ভগবন্ত মানঃ পঞ্জাৱৰ নতুন মুখ্যমন্ত্রী?

783

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


২০০৫ চনত ভাৰতৰ টেলিভিছনৰ দৰ্শকৰ মাজত জনপ্ৰিয় হৈছিল _দা গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জ। প্ৰথম চিজনত জয়ী হৈছিল সুনীল পাল নামৰ এজন কমেডিয়ান। তাৰ পিছত এই একেখন মঞ্চই বিশ্বক চিনাকি কৰাই দিছিল কপিল শৰ্মাক যিয়ে আজিৰ দিনত বছৰি ১৫-২০ কৌটি টকাৰ আয়কৰ দিয়ে। প্ৰথম চিজনতে এজন প্ৰতিযোগী আছিল যাৰ নাম আছিল ভগবন্ত মান। তেওঁ ২০০৫ত লাফটাৰ চেলেঞ্জ জয়ী হ’ব নোৱাৰিলেও ২০২২ত পঞ্জাবৰ লোকসকলৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে। দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থীৰ বাবে ৰাইজৰ মতামত বিচৰা হৈছিল। আপ দলৰ এই অভিনব পদক্ষেপত সকলোৱে তবধ মানিছিল। সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ভগবন্ত মান এই প্ৰতিযোগিতাত বিপুল ভোটৰ ব্যবধানত জয়ী হয়। আপ যদিও আগৰে পৰা পঞ্জাৱত শক্তিশালী, এই পদক্ষেপটোৰ পিছত দলৰ জনপ্ৰিয়তা আৰু অধিক বৃদ্ধি পায়। বিভিন্ন অ’পিনিয়ন প’লটো এই কথা স্পষ্ট হয়। ২০ জানুৱাৰীৰ ওচৰে পাজৰে চলোৱা সমীক্ষা কিছুমানৰ মতে আপে পাবলগীয়া আসনৰ সংখ্যা একেধৰণৰঃ
মুঠ আসন ১১৭
সংখ্যাগৰিষ্ঠতা লাভৰ বাবে প্ৰয়োজন ৫৯
এবিপি-চি ভোটাৰঃ ৫২-৫৮
ইণ্ডিয়া এহেদ- ইটিজিঃ ৫৯-৬৪
ৰিপাব্লিকঃ ৫০-৫৬
নিউজ এক্সঃ ৪৭-৫২
টাইমছ নাওঃ ৫৪-৫৮
ইণ্ডিয়া নিউজঃ ৫৮-৬৫
জি  নিউজঃ ৩৬-৩৯
গড়ঃ ৫১-৫৭
অ’পিনিয়ন পলৰ পৰা স্পষ্ট হৈছে যে প্ৰাক্তন কমেডিয়ানজনেই হ’বলৈ গৈ আছে পঞ্জাবৰ নতুন মুখ্যমন্ত্রী। অনাগত দিনত ভগবন্ত মানে ৰাইজক লাফটাৰ চেলেঞ্জৰ দৰে হহুৱাব পাৰিব বুলি ৰাইজে আশা কৰে।