পুৰণি বিজেপিক লেং মাৰি প্ৰাক্তন ছাত্ৰ নেতাৰ ক্ষমতাৰ সোৱাদ

1451

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


বিজেপি দলে চৰকাৰত নিজৰ পাঁচ বছৰীয়া কাৰ্যকাল শেষ কৰিব ওলাইছে ।  ২০১৬ নিৰ্বাচনত অগপক মিত্ৰজোঁটত অন্তৰ্ভুক্ত কৰিছিল , বিজেপিৰ জনবল আৰু ধনবলত অগপৰ বহু কেইজন নেতা বিধায়ক হ’ল । অতুল বৰা ,উৎপল দত্ত , সত্যব্ৰত কলিতা , পবিন্দ্ৰ ডেকা প্ৰমুখ্যে প্ৰায় ৯০% অগপৰ বিধায়কে পুনৰ জীৱন পাইছিল । ২০১৬ ত দল হিচাপে পুনৰ জীৱন পোৱা  বিধায়ক সকলৰ বাদেও বিজেপিত যোগদান কৰি ৰাজনৈতিক কেৰিয়াৰ ৰক্ষা কৰা বহু প্ৰাক্তণ অগপ নেতা এতিয়া বিজেপি চৰকাৰত মন্ত্ৰী । চন্দ্ৰমোহন পাটোৱাৰী , সৰ্বানন্দ সোণোৱাল , নব কুমাৰ দলে প্ৰমুখ্যে বহু প্ৰাক্তন অগপ নেতা মন্ত্ৰী সভাত  স্থান দখল কৰি  আছে । হিমন্ত বিশ্ব শৰ্মাক বাদ দি প্ৰভাবশালী দপ্তৰ দখল কৰি থকা মন্ত্ৰী কেওজনেই প্ৰাক্তণ অগপ বা বৰ্তমানৰ অগপ নেতা । চন্দ্ৰ মোহন পাটোৱাৰী , অতুল বৰা , কেশৱ মহন্ত , ফনি ভূষণ চৌধুৰী , নব কুমাৰ দলে আৰু খোদ মুখ্যমন্ত্ৰী এই সমীকৰণৰ অংশীদাৰ । যিটো সময়ত বিজেপিৰ পুৰণি কৰ্মী – নেতাসকলে সমষ্টিৰ টিকটৰ নামত নিজৰ মাজত প্ৰতিদ্বন্দ্বিতাত লিপ্ত হৈছে সেই সময়তে প্ৰাক্তন আছু নেতা বা বিভিন্ন ছাত্ৰ সংগঠন কৰা ছাত্ৰ নেতা সকলে  নিকায় আৰু দপ্তৰত প্ৰভাবশালী পদ লৈ ক্ষমতাৰ ক্ৰিম খাবলৈ সক্ষম হৈছে । দিছপুৰত মৃগাংক বৰ্মন বা জয়ন্ত দাসে বিজেপিৰ পতাকা লৈ ৰাইজৰ মাজত সোমাই পৰিছে  , কিন্তু টিকট জানো তেওঁলোকৰ দুজনেই পাব ? হয়টো দুয়োকে লেং মাৰি প্ৰাক্তণ আছু আৰু অগপ নেতা অতুল বৰাইও টিকট পাই যাব পাৰে । বৰক্ষেত্ৰীত নয়ন তালুকদাৰ , শান্তনু কলিতাৰ দৰে নেতাই ৩০ বছৰ বিজেপিত থাকি এইবাৰ টিকট বিচাৰিব । কিন্তু তেওঁলোকে জানো প্ৰভাবশালী নাৰায়ন ডেকাক বলে পাৰিব ? বিধায়কৰ টিকট পাবলৈ সক্ষম নোহোৱা পুৰণি কৰ্মীক সাধাৰণ নিকায় এটাৰ দায়িত্বও চৰকাৰ খনে নিদিলে । কিন্তু সৌ সিদিনালৈ তাই আহোম ছাত্ৰ সংগঠন কৰা লক্ষ্য কোঁৱৰৰ দৰে ব্যক্তিয়ে চৰকাৰৰ খেল বিভাগটো জানো চলাই থকা নাই ? তপন গগৈৰ দৰে প্ৰাক্তণ ছাত্ৰ নেতা ৰাতিটোৰ ভিতৰত বিধায়ক হল , মন্ত্ৰী হল আৰু এতিয়া সাংসদ । হিমন্ত বিশ্ব শৰ্মাৰ লগত অহা কংগ্ৰেছী সকলৰ ভিতৰত পিযুজ হাজৰিকাৰ বাহিৰে বাকী সকলক মানুহে পাহৰিছেই ।  কেব আন্দোলনৰ সময়ত অগপৰ মন্ত্ৰীসকলৰ পদত্যাগ আৰু ছাত্ৰ সংগঠনৰ পৰা আহি বিজেপিত ক্ষমতাৰ সোৱাদ লোৱা সকলে মৌনতা অৱলম্বন কৰিলে । দলৰ বেয়া সময়ত পলায়নবাদী স্থিতি লোৱা সকল আজি মন্ত্ৰী বা নিকায়ৰ অধ্যক্ষ । হিমন্ত বিশ্ব শৰ্মাৰ লগত অহা আৰু কেবৰ সময়ত দলীয় স্থিতিক উপস্থাপনত গুৰুত্বপুৰ্ণ ভুমিকা লোৱা কংগ্ৰেছী জয়ন্ত মল্ল বৰুৱাই পৰ্যটন বিভাগৰ নেতৃত্বত থাকি কিছু অৰ্থ বা প্ৰচাৰ পাইছে কিন্তু ৰাইজৰ প্ৰতিনিধি হোৱাৰ সুযোগৰ পৰা বহু দুৰত আছে ।আবু তাহেৰ বেপাৰী পুনৰ কংগ্ৰেছলৈ ঘুৰি গ’ল,ৰাজেন বৰঠাকুৰ প্ৰয়াত হ’ল,পল্লব লোচন দাস ৰাজ্যৰ ৰাজনীতিৰ পৰা বহু দুৰত গৈ সাংসদ হ’ল, পিয়ুস হাজৰিকাই সমষ্টি সলাবলৈ তৎপৰ হৈছে ।মুঠৰ ওপৰত কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা খিলঞ্জীয়া নেতা কৰ্মীৰ অধিকাংশৰ অৱস্থা কেৰাচিন । পুৰণি বিজেপি , বজৰং , বিশ্ব হিন্দু পৰিষদ বা বিজেপিত থকা প্ৰাক্তন কংগ্ৰেছী সকলোকে লেং মাৰি বিজেপি লৈ অহা প্ৰাক্তন ছাত্ৰ নেতা সকলে ক্ষমতাৰ সোৱাদ লৈ নোদোকা হৈ থকাটো বিজেপিৰ যোৱা ৫ বছৰৰ এক বিশেষ ঘটনা বুলি ইতিহাসে মনত কৰিব ।