গুৰুজনাই  ৰাম আৰু কৃষ্ণৰ কথাৰে অসমীয়া জাতিক একতাৰ ডোলেৰে বান্ধিছিল

1382
  • প্ৰিয়াংকু নাৰায়ণ বৰুৱা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


এবাৰ সংসদত কোনো এক বিষয়ত বিতৰ্ক চলি থকাৰ মাজতে CPI (M) দলৰ সাংসদ সোমনাথ চেটাৰ্জীয়ে বিজেপিক “বিজেপি আৰু সংঘৰ” ৰাষ্ট্ৰবাদক লৈ সমালোচনা কৰি ক’লে – আপোনালোকৰ ৰাষ্ট্ৰবাদ আপোনালোকেহে বুজি পাই তাৰ বাহিৰে কোনেও বুজি নাপায়। তাৰ প্ৰত্যুত্তৰত বিজেপিৰ সাংসদ সুষমা স্বৰাজে ক’লে – মই বুজাইছো আপোনাক ৰাষ্ট্ৰবাদ কি? অসমৰ ডিব্ৰুগড় চহৰত জন্ম পোৱা এটি শিশু । যাৰ পিতৃ মাতৃয়ে নিজৰ সন্তানটিৰ নাম ৰাখে সেই ঠাইখনৰ সম্পূৰ্ণ বিপৰীত দিশত থকা সুদূৰ গুজৰাট প্ৰান্তৰ এক ঐতিহাসিক মন্দিৰৰ নামেৰে। আৰু সেই শিশুটিৰ নাম আছিল সোমনাথ যি আজি আমাৰ সমুখত আছে। আৰু এয়াই হৈছে আমাৰ ৰাষ্ট্ৰীয় পৰম্পৰাৰ ঐক্য যাৰ  পৰা  সৃষ্টি হৈছে ৰাষ্ট্ৰবাদ।
আজি অসমত একাংশ লোকে অসমীয়াত্বক ভাৰতীয়ত্বৰ পৰা পৃথক কৰিব’লৈ “ভাৰত মাতা কী জয়”ৰ বিৰোধিতাৰে এক বিচ্ছিন্নতাবাদী চিন্তাধাৰাৰে অসমীয়া সমাজখনক চিন্ত ভিন্ন কৰাৰ প্ৰচেষ্টাত ব্ৰতী হৈছে। সেইসকল লোকে জানি থোৱা টো ভাল যে যিখন অসমীয়া সমাজৰ বৰভেটি মহাপুৰুষ শ্ৰী শংকৰদেৱে গঢ়ি থৈ গৈছিল তেওঁ নিজেই কেতিয়াও অসমক ভাৰতৰ পৰা পৃথক কৰি ৰখা নাছিল। অসমৰ ভূমিত জন্মগ্ৰহণ কৰা গুৰুজনাই  অযোধ্যা আৰু মথুৰাত জন্ম হোৱা ৰাম আৰু কৃষ্ণৰ কথাৰে সমগ্ৰ অসমীয়া জাতিক একতাৰ ডোলেৰে বান্ধিছিল আৰু কোটি কোটি জন্ম পূণ্যৰ ফলত মানুহ ভাৰতত জন্ম হয়  বুলি সগৌৰৱে ঘোষণা কৰিছিল।
হৰে: কীৰ্ত্তনমুৎসৃজ্য ধৰ্ম্মন্যঞ্চৰেৎ কলৌ ।
ন কিঞ্চিৎ ফলমাপ্নোতি শ্ৰম এৱ হি কেৱলম ।। ( শ্ৰীমদ্ভাগৱত )
ভাঙনি – কলিত হৰিৰ কীৰ্ত্তন এৰিয়া অন্যত্ত ধৰ্ম আচৰে ।
মিছাতে কেৱল শ্ৰম মাত্ৰ পাৱে একোৱে ফল নধৰে ।।
গুৰুজনাই ৫০০ বছৰ আগতেই সাংস্কৃতিক ভাৰতবৰ্ষৰ প্ৰশংসা কৰি গৈছে ; অথচ সেই সময়ত ভাৰত বুলি নিৰ্দিষ্ট ভৌগলিক খণ্ডৰ কল্পনাই নাছিল । এয়াই আমাৰ ৰাষ্ট্ৰবাদ ; এয়াই গুৰুজনাৰ দূৰদৃষ্টি । স্বপ্নদ্ৰষ্টা গুৰুজনাৰ বাবেই আমি এক অসমীয়া বুলি সগৌৰৱে জাতীয় চিনাকি দিব পাৰিছোঁ । আমি নিশ্চিতভাৱে ভাল অসমীয়া। কিন্তু  ভাৰতীয়ত্ব তথা হিন্দু:এক জীৱন ধাৰা যাৰ পৰা আমি কোনোদিন পৃথক নহয়। আমাৰ বহল পৰিচয় আমি ভাৰতীয়।
প্ৰসংগক্ৰমে ৰাষ্ট্ৰবাদ এক প্ৰৱাহমান সাংস্কৃতিক চেতনা আৰু স্ব বৈশিষ্ট্য মহীয়ান হিন্দু:জীৱন ধাৰা ইয়াৰ অক্সিজেন।।
ভাৰতীয় জনতা পাৰ্টিৰ মূল দৰ্শনৰ লগত পঞ্চনিষ্ঠা সম্পূৰ্ণ সামঞ্জস্যপূৰ্ণ।
পঞ্চনিষ্ঠা সমুহ:
১। ৰাষ্ট্ৰবাদ আৰু ৰাষ্ট্ৰীয় একাত্মতা।
২। গণতন্ত্ৰ
৩। ইতিবাচক ধৰ্মনিৰপেক্ষতা বা সৰ্বধৰ্ম সমভাৱ।
৪।গান্ধীয় সমাজবাদ।
৫।প্ৰমূল্যভিত্তিক  বা সজ ৰাজনীতি ।
আজি আমাৰ জাতীয় চিন্তনত বিচ্ছিন্নতাবাদী মানসিকতাৰ প্ৰভাৱ।ৰাষ্ট্ৰবাদক ক্ষুদ্ৰ জাতিসত্বাৰ প্ৰতিবন্ধক বুলি চিহ্নিত কৰি দেশৰ সংহতি বিনষ্ট কৰাৰ কুটকৌশল ৰচনা হৈছে।সেইবুলিয়েই আমি প্ৰত্যাহ্বানৰ সন্মুখত নতি স্বীকাৰ কৰিমনে?
হ’ব পাৰে এয়া সময়ৰ কঠিন পৰীক্ষা।চয়তানী শক্তিৰ চতুৰালি চলিব ক্ষন্তেক।হ’ব পাৰে সামান্য গতি সাৱলীলতাত ব্যাঘাত।আমি ব্যথিত।দুখিত: এইবাবেই পৰিৱৰ্তন আৰু প্ৰগতিকামীতাৰ প্ৰকৃত অৰ্থ বুজি পোৱা বুলি ভবা বহু জনক পৰীক্ষাগাৰৰ গিনিপিগ ৰূপে চয়তানৰ পৰীক্ষাগাৰত সোমাই পৰিল। তীব্ৰ সন্তোষ এয়াই যে এন্দুৰ নিগনি বোৰ আন্ধাৰ কুঠৰীত চয়তানৰ ৰাজঅভিষেকৰ সপোন দেখা মুহূৰ্তত হাতত হাত ধৰি ৰৈছো আমি। আলোক সন্ধানী স্থিৰ,স্পষ্ট স্থিতি আৰু দৃষ্টি আমাৰ মুকলি পৰিচয়। কেতিয়াবা কেনেবাকৈ সাময়িক মত বিৰোধ হ’লেও আমাক ওচৰ চপাই আনে।মতানৈক্যৰ উৰ্ধত আমাৰ বিশ্বাসৰ দৃঢ়তা আৰু পাৰস্পৰিক শ্ৰদ্ধা আমাৰ বগা ধন।বাকী “হমাৰা কয়া বিগাৰ লোগে হম তো ফকীৰ হে ।”
সদাশয় নিবেদন,গণতান্ত্ৰিক দেশৰ নাগৰিক আৰু ভাৰতৰ হিন্দু দৰ্শন প্ৰতি ভাৰতবাসীৰ ভূষণ।এজন ভাল ভাৰতীয় হোৱাৰ উপৰিও ভাল অসমীয়া হোৱাৰ আমাৰ আজন্ম হেঁপাহ।হলাহল পাণ কৰি নীলকন্ঠ হোৱাৰ বিৰাট ডাঙৰ বক্তব্য নিদিও আমি নি:কিণ মানুহ।নতুবা ৰঙা টুপী পিন্ধি ৰজোজ্বলাক নাঙঠ কৰিব পৰাকৈ সাহসী নহয়।দু:শাসন হ’বলৈ হাবিয়াস নাছিল কাহানিও যিদৰে যুধিস্থিৰৰ সম প্ৰজ্ঞাৰ বাসনা নাই।অৱশ্যেই ভাল লগা দৃশ্যাংশ কিচক বধ অথবা দু:শাসন বিনাশ।
দৃঢ়তাৰে কও জাতি মাটিৰ সংস্কৃত ভেটি তৈয়াৰ কৰা বহু মণীষাৰ ত্যাগক বৃদ্ধাংগুষ্ঠ দেখুৱাই স্ব স্বাৰ্থৰ লালসাত উত্তৰ পুৰুষৰ অংগক্ষত কৰিব বিচৰা ANARCHISTসকলৰ অভিসন্ধি প্ৰতিহত কৰিব পৰাকৈ সাজু হোৱাৰ আহ্বান সন্ধিক্ষণৰ দাবী।
এক বিৰাট প্ৰত্যাহ্বানে জোকাৰি পেলাব লাল বাদশ্বাহ আৰু মোগলৰ শ্বাহী বৈঠক।কথা দিছো। ৰাষ্ট্রীয় চেতনা আৰু জাতীয় প্ৰেমক পদাঘাত নকৰিব।আমিবোৰ গোঁৱাৰ মানুহ কিন্তু ছক্ৰবেহু ভেদি চেদেলি ভেদেলি কৰিব পৰা সামৰ্থ শিকিছো।এচাম সমমৰ্মী সতীৰ্থৰ বিশ্বাসেৰে বলীয়ান আমাৰ কথা অসমৰ বৌদ্ধিক ও সামাজিক ক্ষেত্ৰ চুৱাপাতনি হ’বলৈ নিদিওঁ।এয়া আমাৰ দৰে লক্ষ জনৰ ৰামধেনু সপোন।কোনোবাই অশ্বডিম্ব ক’লেও আমাৰ আপত্তি নাই।আমি নিৰলস চেষ্টা কৰিম।
Writer is a member of Bharatiya Janata Party. 
Disclaimer: The opinions expressed within this article are the personal opinions of the author. The facts and opinions appearing in the article do not reflect the views of Rajniti Axom and Rajniti Axom does not assume any responsibility or liability for the same.