বৰপেটাত মুখ্যমন্ত্রীৰ গুপ্তচৰ

409
  • নয়ন কলিতা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


সমষ্টি পুনৰনিৰ্ধাৰণৰ পিছত বৰপেটাত সংখ্যাগুৰু সংখ্যাগুৰু হ’ল আৰু সংখ্যালঘু হ’ল সংখ্যালঘু। ৭ মেত হ’বলগীয়া নিৰ্বাচনত ইয়াত মুল যুঁজ হ’ব অগপৰ ফণীভূষণ চৌধুৰী আৰু চিপিএমৰ মনোৰঞ্জন তালুকদাৰৰ মাজত। কংগ্ৰেছে দ্বীপ বায়নক প্ৰাৰ্থী দিছে যদিও তেওঁ অত্যন্ত দুৰ্বল। বৰপেটা লোকসভাৰ ভিতৰত আছে ১০টা বিধানসভা সমষ্টি। ইয়াৰ ভিতৰত অগপই নলবাৰী, টিহু, বজালী, ভবানীপুৰ-সৰভোগ,বৰপেটা আৰু বঙাইগাওঁত আগবাঢ়ি আছে। বাকী চাৰিটাত চিপিএমে কিছু জনসমৰ্থন লাভ কৰিব। মুলসুতিৰ বহুত মানুহ বিজেপিৰ কাম কাজকলৈ অসন্ত্তষ্ট। তাৰ অধিকাংশ ভোট তালুকদাৰে লাভ কৰিব যদিও এটা অংশ কংগ্ৰেছেও পাব। এইখিনিতে প্ৰশ্ন হয়_কংগ্ৰেছে বৰপেটাত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ দৰকাৰ কি আছিল। ডিব্ৰুগড়ত হেনো তেওঁলোকে বিজেপিৰ ভোট ভাঙিবলৈ মনোজ ধানোৱাৰক নিৰ্বাচনত নমাইছিল অথচ চাহ বাগানৰ মানুহে ঝাৰুকো চিনি নাপায় আৰু জাহাজকো নাজানে। মনোৰঞ্জন তালুকদাৰ দিল্লীলৈ গ’লে ভুপেন বৰাৰ দুখ লাগিব বাবেহে কংগ্ৰেছে বৰপেটাত প্ৰাৰ্থী দিছে। কিমান এটা হাস্যকৰ কথা। কংগ্ৰেছে প্ৰাৰ্থী নিদিলে বৰপেটাৰ যুঁজখন আকৰ্ষণীয় হ’লহেতেন। কাৰ স্বাৰ্থত বৰপেটাত কংগ্ৰেছে টিকট দিলে? বিৰোধীৰ ভোট ভাঙিবলৈ কোনোবা মুখ্যমন্ত্রীৰ গুপ্তচৰে এই কাম কৰিলে নেকি? কোন এই গুপ্তচৰ? ভুপেন বৰা নে জীতেন্দ্ৰ সিং?