চামগুৰিৰ উপ-নিৰ্বাচনত বিজয়ৰ পৰা মুছলমানসকলৰ মাজত বিজেপিৰ গ্ৰহণযোগ্যতাৰ উমান পোৱা গৈছে। ২০২৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত মুছলমান সকলে বিজেপিক ভোট দিবনে? ৰাজনীতি অসমৰ অ’পিনিয়ন প’লত ভাগ ল’বলৈ তলত ক্লিক কৰক। অ’পিনিয়ন প’লত ভাগ লোৱাৰ অন্তিম দিন ২০ ডিচেম্বৰ ২০২৪।
পৰিয়ালকেন্দ্ৰীক ৰাজনীতিৰ বিৰোধীতা কৰক!
- ৰাজনীতি অসমৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
অসমৰ আগন্তুক বিধানসভাৰ উপ নিৰ্বাচনৰত দুখন আসনৰ নিৰ্বাচন সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে। চামগুৰিত মহা প্ৰতাপী ৰকিবুল হুছেইনৰ পুত্রই কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছে। আনফালে অগপই বঙাইগাঁৱৰত ফণীভূষন চৌধুৰীৰ পিছত তাত তেওঁৰ পত্নীক টিকট দিলে। এই দুই সমষ্টি ক্ৰমে কংগ্ৰেছ আৰু অগপৰ দুৰ্গ। সেয়েহে ইয়াত ৰকিবুল পুত্র আৰু ফণীভূষনৰ পত্নীৰ জয়ৰ সম্ভাবনাই অধিক। হয়তো দুয়োজনে বিপুল ভোটৰ ব্যবধানত সমষ্টি দুটাৰ পৰা জয়ী হৈ প্ৰথমবাৰৰ বাবে বিধায়ক হ’ব। কিন্তু ই গণতন্ত্ৰৰ বাবে মুঠেও শুভ লক্ষণ নহয়। পৰিয়াল কেন্দ্ৰীক ৰাজনীতিৰ ফলত বহু কেইজন যোগ্য ৰাজনীতিকে টিকট লাভৰ পৰা বঞ্চিত হ’ল। তেওঁলোকৰ এটায়ে দোষ_তেওঁলোকৰ মাক দেউতাক বা স্বামীয়ে ৰাজনীতি নকৰে। তৰুণ গগৈ , হিতেশ্বৰ শইকীয়া, নগেন নেওগ, ভূমিধৰ বৰ্মন, কেশৱ মহন্ত, চন্দন চৰকাৰ আদিৰ পিছত পৰিয়াল কেন্দ্ৰীক ৰাজনীতিত সংযোজিত হ’ল ৰকিবুল হুছেইন আৰু ফণীভূষন চৌধুৰীৰ নাম। ৰাজনেতাৰ সন্তানৰ নিৰ্বাচন খেলাত বাধা নাই কিন্তু যেতিয়া একমাত্র এই যোগ্যতাৰ ভিত্তিত টিকট দিয়া হয় তেন্তে দুখ লাগে। চামুগুৰি আৰু বঙাইগাঁঅৰ ৰাইজে অলপ চিন্তা কৰক আৰু সিদ্ধান্ত লওক।
নায়ক নে খলনায়ক?
- বিশ্বজিত নাথ
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
ল’ৰেন্স বিষ্ণই এজন যুৱক। জন্ম ১২ ফেব্ৰুৱাৰী,১৯৯৩। বয়সৰ জোখেৰে মাত্ৰ ৩১ বছৰীয়া এজন সুঠাম যুৱক। এতিয়া তেওঁৰ পৰিচয় কয়দী,তিহাৰ জেইল,নতুন দিল্লী। অভিযোগ গুৰুতৰ। ২০১৫ চনৰ পৰা দেশৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ আছে। তেওঁৰ বিৰুদ্ধে মূল অভিযোগ বলপূৰ্বক ধন সংগ্ৰহ আৰু হত্যা। কিন্তু তেওঁ এই অভিযোগ অস্বীকাৰ কৰি আহিছে। আৰক্ষীয়েও আদালতত এই অভিযোগ প্ৰমাণিত কৰিব পৰা নাই। তেওঁৰ এই গেংটোৰ সমগ্ৰ দেশজুৰি প্ৰায় ৭০০ শ্বাৰ্প শ্বুটাৰ আছে বুলি জনা যায়। পঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক ল’ৰেন্স বিষ্ণইৰ বিৰুদ্ধে বলিউডৰ চুপাৰষ্টাৰ চলমান খানক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰা,এগৰাকী মন্ত্ৰীক হত্যা কৰা আৰু কানাডাত বাস কৰা খালিস্থানৰ সমৰ্থকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।
শেহতীয়াকৈ এই ল’ৰেন্স বিষ্ণই চৰ্চালৈ আহিছে বলিউডৰ চুপাৰষ্টাৰ ছলমান খানক মৃত্যুৰ ভাবুকি দিয়াৰ পিছতেই। ইয়াৰো এটা নিৰ্দিষ্ট কাৰণ আছে। ইয়াৰ বাবে আমি উভতি চাব লাগিব অতীতলৈ।
১৯৯৮ চনৰ ১৬ ছেপ্টেম্বৰ : যোধপুৰৰ সমীপৰ মথানিয়াৰ বাৱাদত কৃষ্ণ মৃগষাড় চিকাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল ছলমান খানৰ বিৰুদ্ধে। ছবি নিৰ্মাতা ছুৰজ বৰজাত্যৰ ‘হম সাথ সাথ হেই’ৰ শ্বুটিং কৰি থকা ছৈইফ আলী খান, সোণালী বেন্দ্ৰে, টাবু আৰু নীলমক দুটা কৃষ্ণ মৃগষাড় চিকাৰ কৰা দেখা গৈছিল।
১৯৯৮ চনৰ ২৮ ছেপ্টেম্বৰ : ছবিখনৰ শ্বুটিঙৰ সময়ত ছলমান খানে ঘোড়া ফাৰ্মত আন এটা কৃষ্ণ মৃগষাড় চিকাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল।
১৯৯৮ চনৰ ২ অক্টোবৰত: বিষ্ণই সম্প্ৰদায়ৰ সদস্যসকলে ‘হম সাথ সাথ হেই’ৰ ছলমান খান আৰু তেওঁৰ সহ অভিনেতাসকলৰ বিৰুদ্ধে জীৱ-জন্তু হত্যাৰ অভিযোগ দাখিল কৰে।
১৯৯৮ চনৰ ১২ অক্টোবৰ : বিলুপ্তপ্ৰায় জীৱ-জন্তুৰ চিকাৰৰ সৈতে জড়িত ছলমান খানক গ্ৰেপ্তাৰ। পিছত অভিনেতাজনে জামিন লাভ কৰে ।
২০০৬ চনৰ ১০ এপ্ৰিল: আদালতে বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত ছলমান খানক দোষী সাব্যস্ত কৰে। বলীউডৰ অভিনেতাগৰাকীক ২৫ হাজাৰ টকা জৰিমনা বিহি পাঁচ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।
২০০৭ চনৰ ২৪ আগষ্ট : কৃষ্ণ মৃগষাড় চোৰাং চিকাৰৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ বাবে ছলমান খানৰ আবেদন নাকচ কৰে যোধপুৰ আদালতে। আদালতে তেওঁক নিম্ন আদালতে প্ৰদান কৰা পাঁচ বছৰৰ কাৰাদণ্ডক সমৰ্থন কৰে।
২০০৭ চনৰ ৩১ আগষ্ট : ৰাজস্থান উচ্চ ন্যায়ালয়ে অভিনেতাগৰাকীক প্ৰদান কৰা শাস্তি স্থগিত ৰাখে। অৱশ্যে আনুষ্ঠানিক অনুমতি অবিহনে বিদেশলৈ যাব নোৱাৰাৰ নিৰ্দেশ দিয়া হয় ছলমান খানক। শাস্তি স্থগিত ৰখাৰ পূৰ্বে যোধপুৰ কেন্দ্ৰীয় কাৰাগাৰত এসপ্তাহ কটায় অভিনেতাগৰাকীয়ে। তেওঁৰ আবেদনৰ পিছতে উচ্চ ন্যায়ালয়ে অস্ত্ৰ আইনৰ অধীনত অভিযোগ উঠাই দিয়ে।
২৪ জুলাইঃ ৰাজস্থান উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে কৃষ্ণ মৃগষাড় চোৰাং চিকাৰৰ গোচৰৰ সকলো অভিযুক্তৰ বিৰুদ্ধে চূড়ান্ত অভিযোগৰ শুনানি আৰম্ভ কৰে। ইয়াৰ ফলত বিচাৰৰ পথ মুকলি হয়।
ডিচেম্বৰ ২০১২: উচ্চ ন্যায়ালয়ে ছলমান খানৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সংশোধন কৰে। অভিনেতাজনৰ বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা আইনৰ ধাৰা ৯/৫১ৰ অভিযোগ উত্থাপন হৈছিল।
১৩ নৱেম্বৰ, ২০১৩: ৰাজস্থান উচ্চ ন্যায়ালয়ে অভিনেতাগৰাকীক ছবিৰ শ্বুটিঙৰ বাবে ব্ৰিটেইনৰ ভিছা লাভ কৰিবলৈ দিয়া শাস্তি স্থগিত ৰাখিছিল। এই অভিযোগৰ বাবে অভিনেতাগৰাকীক ২০১৩ চনৰ আগষ্ট মাহত ব্ৰিটেইনৰ ভিছাৰ পৰা বঞ্চিত কৰা হৈছিল।
৯ জুলাই, ২০১৪ঃ ৰাজস্থান চৰকাৰৰ এই আবেদনক লৈ উচ্চতম ন্যায়ালয়ে অভিনেতাগৰাকীলৈ জাননী জাৰি কৰে। ইয়াৰ পূৰ্বে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনাইছিল ৰাজ্য চৰকাৰে।
২৫ জুলাই, ২০১৬: ১৯৯৮ চনৰ যোধপুৰ কৃষ্ণ মৃগষাড় চিকাৰৰ গোচৰত ৰাজস্থান উচ্চ ন্যায়ালয়ে ছলমান খানক দোষমুক্ত কৰে। উচ্চ ন্যায়ালয়ে মন্তব্য কৰে যে মৃত অৱস্থাত উদ্ধাৰ হোৱা জীৱ-জন্তুবোৰ খানৰ অনুজ্ঞাপত্ৰপ্ৰাপ্ত বন্দুকেৰে গুলীয়াই হত্যা কৰা বুলি প্ৰমাণ কৰিব পৰা কোনো প্ৰমাণ নাই।
১৯ অক্টোবৰ, ২০১৬: ১৯৯৮ চনত সংঘটিত হোৱা গোচৰ দুটাত ছলমান খানক দোষমুক্ত কৰাৰ উচ্চ ন্যায়ালয়ে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে ৰাজস্থান চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে।
১১ নৱেম্বৰ, ২০১৬: উচ্চতম ন্যায়ালয়ে ৰাজস্থান চৰকাৰে দাখিল কৰা আবেদন ক্ষিপ্ৰতাৰে কৰিবলৈ সন্মত হয়।
১৫ ফেব্ৰুৱাৰী, ২০১৭ : ছলমান খানৰ অধিবক্তাই আদালতৰ সন্মুখত প্ৰমাণ দাখিল কৰিবলৈ অস্বীকাৰ কৰে। ২০১৭ চনৰ ২৭ জানুৱাৰীত বক্তব্য ৰেকৰ্ডিং কৰাৰ সময়ত ছলমান খানে নিৰ্দোষী বুলি স্বীকাৰ কৰিছিল আৰু নিজৰ পক্ষত প্ৰমাণ দাখিল কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছিল। কিন্তু তেওঁৰ অধিবক্তাই কয় যে ফাইলটো বিতংভাৱে পৰীক্ষা কৰাৰ পিছত তেওঁলোকে সিদ্ধান্ত লয় যে তেওঁৰ নিৰ্দোষতা প্ৰমাণ কৰিবলৈ ইতিমধ্যে সেই সকলোবোৰ তথ্য প্ৰমাণ আদালতত দাখিল কৰা হৈছে বাবে আইনী প্ৰতিৰক্ষাৰ বাবে কোনো প্ৰমাণ দাখিল কৰাৰ প্ৰয়োজন নাই। ইয়াৰ পিছত ১ মাৰ্চৰ পৰা বিচাৰ আৰম্ভ হোৱাৰ কথা আছিল।
জুলাই ২০১৭: যোধপুৰ আদালতত হাজিৰ নহল ছলমান খান। অস্ত্ৰ আইন গোচৰৰ সৈতে জড়িত জামিন বণ্ডৰ পৰীক্ষণৰ বাবে আদালতত উপস্থিত থাকিবলগীয়া অভিনেতাজন নিৰাপত্তাজনিত কাৰণত হাজিৰ নহ’ল।
২৮ মাৰ্চ, ২০১৮ : বিচাৰ আদালতত গোচৰৰ চূড়ান্ত যুক্তি সম্পূৰ্ণ হয়; তাৰ পিছত মুখ্য ন্যায়িক দণ্ডাধীশ দেৱ কুমাৰ খাত্ৰীয়ে ৰায় সংৰক্ষিত কৰি ৰাখিছিল।
৪ এপ্ৰিল, ২০১৮: ছৈইফ আলী খান, টাবু, সোণালী বেন্দ্ৰে, নীলম কোথাৰীৰ সৈতে ছলমান খান যোধপুৰত উপস্থিত হয়।
৫ এপ্ৰিল, ২০১৮ : ছলমান খানে পাঁচ বছৰৰ কাৰাদণ্ড আৰু ১০ হাজাৰ টকাৰ জৰিমনা লাভ কৰাৰ বিপৰীতে বাকী অভিনেতাসকলে মুক্তি লাভ কৰে।
৬ এপ্ৰিল, ২০১৮: যোধপুৰ আদালতে ছলমান খানৰ জামিন আবেদনৰ ওপৰত দিয়া নিৰ্দেশ সংৰক্ষণ কৰি ৭ এপ্ৰিলত ঘোষণা কৰিব বুলি কয়।
৭ এপ্ৰিল, ২০১৮: কৃষ্ণ মৃগষাড় চোৰাং চিকাৰৰ গোচৰত জামিন মঞ্জুৰ ছলমান খানৰ।
২০২১ চনৰ ফেব্ৰুৱাৰী: মাহত ৰাজস্থান চৰকাৰে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনত ছলমান খানে অস্ত্ৰ আইন সম্পৰ্কত ভুৱা শপতনামা দাখিল কৰাৰ অভিযোগ উত্থাপন কৰিছিল।
১১ ফেব্ৰুৱাৰী, ২০২১: অস্ত্ৰ আইন গোচৰত ‘ভুৱা’ শপতনামা দাখিল কৰাৰ বাবে ছলমান খানে কৰা আবেদন নাকচ কৰে যোধপুৰ জিলা আৰু চেছন আদালতে।
২১ মাৰ্চ, ২০২২: অভিনেতা ছলমান খান অভিযুক্ত হোৱা ১৯৯৮ চনৰ কৃষ্ণ মৃগষাড় চোৰাং চিকাৰৰ গোচৰত ৰাজস্থান উচ্চ ন্যায়ালয়ে যোধপুৰ জিলা আৰু চেচন আদালতৰ পৰা দুখন আবেদন হস্তান্তৰ কৰাৰ অনুমতি প্ৰদান কৰে। এই দুখন আবেদনৰ শুনানি এতিয়া ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ সন্মুখত বিচাৰাধীন হৈ থকা আবেদনখনৰ সৈতে হ’ব। অভিনেতাগৰাকীয়ে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰি এই আবেদন দুখন হস্তান্তৰ কৰিবলৈ বিচাৰিছিল যাতে তিনিওটা গোচৰৰ শুনানি একে ঠাইতে হয়।
এই প্ৰক্ৰিয়া অব্যাহত থকাৰ সময়তে এই ল’ৰেন্স বিষ্ণই গেংৰ এজন সদস্যই ২০২৪ চনৰ ১২ অক্টোবৰত মহাৰাষ্ট্ৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী বাবা ছিদ্দিকক ছলমান খানৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ বাবে হত্যা কৰাৰ কথা স্বীকাৰ কৰে। মুম্বাই আৰক্ষীয়ে বিষ্ণইৰ জিম্মা লাভৰ চেষ্টা চলাইছিল যদিও ফৌজদাৰী বিধি আইনৰ ২৬৮ ধাৰাত দিয়া পূৰ্বৰ নিৰ্দেশৰ বাবে জিম্মা নাকচ কৰে আদালতে।
এটা কৃষ্ণ মৃগষাড় যাক ইংৰাজী ভাষাত কোৱা হয় Black Buck. অসমীয়া ভাষাত হৰিণ বুলি ক’লেও হয়তো ভুল কোৱা নহব। কিন্তু এটা হৰিণকলৈ ল’ৰেন্স বিষ্ণই আৰু তেওঁৰ সমগ্ৰ সম্প্ৰদায়টো ছলমান খান আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে উঠি পৰি লগাৰ কাৰণ কি? এই কৃষ্ণ মৃগষাড়ক তেওঁলোকে ঈশ্বৰ আৰু গুৰুৰ দৰে মান্যতা দিয়ে। যদিহে কোনো কৃষ্ণ মৃগষাড়ৰ মাতৃৰ মৃত্যু হয় তেন্তে ইয়াৰ শিশু সন্তানক বিষ্ণই সম্প্ৰদায়ৰ মহিলাই নিজৰ দুগ্ধপান কৰাই ডাঙৰ দীঘল কৰে।
এই ৩১ বছৰীয়া ল’ৰেন্স বিষ্ণই আজি ইছলামীক বলিউডক জোঁকাৰি যোৱা এটা সনাতনী সত্বাত পৰিণত হৈছে কিয়? ল’ৰেন্স বিষ্ণই নিজকে ভাৰতীয় আৰু সনাতনী হিন্দু বুলি গৌৰৱেৰে উল্লেখ কৰে। কিন্তু কিয় আজি ইছলামীক বলিউড কম্পিত তেওঁকলৈ ।
বলিউডৰ চুপাৰষ্টাৰ ছলমান খান প্ৰকৃতাৰ্থত বলিউডৰ এজন অঘোষিত মাফিয়া। কোনখন চিনেমাত কোন অভিনেতা হ’ব,কোনখন চিনেমাত কোন অভিনেত্ৰী হ’ব,কোনখন চিনেমাত কোন অভিনেতাৰ লগত কোন অভিনেত্ৰীয়ে অভিনয় কৰিব,কোনে কি চৰিত্ৰ লাভ কৰিব,কোনে কি গান গাব;এই সকলোবোৰ সিদ্ধান্ত ছলমান খান আৰু তেওঁৰ বলিউডৰ শক্তিশালী ইছলামীক লবীটোৱে লয়।
মুম্বাইৰ বহু সংবাদ মাধ্যমে ছলমান খানক ডাউদ ইব্ৰাহীমৰ মানুহ বুলিও দাবী কৰে৷ যিহেতু ডাউদ ইব্ৰাহীমৰ লগত ছলমান খানৰ বহু ফটো আছে ।
আচলতে ভাৰতত নগ্নতা আৰু যৌনতাৰ মুক্ত ব্যৱসায়ৰ মাধ্যম হিচাপে পৰিগণিত বলিউড এক ইছলামিক উদ্যোগ আৰু ইয়াৰ মূলক চালক হ’ল ছলমান খান। যিসকল শিল্পী,গায়ক,অভিনেতা ইত্যাদি হিন্দু ৰাষ্ট্ৰীয়তাবাদী হয় তেনে ব্যক্তিক বলিউদৰ পৰা ষড়যন্ত্ৰ কৰি আঁতৰাই পঠিয়াও হয়। তেনে ব্যক্তিৰ কেৰিয়াৰ ইছলামীক লবীটোৱে বৰবাদ কৰি দিয়ে। ইয়াৰ অসংখ্য উদাহৰণ আছে।
সুভাষ ঘাইক চৰিওৱা,ঐশ্বৰ্য ৰায়কলৈ বিভিন্ন বিতৰ্ক,বিবেক অবেৰয়ৰ দৰে প্ৰতিভাৱান অভিনেতাই কাম নোপোৱা,গায়ক অভিজিতক গান গোৱাত বাধা-নিষেধ দিয়া,অৰিজিৎ সিঙক বিতৰ্কলৈ অনা, হিমেশ ৰেছমিয়াই কাম নোপোৱা ইত্যাদি সকলোৰে প্লে-বেকত আছিল ছলমান খান আৰু ইছলামীক বলিউডৰ হাত। ডাউদ ইব্ৰাহিম আৰু তেওঁৰ গেংৰ লগত থকা সম্পৰ্কৰ বাবে ছলমান খানক আজিয়ো বলিউডত কোনেও উভতি ধৰিবলৈ সাহস নকৰিলে৷সেয়ে বলিউডত আজিয়ো চিনেমাৰ পৰিচালক আৰু প্ৰয়োজকে ছলমান খানক সমীহ কৰি চলে।
সেই বলিউডৰ চুপাৰষ্টাৰ ছলমান খান আজি পিঞ্জৰাবদ্ধ। কাৰ পিঞ্জৰাত? আৰক্ষীৰ নিচিদ্ৰ পিঞ্জৰাত। কাৰ ভয়ত? ল’ৰেন্স বিষ্ণই নামৰ এটা ৩১ বছৰীয়া ল’ৰাৰ ভয়ত। যিজন আছে আকৌ তিহাৰ জেইলত। জেইলৰ পৰা আদালতলৈ নিয়াৰ সময়ত ল’ৰেন্স বিষ্ণইয়ে ছলমান খান আৰু তেওঁৰ বলিউডৰ শক্তিশালী ইছলামীক লবীটোক মেডিয়াৰ আগত ভাবুকি দিয়েই আছে। আৰক্ষীয়েও এই ল’ৰেন্স বিষ্ণই গেংৰ ভয়ত ছলমান খানক Y Category security দিছে। ছলমান খানৰ চিনেমাৰ শ্বুটিঙত নিৰাপত্তাজনীত কাৰণ আৰক্ষীয়ে বাধা নিষেধ আৰোপ কৰিছে। ছলমান খানৰ বাসভৱন গেলেক্সীত আজি খোদ ছলমান খান একপ্ৰকাৰ গৃহবন্দী হৈ পৰিছে। জেইলত আছে ল’ৰেন্স বিষ্ণই কিন্তু প্ৰকৃতাৰ্থত নিজ ঘৰত থাকিও জেইলত আছে ছলমান খান।
ল’ৰেন্স বিষ্ণই অপৰাধ কৰিছে,জেইলত আছে, নিৰন্তৰ ভাবুকি দি আছে প্ৰতিপক্ষক। তৎসত্বেও চৰকাৰ, আদালত, আৰক্ষীয়ে একো নোম এডালো লৰাব পৰা নাই ল’ৰেন্স বিষ্ণই আৰু তেওঁৰ গেংৰ। তাৰ কাৰণ এটাই ;ল’ৰেন্স বিষ্ণই আৰু তেওঁৰ গেংৰ পিছত আছে সমগ্ৰ সনাতনী হিন্দু সমাজ। এই কথা সকলোৱে বুজি পাইছে।
ইমানদিনে ইছলামীক বলিউডৰ ষড়যন্ত্ৰ আৰু ইছলামীক এজেণ্ডা দেশৰ সনাতনী হিন্দু সমাজে বুজি উঠা নাছিল। কিন্তু চচিয়েল মেডিয়াৰ ব্যাপক উত্থানে সকলোবোৰ Hidden Agenda Transparent কৰি ডাঙি ধৰিলে সনাতনী হিন্দু সমাজৰ ওচৰত। সেয়ে ল’ৰেন্স বিষ্ণই অপৰাধী হৈয়ো একপ্ৰকাৰ চুপাৰষ্টাৰ হৈ পৰিছে সনাতনী হিন্দু সমাজৰ ওচৰত।
আদালতৰ ৰায় অন্তিম ৰায় কেতিয়াও নহয়। সকলোৰে ওপৰত Mass People’s choice & voice !
৩১ বছৰীয়া ল’ৰেন্স বিষ্ণই হ’বলৈ গৈ আছে সমগ্ৰ সনাতনী হিন্দু সমাজৰ ৰবীন হুদ!
বিভীষণৰ ভুল বিশ্লেষণ
- ভাস্কৰ দাস
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
ৰামায়ণ প্রত্যেক সনাতনীৰ বাবে কেৱল মাত্ৰ এখন ঐতিহাসিক গ্রন্থই নহয় বৰঞ্চ প্রাচীন বা মধ্যযুগ কিংবা বর্তমান সময়ত ৰামায়ণ সকলোৰে বাবে ধর্মৰ এক শ্রেষ্ঠ উদাহৰণ, নীতিনৈতিকতাৰ অনন্য দৃষ্টান্ত। মর্যাদা পুৰুষোত্তম শ্রীৰাম হ’ল ৰামায়ণত উল্লেখিত চৰিত্ৰ সমূহৰ ভিতৰত প্রধান ও শ্রেষ্ঠতম। এজন ৰাজপুত্র ধর্মৰ নির্দেশ পালনত অটল, পিতৃসত্য পালনত নির্ভীক আৰু এজন স্বামী হিচাপে স্ত্রীৰ প্রতি আনুগত্য ।এই সকলো গুণে শ্রীৰামক অনন্য কৰি তুলিছে।সীতাক উদ্ধাৰৰ বাবে মর্যাদা পুৰুষোত্তম শ্রীৰামৰ বীৰোচিত আত্মত্যাগ আৰু শৌর্য সকলো বীৰপুৰুষৰ বাবে অনুপ্রেৰণা। কিন্তু লঙ্কা বিজয় আৰু ৰাবণৰ পৰাজয়ত মর্যাদা পুৰুষোত্তম শ্রীৰাম যেনেদৰে বন্দিত আৰু বীৰৰ আসনত অধিষ্ঠিত ঠিক তাৰ বিপৰীত বাখ্যা কৰা পৰিলক্ষিত হয় ধর্মৰ সপক্ষে অংশগ্রহণ কৰা লঙ্কাৰাজ ৰাবণৰ ভাতৃ বিভীষণৰ। বর্তমান সমাজে তেওঁক থিয় কৰাইছে কাঠগড়াত, কলঙ্কিত কৰিছে তেওঁৰ ধার্মিক চৰিত্রক লগতে এক কুৎসিত প্রবাদ বাক্য প্রচলন কৰিছে, “ঘৰৰ শত্রু বিভীষণ”। এয়া কেৱল নিতান্তই আমাৰ মূর্খতাৰ পৰিচয়েই নহয় বৰঞ্চ একপ্ৰকাৰৰ ভুল প্রোপাগেণ্ডা। ৰাবণক লম্পট চৰিত্ৰৰ অহংকাৰী ৰজা হিচাপে, লগতে মর্যাদা পুৰুষোত্তম শ্রীৰাম আৰু লক্ষ্মণক অসহায় ৰজা হিচাপে উপস্থাপন কৰা হৈছে। ইয়াৰ লগতে, অধার্মিক ৰাবণৰ ভ্রাতৃ/ভাই বিভীষণক বাখ্যা কৰা হৈছে বেইমান আৰু বিশ্বাসঘাতক হিচাপে।
কিন্তু এনেধৰণৰ প্রোপাগেণ্ডাৰ সত্যতা কি ?বিভীষণ বাৰু সঁচাকৈয়ে বিশ্বাসঘাতক আছিল নেকি? বিভীষণ সঁচাকৈয়ে ঘৰ শত্রু নেকি?
বিভীষণৰ চৰিত্র বুজিবলৈ হ’লে আমি তেওঁৰ জীবন দৰ্শন সুক্ষ্ম ভাৱে পর্যবেক্ষণ কৰাৰ প্রয়োজন আছে । কাৰণ বাল্মিকী ৰামায়ণ পঢ়িলে, বিভীষণক এজন সত্যনিষ্ঠ,
স্পষ্টভাষী ,ধার্মিকব্যক্তি হিচাপে দেখা যায় ।তেওঁ যিদৰে আনক অন্যায় নকৰিছিল, তেনেদৰে কোনো অন্যায়কে সমর্থন কৰা তেওঁৰ পক্ষে অসম্ভব আছিল। সেয়েহে তেওঁ লঙ্কাধিপতি ৰাবণৰ সন্মূখত নির্ভয়ে অন্যায়ৰ প্রতিবাদ কৰিছিল।
“ ঈদৃশৈস্ত্বং সমাচাৰৈর্যশোহর্থ কুলনাশনৈ:
ধর্ষণং প্রাণিনাং জ্ঞাত্বা স্বমতেন বিচষ্টসে । “
– বাল্মীকি ৰামায়ণ (৭।২৫।১৮)
অর্থাৎ, হে ৰাজণ স্ত্রী জাতিৰ প্রতি আপোনাৰ এই অভিলাশ অত্যন্ত পীড়াদায়ক ।এনে কৰিলে ধর্মনাশ হয় সেয়া জ্ঞাত হৈয়ো আপুনি এই কুলনাশক কামত প্রবৃত্ত হৈছে ।
লঙ্কাধিপতি ৰাবণ যদিও জ্ঞানী আছিল কিন্তু তেওঁ আছিল অধার্মিক আৰু পাপাচাৰী। এজন ধার্মিক সদাচাৰী হিচাপে বিভীষণে কেনেকৈ ৰাবণৰ পক্ষত থাকিব? যদি নিজ আত্মীয় বন্ধু বা প্রিয়জন হোৱাৰ কাৰণে অধর্মক অবলম্বন কৰিব লগা হয়, তাত ধর্মৰ প্রাসঙ্গিকতা ক’ত থাকিব?
মহাভাৰতত কর্ণ আছিল অত্যন্ত শক্তিশালী যোদ্ধা। তেওঁ দানবীৰ হিচাপে বিশ্বব্যাপী সুখ্যাতি লাভ কৰিছিল । কিন্তু যেতিয়া পাশা খেলাৰ সময়ত তেওঁ পাণ্ডৱ ৰ সৈতে হোৱা অন্যায়ৰ প্রতিবাদ নকৰি মৌন আছিল , যেতিয়া দ্রৌপদীখ ৰাজসভাত অপদস্ত কৰাৰ নিচিনা ঘটনা সংঘটিত হৈছিল, তেতিয়া তেওঁ কোনো প্রতিবাদ কৰা নাছিল। কর্ণ কৃষ্ণ সংবাদত মহাভাৰতৰ কর্ণপর্বৰ ৯১ অধ্যায়ত ভগবান শ্রীকৃষ্ণ ই কর্ণক কৈছিল –
দুর্য্যোধন, দুঃশাসন আৰু শকুনিয়ে তোমাৰ সন্মূখত একবস্ত্রা দ্রৌপদীক যে হস্তিনাপুৰৰ ৰাজসভাত অপমান কৰিছিল, তেতিয়া তোমাৰ ধর্ম্ম ক’ত আছিল?
যেতিয়া দুষ্ট কুট শকুনিয়ে দুৰভিসন্ধি কৰি তোমাৰ সন্মূখত অনভিজ্ঞ ৰজা যুধিষ্ঠিৰক পাশা খেলত পৰাস্ত কৰিছিল, তেতিয়া তোমাৰ ধর্ম্ম ক’ত আছিল?
যেতিয়া তুমি বাৰণাবত নগৰৰ জতুগৃহত প্রসুপ্ত পাণ্ডবক দগ্ধ কৰিবৰ বাবে অগ্নি প্রদান কৰিছিলা, তেতিয়া তোমাৰ ধর্ম্ম ক’ত আছিল?
যেতিয়া তুমি ৰাজসভাত দুঃশাসনৰ বশীভূত হৈ
ৰজঃস্বলা দ্রৌপদীক, “হে কৃষ্ণে! পাণ্ডব সকল বিনষ্ট হৈ শাশ্বত” নৰকত গমন কৰিছে, গতিকে তুমি অন্য পতিক বৰণ কৰা” বুলি উপহাস কৰিছিলা তেতিয়া তোমাৰ ধর্ম্ম ক’ত আছিল?
যেতিয়া তুমি ৰাজ্যলোভৰ বাবে শকুনিয়ে পাণ্ডবক পাশা খেলত অংশ গ্ৰহণ কৰিবলৈ আহ্বান কৰিছিল , তেতিয়া তোমাৰ ধর্ম্ম ক’ত আছিল ?
যেতিয়া তুমি মহাৰথী সহ বালক অভিমন্যুক পৰিবেষ্টনপূর্ব্বক বিনাশ কৰিছিলা, তেতিয়া তোমাৰ ধর্ম্ম ক’ত আছিল?
উপৰোক্ত প্রশ্ন সমূহ আছিল শ্ৰীকৃষ্ণই এজন ধার্মিকৰ বুদ্ধি বিবেকৰ প্রতি কৰা প্রশ্ন। ভগবান শ্রীকৃষ্ণই কর্ণক এই প্ৰশ্ন এই কাৰণে কৰিছিল,কাৰণ কর্ণই য’ত ধর্ম আচৰণ কৰিব লাগিছিল ,সেই সময়ত অধর্মৰ পক্ষত অস্ত্র ধৰিছিল।
একেটা অভিযোগ বিভীষণৰ প্রতিও আৰোপিত হ’ল হয়। যদি তেওঁ ৰাবণক নিজৰ ধর্মৰ কথা স্মৰণ নকৰাই ৰাজপদৰ আশাত মৌন হৈ থাকিল হয়। কিন্তু ধর্মাত্মা বিভীষণে মাতা সীতাৰ হৰণকাৰী, দুষ্ট প্রকৃতিৰ, ৰাবণৰ পক্ষত থকাটো অন্যায় হিচাপে বিবেচনা কৰিলে। আজিৰ বর্তমান প্রজন্মই সেই ধর্মাত্মা বিভীষণকে কিন্তু বিশ্বাসঘাতক (ভুল বাখ্যাৰ) হিচাপে প্রতিপন্ন কৰি আহিছে।
এনে অভিযোগ গ্রহণযোগ্য হ’ব পাৰে বুলি আপুনি ভাবে নেকি? সনাতন ধর্মৰ পৰম আৰাধ্য মর্যাদা পুৰুষোত্তম শ্রীৰামৰ জীবনীক কলংকিত কৰাৰ এক অপপ্রয়াস নহয়তো! বিভীষণে কি অন্যায় কৰিছিল । তেওঁ ৰাবণৰ পাপৰ বিৰুদ্ধে প্রতিবাদ কৰি, ধর্মৰ পক্ষ লৈছিল, ন্যায়ৰ পক্ষত থাকি, ৰাবণক সুপথগামী হোৱাৰ বাবে আহ্বান কৰি ৰাজ্যৰ পৰা বিতাড়িত হৈছিল । সত্যৰ ধ্বজাধাৰী হৈ ধর্মাচৰণ কৰাটো কেতিয়াও অন্যায় হব নোৱাৰে, আৰু সেয়েহে বিভীষণ ঘৰ শত্রু নহয় বৰঞ্চ ধর্মৰ পক্ষত থাকি অন্যায়ৰ বিৰুদ্ধে প্রতিবাদ কৰা এক সাহসী চৰিত্ৰ ।
লুৰিণৰ মুখথেকেচা…
- পাৰ্থ প্ৰতীম লহকৰ
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
আগন্তুক বিধানসভা উপ-নিৰ্বাচনকলৈ কংগ্ৰেছ দলৰ লোকসভাত বিৰোধী উপ-দলপতি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ পৰিপক্ক ৰাজনীতিত দিশহাৰা হ’ল তথাকথিত বিৰোধী ঐক্য। কংগ্ৰেছৰ কোলাত বহিয়েই বাকী কেইটা গণভিত্তিহীন ৰাজনৈতিক দলৰ নেতাই নিৰ্বাচনী বৈতৰণী পাৰ হ’ব পাৰিম বুলি সপোন দেখি আহিছিল। কিন্তু গৌৰৱ গগৈৰ সৱল স্থিতিয়ে তেওঁলোকৰ সপোন চুৰমাৰ কৰি দিলে। আজিয়ো অসমত কংগ্ৰেছ দলৰ এটা সৱল গণভিত্তি আছে। বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলত যোগদান নকৰাকৈ অথচ কংগ্ৰেছৰ টিকট লাভ কৰি প্ৰয়াত মনজিৎ মহন্তই দিশপুৰ বিধানসভা সমষ্টিত প্ৰায় ৭৫ হাজাৰ ভোট লাভ কৰিবলৈ সক্ষম হৈছিল। মিঞা মুছলমান অধ্যুষিত অঞ্চলসমূহত কংগ্ৰেছৰ একচেটিয়া ভোট বেংক আছে। সেয়া বিগত লোকসভা নিৰ্বাচনৰ সময়ত ধুবুৰী লোকসভাৰ ফলাফলেই প্ৰমাণ কৰে। বিগত ২০২৪ ৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে যদিহে কংগ্ৰেছ দলে প্ৰাৰ্থী থিয় কৰালে হেঁতেন তেন্তে তেওঁৰ আমানতৰ ধনো বাজেয়াপ্ত হ’ল হেঁতেন। যি অজিত কুমাৰ ভূঞা আজি এই তথাকথিত বিৰোধী ঐক্য মৰ্চাৰ সভাপতি হৈছে তেওঁ আকৌ কংগ্ৰেছ আৰু AIUDF ৰ বোকোচাত উঠিয়েই ৰাজ্যসভাৰ সাংসদ হৈছিল। এক অৰ্থত কংগ্ৰেছ অবিহনে বিৰোধী নেতা সমূহ ৰাজ্য ৰাজনীতিত বিৰাট শুন্য । ইয়াৰোপৰি কংগ্ৰেছক বাদ দি বাকী বিৰোধী ৰাজনৈতিক দলসমূহে কেৱল বিজেপি বিৰোধী ভোট বিভাজনৰ বাবেহে নিৰ্বাচনী ৰাজনীতিত অৱতীৰ্ণ হয় বুলি বিগত সময়চোৱাত অভিযোগ উত্থাপন হৈ আহিছে; নিৰ্বাচনত জয়লাভ কৰাটো তেওঁলোকৰ কেতিয়াও লক্ষ্য আৰু উদ্দেশ্য নহয়।
এগৰাকী অসমীয়া হিচাপে গৌৰৱ গগৈয়ে লোকসভাত যি বলিষ্ঠ কন্ঠৰে ভাষণ দিছে সেয়া স্বাভাবিকতে প্ৰশংসনীয়। কিন্তু গৌৰৱ গগৈয়ে প্ৰতিনিধিত্ব কৰি আহিছে ভাৰতীয় জাতীয় কংগ্ৰেছ নামৰ বিষাক্ত দলটোক। যি দলৰ পৃষ্ঠপোষকতাত ভাৰতীয় সভ্যতা-সংস্কৃতিৰ বিনাশ হৈছে। কিন্তু অসমৰ সাধাৰণ ৰাইজৰ এই সন্দৰ্ভত সম্যক জ্ঞান নাই। তেওঁলোকে কেৱল লক্ষ্য কৰে গৌৰৱ গগৈৰ ব্যক্তিত্ব আৰু তেওঁৰ প্ৰয়াত পিতৃ তৰুণ গগৈলৈ। যদিও তৰুণ গগৈৰ ১৫ বছৰীয়া কাৰ্যকালত তেওঁ অসমখনক বাংলাদেশী মিঞাৰ চৰণীয়া পথাৰত পৰিণত কৰিছিল তৎসত্বেও অসমীয়া মানুহৰ তেওঁৰ প্ৰতি এটা ভাল ভাৱ আছে। সেইটো হ’ল তেখেতৰ সততা। কোনো ব্যক্তিগত কেলেংকাৰীত তেওঁৰ নাম সাঙুৰ খোৱা নাছিল। আটাইতকৈ ডাঙৰ কথাটো হৈছে “Who is Badaruddin” বুলি তেওঁ এটা লক্ষ্মণ ৰেখা টানি দিছিল। যি তেওঁ মৃত্যুৰ সময়লৈকে Maintain কৰি ৰাখিলে। যি অখিল গগৈ কালিলৈকে গৌৰৱ গগৈৰ সৈতে আছিল সেই অখিল গগৈয়ে আমেৰিকাত তৰুণ গগৈৰ মাটি সম্পত্তি আছিল বুলি সংবাদ মেল পাতি ঘোষণা কৰিছিল। অথচ তেওঁৰ সেই অভিযোগ পৰবৰ্তী সময়ত মিছা প্ৰমাণিত হৈছিল।
গৌৰৱ গগৈয়ে এগৰাকী পৰিপক্ক ৰাজনৈতিক নেতা হিচাপে ছদ্মবেশত থকা বিৰোধীক চিনি পায় ৰাজনৈতিক ইনিংছ খেলা আৰম্ভ কৰিছে। জয় পৰাজয় পিছৰ কথা। কিন্তু গৌৰৱ গগৈৰ যে,”মাইকী মাছ মতা মাছ”ৰ পৰা এতিয়া বহুত উত্তৰণ ঘটিছে; সেয়া বিজেপিৰ ৰাজনীতিৰ বাবে টাৰ্ণিং পইন্ট হব পাৰে ।
২০২৬: শৰ্মা বনাম গগৈ
- ৰাজনীতি অসমৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
যোৰহাট লোকসভা সমষ্টিত বিজয়েৰে গৌৰৱ গগৈয়ে প্ৰমাণ কৰিলে যে তেওঁ অকল সংখ্যালঘুৰ নেতা নহয়। ২০১৪ আৰু ২০১৯ত মুছলমান অধ্যুসিত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা বিজয়ী হোৱা গৌৰৱ গগৈয়ে যোৰহাটৰ পৰা জয়ী হ’ব নোৱাৰিব বুলি বিজেপিয়ে ধাৰণা কৰিছিল। গৌৰৱ গগৈৰ এই বিজয়ে তেওঁক অসম কংগ্ৰেছৰ ১ নম্বৰ নেতা হিচাপে প্ৰক্ষেপিত কৰিলে। আনফালে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দুই দশকৰো অধিক কাল ৰাজনীতি কৰি নিজৰ মেধাৰ পৰিচয় দি আহিছে। অসমৰ অদ্বিতীয় নেতাজনৰ সন্মুখত ২০২৬ত প্ৰত্যাহ্বান হিচাপে ঠিয় দিব গৌৰৱ গগৈয়ে। ৰাজনীতি অসমৰ যোৱা মাহৰ অ’পিনিয়ন প’লত এই কথা স্পষ্ট হ’ল। আমি প্ৰশ্ন কৰিছিলো_অসমৰ সকলোতকৈ দুৰদৰ্শী নেতা কোন?
আমাৰ অ’পিনিয়ন প’লত ড° হিমন্ত বিশ্ব শৰ্মাই ৫৭.১% ভোট লাভ কৰাৰ বিপৰীতে গৌৰৱ গগৈয়ে পালে ৪২.৯% ভোট।
ৰতন টাটাৰ কৰ্মচাৰী
- পাৰ্থ সাৰথি দত্ত
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
ৰটন টাটাই অসমত আহি কৈছিল যে তেখেতে নিজৰ জীৱনৰ বাকী সময়চোৱা অসমৰ প্ৰগতিৰ হ’কে কাম কৰিব। অসমত কেঞ্চাৰ হাস্পতাল প্ৰতিস্থাৰ বাবে সহযোগ কৰা ৰতন টাটাই মৃত্যুৰ আগে আগে অসমক চেমিকণ্ডাক্টৰ উপহাৰ দি গ’ল। অসম চৰকাৰে তেখেতক অসমৰ সৰ্বোচ্চ অসমাৰিক সন্মান দি এটা মহৎ কাম সমাপন কৰিছিল। নিজৰ লাভাংশৰ ৬০% ধন ৰাইজক ওভতাই দিয়া টাটা গ্ৰুপৰ প্ৰাক্তন ছেয়াৰমেন জনৰ মৃত্যুত আজি গোটেই ভাৰতে চকুলো তুকিছে। বিভিন্নজনে টাটাৰ বিভিন্ন সজ কামৰ কথা লিখিছে। আমি উল্লখ কৰিব বিচাৰিছো টাটা গ্ৰুপত কৰ্মৰত এজন কৰ্মচাৰীৰ কথা। লণ্ডনত কৰ্মৰত হৈ আছিল তামিলনাডুৰ এজন যুৱক। এদিন হঠাৎ যুৱকজনৰ ষ্ট্ৰোক হ’ল। লণ্ডনত সকলো চিকিৎসাৰ দায়িত্ব ল’লে টাটা গ্ৰুপে। যুৱকজনৰ স্বাস্হ্য সামান্য উন্নত হোৱাত পৰিয়ালৰ অনুৰোধত তেওক এয়াৰ এম্বুলেঞ্চৰ যোগেদি চেন্নাইলৈ পঠাই দিয়া হয়। চেন্নাই পোৱাৰ পিছতো সকলো চিকিৎসা ব্যয় টাটা গ্ৰুপে বহন কৰি আছে। নিজৰ কৰ্মচাৰীৰ প্ৰতি এনে দায়বদ্ধতা অকল টাটা গ্ৰুপে দেখাব পাৰে। যি সময়ত ব্যক্তিগত খণ্ডৰ কোম্পানী বোৰে কৰ্মচাৰীক শোষণ কৰাৰ অভিযোগ উত্থাপিত হয় তেনে সময়ত প্ৰায় ১০ লাখ কৰ্মচাৰী থকা টাটা গ্ৰুপে সকলোৰে বাবে এক নিদৰ্শন ডাঙি ধৰিছে।
পাকিস্তান, বাংলাদেশ আদিৰ ভিক্ষা
- শিৱ প্ৰসাদ শৰ্মা
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
ঢাক্কাত অলপতে হৈ যোৱা দেশ কঁপোৱা বৃহৎ ছাত্ৰ আন্দোলনটোত দেখা গ’ল দেশৰ জনতাই বিদ্ৰোহৰ নামত প্ৰধান মন্ত্ৰীৰ আবাসত লুটপাট চলাই সকলোৰে চকুৰ আগতে চৰকাৰী ঘৰ দুৱাৰ, আচবাবপত্ৰৰ লুটপাট চলাই ভাৰ সাঙী কৰি এফালৰ পৰা লুটি নিলে৷ কেমেৰাত দেখা গ’ল লুটপাট কৰি নিয়া সকলৰ চকু মুখত কোনো ভয় ভীতি লাজ অপমানৰ লেশমানো নাই তাৰ সলনি আছে বিজয়উল্লাসৰ গৰ্বিত ভাবাবেগ৷ যোৱা শুকুৰবাৱে লাহোৰত দ্ৰীমজ মল বুলি এখন বৃহৎ অৰ্থ বিনিয়োগেৰে বিশ্বস্তৰীয় মল খোলা হৈছিল৷ জুম্মাৰ দিন৷ পবিত্ৰ দিন৷নামাজৰ পিছত প্ৰায় এক লাখ লোক মলটোৰ উদ্ধোধন হোৱালৈহে বাট চাই আছিল৷ উদ্ধোধন হোৱাৰ আধা ঘন্টাৰ ভিতৰতে মলৰ লাম লকটু একো বাকী নাথাকিল৷ নামাজ কৰি মোমিন বান্দা সকলে সকলো যুদ্ধজয়ৰ আনন্দেৰে লুটি নিলে৷ কিয় এনে হয় ?
ইছলাম ধৰ্মত ইছলামত দিক্ষিত কৰিবলৈ কৰা জিহাদ মানে ধৰ্মযুদ্ধত চুৰি, ডকাইতি, নাৰী নিগ্ৰহ (ভোগৰ সামগ্ৰী) লুট-পাট আদি কাৰ্য্য ঘৃণনীয় কাৰ্য্য নহয়৷ মক্কা এৰাৰ পিছত হজৰত মোহম্মদে নিজাকৈ সংগঠিত কৰিলোৱা এক ক্ষুদ্ৰ সৈন্য বাহিনীৰে সৰু সৰু ৰাজ্যবোৰ এফালৰ পৰা জয় কৰি গৈছিল৷ এই যুদ্ধবোৰৰ মনোস্তাত্বিক দিশ এটা আছিল সেইয়া হৈছে শত্ৰুপক্ষক ভীতিগ্ৰস্ত কৰিবলৈ সন্ত্ৰাসৰ সৃষ্টি কৰা৷ ক্ৰুড়তা নিৰ্মমতাৰ নিস্থুৰ প্ৰদৰ্শনেৰে এক ভীতি বিহ্বল পৰিবেশ ৰছনা কৰা হৈছিল, আৰু এই যুদ্ধবোৰ সদায়েই আছিল অতৰ্কিত, অনভিপ্ৰেত আৰু আচম্বিক৷ আগৰ পৰা তেনেকৈ কোনো জাননী দিয়া হোৱা নাছিল৷ আতৰ্কিত আক্ৰমনত পৰ্যুদস্ত ৰজা বোৰে সন্ত্ৰাসিত হৈ নিজৰ ও প্ৰজাৰ প্ৰাণ ৰক্ষাৰ বাবে উপায়ন্তৰ হৈ ইছলাম কবুল কৰিছিল৷ কবুল শব্দৰ অৰ্থ মানি লোৱা বা মানি ল’বলৈ বাধ্য হোৱা৷ সৈন্য সকলে এই যুঁজ বোৰত এফালৰ পৰা ধন, সোন, মনি-মুক্তা আদি বিভিন্ন সামগ্ৰীৰ লগতে সুন্দৰী নাৰী সকলকো লগত লৈ গৈছিল৷ এইদৰে নিয়া সামগ্ৰীক “গানিমাৰ মাল“ বুলি কোৱা হৈছিল৷ এই গানিমাৰ মালৰ এক পঞ্চমাংশত আল্লাৰ অধিকাৰ থাকে মোহম্মদ যিহেতু আল্লাৰ মেছেঞ্জাৰ (পয়গম্বৰ মানে দূত) সেয়ে সেই পঞ্চমাংশত তেৰাৰ অধিকাৰ আছিল৷ সুন্দৰী নাৰী সকলৰ ক্ষেত্ৰটো তেনে অধিকাৰ আছিল৷ ইছলাম এক সামৰিক বিশ্ববিজয় অভিযান৷ যাৰ আৰম্ভ হজৰত মোহম্মদে কৰিছিল৷ আজিও নিৰন্তৰে এই অভিযান চলি আছে৷ জিহাদ বা ধৰ্মবিস্তাৰৰ বাবে কৰা যুদ্ধক পবিত্ৰ বুলি কোৱা হয় বা নাভিমুল ধাৰণা কৰি লোৱা হয়৷ বহুতে ইছলাম মানে শান্তি বুলি কয় তাতকৈ হাস্যকৰ কথা থাকিব নোৱাৰে, ইছলামত শান্তি মানে যুদ্ধবিজয়ৰ বিৰামহে, ইছলাম মানে শান্তি নহয় হ’ব নোৱাৰে৷ অন্ততঃ সমগ্ৰ বিশ্বই ইচলাম কবুল নকৰালৈকে৷ ইছলাম মানে অনন্তকালৰ সুখ-সম্ভোগৰ স্বপ্নত একান্তভাবে নিমজ্জিত লোকৰ এক সাম্প্ৰদায়িক বিশ্ববিজয়ৰ যুদ্ধাভিযান৷
থুলমুল ধাৰণাটোৰ দ্বাৰা বুজাব বিচিৰিছোঁ যে ইছলামত অনাইছলামৰ পৰা চুৰি ডকাইতি বলপুৰ্বক অধিগ্ৰহণ কৰি সংগ্ৰহ বা ভোগ কৰাটোত কোনো অনুশোচনা বা পাপৰ কথা নাই৷ এই অনাইচলাম বা “কাফেৰ“, “মুশৰীক’ৰ ধাৰণাটো নিজৰ মতে কৰি ল’ব পাৰি৷ বেগম হাচীনা মুছলমান কিন্তু তেওঁ ইচলাম বিৰোধী কাম কৰিছে গতিকে “কাফেৰ“৷ দ্ৰীমজ মলৰ মালিকে দিব লগীয়া জাকাত দিয়া দিয়া নাই গতিকে “কাফেৰ“৷ কাৰোবাক “কাফেৰ“ সজাবলৈ মোল্লা মৌলবীৰ বেছি সময় নালাগে৷
মুছলমান লোকসকলে হজৰত মোহম্মদকে বিশ্বৰ শ্ৰেষ্ঠতম লোক বুলি ধৰে৷ তেওঁক কেতিয়াও সমালোচনা কৰিব নোৱাৰে সেয়ে ইছলাম ধৰ্মীয় লোক সকলৰ মাজত সমালোচনাত্মক মানসিকতাৰ লোক বিৰল, Critical study যি আধুনিক গৱেষণাৰ মুলমন্ত্ৰ সেই Critical study ইছলামকলৈ কোনেও কৰিব নোৱাৰে৷ হজৰত মোহম্মদ কোনো পয়গম্বৰ নহয় বুলি যিমানেই অকাট্য যুক্তি নাথাকক কিয় সেই সমালোচনা কোনেও কৰিব নোৱাৰে৷ কৰিলেই শিৰচ্ছেদৰ “ফটোৱা“ জাৰি হ’ব৷ “বিশ্বাসে মিলয় হৰি তৰ্কে বহু দুৰ“ নহয় তৰ্কে “শৰ তন চে যুদা“৷ সেয়ে মুছলমানৰ মাজত আবিস্কাৰকৰ সংখ্যা নগন্য৷ বিজ্ঞান মনস্কতা ইছলামৰ ঘোৰ শত্ৰু৷?
ত’বে জিহাদ আৰু সাম্প্ৰদায়িক ভ্ৰাতৃত্ববোধৰ পৰা উদ্বুদ্ধ আনুসাংগিক কেতবোৰ বিকাৰে ঈছলামিক সমাজ কোঙা কৰিছে৷ গনতন্ত্ৰৰ বাবে ইছলাম মুঠেই গ্ৰহনযোগ্য নহয়৷ শৃঙ্খলাবদ্ধ দাসত্ব অবিহনে ঈছলামিক সমাজ অনুশাসনহীন বিশৃংখলাৰে ব্যতিব্যস্ত৷ কাঢ়া ৰাজতন্ত্ৰত ইছলামৰ সমাজ আপেক্ষাকৃত শৃংখলাবদ্ধ কিন্তু গণতন্ত্ৰত ইছলাম লেকামহীন উতনুৱা সমাজ৷ পাকিস্তান বাংলাদেশ ইৰান আদি গণতান্ত্ৰিক দেশৰ সমাজবোৰ সেয়ে ভয়ংকৰ অশান্তিময়৷
আল্লাত একান্ত সমৰ্পণ, কাফেৰ মুশৰিকৰ প্ৰতি ঘৃণা দোজখৰ অন্তহীন অনাৰ্বাপিত পীড়াভীতি, বেহেস্তৰ ৰঙীন স্বপ্ন, একে আল্লাৰ বান্দা আউলীয়াৰ সৈতে প্ৰীয় সতীৰ্থপ্ৰৱণতা (Comraderie) ৰ এক বিৰল সংমিশ্ৰনত মুছলমানৰ অবচেতনে গঢ় লয় যি আন ধৰ্মৰ লোকতকৈ বেলেগ৷ দুটাা বিপৰীতমুখী মানসিকতাই ঈছলামিক অবচেতন দুদোল্যমান কৰে এটা হৈছে অগাধ আল্লাবিশ্বাসে কৰি তোলা অদৃষ্টবাদিতা যি নিজা নিজা আত্মবিশ্বাসৰ ভেটি দুৰ্বল কৰে৷ আনটো হৈছে মনৰ মাজত গাঢ় ভাবে সোমায় থকা কাফেৰ মুশৰীক ঘৃণাপ্ৰৱণতা ৷ এফালে জিহাদোন্মাদ সাম্প্ৰদায়িকতাৰ বিপৰীতে দয়া কৰুণাৰ পাত্ৰহৈ ভীক্ষা খোজাৰ প্ৰৱণতা ইছলামতে আন সকলো ধৰ্মতকৈ বেছি৷ ভিক্ষা বিভিন্ন স্তৰত হয়৷ দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা বাটৰ ভীক্ষাৰীলৈকে বুজন সংখ্যক লোক পেছাদাৰী ভীক্ষাৰী৷ বাংলাদেশ, পাকিস্তান, মৰক্কো, চুডান, নাইজেৰিয়া বিশ্বৰ ভিতৰতে সৰ্ব্বাধিক ভীক্ষাৰী থকা দেশ৷ এটা সৰু উদাহৰণৰে আজিৰ লিখা সামৰিম পাকিস্তানে চফ্টৱেৰ ৰপ্তানি কৰে তিনি বিলিয়ন মাৰ্কিন ডলাৰৰ তাৰ বীপৰীতে ভীক্ষাৰ জড়িয়তে দেশলৈ আহে বিৰাল্লীছ বিলিয়ন মাৰ্কিন ডলাৰ৷ ভীক্ষাৰ ব্যৱসায় চফ্টৱেৰতকৈ চৈধগুন বেছি৷ অসমৰ ৯৫% ভীক্ষাৰীয়েই বাংলাদেশী মুলৰ মুছলমান লোক৷
এগজিট প’ল বন্ধ হ’ব নেকি?
- ৰাজনীতি অসমৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
হাৰিয়াণাৰ নিৰ্বাচনত আকৌ এবাৰ এগজিট প’ল ব্যৰ্থ হ’ল। সকলোবোৰ সংস্থাই কংগ্ৰেছৰ বিজয় আৰু বিজেপিৰ শোচনীয় পৰাজয়ৰ পুৰ্বানুমান কৰিছিল। আনকি সাধাৰণ নিৰ্বাচনত সঠিক পুৰ্বানুমান কৰি হিৰো হোৱা যোগেন্দ্ৰ যাদৱেও কংগ্ৰেছৰ চুনামী আহিব বুলি কৈছিল। কিন্তু নিৰ্বাচনী ফলাফলত দিনা বিজেপিয়ে শেষ হাঁহি মাৰিলে। ২০২৪ৰ সাধাৰণ নিৰ্বাচনতো বিজেপিয়ে অকলে সংখ্যাগৰিষ্ঠতা পাব বুলি সকলোবোৰ নিউজ চেনেলে দাবী কৰিছিল। কিন্তু সকলোৱে ফেইল মাৰিলে। ইয়াৰ আগতে ছত্তিচগড়, মধ্যপ্ৰদেশ আদিতো ব্যৰ্থ হৈছিল এগজিত প’ল। ধাৰাবাহিক ব্যৰ্থতাৰ ফলত এগজিত প’লৰ বিশ্বাসযোগ্যতা কমি আহিছে। এওলোকে এগজিট প’ল কৰা প্ৰণালীবোৰ সলনি কৰাৰ সময় আহি পৰিছে। যদি এয়া নকৰে তেন্তে মানুহে এগজিট প’ল চোৱা বন্ধ কৰি দিব।
দীপাৱলীৰ বহুমুখী স্বৰূপ
- তপন কুমাৰ বৰা
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
বেয়াৰ ওপৰত ভালৰ জয়ৰ উপলক্ষে ভাৰতত তথা বিশ্বৰ বহু দেশত দীপাৱলী উদযাপন কৰা হয়।
দীপাৱলীক সমগ্ৰ ভাৰতবৰ্ষতে ব্যাপকভাৱে পালন কৰা পোহৰৰ উৎসৱ হিচাপে জনা যায়। কাৰ্তিক মাহত দীপাৱলী পালন কৰা হয় আৰু এই উৎসৱ সাধাৰণতে ধনতেৰাছৰ পৰা আৰম্ভ কৰি পাঁচ দিনীয়া হয়, তাৰ পিছত নৰক চতুৰ্দশী (বা ছোটী দীপাৱলী), লক্ষ্মী পূজা (বা বড়ী দীপাৱলী), গোবৰ্ধন পূজা আৰু ভাই দূজ উদযাপন কৰা হয়।
দীপাৱলী শব্দৰ উৎপত্তি:
দীপাৱলী শব্দৰ উৎপত্তি সংস্কৃত শব্দ দীপ (Lamp) আৰু ৱালি (Row / শাৰী), ইয়াক প্ৰতিটো কোণ আৰু চুকত মাটিৰ দীপ জ্বলাই উদযাপন কৰা হয়।
দীপাৱালীৰ আধ্যাত্মিক বাৰ্তা:
দীপাৱলী হিন্দু উৎসৱ বুলি গণ্য হ’লেও সমগ্ৰ দেশতে বিভিন্ন জনগোষ্ঠীত বিভিন্ন ৰূপত উদযাপন কৰা হয়। কিন্তু উৎসৱটো যি ঠাইতে পালন কৰা নহওক কিয়, দীপাৱালীৰ আধ্যাত্মিক বাৰ্তা একেই থাকে যিটো হৈছে ‘আন্ধাৰৰ ওপৰত পোহৰৰ জয়, বেয়াৰ ওপৰত ভাল আৰু অজ্ঞানৰ ওপৰত জ্ঞান’।
দীপাৱলী – আমি পোহৰৰ উৎসৱ উদযাপন কৰাৰ কাৰণ:
# আধ্যাত্মিক অন্ধকাৰৰ পৰা ৰক্ষা কৰা আভ্যন্তৰীণ পোহৰৰ প্ৰতীক:
আন্ধাৰৰ ওপৰত পোহৰ আৰু বেয়াৰ ওপৰত ভালৰ জয়ৰ প্ৰতীক দীপাৱলী। ভাৰতৰ উত্তৰ অংশত দীপাৱলীয়ে বেয়াৰ ওপৰত ভালৰ জয় আৰু ভগৱান ৰামৰ অযোধ্যালৈ উভতি অহাৰ উদযাপনৰ সূচনা কৰে। হিন্দু মহাকাব্য ৰামায়ণ অনুসৰি ভগৱান ৰাম, তেওঁৰ ভাতৃ লক্ষ্মণ আৰু তেওঁৰ পত্নী সীতাই দানৱ ৰজা ৰাৱণক পৰাস্ত কৰি ১৪ বছৰ নিৰ্বাসিত হৈ অযোধ্যালৈ উভতি আহিছিল। অন্য এটা কাৰণ বিবেচিত হৈছে যে ভগৱান শ্ৰীকৃষ্ণই (ভগৱান বিষ্ণুৰ অৱতাৰ) দ্বাপৰ যুগত নৰকাসুৰ দানৱক বধ কৰিছিল। ব্ৰজ অঞ্চলত ভাৰতৰ উত্তৰ প্ৰান্তত দক্ষিণ তামিল আৰু অসমৰ কিছু অংশত ভগৱান শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰা দিনটোত নৰক চতুৰ্দশী (ছোটি দীপাৱলী) পালন কৰা হয়।
# আধ্যাত্মিক জ্ঞান:
দীপাৱলী হৈছে আধ্যাত্মিক চিন্তা আৰু অন্তৰ্নিহিত জাগৰণৰ সাধনাৰ সময়। ইয়াক প্ৰায়ে ধন-সম্পত্তি আৰু সমৃদ্ধিৰ দেৱী লক্ষ্মী দেৱীৰ পূজাৰ লগত জড়িত কৰা হয়।
# পাণ্ডৱৰ হস্তিনাপুৰলৈ উভতি অহা:
কৌৰৱে ছলনা কৰা বাজি হেৰুৱাই পাঁচজন পাণ্ডৱ ভাতৃ ১২ বছৰৰ বাবে অৰণ্যত নিৰ্বাসিত হৈ থাকিবলৈ বাধ্য হৈছিল। হিন্দু মহাকাব্য মহাভাৰত অনুসৰি পাণ্ডৱসকল কাৰ্তিক অমাৱস্যাৰ দিনা হস্তিনাপুৰলৈ উভতি আহে।
# শস্য চপোৱাৰ বতৰ শেষ:
এটা জনবিশ্বাস এইটোও যে দীপাৱলীৰ উৎপত্তি হয়তো শস্য চপোৱা উৎসৱ হিচাপে হৈছিল, যিটো শীতকালৰ আগতে বছৰৰ শেষ চপোৱা উৎসৱ হিচাপে চিহ্নিত কৰা হয়।
# নৱবৰ্ষ হিচাপে উদযাপন কৰা দীপাৱলী:
ভাৰতৰ গুজৰাটৰ দৰে ৰাজ্য আৰু উত্তৰ ভাৰতৰ কিছুমান হিন্দু সম্প্ৰদায়ত দীপাৱলী উৎসৱেও নৱবৰ্ষৰ আৰম্ভণিৰ সূচনা কৰে। বহুতে দীপাৱলীৰ সময়ত নতুন উদ্যোগ, ব্যৱসায়, আনকি বিত্তীয় বৰ্ষও আৰম্ভ কৰে, ইয়াৰ দ্বাৰা শুভকামনা আৰু সফলতা আহিব বুলি বিশ্বাস কৰে।
মূলতঃ ই হিন্দু উৎসৱ, দীপাৱলীৰ ভিন্নতা অন্য ধৰ্মৰ অনুগামীসকলেও পালন কৰে। জৈনসকলে নিজাকৈ দীপাৱলী পালন কৰে যিয়ে মহাবীৰৰ চূড়ান্ত মুক্তিৰ সূচনা কৰে। মোগল কাৰাগাৰৰ পৰা গুৰু হৰগোবিন্দৰ মুক্তিৰ উপলক্ষে শিখসকলে বন্দী ছোৰ দিৱস পালন কৰে। নেৱাৰ বৌদ্ধসকলে লক্ষ্মী পূজা কৰি দীপাৱলী পালন কৰাৰ বিপৰীতে পূব ভাৰত আৰু বাংলাদেশৰ হিন্দুসকলে সাধাৰণতে কালী দেৱীক পূজা কৰি দীপাৱলী পালন কৰে।
ভাৰতৰ প্ৰায় সকলো ঠাইতে দীপাৱলী
কেনেকৈ উদযাপন কৰে?
দীপাৱলী ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ উদযাপন, আৰু ইয়াক বিভিন্ন সম্প্ৰদায় আৰু ধৰ্মৰ লোকে পালন কৰে, যাৰ ফলত ই এক ঐক্যবদ্ধ উৎসৱ।
দীপাৱলী হৈছে পৰিয়ালসমূহ একত্ৰিত হোৱাৰ সময়, বন্ধন মজবুত কৰা, একেলগে উদযাপন কৰা। পৰিয়ালৰ সদস্যসকলে একেলগে চাকি জ্বলাই পৰিয়ালৰ ঐক্যক প্ৰতিনিধিত্ব কৰে।
দীপাৱলীৰ সময়ত উপহাৰৰ আদান-প্ৰদান ইজনে সিজনৰ প্ৰতি মৰম আৰু কৃতজ্ঞতা প্ৰকাশৰ এক উপায়, সদিচ্ছা আৰু উদাৰতাৰ ইংগিত।
ঘৰবোৰ ৰঙীন ৰেংগোলি, লাইটেৰে সজাই তোলা হয়, যাৰ ফলত এক সজীৱ আৰু আদৰণীয় পৰিৱেশৰ সৃষ্টি হয়।
দীপাৱলী সুস্বাদু মিঠাইৰ সময়। প্ৰেম আৰু সদিচ্ছাৰ চিন স্বৰূপে পৰিয়ালে মিঠাই আৰু উপহাৰৰ আদান-প্ৰদান কৰে।
দৰ্শনীয় আতচবাজীয়ে নিশাৰ আকাশখন পোহৰাই তোলে, যিয়ে উৎসৱমুখৰ মনোভাৱ বৃদ্ধি কৰে আৰু ইয়াক আন্ধাৰৰ ওপৰত পোহৰৰ জয়ৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।
দীপাৱলী হ’ল পূজা, দীপ জ্বলোৱা আদি পৰম্পৰা আৰু আচাৰ-ব্যৱহাৰেৰে ডুব যোৱা ভাৰতীয় উৎসৱ।
পৰিয়ালৰ কনিষ্ঠ সদস্যসকলে তেওঁলোকৰ ভৰি দুখন স্পৰ্শ কৰি সন্মান আৰু মৰমৰ চিন হিচাপে নিজৰ বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ বিচাৰে।
দীপাৱলী হৈছে আৰ্তজনৰ লগত নিজৰ সমৃদ্ধিৰ ভাগ-বতৰা কৰাৰ সময়। উৎসৱৰ সময়ত বহুতে দাতব্য কামত লিপ্ত হয়, কম সৌভাগ্যৱান লোকক সহায় কৰে।
এই সকলোবোৰ কাৰণে দীপাৱলীৰ বহুমুখী স্বৰূপ প্ৰতিফলিত কৰে, যিটো কেৱল ধৰ্মীয় উৎসৱ নহয়, সংস্কৃতি, পৰিয়াল, আমাৰ জীৱনত ইতিবাচকতাৰ জয়ৰ উদযাপন।