কংগ্ৰেছৰ সত্য বচন ৰাইজে শুনিবনে?

1159
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


নিৰ্বাচনৰ দিন ঘোষনাৰ লগে লগে অসমত নিৰ্বাচনী বতাহ বলিছে। কংগ্ৰেছৰ নেতাসকলে ৰাজ্যৰ চুকে কোনে গৈ ভোটাৰৰ মন জয়ৰ চেষ্টা কৰিছে। বিজেপি চৰকাৰৰ ব্যৰ্থতা উদঙাই দি নিজৰ দলৰ বাবে ভোট ভিক্ষা কৰিছে। কংগ্ৰেছ দলে বিজেপিৰ বিৰূদ্ধে বহু অভিযোগ উত্থাপন কৰিছে যাৰ সত্যতা অস্বীকাৰ কৰাৰ উপায় নাই। মুল্যবৃদ্ধিয়ে ৰাইজক কোঙা কৰিছে। পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ আকাশলংঘী মুল্যই ৰাইজক জ্বলাকলা খুৱাইছে। এসময়ত এই বিজেপিয়ে কৈছিল “বহুত হুৱা মেহংগাই কা মাৰ, অবকি বাৰ মোদী চৰকাৰ”। পেট্ৰলজাত সামগ্ৰীৰ ওপৰত অত্যাধিক কৰ জাপি দি মোদীয়ে এতিয়া আগৰ চৰকাৰক দোষাৰোপ কৰিব বিচাৰিছে। ৰাষ্ট্ৰীয় ঘাইপথত টোল সংগ্ৰহেও ৰাইজক ক্ৰোধিত কৰিছে। এইবাৰ আহো নিবনুৱা সমস্যালৈ। যোৱা বিধানসভা নিৰ্বাচনৰ আগত আগত অসমত ১৪ লাখ নিবনুৱা থকা বুলি চিঞৰা অসমৰ বিজেপি চৰকাৰ এতিয়া নিমাত। শিক্ষকৰ চাকৰি কেইটা দিয়েই যেন চৰকাৰখনে সন্ত্তষ্টি লাভ কৰিছে। পি.আন.আৰ.দি, এছ.আই আদি পৰীক্ষাটো অজস্ৰ দুৰ্নীতিৰ অভিযোগ। দুৰ্নীতিমুক্ত অসম গঢ়াৰ সপোন দেখুওৱা সৰ্বানন্দ সোণোৱালে নিজৰ দলৰ নেতা পালিনেতাৰ সম্পত্তি যোৱা ৫ বছৰত কিমান বাঢ়িল তাৰ হিচাপ ল ‘লেই সকলো ওলাই পৰিব। চিণ্ডিকেটৰ কথা খোদ বিধায়ক শিলাদিত্য দেবে কৈছে। এসময়ত মাছ কিনি দিয়াতকৈ মাছ ধৰিব শিকাম বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাইও হিতাধিকাৰী সৃষ্টি কৰাৰ প্ৰতিযোগিতাত নামি গৈছে। স্কুটী, বুলেটাৰ পিছত এতিয়া এনে পৰ্যায় পাইছে যে কেন্টিনত চাহ খাবৰ বাবে দৈনিক ১০০ টকা হেনো ছাত্র-ছাত্রীক দিব। কৰদাতা ৰাইজৰ  টকাৰ ইয়াতকৈ বেছি অপব্যবহাৰ আমি দেখা নাই। কৃষি, উদ্যোগ, জলসিঞ্চন, পৰিবহন, গ্ৰামোন্যয়ন আদি বিভাগবোৰে যোৱা ৫ বছৰত কি কৰিছে একো উমানেই পোৱা নাই। নিৰ্বাচনী প্ৰতিশ্ৰুতিমতে  চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, ৬ জাতীৰ জনজাতিকৰণৰ সমস্যা এই চৰকাৰে সমাধান কৰিব নোৱাৰিলে। গতিকে কংগ্ৰেছে এই চৰকাৰখনৰ বিৰুদ্ধে যি অভিযোগ আনিছে তাৰ অধিকাংশই বাস্তব সত্য। ৰাইজেও সেয়া নুবুজা নহয়। কিন্তু ৰাইজৰ হাতত বিকল্প কি? কংগ্ৰেছ চৰকাৰৰ শেষৰটো কাৰ্য্যকাল ৰাইজৰ মনৰ পৰা এতিয়াও আতৰা নাই। কি নিশ্চয়তা আছে যে কংগ্ৰেছ আহিলে এই সকলো সমস্যা সমাধান কৰিব পাৰিব? অসমত কংগ্ৰেছ চৰকাৰ আহিলে যদি কেন্দ্ৰৰ বিজেপি চৰকাৰে সকলো পুজি বন্ধ কৰি দিয়ে? তেতিয়া হ’লে চোন পোৱাখিনিৰো মুধা মৰিব। কংগ্ৰেছৰ বিশ্বাসযোগ্য নেতা কোনজন যাৰ কথাত আমি পতিয়ন যাব পাৰো? এইবোৰ প্ৰশ্নই বৰ্তমান সৰ্বসাধাৰণ ৰাইজক ব্যতিব্যস্ত কৰিছে। বিকল্প হিচাপে জাতীয় পৰিষদ থাকিলেও অগপৰ দিনৰ সেই বিভীষিকাৰ কথা ভাবিলেই নোম শিয়ৰি উঠে। পৰবৰ্তী চৰকাৰ বিজেপিৰ হ’লেও তেওঁলোকে ভাবিব নালাগে যে এয়া তেওঁলোকৰ কামৰ বাবে ভোট দিছে। ৰাইজৰ যে অন্য বিকল্প নাই।