৬ নং দঁফাৰ প্ৰতিবেদনত থকা ভয়ংকৰ পৰামৰ্শ

1144
  • হৰ কুমাৰ ঠাকুৰীয়া

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অসম চুক্তিৰ ৬ নং দঁফা কি ? ৬ নং দঁফা শব্দটো যোৱা ৫ বছৰত ৰাইজে যিমানবাৰ শুনিছে , তাৰ আগতে অসমৰ মানুহে কিমানবাৰ শুনিছিল এই শব্দটো ? প্ৰফুল্ল মহন্ত , হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈৰ দিনবোৰত ৬ নং দঁফা কাৰ্য্যকৰী কিয় নহ’ল সেইবিলাক প্ৰশ্নৰ উত্তৰ অগপ বা কংগ্ৰেছৰ হাতত নাই । আনকি বিজেপি চৰকাৰেও কিয় বিগত পাঁচ বছৰত খিলঞ্জীয়াৰ সংৰক্ষণ বিষয়টো সমাধান নকৰিলে সেইয়াও প্ৰশ্নবোধক । কিন্তু এটা কথা স্পষ্ট যে বিজেপিৰ বাহিৰে আন দলে এই কামটো কৰাৰ সাহস দেখুৱাব নোৱাৰে । তৎস্বত্তেও অসমৰ গৰিষ্ঠ সংখ্যক মানুহে বিচাৰিছিল যে নাগৰিকত্ব সংশোধনীৰ সমন্তৰালকৈ খিলঞ্জীয়াৰ সুৰক্ষা বিষয়টোকো বিজেপিয়ে এই কাৰ্যকালতে সমাপ্ত কৰিব । নব প্ৰজন্মৰ হাতত গুগুল বা ইনটাৰনেত আহি পৰাৰ পিছত ৬ নং দফাঁ সম্পৰ্কে কাল্পনিক  ধাৰণা সলনি হ’ল । ৬ নং দফাঁত ছয় শাৰী বাক্যও নাই যে সেইয়া নতুন প্ৰজম্মই দেখিলে । যাহক বৰ্তমানৰ চৰকাৰে এই ৬ নং দঁফাটোৰ জকাটোক আকৃতি দিয়াৰ লক্ষ্য আগত ৰাখি এখন পৰামৰ্শ কমিটি গঠন কৰি দিলে ।  ৰাইজ , দল – সংগঠন কোনো বাদ নপৰিল , সকলোৱে নিজৰ নিজৰ পৰামৰ্শ সমিতিৰ আগত দিলে । পৰামৰ্শ কমিটিয়ে যথাসময়ত বন্ধ খামত পৰামৰ্শ ৰিপোৰ্ট কেন্দ্ৰীয় চৰকাৰৰ ওচৰত জমা দিয়াৰ আগমুহুৰ্তত অথন্তৰ লগাই দিলে সদৌ অসম ছাত্ৰ সন্থাই । গোপন নথি পত্ৰ ৰাজহুৱা কৰি দিলে আছুৱে । বিভিন্ন মাধ্যমত প্ৰতিবেদন ৰাজহুৱা কৰা বাবে আছুক একাংশই সমালোচনা নকৰা নহয় , তৎস্বত্তেও আমি ধাৰণা কৰো যে বিগত চল্লিশ বছৰত প্ৰতিবেদন ৰাজহুৱা কৰাটো হৈছে আছুৰ প্ৰথমটো অতি ধনাত্মক কাম । আছুৰ কাৰণেই অসমৰ ৰাইজে ৬ নং দঁফাৰ পৰামৰ্শসমুহ দেখা পালে । আৰু ইয়াৰ লগে লগে উদঘাটন হ’ল প্ৰতিবেদনত থকা কিছুমান ভয়ংকৰ পৰামৰ্শ ।  অসম চুক্তিত নাগৰিকত্ব ভিত্তি বৰ্ষক ২০ বছৰ আগুৱাই অনা হৈছিল তথাপি অসমীয়াভাষী ৰাইজে আবেগৰ চাকনৈকাত থাকি ১৯৭১ চনৰ ফ্লপ শ্ব দেখা নাপালে । ১৯৭১ ভিত্তি বৰ্ষ অকল অসমতেই কৰা হ’ল , কিন্তু ৰাইজে নুবুজিলে যে বিদেশী বহিষ্কাৰ হোৱাতকৈ বিদেশীক নিমন্ত্ৰণ হে দিয়া হ’ল । কাৰণ ভাৰতৰ বাকী ৰাজ্যৰ অনুপ্ৰবেশকাৰীসকলে ১৯৭১ ৰ নথি দেখালে অসমত নাগৰিকত্ব পাব পাৰে । সেই একে পৰিবেশ এইবাৰো বিভিন্ন সংগঠনে কৰিব বিচাৰিছে । ৬ নং দঁফা কাৰ্যকৰী হব লাগিব কিন্তু পৰামৰ্শ কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত নহয় । প্ৰতিবেদনত থকা ইনাৰ লাইন পাৰ্মিটৰ ধাৰণাক সমৰ্থন কৰিছে ইউডিএফ আৰু কংগ্ৰেছৰ বিধায়ক চেৰমান আলিয়ে । যিজন চেৰমান আলিয়ে মিঞা মিউজিয়ামৰ কথা কৈছিল সেইজন আকৌ আই এল পিৰ সমৰ্থক । অসমত ILP প্ৰৱৰ্তন হোৱা আৰু কাশ্মীৰত ধাৰা ৩৭০ ৰ কোনো পাৰ্থক্য নাই । এতিয়া আহিছো ১৯৫১ ভিত্তি বৰ্ষ । অসমীয়াৰ আবেগ ১৯৫১ চনতো । কিন্তু আমি উপলব্ধি কৰিছোনে ___ভিত্তি বৰ্ষ কিহৰ বাবে? পৰামৰ্শ কমিটিৰ প্ৰতিবেদনত উল্লেখ থকা ভিত্তি বৰ্ষ হৈছে খিলঞ্জীয়া নিৰ্ধাৰণৰ । নাগৰিকত্বৰ ভিত্তি বৰ্ষ আৰু খিলঞ্জীয়া ভিত্তি বৰ্ষ দুটা পৃথক বিষয় । অসমৰ বাবে নাগৰিকত্ব ভিত্তি বৰ্ষ ভাৰতৰ আন ৰাজ্যৰ লগত নিমিলে । ভাৰতত বিদেশী বুলি প্ৰমাণিত হোৱা ব্যক্তি এজনে ২০ বছৰ নতুন প্ৰমাণপত্ৰ দেখুৱাই অসমত নাগৰিকত্ব পাব পাৰে আৰু সমসাময়িক ভাবে ভাৰতৰো নাগৰিকত্ব পাব পাৰে । এখন দেশত দুটা ভিত্তি বৰ্ষ আচৰিতেই নহয় , হয়তো অসাংবিধানিকো । পৰামৰ্শ কমিটিত থকা খিলঞ্জীয়া সংজ্ঞাত চেৰমান আলি , আজমল সকলো খিলঞ্জীয়া হৈ পৰিব । চেৰমান আলিৰ শেহতীয়া এটা ফেচবুক পোষ্টে স্পষ্ট কৰিছে যে তেওঁৰ বাঘবৰ সমষ্টিত আজিৰ সময়ত ৯৯% মানুহ খিলঞ্জীয়া , কাৰণ ৯৯% মানুহৰ হাতত ১৯৫১ ৰ প্ৰমাণ পত্ৰ আছে । বাকী যিখিনি ১% আছে সেইখিনিও খিলঞ্জীয়া কিন্তু দুৰ্ভাগ্যবশত: তেওঁলোকৰ হাতত কাগজ পত্ৰ নাই । নতুন প্ৰজন্ম এতিয়া তথ্যৰ সদাগৰ । সকলোৱে নিজেই লক্ষ্য কৰক যে ১৯৫১ বা ১৯৪১ চনত ব্ৰহ্মপুত্ৰ উপত্যকা বা সমগ্ৰ অসমত কিমান শতাংশ মুছলমান আছিল । অসমত অসমীয়া ভাষী মুছলমান আৰু অভিভাষী মুছলমানৰ সংখ্যাৰ অনুপাতো বিচাৰ কৰক । ১৯৫১ চনৰ জনগণনা মতে অসমত সেইসময়ত মুছলমান জনসংখ্যা ৩৫ % ৰও অধিক আছিল । তেন্তে কি যুক্তিত ১৯৫১ ভিত্তিত খিলঞ্জীয়া নিৰ্ধাৰণে অসমৰ ভুমি পুত্ৰক সুৰক্ষা দিব পাৰিব ?  অসমৰ গৰিয়া মৰিয়া সংগঠনবোৰে কিন্তু আছুৰ বিপৰীত স্থিতিত অৱস্থান কৰিছে আৰু তেওঁলোকে ব্যক্ত কৰিছে যে ১৯৫১ ভিত্তিত খিলঞ্জীয়া নিৰ্ধাৰণে ভুমিপুত্ৰক সহায় নকৰে । বিভিন্ন সুত্ৰই দাবী কৰা মতে গৰিয়া সংগঠনবোৰে এই বিষয়টোত দৃঢ় পদক্ষেপ লবলৈ আগৱাঢ়ি অহা কাৰণ আছুৰ লগত প্ৰত্যক্ষ সংঘাত তেওঁলোকে কৰিব বিচৰা নাই । অন্যহাতে হিন্দুত্ব বাদী  সংগঠনৰ অধিকাংশই ১৯৫১ চন শব্দৰ মায়াজালৰ পৰা মুক্ত হব পৰা নাই কাৰণ তেওঁলোকৰ হাতত নাই জনগাঁঠনিৰ তথ্য । সদৌ শেষত দৃষ্টি নিবদ্ধ হৈ আছে অমিত শ্বাহৰ ওপৰত । অমিত শ্বাহে প্ৰতিবেদনখনৰ ওপৰত লোৱা ব্যৱস্থাই নিৰ্ধাৰণ কৰিব অসমৰ ভৱিষ্যত ।