প্ৰভু ঈশ্বৰ সম্বোধন কৰাত আপত্তি কিয় ?

105
  • বিশ্বজিত নাথ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


জুবিন গাৰ্গে সত্ৰাধিকাৰ সকলক প্ৰভু ঈশ্বৰ সম্বোধন কৰাত আপত্তি কৰিছে। ইয়াকে লৈ সামাজিক মাধ্যমত ভিন্নজনৰ ভিন্ন মত। মই নিজেও সত্ৰাধিকাৰ সকলক প্ৰভু ঈশ্বৰ বুলি সম্বোধন কৰোঁ। কেৱল সত্ৰাধিকাৰ সকলকেই নে? মই অগ্ৰজ বহু ব্যক্তিক দাদা,খুৰা, বৰদেউতা, ছাৰ বুলি সম্বোধন কৰাৰ সলনি প্ৰভু ঈশ্বৰ বুলিয়েই সম্বোধন কৰোঁ। কাৰণ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই কৈ থৈ গৈছে “য’ত জীৱ/ত’ত শিৱ”। কেৱল এয়াই নে? বৰগীতত কৈছে “য’ত জীৱ জংগম/কীট পতংগম/অগ-নগ,জগ তেৰি কায়া”। নামঘোষাত কি কৈছে “কুকুৰ শৃগাল/গদৰ্ভৰো আত্মাৰাম/জানিয়ো সবাক কৰিবা প্ৰণাম”। সৰ্বশেষত কি কৈছে জানেনে?”সমস্ত ভূততে দেখিবাক নাৰায়ণ/আত পৰে অন্য ধৰ্ম সবে বিড়ম্বন”। ইয়াতকৈ আৰু ধৰ্মৰ সহজ আৰু সৰল পৰিভাষা কি হ’ব পাৰে! শংকৰাচাৰ্যই কৈছিল “ব্ৰহ্ম সত্য/জগত মিথ্যা”। কিন্তু শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই কৈছিল যে নহয়। ব্ৰহ্মও সত্য,জগতো সত্য। কাৰণ ব্ৰহ্মক আমি এই জগতৰ মাজেদি পাইছোঁ। যদিহে আমি এই জগতত মনুষ্য ৰূপত জন্ম নললো হেঁতেন তেন্তে আমি ঈশ্বৰক কেতিয়াও সাধনা কৰিব নোৱাৰিলোঁ হয়।

এখন উদাসীন সত্ৰৰ সত্ৰাধিকাৰ সকলে গোটেই জীৱন চিৰকুমাৰ হৈ থাকি কঠোৰ ব্ৰতৰ মাজত গুৰু ধৰ্ম পালন কৰি থাকে। এক অৰ্থৎ এয়া ধৰ্ম ৰক্ষাৰ বাবে এক ত্যাগ। মই সেইবুলি সকলো সত্ৰাধিকাৰকেই ধুৱা তুলসীৰ পাত বুলি Justify কৰিব যোৱা নাই। সত্ৰাধিকাৰ হ’লেও After all they are human beings. ক’ৰবাত তেওঁলোকৰো ভুল হ’ব পাৰে। তেওঁলোকো তেজ-মঙহৰ মানুহ। কিন্তু সেই বুলি তেওঁলোকৰ পদবী আৰু সম্বোধনক লৈ তুচ্ছ-তাচ্ছিল্য কৰাৰ অধিকাৰ কাৰো নাই। সৌ সিদিনাখন শিৱৰাত্ৰিৰ কথা। মোৰ বাল্যবন্ধু এজন এতিয়া পুৰোহিত। নিৰ্মালি গ্ৰহণ কৰাৰ পিছত মই,মোৰ পত্নী আৰু পুত্ৰই তেওঁৰ চৰণ চুই সেৱা কৰি আহিছোঁ। কাৰণ সেইদিনাখন সি (মোৰ বাল্যবন্ধু হ’লেও) যজমানৰ আসনত বহি আছে। সেই সন্মান তেওঁ পোৱাৰ যোগ্য।

মই প্ৰায়েই লক্ষ্য কৰি আহিছোঁ যে, অসমীয়া সমাজত এতিয়া প্ৰগতিশীল আৰু আধুনিক দেখুৱাবলৈ গৈ অধিকাংশ ব্যক্তিয়েই ব্ৰাহ্মণ আৰু সত্ৰাধিকাৰ সকলক আক্ৰমণৰ টাৰ্গেট কৰি লয়। তাৰ একমাত্ৰ কাৰণটো হৈছে Inferiority complex. ব্ৰাহ্মণ বা সত্ৰৰ গোসাঁই উচ্চ জাতিৰ। সেয়ে তেওঁলোকৰ কোনো চৰকাৰী-চাকৰিত কোনো সংৰক্ষণ নাই। নিৰ্বাচনী ৰাজনীতিতো তেওঁলোক কোনো ফেক্টৰেই নহয়। কাৰণ খুৱ বেছি মুঠ জনসংখ্যাৰ তেওঁলোক হ’ব ৩% বা ৪% । এই এমুঠি মানুহে দেশে-বিদেশে দপদপাই থকা দেখি বহু মানুহৰ বুকু কপি যায়। সেয়ে এটা Narrative অতি সন্তৰ্পনে অতীজৰে পৰাই উলিয়াই দিয়া হৈছে যে, ব্ৰাহ্মণ্যবাদ; Exploitation of upper caste Brahmin. এই narrative এতিয়াও অব্যাহত আছে। যাৰ বাবে সময় আৰু সুযোগ সুবিধা পালেই এই Narrative এ জুইত চগা পৰাদি জপিয়াই।

অসমত মাজুলীৰ সত্ৰাধিকাৰ সকলৰ গোড়ামী, ৰক্ষণশীলতা আৰু উচ্চাত্মীকাৰ কথা বিভিন্ন সময়ত শুনা যায়। ইয়াৰ সত্যতা নাজানো। যদিহে সঁচা হয়; তেন্তে এয়া সোনকালেই নিবৃত্তি কৰাৰ প্ৰয়োজন। অন্যথা সত্ৰাধিকাৰ সকলক প্ৰভু বুলি সম্বোধন কৰিবলৈ কোনো নাথাকিব। ইতিমধ্যে মাজুলীত জিংগল বেলে দেদাউৰি পাৰি মাজুলীক জেৰুজালেমত পৰিণত কৰিছে।

সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ সকলে মাধৱদেৱৰ এই ঘোষা ফাকি মনত পেলাবছোন!

“একান্ত ভকতসৱে নিৰ্গুণ কৃষ্ণৰ গুণ
গাৱে সদা বসিয়া যথাত |
বৈকুণ্ঠক পৰিহৰি যোগীৰো হৃদয় এৰি
থাকা হৰি সাক্ষাতে তথাত ||