ৰাষ্ট্ৰবাদীৰ নায়ক আৰু দুৰ্বলীৰ সাহস

880

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


দুবছৰ আগত ইণ্ডিয়ান  এক্সপ্ৰেছ কাকতখনে প্ৰকাশ কৰা এটা সমীক্ষাত অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাৰতৰ শক্তিশালী ব্যক্তিৰ তালিকাখনত ৫৬ তম স্থানত ৰাখিছিল। অমিতাভ বচ্চন , লোকসভাৰ অধ্যক্ষ ওম বিৰলা , তেলেংগাৰ মুখ্যমন্ত্ৰী চন্দ্ৰ শেখৰ ৰাও , ৰতন টাটা , বাবা ৰামদেৱ , শৰদ পাৱাৰ , ব্যৱসায়ী আজিম প্ৰেমজীকে আদি কৰি অজস্ৰজন নামী দামী ব্যক্তিৰ ওপৰত স্থান দিয়া হৈছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । স্থান দিয়াৰ কাৰণ হিচাপে ইণ্ডিয়ান এক্সপ্ৰেছে উল্লেখ কৰিছিল__ গোটেই উত্তৰ পুবত বিজেপিক শক্তিশালী কৰাত শৰ্মাৰ  অগ্ৰণী ভুমিকা  , লোকসভা নিৰ্বাচনত উত্তৰ পুবত  ১৭ টা সমষ্টিত বিজেপিক জয়ী কৰিব পৰাটো হিমন্ত বিশ্ব শৰ্মাৰ বৰঙণি । এইবছৰৰ প্ৰথম মাহতে ইণ্ডিয়া টুডে গ্ৰুপে চলোৱা সমীক্ষাত বিজেপি শাসিত ৰাজ্য কেইখনৰ মুখ্যমন্ত্ৰী সকলৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাক এক নম্বৰত ৰাখিছে ।   এতিয়া মুল কথালৈ আহোঁ । হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ থকা সময়ত অসমৰ আটাইতকৈ দক্ষ মন্ত্ৰী আছিল ; যি দক্ষতা তেওঁ আজি বিজেপিত থকা সময়তো দেখুৱাইছে । বৰ্তমান অকল চৰকাৰতেই নহয় দলৰ সাংগঠনিক দিশতো তেওঁ দক্ষতাৰে কাম কৰি আছে । নাগৰিকত্ব সংশোধণী বিল খন আনোতে হিমন্ত বিশ্ব শৰ্মাই মৌলবাদীৰ বিৰুদ্ধে সন্মুখ সমৰত নমা একমাত্ৰ শীৰ্ষ ৰাজনীতিবিদ আছিল । ২০১৬ চনৰ পৰা ২০২১ চনলৈ বিজেপি দলৰ লগত থাকি দলৰ কাম কৰি অসমত দলক শক্তিশালী কৰাৰ যি ভুমিকা হিমন্ত বিশ্ব শৰ্মাই ল’লে তেনে ভুমিকা কোনো এজন ৰাজ্যিক নেতাই ল’ব পৰা  নাই । নৰেন্দ্ৰ মোদী, অমিত শ্বাহে হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতাক সহাঁৰি জনায় মুখ্যমন্ত্ৰী পদ দিলে আৰু বিজেপি আৰু অগপ-বিপিএফৰ পৰা বিধায়ক হোৱা প্ৰতিজন ব্যক্তিয়ে জানে যে সমষ্টিত ভোটৰ চুইং কোনে কৰিছিল নিৰ্বাচনত । ড্ৰাগচ , দুৰ্নীতি,সীমা সমস্যা , আলফা সমস্যা , বেদখল, অৰুণোদয় আদি বিভিন্ন ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ  গ্ৰহণ কৰি ৰাইজৰ চকুৰ মনি হবলৈ সক্ষম হোৱা হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত প্ৰত্যাহ্বানৰ অন্ত নাই । কাৰণ পুৰ্বৰ মুখ্যমন্ত্ৰী একাংশৰ দৰে তেওঁ মৌন হৈ নাথাকে । জনতাই  তেওঁক মুৰত তুলি সন্মান দিছে , কিন্তু একে জনতাই তেওঁৰ পৰা কৰা আশাও বহুত । সৰ্বানন্দ সোণোৱালৰ দৰে তেওঁ মধ্য পথ এটাত অৱস্থান ল’ব নোৱাৰে । আগন্তুক সময়ত নিজৰ দলৰ নেতাৰ পৰা কেনেদৰে সহাৰি পাব সেয়া লক্ষণীয় হ’ব ।  কিন্তু এটা কথা খাতাং যে বৰ্তমান সময়ত তেওঁ ৰাষ্ট্ৰবাদী জনতাৰ নায়ক আৰু দুৰ্বলীৰ কাৰণে তেওঁ সাহস ।