত্ব পাবলৈয়ে তেওঁ সকলো মুখ্যমন্ত্রীক লগ ধৰি মোদীক পৰাজিত কৰাৰ এখন নাটক ৰচনা কৰিলে। বিজেপিয়ো ভাবিলে যে ইণ্ডিয়াৰ অস্তিত্ব নোহোৱা কৰিবলৈ নীতিশৰ সংগ লোৱাই ভাল হ’ব। কেইদিন আগলৈকে ইজনে সিজনক দেখিব নোৱাৰা নীতিশ-মোদী পুনৰ ভাই ভাই। নীতিশে যে পুনৰ বিজেপিক বাদ দি লালুৰ সংগ ল’ব সেয়া নিশ্চিত। সেয়েহে বিজেপি এইবাৰ সতৰ্ক। ২০২৫ বিহাৰ বিধানসভা নিৰ্বাচনৰ আগে আগে বিজেপিয়ে নীতিশৰ লগত সম্পৰ্ক ছেদ কৰাৰ পূৰ্ণ সম্ভাবনা আছে। মুখ্যমন্ত্রীৰূপে হয়তো নিজৰ শেষৰটো কাৰ্য্যকাল চলাই আছে নীতিশ কুমাৰে।

২০২৪ৰ পিছত বিজেপিৰ একনায়কত্ববাদ?

  • ৰাজনীতি অসমৰ প্ৰতিবেদন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


This will be the last opportunity for the people to save democracy in India. If Narendra Modi wins another election there will be dictatorship in India. এয়া হ’ল কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কিছুদিন আগত কৰা মন্তব্য। এই কথাৰ পৰা এটা কথা স্পষ্ট যে তেওঁ মানি লৈছে যে বিজেপিয়ে ২০২৪ত পুনৰ চৰকাৰ গঠন কৰাৰ সম্ভাবনা প্ৰবল। এয়া যেন ৰাইজৰ প্ৰতি এক কৰুণ আহ্বান_ তেওঁলোক জিকিলে কিন্তু ডেমোক্ৰেছী খটম। অনুৰূপ মন্তব্য শশী ঠৰুৰে কৰিছিল ২০১৯ত। এনেকুৱা মন্তব্য আকৌ কোনোবাই কৰিব ২০২৯ত। কিন্তু ভাৰতৰ গণতন্ত্ৰ খুব মজবুত আৰু ইয়াক খহাই পেলোৱা কাৰোপক্ষে ইমান সহজ নহয়। কংগ্ৰেছ দেশৰ প্ৰধান বিৰোধী দল। তিনিখন ৰাজ্যত তেওঁলোকৰ চৰকাৰ আছে। এতিয়াও দেশৰ প্ৰায় প্ৰতিটো পঞ্চায়তত তেওঁলোকৰ সদস্য আছে। নৰেন্দ্ৰ মোদী চৰকাৰে যদি যোৱা ১০ বছৰত বহুত ভাল কাম কৰিছে আন বহু ক্ষেত্রত কিন্তু বিফলো হৈছে। দুৰ্নীতি ৰোধ বা ৰাষ্ট্ৰীয়তবাদ বা হিন্দুত্ববাদৰ ক্ষেত্রত এওঁলোকৰ ইমেজ ভাল। আনফালে মুল্যবৃদ্ধি, নিবনুৱা সমস্যা আদি সমাধানত চৰকাৰ সফল হোৱা নাই। কংগ্ৰেছে এজন যোগ্য ব্যক্তিক প্ৰধানমন্ত্রী পদৰ প্ৰাৰ্থী ঘোষণা কৰি ৰাইজে বিচৰা ইছু বিলাক লৈ নিৰ্বাচনত জপিয়াই পৰিব লাগিছিল। তাকে নকৰি তেওঁলোকে দোষ জাপি দিছে মিডিয়া,নিৰ্বাচন আয়োগ আৰু জনতাক। নিজৰ আত্মমন্থন নকৰিলে কংগ্ৰেছৰ অবস্থা ইয়াতকৈও শোচনীয় হোৱাৰ সম্ভাবনা আছে।

বিজেপি নেতাৰ হত্যাকাৰীক মৃত্যুদণ্ড

  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


মাভেলিকাৰা অতিৰিক্ত অধিবেশন আদালতে এটা গোচৰৰ ১৫জন অভিযুক্তক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে। ৰঞ্জিত শ্ৰীনিবাসনৰ নৃশংস হত্যাকাণ্ডই সমগ্ৰ ৰাজ্য কঁপাই তুলিছিল। বিজেপি কৰ্মী তথা অধিবক্তা ৰঞ্জিতক বৃদ্ধ মাতৃ, পত্নী, নাবালিকা কন্যাৰ সন্মুখত তেওঁৰ ঘৰত এছডিপিআই-পিএফআইৰ কৰ্মীয়ে  হত্যা কৰে। প্ৰিয় জীৱনৰ বাবে যুঁজি থকা ৰঞ্জিতৰ তেজেৰে তিতি থকা শৰীৰৰ প্ৰতিচ্ছবি এনেকুৱা বস্তু যিটো পৰিয়ালটোৱে কেতিয়াও স্মৃতিৰ পৰা মচি পেলাব নোৱাৰে। কিন্তু আজি জাৰি কৰা মৃত্যুদণ্ডৰ ৰায়দানে তেওঁলোকক ন্যায়ৰ কিছু আভাস দিছে।

২০২১ চনৰ ১৮,১৯ ডিচেম্বৰত ২৪ ঘণ্টাৰ ভিতৰত আলাপ্পুজাই দুটা হত্যাকাণ্ডৰ সাক্ষী হৈছিল য’ত বিজেপি আৰু এছডিপিআইৰ এজন নেতাক হত্যা কৰা হৈছিল।

১৮ ডিচেম্বৰৰ নিশাই এছডিপিআইৰ নেতা কে.এছ শ্বানক এদল লোকে হেক কৰি হত্যা কৰাৰ খবৰটো ভাঙি পৰিছিল। এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ বাবে ধৰা পৰিল আৰ এছ এছৰ কৰ্মী। ৰাতি ভোৰ হোৱাৰ আগতেই ৰঞ্জিত শ্ৰীনিবাসনৰ ভয়ানক হত্যাকাণ্ড সংঘটিত হয়। এই কৰুণ হত্যাকাণ্ডটো সম্পন্ন কৰিবলৈ মাত্ৰ ঘণ্টাৰ পিছত ঘণ্টা পৰিকল্পনাৰ প্ৰয়োজন হৈছিল।

এদল আক্ৰমণকাৰীয়ে ৰঞ্জিতৰ ঘৰত সোমাই ফাঁচি লগাই । শৰীৰ ৫৬ বাৰ কাটি পেলোৱাৰ লগতে মুখখন বিকৃত কৰৱ । ঘৰৰ আন সদস্য মাতৃ , পত্নী আৰু সন্তানক ৰচীৰে বান্ধি ৰাখে ।

প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে বিজেপি অ’বিচি মৰ্চাৰ ৰাজ্যিক সম্পাদক ৰঞ্জিতক ছয়খন বাইকত অহা ১২ জনীয়া বামপন্থী মৌলবাদীয়ে ফাঁচি লগাই হত্যা কৰিছিল। অভিযুক্তৰ এটা মোবাইলত এটা হিটলিষ্ট পোৱা গৈছে য’ত ৰঞ্জিতৰ প্ৰথম নাম আছিল।

এই অনুষ্ঠানৰ দুবছৰৰ পাছত আদালতে ৰায় ঘোষণা কৰি ১৫জন অভিযুক্তক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। এই গোচৰৰ ১৫৬জন সাক্ষীক পৰীক্ষা কৰে বিচাৰ বিভাগে। প্ৰায় হাজাৰটা নথি-পত্ৰ আৰু এশৰো অধিক প্ৰমাণ আদালতত দাখিল কৰা হ’ল।

অভিযুক্তৰ মতে, আদালতে ১৫ জনৰ ভিতৰত এজনৰ পৰা আঠজন অভিযুক্ত এই গোচৰৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত বুলি ধৰা পেলায়।

ইয়াৰ উপৰিও চাৰিজন লোকক (অভিযুক্ত ন নম্বৰৰ পৰা ১২) হত্যাৰ দোষী সাব্যস্ত কৰা হৈছে কাৰণ তেওঁলোকে অপৰাধৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত লোকসকলৰ সৈতে মাৰাত্মক অস্ত্ৰৰে সজ্জিত হৈ সেই স্থানলৈ আহিছিল।

তেওঁলোকৰ উদ্দেশ্য আছিল শ্ৰীনিবাসনক পলায়ন কৰাত বাধা দিয়া আৰু তেওঁৰ চিঞৰ শুনি ঘৰত প্ৰৱেশ কৰা কোনো লোকক বাধা দিয়া।

আই পি চিৰ ১৪৯ নং ধাৰাত হত্যাৰ সাধাৰণ অপৰাধৰ বাবেও তেওঁলোক দায়ী বুলি বিচাৰ বিভাগৰ যুক্তি মানি লৈছিল (সাধাৰণ বস্তুৰ বিচাৰত সংঘটিত অপৰাধৰ বাবে দোষী সাব্যস্ত হোৱা অবৈধ সভাৰ প্ৰতিজন সদস্য) বুলি পডিকালে কয়।

এই অপৰাধৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰা তিনিজন ব্যক্তিক (অভিযুক্ত ১৩ৰ পৰা ১৫)ক হত্যাৰ দোষী সাব্যস্ত কৰা হয়। ফলত আদালতে গোচৰটোৰ ১৫জন অভিযুক্ত আটাইকেইজনক হত্যাৰ দোষী সাব্যস্ত কৰে। ভাৰতীয় দণ্ডবিধিৰ আন বিভিন্ন ধাৰাত দোষী সাব্যস্ত কৰা হয়।

কলিতা জাতিৰ নায়ক ৰজা পৃথু

  • অৰুণাভ খাউণ্ড

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


হিন্দু কলিতা ৰজা পৃথু – শৰাইঘাট যুদ্ধৰ ৫০০ বছৰ আগেয়ে অসমৰ পৰা খেদি পঠিয়াইছিল বিদেশী ইচলাম আক্ৰমণকাৰীক :
১২০৬ খ্ৰীষ্টাব্দত মানৱ সভ্যতাৰ ইতিহাসৰ এজন অন্যতম ক্ৰুৰ শাসক মোহম্মদ_ঘোৰীৰ সেনাধ্যক্ষ বখটিয়াৰ খিলিজিয়ে, খেন (কলিতা) বংশৰ মহাৰাজ পৃথুৰ শাসনাধীষ্ঠ কামৰূপ (বৰ্তমানৰ অসম) প্ৰদেশ আক্ৰমণ কৰিছিল৷ ইতিপূৰ্বেই বখটিয়াৰ খিলিজিয়ে উত্তৰভাৰত আৰু পশ্চিমবংগ জয় কৰিছিল৷ এই বখটিয়াৰ খিলিজিয়েই হ’ল মধ্যযুগৰ বিশ্বৰ সৰ্ববৃহৎ আৰু প্ৰসৃিদ্ধতম #নালন্দা বিশ্ববিদ্যালয় জ্বলাই দিয়া কুখ্যাত খলনায়ক৷ বখটিয়াৰ খিলিজিয়ে বিহাৰ আৰু পশ্চিম বংগৰ বহু হিন্দু , বৌদ্ধ মন্দিৰ ভাঙি ধ্বংস কৰিছিল আৰু শতাধিক হিন্দু সাধুক জীৱন্তে জ্বলাই দিছিল৷ ১২০০০জন সৈন্যৰ এক বিশাল বাহিনী সহ বখটিয়াৰ খিলিজিয়ে অসম আক্ৰমণ কৰিছিল কিন্তু কামৰূপৰ শাক্ত হিন্দু সম্ৰাট মহাৰাজ পৃথুৰ সেনাৰ প্ৰতি আক্ৰমণৰ সন্মুখত তিষ্ঠিব নোৱাৰি একালৰ অজেয়,উত্তৰ ভাৰতৰ আতংক,নালন্দা ধ্বংসকাৰী বখটিয়াৰ খিলিজিয়ে শেষত কোনোমতে প্ৰাণ বচাই নীলাচলবাসিনী মা কামাখ্যাৰ পবিত্ৰ কামৰূপ ভূমি এৰি পলাই-পত্ৰং দিয়ে৷ ১২০০০ সৈন্যৰ বেছিভাগেই ৰণত পৰিল,কিছুমান আকৌ পলাই যাওঁতে ব্ৰহ্মপুত্ৰ নদীত পৰি উটি গ’ল,কিছুমান বন্দী হ’ল আৰু শেষত বখটিয়াৰ খিলিজিয়ে সেই ১২০০০ সৈন্যৰ পৰা মাত্ৰ এমুঠিমান সৈন্যসহ পলায়ন কৰিবলৈ সক্ষম হ’য়৷ ভাগ্যৰ কি বিড়ম্বনা! যি বখটিয়াৰ খিলিজি মন্দিৰ ধ্বস্ত কৰাৰ বাবে কুখ্যাত আছিল লাজে শোকে জৰ্জৰিত সেই খিলিজিয়ে অন্তিম সময়ত এটা হিন্দু মন্দিৰত আশ্ৰয় লৈ সেই মন্দিৰৰ ভূমিতে প্ৰাণ ত্যাগ কৰে৷

ঐতিহাস্যিক শৰাইঘাটৰ যুদ্ধতকৈ প্ৰায় পাঁচশ বছৰ পূৰ্বেই কলিতা জাতিৰ মহানায়ক পৃথুৱে বখটিয়াৰ খিলিজিৰ দৰে এক কুখ্যাত,দুৰ্ধৰ্ষ আৰু পৰাক্ৰমী বিদেশী শক্তিক অসমত প্ৰবেশ কৰিবলৈ নিদি খেদি পঠিয়াইছিল যি বাবৰ বা ঔৰাংগজেৱতকৈ শতগুণে শক্তিশালী আৰু অনিষ্টকাৰী আছিল৷কানাইৰ বৰশী বোৱা শিলে আজিও কলিতা বংশৰ মহাৰাজ পৃথুৰ গৌৰৱময় ইতিহাসক সুঁৱৰি নিৰবে চকুলো টোকে কাৰণ এক বিশেষ_জনগোষ্ঠীৰ বুৰঞ্জীবিদসকলৰ পক্ষপাতিত্বমূলক নীতি আৰু কুটিল ষড়যন্ত্ৰৰ দ্বাৰা কলিতা জাতি অসমৰ খিলঞ্জীয়া জাতি নহয় বুলি প্ৰচাৰ
হৈছিল । হিন্দু ধৰ্মৰ কলিতা জাতিৰ নায়ক পৃথুৰ মুল্যায়ন আজিও সীমিত ।

ৰাহুল গান্ধী এগৰাকী গৰম-ঠাণ্ডা অনুভৱ নকৰা ব্যক্তি।

  • বুবুল তালুকদাৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


বিজেপি দলে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত
মোগলক খেদি ৰামৰাজ্য আৰম্ভ কৰিছে। দেশৰ ক্ষিপ্ৰ উন্নয়ন আৰু অধিক পৰিৱৰ্তনৰ কাৰণে যিকোনো মূল্যৰ বিনিময়ত নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্রী নিৰ্বাচিত কৰিব লাগে ৷ নৱগঠিত দৰং-ওদালগুৰি সমষ্টিত ভোটাৰ ৰাইজে পুনৰ বিজেপি দলক বিপুল ভোটত জয়ী কৰোৱাব। আমাৰ প্ৰাৰ্থী যিয়েই নহওক, বিজয় নিশ্চিত। আগন্তুক লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই মঙলদৈ ভেৱাৰঘাটত অৱস্থিত বিজেপিৰ স্থায়ী কার্যালয় চৌহদত দৰং-ওদালগুৰি সমষ্টিৰ মুখ্য নির্বাচনী কার্যালয়
মুকলি কৰি এই ভাষ্য আগবঢ়ায় অসম চৰকাৰৰ কেবিনেট মন্ত্রী শ্ৰী জয়ন্ত মল্লবৰুৱাই। মন্ত্ৰী বৰুৱাই ইণ্ডি গোট বন্ধনক
কঠোৰ সমালোচনা কৰি কয় যে ইণ্ডি এলায়েঞ্চ হৈছে এক পৰিয়ালতান্ত্রিক গোট বন্ধন, দুর্নীতিত জেল যোৱাৰ ভয়তহে একত্ৰিত হৈছে। ৰাহুল গান্ধী এগৰাকী গৰম-ঠাণ্ডা অনুভৱ নকৰা ব্যক্তি। তেওঁ ভাৰতীয় ঐতিহ্য আৰু পৰম্পৰাক বিশ্বাস নকৰে। এনে এলায়েঞ্চে আগন্তুক নির্বাচনত মুখথেকেচা খোৱাটো নিশ্চিত। ৫ শতাধিক নেতা-কর্মী উপস্থিত থকা সভাত মঙলদৈ লোকসভা সমষ্টিৰ নাম সলনি কৰি দৰং-ওদালগুৰি কৰিলেও সমষ্টিটোত বিজেপি দলেই পুনৰ জয়লাভ কৰিব বুলি মন্ত্ৰী বৰুৱাই অভয় প্ৰদান কৰি কয়— দৰং-ওদালগুৰিৰ ভোটাৰ ৰাইজে কোনো কাৰণতে মিঞা সাংসদ নিবিচাৰে। তেওঁ দাবী কৰে যে কেৱল দৰং-ওদালগুৰিতে নহয়, আগন্তুক নির্বাচনত বিজেপি মিত্ৰজোঁটে বৰপেটা, ধুবুৰীসহ অসমৰ ১৪টা লোকসভা সমষ্টিতে জয়ী হৈ অভিলেখ ৰচনা কৰিব। সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত সাংসদ দিলীপ শইকীয়াক কাষত লৈ পুনৰবাৰ মন্ত্ৰী বৰুৱাই কয়— দৰং-ওদালগুৰিত প্ৰাৰ্থী কোন হয়, সেয়া দলে চাব। কিন্তু ৰামৰ ভক্তৰ লেখীয়া আমি হনুমান সদৃশ কার্যকর্তাসকলে বিজেপিকে জয়ী কৰোৱাম, সেয়া হাজাৰ শতাংশ নিশ্চিত ।

নগাওঁ, ধুবুৰী আৰু কৰিমগঞ্জত কোন জয়ী হ’ব?

অহা লোকসভা নিৰ্বাচনত অসমৰ তিনিটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা খুব জমিব। এই তিনিটা সমষ্টি হ’ল ধুবুৰী, নগাওঁ আৰু কৰিমগঞ্জ। এই তিনিটাতে মুছলমান সংখ্যাগৰিষ্ঠ হোৱা বাবে এ.আই.ইউ.দি.এফৰো প্ৰাৰ্থী থাকিব। আমাক জনাওঁক এই তিনিটা সমষ্টিত কোন জয়ী হ’ব। আমাৰ অ’পিনিয়ন প’লত ভাগ ল’বলৈ তলত ক্লিক কৰক। অ’পিনিয়ন প’লত ভাগ লোৱাৰ অন্তিম দিন ২০ ফেব্ৰুৱাৰী ২০২৪।

CLICK HERE