ভাৰত বিভাজনৰ খলনায়ক চাদুল্লাই কেনেকৈ স্থান পাইছিল সংবিধান ড্ৰাফ্টিং কমিটিত?

610
  • নৰেন কলিতা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


সংবিধান সভা, ভাৰতৰ সংবিধান প্ৰস্তুত কৰিবলৈ নিৰ্বাচিত হৈছিল। ইয়াক ‘প্ৰভিন্সিয়েল এচেম্বলী’ৰ দ্বাৰা নিৰ্বাচিত কৰা হৈছিল। ১৯৪৭ চনত ব্ৰিটিছ চৰকাৰৰ পৰা ভাৰতৰ স্বাধীনতাৰ লাভ কৰাৰ   পিছত ইয়াৰ সদস্যসকলে দেশৰ প্ৰথম সংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
১৯৪৬  চনৰ কেবিনেট মিছন পৰিকল্পনাৰ অধীনত  সংবিধান সভাৰ বাবে প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। ভাৰতৰ সংবিধান খন সংবিধান সভাৰ দ্বাৰা প্ৰস্তুত কৰা হৈছিল, আৰু ইয়াক ১৬ মে ১৯৪৬ চনত কেবিনেট মিছনৰ পৰিকল্পনাৰ অধীনত কাৰ্যকৰী কৰা হৈছিল। সংবিধান সভাৰ সদস্যসকলক প্ৰাদেশিক বিধানসভাসমূহে সমানুপাতিক প্ৰতিনিধিত্বৰ একক, স্থানান্তৰযোগ্য-ভোট প্ৰণালীৰ দ্বাৰা নিৰ্বাচিত কৰিছিল।
সংবিধান ড্ৰাফ্টিং কমিটি যাক আমি খচৰা সমিতি বুলি কও সেই কমিটিখনত অধ্যক্ষ আছিল বি আৰ আম্বেদকৰ ।
ডঃ বি আৰ আম্বেদকাৰ (অধ্যক্ষ) কলৈ বাকী এন গোপালস্বামী আয়াংগাৰ, আল্লাদি কৃষ্ণ স্বামী, ডঃ কে এম মুন্সি,চৈয়দ মহম্মদ চাদুল্লাহ।
এন মাধৱ ৰাও,টি টি কৃষ্ণমাচাৰী আছিল সদস্য । খচৰা বনোৱাটোৱেই মুল কাম । এই কেইজন ব্যক্তিৰ মাজত অসমৰ পৰা স্থান পোৱা ব্যক্তিজন আছিল মহম্মদ চাদুল্লা । যিজন চাদুল্লাই পাকিস্তান জন্ম দিয়া আৰু অসমক পাকিস্তানত অন্তৰ্ভুক্ত কৰিবলৈ মুছলমান মানুহৰ প্ৰব্ৰজনক উৎসাহিত কৰিছিল সেইজনকে সংবিধান সভাত গুৰুত্বপুৰ্ণ পদ দিয়া হৈছিল । অতি আচৰিত  সম্পুৰ্ণ সত্য ।
মুচলিম লিগ , আলি জিন্না এইবিলাক শব্দ আমাৰ চিনাকী ; কিন্তু কিছুমান তথ্যৰ প্ৰচাৰ আজিও কম হৈ আছে । গোলাঘাটৰ চাদুল্লা  সংবিধান সভাৰ খচৰা কমিটিৰ সদস্য হোৱাৰ সাত বছৰ আগত (১৯৪০ চন) মুচলিমৰ লাহোৰ অধিবেশনত ভাৰত বিভাজনৰ প্ৰস্তাৱ লোৱা কমিটিখনৰো সদস্য আছিল ।
ইচলামৰ নামত দেশ বিভসজন কৰিবলৈ সফল হৈছিল চাদুল্লা । অসমৰ এটা অংশ ছিলেট জিলাক পাকিস্তানৰ লগত চামিল কৰিবলৈ সফল হোৱা চাদুল্লা কিয় কেনেকৈ ভাৰতত থাকি গ’ল ? উত্তৰ পুৱ ভাৰতত জিন্নাৰ একান্ত বিশ্বাসী নেতা আছিল চৈয়দ চাদুল্লা । চাদুল্লাই বিশিষ্ট সাহিত্যিক চৈয়দ আব্দুল মালিকৰ সম্পাদনাত মুচলিম লিগৰ মুখপত্ৰ ‘পেগাম ‘ প্ৰকাশ কৰি ইচলামিক পাকিস্তানৰ ন্যায্যতা প্ৰচাৰ কৰিছিল । সকলো সম্পুৰ্ণ পৰিকল্পনা মতে নিয়াৰিকৈ চলি আছিল । ভাৰত বিভাজন হ’ল , অসমৰ ছিলেট জিলা পাকিস্তানত চামিল হ’ল গণভোটৰ দ্বাৰা । কিন্তু গোপীনাথ বৰদলৈৰ সময়োচিত নেতৃত্বৰ ফলত বৰ্তমানৰ উত্তৰ পুৰ্বাঞ্চল  পাকিস্তানত চামিল
 নহ’ল । মহাত্মা গান্ধী , বল্লভ ভাই পেটেলে গোপীনাথ বৰদলৈক সমৰ্থন কৰাত চাদুল্লা বাহিনীৰ এই পৰিকল্পনা বিফল হয় । গুৱাহাটী খনক পাকিস্তানত চামিল কৰিবলৈ সমৰ্থ নোহোৱা চাদুল্লাই ইমানৰ পিছতো থমকি ৰোৱা নাছিল । মুচলিম লিগৰ নেতৃত্বত থাকিও তেওঁ পাকিস্তানলৈ নগ’ল । আৰম্ভ কৰিলে নতুন ৰণনীতি । জৱাহৰলাল নেহৰুৰ সমৰ্থনত এইজন নেতাই ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য হিচাপে নিযুক্তি পালে । গোটেই জীৱনতো ইচলামিক পাকিস্তানৰ কাৰণে কাম কৰি থকা এইজন চাদুল্লাক নেহৰুৱে বি আৰ আম্বেদকাৰৰ লগ লগাই দিয়ে । যিজন আম্বেদকাৰে জিন্নাক কোনো দিন কোনো কথাত সমৰ্থন দিয়া নাছিল আৰু ভাৰত বিভাজনৰ পিছত হিন্দুক ভাৰতলৈ আহিবলৈ আৰু মুচলমানক পাকিস্তান লৈ যাবলৈ আহ্বান কৰিছিল সেইজন আম্বেদকাৰৰ কমিটিত নেহৰুৱে কুটনীতি কৰি চাদুল্লাক ৰাখিছিল । জিন্নাই পাকিস্তানত পাকিস্তানৰ সংবিধান বনাই থকা সময়ত জিন্নাৰ সহযোগী চৈয়দ চাদুল্লাই সংবিধান সভাত নিজৰ বিফল হোৱা লক্ষক পুনৰ গতি দিয়াৰ কাৰণে কলম চলাই আছিল ।
এনেকুৱা বিশ্বত বিৰল ঘটনা একমাত্ৰ নেহৰুৰ দিনত সম্ভৱ হৈছিল ।