‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ
এইবছৰ ফেব্ৰুৱাৰী মাহত ৫ ৰাজ্যত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ ৰাজ্য হ’ল উত্তৰ প্ৰদেশ। এই প্ৰদেশখনৰ পৰা লোকসভালৈ ৮০জন সদস্য নিৰ্বাচিত হয়। উত্তৰ প্ৰদেশৰ ৰাইজৰ সমৰ্থন অবিহনে কোনো দলৰ পক্ষে চৰকাৰ গঠন কৰা সহজ নহয়। সেয়েহে ভাৰতৰ ৰাজনীতিত উত্তৰ প্ৰদেশৰ গুৰুত্ব বহুত বেছি। অনাগত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা চাৰিটা দলৰ মাজত হ’ব। বিজেপি, সমাজবাদী দল, বহুজন সমাজ পাৰ্টী আৰু কংগ্ৰেছ প্ৰত্যেকটো দলে নিজা ৰণকৌশলেৰে ভোটাৰৰ মন জয় কৰাৰ চেষ্টা চলাই আছে। এতিয়ালৈকে বহুজন সমাজ পাৰ্টী আৰু কংগ্ৰেছ দল এই ক্ষেত্রত সফল হ’ব পৰা নাই। উত্তৰ প্ৰদেশৰ মূল যুঁজখন হ’ব বিজেপি আৰু সমাজবাদী দলৰ মাজত। মুলায়াম তনয় অখিলেশে বিজেপিৰ একাধিক মন্ত্রী বিধায়কক দলত যোগদান কৰাই চমক দিলে যদিও নিজৰ পৰিয়ালৰে অপৰ্ণা যাদবে যোগদান কৰিলে বিজেপিত। পশ্চিম উত্তৰ প্ৰদেশত অখিলেশক সংগ দিছে জাট নেতা জয়ন্ত চৌধুৰীয়ে। আন বহুতো সৰু দলৰ লগত লগ লাগি অখিলেশে যোগীক ৰোধিবলৈ পূৰ্ণোদ্যমে প্ৰচেষ্টা কৰিছে। আনফালে যোগীয়ে যোৱা ৫ বছৰত অপৰাধী মুক্ত উত্তৰ প্ৰদেশ নিৰ্মান কৰাৰ দাবী কৰি যোৰদাৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। ২০১৮ৰ নিৰ্বাচনত ৰাজ্যত বিজেপিৰ নাছিল কোনো চেহেৰা। প্ৰধানমন্ত্রী মোদীৰ চেহেৰা সন্মুখত ৰাখি দল জয়ী হৈছিল। কিন্তু এইবাৰ যোগীৰ চেহেৰাৰ লগতে আছে বাৰাণসীৰ সাংসদ তথা প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী। সেয়েহে সমাজবাদী পাৰ্টীয়ে বিজেপিক পৰাজিত কৰিব পৰাৰ সম্ভাবনা ক্ষীণ। অ’পিনিয়ন প’লৰ ফলাফলটো এই কথা স্পষ্ট হৈছে।
মুঠ আসনঃ ৪০৩
এজেন্সী বিজেপি সমাজবাদী
এবিপি ২২৩-২৩৫ ১৪৫-১৫৭
ইণ্ডিয়া টিভি. ২৩০-২৩৫ ১৬০-১৬৫
ৰিপাব্লিক ২৫২-২৭২ ১১১-১৩১
নিউজ এক্স. ২৩৫-২৪৫ ১২০-১৩০
টাইমছ নাও. ২২৭-২৫৪ ১৩৬-১৫১
জি ২৪৫-২৬৭ ১২৫-১৪৮
ইণ্ডিয়া নিউ. ২২৬-২৪৬ ১৪৪-১৬০
গড় ২৩৫-২৪৯ ১৩৭-১৪৭
অখিলেশ যাদৱে যিমানে অ’পিনিয়ন প’লবোৰক গালি নাপাৰক কিয় এটা কথা ঠিক যে ইমানবোৰ প’ল একেলগে ভুল হোৱাৰ সম্ভাবনা নাই। উত্তৰ প্ৰদেশত যোগী মহাৰাজেই হ’ব পুনৰ মুখ্যমন্ত্রী আৰু প্ৰধানমন্ত্রী মোদীৰ উত্তৰাধিকাৰী।