- নয়ন বৰ্মন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ
ৰাষ্ট্রীয় ঘাইপথত টোল গেট গোটেই ভাৰতবর্ষতেই বিদ্যমান আৰু অসমটো যোৱা কিছুমাহৰ পৰা টোলগেট কাৰ্য্যকৰী হোৱা দেখা গৈছে। ১৫ ফেব্ৰুৱাৰীৰ পৰা প্ৰতিখন বাহনত ফাষ্টেগ লগোৱাটো বাধ্যতামূলক কৰিছে। অধিক ব্যস্ত টোলগেট খন হৈছে বাইহাটা চাৰিআলিৰ সমীপৰ মদনপুৰৰ টোলগেট। ১৬ জানুৱাৰীৰ দিনা টোলগেটত ফাষ্টটেগ নথকা বাবে ১০৫ টকা ল’লে আৰু যেতিয়া ১০৫ টকাৰ ঠাইত ৫৫ টকা দিব খুজিছিলোঁ তেতিয়া গেটৰ লৰাজনে আৰ্মি মাতিম বুলি ধমকি দিলে । টোলগেটত কি আৰ্মি থাকে নাজানো কিন্তু ডকাইত জাতীয় মানুহ প্ৰায়েই দেখা যায় ।
বিভিন্ন অভিযোগ মতে ফাষ্টটেগ থাকিলেই বিভিন্ন দিনত পইচাৰ হাৰ সলনি হৈ থাকে । কিছু ড্ৰাইভাৰে গেটৰ মানুহক এই বিষয়টো অৱগত কৰাত তেওঁলোকে উত্তৰ দিয়ে যে দিনটোৰ প্ৰথম বাৰত বেছিকৈ কাটে।তাৰ পিছত যিমান বাৰ গলেও প্ৰতিবাৰেই কমকৈ কাটিব,অৰ্থাৎ ৫০ টকাকৈ চাগে।
দিল্লী মুম্বাইৰ এক্সপ্ৰেছ হাইৱে বিলাকৰ টোলগেটত গাড়ীৰ যান-জোঁট আমাৰ ইয়াৰ দৰে নহয় । অতি আহল বহল ঠাইত টোলগেট থাকে । টোলগেট থকা আৰু টোলগেট নথকা ৰাস্তা সামৰি দুই ধৰণৰ ৰাস্তা থাকে । গুৱাহাটীত প্ৰবেশ কৰাৰ প্ৰাকমুহুৰ্তৰ মদনপুৰ টোলগেট খনে যাত্ৰীক মানসিক ভাবে হাৰাশাস্তি কৰে । পুৰ্বতে যিদৰে শৰাইঘাট ব্ৰিজত ঘন্টাৰ পিছত ঘন্টা ধৰি যানজোঁটত থাকিব লগা হৈছিল , এতিয়া বহু সময় টোলত থাকিব লগীয়া হয় । এফালে পইচা আৰু আনফালে গাড়ীৰ যানজোঁটে মানুহক ব্যতিব্যস্ত কৰি তুলিছে । তথাপি চৰকাৰ নিৰ্বিকাৰ । নিৰ্বাচনত জনসাধৰণে টোলগেটৰ কি জৱাব দিয়ে সময়ত স্পষ্ট হ’ব ।