বামপন্থী শিক্ষাবিদ বনাম বামপন্থী সাধাৰণ নাগৰিক

1130
  • ৰিতু তালুকদাৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


 (১)
 ব্যক্তিগত জীৱনৰ ভোগ লালসা বাদ দি নক্সাল পন্থাৰ দৰে গোড়া বামপন্থাত বিশ্বাসী হৈ দুৰ্নীতিৰ পৰা বহু আতৰত থকি খেতি কৰি ঘৰ চলায় । ধৰ্মহিন হৈ জীৱন কটায় । হিন্দু , মুছলমান , খ্ৰীষ্টান একো পন্থাকে অনুসৰণ নকৰে । ভোগবাদী মানসিকতা পৰিহাৰ কৰি নিজৰ আদৰ্শত লাগি থাকি সমাজৰ পৰা প্ৰায় বিচ্ছিন্ন হৈ থাকে ।
একেখন সমাজতে সমাজবাদ , বাওঁবাদ , চেকুলাৰবাদৰ ভাষণ দিয়া বুদ্ধিজীবী আৰু ৰাজনেতাও থাকে  যিসকলে অসম আন্দোলনৰ সময়ত ছাত্ৰৰ দ্বাৰা নিৰ্যাতিত হৈও  প্ৰফুল্ল মহন্তৰ নেতৃত্বত গঠন হোৱা চৰকাৰত অংশ লৈছিল ।
এচাম ভোগবাদী চাকৰিয়াল , শিক্ষক , ডাক্তৰ, প্ৰফেচাৰো সমাজত থাকে যিসকলে ব্যক্তিগত জীৱনত এয়াৰ কন্দিচন নোহোৱাকৈ চলিব নোৱাৰে , নিজৰ লৰা ছোৱালীক দিল্লী পাব্লিক স্কুলত পঢ়ুৱাই ভাষা ৰক্ষা কৰে , মেডিকেল ৰিপ্ৰেজেন্টিভৰ পৰা ধন লৈ ঔষধ লিখা একাংশ ডাক্তৰেও বাওঁপন্থীৰ ভাষণ দিয়ে । এইয়াই পৰম্পৰা অসম তথা ভাৰতৰ ।
                                                                         (২)
কংগ্ৰেছ দলে ভাৰতৰ ৰাজনৈতিক পৰম্পৰাকে সম্পুৰ্ণভাবে দুষিত কৰি পেলালে। ত্যাগৰ সলনি ‘টিকেট’ৰ ৰাজনীতি কৰা বেমাৰটো সকলো দললৈকে বিয়পি পৰিল। চামচাতন্ত্ৰই সকলো দলতে গা কৰি উঠিল। সেয়ে আমি ক’ব পাৰো কংগ্ৰেছী ধেমাধৰা আৰু বিজেপি ধেমাধৰাৰ মাজত কোনো প্ৰাৰ্থক্য নাই।  কামৰ বাবে যোগ্য নোহোৱা লোকে বিজেপিৰ নেতাৰ চামচাগিৰীকে জীৱিকা আৰ্জনৰ পথ হিচাপে লৈছে আৰু নিজকে পালিনেতালৈ ৰূপান্তৰ কৰিছে ।
অগপৰ দিনবোৰত জন্ম হোৱা পালিনেতা আৰু ঠিকাদাৰ ৰূপী একাংশ ৰাক্ষসে ধনে জনে জাতিষ্কাৰ হৈছিল কিছু সময়ৰ বাবে । প্ৰশাসন , আৰক্ষীক কেৰেপ নকৰি সমান্তৰাল শাসন চলোৱা সেইসকলৰ ৯৯% ই আজিৰ দিনটোত গাত খৰ লৈ মৃত্যু যন্ত্ৰণা ভুগি থকা কুকুৰৰ অৱস্থা এটাত জীৱন কটাই আছে । বহু কেইজন যেনিবা সংসাৰ এৰি গ’লেই ।
কপিল চিব্বালে ৰাজ্যসভাত এন আৰ চিৰ বিৰুদ্ধে বক্তব্য দিয়াৰ সময়ত অসমৰ কংগ্ৰেছী নেতাই এন আৰচিক লৈ আবেগিক মন্তব্য দিয়া অপ্ৰাসংগিক ; লগতে তৰুণ গগৈ চৰকাৰৰ সময়ছোৱাত ব্যৰ্থ হোৱা এন আৰ চি পাইলট প্ৰজেক্টে কংগ্ৰেছৰ ব্যৰ্থতা আৰু পলায়নবাদী চৰিত্ৰ প্ৰকাশ কৰিছিল । যিদৰে কেবৰ সময়ত বিজেপিৰ নেতাৰ মৌনতা , অগপ মন্ত্ৰীৰ পদত্যাগ নাটক , কংগ্ৰেছ – এআইইউডিএফৰ আভুৱা ভৰা  অসমীয়াবাদে ভোটাৰ ৰাইজক নতুনত্বৰ সোৱাদ দিলে । গণতান্ত্ৰীক দেশৰ নিৰ্বাচনী ৰাজনীতিয়ে  সকলোকে নিজৰ মতামত বা আত্মৰক্ষাৰ  সুযোগ দিয়ে ।