প্ৰাক্তন আছু নেতা আৰু অসহায় মুখ্যমন্ত্ৰী

1317
  • নয়ন বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


আমোলা অৰ্থাৎ বিষয়াক মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা স্থানত ধমকি দিয়া ভিডিঅ চেনেলত বাজিল । আমি সবেই দেখিলোঁ । জনতাৰ সুখ – সমস্যাৰ প্ৰতি প্ৰতিজন বিষয়া জানো অসংবেদনশীল ? নিশ্চয় নহয় । সমান্তাৰল ভাবে এইখন সমাজৰ প্ৰতিজন জনপ্ৰতিনিধিৰ সকলো জনেই  জানো জনতাৰ সুখ-দুখৰ প্ৰতি সমানেই সংবেদনশীল? নিশ্চয় নহয় । বিষয়াজনৰ কাৰ্য্যই সাধাৰণ জনতাক সমস্যাত পেলাইছিল  । পৰোক্ষ ভাবে বিষয়াজনে চৰকাৰ আৰু দলৰ  জনপ্ৰিয়তা নষ্ট কৰিবলৈ চেষ্টা কৰিছিল নেকি ? মুখ্যমন্ত্ৰী এজন হৈছে ৰাজ্য এখনৰ জনতাৰ প্ৰধান প্ৰতিনিধি । আনহাতে বিষয়া কৰ্মচাৰী সকল ৰাইজৰ প্ৰতিনিধি নহয় , তেওঁলোক ৰাইজৰ সেৱাৰ কাৰণে চাকৰি কৰা ব্যক্তি । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপায়ুক্ত গৰাকীক ধমকি দিয়া কাৰ্য্য তেনেই স্বাভাবিক এখন গণতান্ত্ৰীক দেশত । তথাপি বহুতেই হিমন্ত বিশ্ব শৰ্মাৰ এই কাৰ্য্যক সমালোচনা কৰিছে । বিৰোধী কংগ্ৰেছ দলে সমালোচনা কৰিছে আৰু বিজেপিয়ে সমৰ্থন কৰিছে । দল বিলাকৰ নীতি স্পষ্ট । কাইলৈ আনদলৰ পৰা জয়ী হৈ অহা মুখ্যমন্ত্ৰীয়ে এনে কৰিলে বিজেপি দলেও সমালোচনাই কৰিব । দলৰ উৰ্ধত সমাজে কি চিন্তা কৰে সেয়াহে গুৰুত্বপুৰ্ণ কথা । আমি যদিও এখন সাৰ্বভৌম দেশৰ নাগৰিক তথাপি আমাৰ বহুতৰে মনবোৰ এতিয়াও গোলাম মানসিকতাই চেপি ধৰি আছে । এজন আৰক্ষী বিষয়া বা উপায়ুক্তক আজিও আমি হাতত চাবুক লৈ তহল দি ফুৰা ইংৰাজৰ দিনৰ বগা চাহাব বুলিয়েই ভাবি থাকো ।
 দ্বিতীয় ছবি খন অৱশ্যে কিছু পৃথক । জনপ্ৰতিনিধিয়ে এজন ব্যক্তিৰ মৌলিক স্বাধীনতাক প্ৰাধান্য বা সন্মান নিদিয়াকৈ অশ্ৰাব্য ধমকি দিয়া কাৰ্য্যকো জনতাই সহজ ভাবে লোৱা নাই । প্ৰাক্তন আছু নেতা আৰু বৰ্তমানৰ বিজেপি বিধায়ক অমিয় ভুঞাই আৰক্ষী বিষয়াক কৰা গালি গালাজক সাধাৰণ ৰাইজে ধিক্কাৰ দিছে । তথাপি আৰক্ষীৰ লোক দুজনে ফোন ৰেকৰ্ডিং কৰি মিডিয়াত প্ৰচাৰ কৰা কাৰ্য্যকো জনতাই স্বীকাৰ কৰা নাই । গণতান্ত্ৰীক দেশত আৰক্ষী বিভাগ স্বতন্ত্ৰ হব নোৱাৰে । সংবিধানে সেই অধিকাৰ দিয়া নাই । ৰাইজৰ সেৱাৰ্থে আৰক্ষী থাকে । কিন্তু সাধাৰণ জনতাই নিজৰ মতামত প্ৰকাশ কৰি যায় । কেতিয়াবা মৌন হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু কেতিয়াবা ৰাজপথত আন্দোলন কৰি । বিধায়ক অমিয় ভুঞাই নিজৰ চকীখনৰ ক্ষমতাৰ দুৰ্ব্যৱহাৰ কৰাটো জনতাই সমৰ্থন কৰা নাই । ৰাইজৰ ক্ষোভৰ সহাঁৰি জনাই মুখ্যমন্ত্ৰীয়ে বিধায়কজনক নীতি শিক্ষা দিয়া বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশো কৰিছে । তথাপি বিধায়কজন নিজৰ মতত অলৰ অচৰ । বিধায়কজনৰ এই স্থিতিত মুখ্যমন্ত্ৰী কিছু পৰিমাণে নিৰূপায় হোৱা পৰিলক্ষিত হৈছে । কংগ্ৰেছৰ সভাপতি ভুপেন বৰাই বিধায়কজনৰ এই স্থিতিকলৈ মুখ্যমন্ত্ৰীৰ ক্ষমতাৰ ওপৰত প্ৰশ্ন তুলিছে । দিল্লীৰ কোনোবা শক্তিশালী নেতাৰ আবেষ্টনীত থকা বাবে মুখ্যমন্ত্ৰীয়ে অমিয় ভুঞাক নিয়ন্ত্রন কৰিব পৰা নাই বুলি ভুপেন বৰাই দোহাৰিছে । অমিয় ভুঞাক অসমৰ কোনজন প্ৰভাবশালী নেতাই ৰক্ষণাবেক্ষণ দিছে বা কোনজন নেতাই অমিয় ভুঞাক মুখ্যমন্ত্ৰীৰ বিপৰীত স্থিতিত অৱস্থান কৰাইছে ? সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক অমিয় ভুঞাক হিমন্ত বিশ্ব শৰ্মাৰ বিপৰীত স্থিতিত থিয় কৰাব বিচৰা নেতাজন প্ৰাক্তন আছু নেতা নেকি ? জনপ্ৰিয় বা ক্ষমতাশালী মুখ্যমন্ত্ৰী বুলি হিমন্ত বিশ্ব শৰ্মাই যিমানেই খিতাপ নাপাওক এটা কথা থিক যে অমিয় ভুঞাৰ সন্মুখত মুখ্যমন্ত্ৰী অসহায় হৈছে আৰু তাৰ বাবেই গোটেই ঘটনাটোৰ পৰৱৰ্তী কুচকাৱাজ দলৰ সভাপতি ভবেশ কলিতাৰ হাতত অৰ্পণ কৰিছে ।