আকৌ কিমান _মোদী চৰকাৰ?

239
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


অসমৰ দুটা পৰ্য্যায়ত লোকসভাৰ নিৰ্বাচন সম্পূৰ্ণ হ’ল। শেষ পৰ্য্যায় অহা ৭ মেত ৪ টা সমষ্টিৰ বাবে অনুষ্ঠিত হ’ব। এই পৰ্য্যন্ত ৰাজনৈতিক দলবিলাকে কৰা কেম্পেইন সম্পৰ্কে আমাৰ কিছু মতামত।

১) আকৌ এবাৰ মোদী চৰকাৰ..পাহাৰে ভয়ামে..। এই গাণটো ২০১৯ৰ নিৰ্বাচনত প্ৰথম ব্যবহাৰ কৰা হৈছিল। গাণটো ভাল হৈছে যদিও দুটা লোকসভা, বিধানসভা, পঞ্চায়ত, নগৰ নিগম, বিটিএডি, জিএমদি আদি সকলো নিৰ্বাচনত এই গাণ শুণি শুণি কাণ ঘোলা হৈ গৈছে। ধনী- দুখীয়া সকলোৱে প্ৰতি বছৰে বিহুত নতুন কাপোৰ লয়। যি দলৰ ৫ বছৰত এটা নতুন গাণ বনোৱাৰ সামৰ্থ নাই তাক আমি কেনেকৈ ধনী বুলি ক’ম?

২) ৰেডিওত কংগ্ৰেছৰ বিজ্ঞাপন। আই.আই.টি, আই.আই.এম, টেলিকম আদি ভাৰতত নেহেৰু আৰু ৰাজীৱ গান্ধীয়ে আনিছিল। সেইবাবে আমি কংগ্ৰেছক ভোট দিব লাগে। নেহেৰুৰ মৃত্যু হোৱা ৬৫ বছৰ আৰু ৰাজীৱ গান্ধী মৃত্যু হোৱা ৩০ বছৰৰ অধিক কাল হ’ল। তাৰ পিছত ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বহু পানী বৈ গ’ল। কংগ্ৰেছক এইবোৰ আইদিয়া কোনে দিয়ে বাৰু?

৩) ৰকিবুল হুছেইনে এটা সাক্ষাৎকাৰত সমষ্টি পুনৰনিৰ্ধাৰণ সম্পৰ্কত মতামত ৰাখিছিল। সমষ্টি পুনৰনিৰ্ধাৰণৰ ফলত উজনিত আহোম, চাহ জনগোষ্ঠী, মৰাণ, মতক, চুতীয়া সকলোৰে সমষ্টি কমিল। সকলোৰে যদি সমষ্টি ক’মিল তেন্তে বাঢ়িল কাৰ?
৪) ২০১৯ৰ বিধানসভাত মামাই প্ৰথমবাৰ নিৰ্বাচনী সভাত নৃত্যৰ সমাহাৰ ঘটায়। মামাৰ নৃত্যৰ ভাংগিমা দেখি তৰুণ গগৈয়ে কৈছিল_ এপেগ খায় লয় নেকি? যোৱা ৫ বছৰে মামাৰ নৃত্যকলৈ বহু কংগ্ৰেছীয়ে সমালোচনা কৰিলে। এই বাৰ পিছে ভুপেন বৰাইও নাচিলে। মামাৰ নৃত্য ভাল হৈছে নে ভুপেন বৰাৰ ভাল হৈছে এয়া ৪ জুনত গম পোৱা যাব।

৫) মিঞাৰ ভোট নালাগে বুলি কৈ থকা মামাই এইবাৰ দিল খুলি মিঞাৰ পৰা ভোট ভিক্ষা কৰিলে। মামাৰ সভাতো হাজাৰ হাজাৰ মিঞা। মিঞাৰ সভাবিলাকত মামাৰ নিৰ্বাচনী শ্লোগান বিলাক অলপ সুকীয়া। ডিব্ৰুগড় বা যোৰহাটত মোদী জিন্দাবাদ, জয় শ্ৰীৰাম, ভাৰত মাতা কি জয় চলে যদিও লাহৰিঘাটত অকল মোদী জিন্দাবাদেৰে কাম চলাব লগা হয়।