ইলেক্টৰেল বণ্ডৰ বিষয়ে জানো আহক।

139
  • ভাস্কৰ দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


২০২৪ চনৰ ১৫ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ডক অসাংবিধানিক বুলি ঘোষণা কৰে। আৰু এনে হোৱাৰ লগে লগে হঠাৎ সকলো বিৰোধী দলে মোডী আৰু বিজেপিক টাৰ্গেট কৰিবলৈ আৰম্ভ কৰিলে। ২০১৮ চনত বিজেপিয়ে সংসদত গৃহীত কৰা “ইলেক্টৰেল বণ্ড আইন” সম্পূৰ্ণ অবৈধ আৰু এটা ডাঙৰ কেলেংকাৰী বুলিও মন্তব্য কৰে। দৰাচলতে বিৰোধীয়ে সম্পূৰ্ণ মিছা বিয়পাইছে, যে “নিৰ্বাচনী বণ্ড আইনে” বিজেপিক হেজাৰ কোটি টকা লাভ কৰাৰ সুবিধাহে প্ৰদান কৰিছে, যাৰ ফলত ২০২৪ৰ লোক সভাৰ নিৰ্বাচনত তেওঁলোকে অন্যায় কৰাৰ সুবিধা লাভ কৰিব। এতিয়া এই বিষয়ত বিৰোধীয়ে কেইবাটাও মূল অভিযোগ উত্থাপন কৰিছে।

প্ৰথম অভিযোগ হ’ল বিজেপিৰ নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিৰোধীৰ পুঁজি সংগ্ৰহত বাধা দিয়া হৈছে। বিজেপিয়ে নিৰ্বাচনী বণ্ড আঁচনিত দিয়া ধনৰ ৬০% লাভ কৰিছে, বাকী ৪০% ধন অন্য দলৰ যৌথভাৱে লাভ কৰিছে। কংগ্ৰেছে ঘোষণা কৰিছে, “আমাৰ হাতত বিদ্যুতৰ বিল পৰিশোধ কৰিবলৈ টকা নাই। আমাৰ কৰ্মচাৰীক দৰমহা দিবলৈ আমাৰ হাতত টকা নাই।”

এতিয়া দ্বিতীয়টো ডাঙৰ অভিযোগ হ’ল এই নিৰ্বাচনী বণ্ড আঁচনিখন আচলতে “চান্দা দি ধাণ্ডা” লোৱাৰ আঁচনি। অৰ্থাৎ চৰকাৰে মানুহৰ কৰ লুণ্ঠন কৰি ডাঙৰ কোটিপতিৰ পকেট ভৰাইছে। এই কথা এটা বিখ্যাত উদাহৰণেৰে বুজা যাওক। নৱ যুগ ইঞ্জিনিয়াৰিঙে বিজেপিলৈ ৫৫ কোটি টকাৰ অনুদান আগবঢ়াইছিল। উত্তৰকাশী সুৰংগ নিৰ্মাণৰ বাবে বিৰোধী চৰকাৰে নৱ যুগ ইঞ্জিনিয়াৰিঙক ঠিকা দিছিল। কিন্তু নৱ যুগ ইঞ্জিনিয়াৰিঙে ইমানেই বেয়া কাম কৰিলে যে কেইবছৰমানৰ ভিতৰতে সুৰংগটো ভাঙি পৰিল।ইয়াৰ পৰা ইয়াকে বুজা যায় যে বিজেপি চৰকাৰে অযোগ্য কোম্পানীক কৰদাতাৰ ধনেৰে ঠিকা দি আছে, অযোগ্যক কামৰ নিবিদা প্ৰদান কৰিছে।এই কোম্পানীবোৰে বিজেপিক ধন দান কৰাৰ বাবেই নিবিদা লাভ কৰিছে। মানে বিজেপিয়ে দিয়া-লোৱাৰ ৰাজনীতি আৰম্ভ কৰিছে।

এতিয়া তৃতীয়টো মূল অভিযোগ হ’ল নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিজেপিয়ে ক’লা ধন বৃদ্ধি কৰিছে, আৰু লগতে ধন দাবীৰ ৰেকেট চলাইছে। কোম্পানীবোৰক ভাবুকি দিয়া হৈছে যে যদি তেওঁলোকে বিজেপিক ধন দান নকৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে ইডিআই বা চিবিআইৰ দ্বাৰা অভিযোগ উত্থাপন কৰা হ’ব।এই কথাটো ভালদৰে বুজিবলৈ এটা কাল্পনিক উদাহৰণ লওঁ আহক। ধৰি লওক আদানীয়ে কংগ্ৰেছক টকা দিছে। গতিকে, বিজেপিয়ে ইডিআই বা চিবিআইৰ দৰে কেন্দ্ৰীয় সংস্থাক আদানীক ব্লেকমেইল কৰি বিজেপিয়ে ধন দাবী কৰিবলৈ পঠিয়াব পাৰে। বিৰোধীৰ স্পষ্ট দাবী যে বিজেপিয়ে এই কাম কৰিছে।

বিজেপিৰ ভাষ্য ইয়াৰ ওলোটা । বিজেপিৰ মতে, পূৰ্বে কংগ্ৰেছৰ দিনৰ “ইলেক্টৰেল ট্ৰাষ্ট” ৰ নামত স্থাপন কৰা কলা বজাৰ নিৰ্বাচনী বণ্ডৰ গতিবিধিৰ পিছত হঠাতে স্তব্ধ হৈ পৰিল।”আমি ক’লা বজাৰৰ কাৰ্যকলাপ শেষ কৰিবলৈ ‘ইলেক্টৰেল বণ্ড’ আনিছিলো। এই বণ্ড ক’লা বজাৰৰ কাৰ্যকলাপ নহয়। ইয়াৰ বেলেন্স শ্বীটত প্ৰতিফলিত হৈছে যে আমি নিৰ্বাচনৰ বাবে বণ্ড দিছো।” – সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অমিত শাহে কোৱা এই কথাষাৰ মনত কৰিব লগীয়া।২০১৭ চনত এই আইনখন বৃহৎ সংখ্যা গৰিষ্ঠতাৰে, আৰু সকলোৰে সন্মতি সাপেক্ষে সংসদত গৃহীত হৈছিল। সেইসময়ত এই আইনখনেই আছিল একমাত্ৰ আইন য’ত সকলো বিৰোধী দলে সমৰ্থন দিছিল। কিন্তু এতিয়া যেতিয়া উচ্চতম ন্যায়ালয়ে এই আইনখনক অসাংবিধানিক বুলি ঘোষণা কৰিছে, আৰু বিৰোধীয়ে নিৰ্বাচন ওচৰ চাপি অহা দেখিছে, তেতিয়া এই দলবিলাকে আইন খনৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছে।মন কৰিব কংগ্ৰেছ আৰু বিৰোধী দল সমূহে আজি প্ৰচাৰ চলাইছে যে বিজেপি চৰকাৰে সংঘটিত কৰিছে ইলেক্টৰেল বণ্ড ৰ জৰিয়তে দেশত সৰ্ববৃহৎ কেলেংকাৰী। গতিকে, সত্যটো কি?আজি আমি এই বিষয়ে আলোচনা কৰিম। দেশত নিৰ্বাচন চমু চাপি অহাৰ লগে লগে , বহু ভুৱা মিডিয়া, আৰু আজিকালি কিছুমান ইউটিউবাৰো হঠাতে সক্ৰিয় হৈ পৰিছে। তেওঁলোকে ডাটা আৰু তথ্যৰ বিকৃতিৰে ৰাইজৰ ওচৰত সত্যটো আগ নবঢ়ায়। বেছিভাগ ক্ষেত্ৰতে আপুনি যি পক্ষক সমৰ্থন নকৰক কিয়, ছ’চিয়েল মিডিয়াই এনেবোৰ ভিডিঅ’ বাৰে বাৰে আপোনাৰ সন্মুখত প্ৰস্তুত কৰাৰ সম্ভাৱনা বেছি, যাতে আপুনি কেতিয়াও আনটো পক্ষৰ দৃষ্টিভংগী দেখা নাপায়।কিন্তু মই দুয়োপক্ষৰ মতামত আপোনালোকৰ সন্মুখত ৰাখিম যাতে আপুনি যুক্তিসংগতভাৱে চিন্তা কৰিব পাৰে আৰু ইলেক্টৰেল বণ্ড সঠিক নে ভুল তাৰ সিদ্ধান্ত ল’ব পাৰে। কাৰণ ছ’চিয়েল মিডিয়া আৰু অপপ্ৰচাৰেৰে ভৰা আজিৰ পৃথিৱীখনত দেশৰ প্ৰতিজন নাগৰিকক যুক্তিসংগত চিন্তাৰ প্ৰয়োজন।যুক্তিসংগত চিন্তাধাৰাৰে কথাবোৰ বিচাৰ কৰিবলৈ হ’লে দুয়োপক্ষৰ দৃষ্টিভংগী ভালদৰে বিবেচনা কৰি আৰু তেওঁলোকৰ তথ্য পৰীক্ষা কৰি আপুনি নিজেই সিদ্ধান্ত ল’ব পাৰে কি উচিত আৰু কি ভুল। গতিকে, প্ৰথমে মূল কথাবোৰ স্পষ্ট কৰি দিওঁ।
ইলেক্টৰেল বণ্ড হৈছে এনে বিত্তীয় আহিলা যিয়ে ব্যক্তি, কোম্পানী আৰু সংঘই যিকোনো ৰাজনৈতিক দলক বেনামীভাৱে ধন দান কৰিবলৈ অনুমতি দিয়ে। দলসমূহে অনুদান লাভৰ স্বচ্ছ আৰু বৈধ উপায় প্ৰদান কৰি নিৰ্বাচনী পুঁজি ব্যৱস্থাৰ সংস্কাৰৰ বাবে এই বণ্ডসমূহ প্ৰৱৰ্তন কৰা হৈছিল। “ইলেক্টৰেল বণ্ড” প্ৰৱৰ্তনৰ প্ৰধান কাৰণ আছিল “ইলেক্টৰেল ট্ৰাষ্ট ” ব্যৱস্থাৰ উন্নতি, যিটো ২০১২ চনত ইউ পি এ চৰকাৰে নিৰ্বাচনী পুঁজিৰ সংগ্ৰহ আৰু নিয়ন্ত্ৰণৰ বাবে আৰম্ভ কৰিছিল। “ইলেক্টৰেল ট্ৰাষ্ট “ব্যৱস্থাত যদি কোনো ব্যক্তি বা কোম্পানী কংগ্ৰেছৰ সমৰ্থক হয় যিয়ে সেই দলটোক পুঁজি দিব বিচাৰে , প্ৰথমে তেওঁ যিকোনো XYZ এটা ট্ৰাষ্ট ৰেজিষ্ট্ৰেচন কৰিব। আৰু তাৰ পিছত, তেওঁ তাত ১ কোটি টকা জমা দিব। সেই ট্ৰাষ্টৰ পইচা কংগ্ৰেছক দিয়া হ’ব। আৰু বেছিভাগ ক্ষেত্ৰতে কেৱল এজন ব্যক্তি বা কোম্পানীয়েই নহয়, কেইবাটাও কোম্পানী মিলি একেটা ট্ৰাষ্টতে টকা জমা দিয়ে। কিন্তু এই ব্যৱস্থাটোত দূটা ডাঙৰ প্ৰতিবন্ধক আছিল। প্ৰথম আছিল ক’লা ধন। ইলেক্টৰেল ট্ৰাষ্ট ব্যৱস্থাত নগদ ধন জমা কৰাৰ অনুমতি দিয়া হৈছিল। আৰু সেইবাবেই বেছিভাগ কোম্পানীয়ে ট্ৰাষ্টত টকা ৰাখিছিল।দ্বিতীয়টো ডাঙৰ প্ৰতিবন্ধক আছিল দাতাৰ বাবে কোনো সুৰক্ষা নাছিল। এতিয়া ট্ৰাষ্টটো আইনী সত্তা হোৱাৰ বাবে দাতাৰ অভিলেখ আৰু পাই-পাই একাউণ্ট দেখুৱাবলৈ বেলেন্স শ্বীট ৰাখিব লাগিছিল। আৰু আৰ টি আই দাখিল কৰি যিকোনো ব্যক্তিয়ে কোনটো দাতাই কোনটো পক্ষক কিমান পুঁজি দিছে জানিব পাৰিছিল । মুঠতে দাতাৰ পৰিচয় বেনামী নাছিল। গতিকে, দাতা জনৰ বাবে ই বিপদজনক হ’ব পাৰে। এতিয়া এই দুটা সমস্যা সমাধানৰ বাবে ২০১৮ চনত সংসদত ইলেক্টৰেল বণ্ড গৃহীত হ’ল। যিটো সকলো পক্ষৰ সন্মতি সাপেক্ষে সংসদত গৃহীত হৈছিল।ইলেক্টৰেল বণ্ডৰ ক্ষেত্ৰত যদি আপুনি কোনো পাৰ্টিৰ বাবে ধন দিব বিচাৰে, তেন্তে, প্ৰথমতে, আপুনি SBI শাখালৈ গৈ তাত আপুনি বিচৰামতে ১০০০ টকাৰ পৰা ১ কোটি টকালৈকে ইলেক্টৰেল বণ্ড কিনিব পাৰিব। আৰু তাৰ পিছত, আপুনি আপোনাৰ প্ৰিয় ৰাজনৈতিক দলৰ কাৰ্যালয়ত জমা দিব পাৰে। আৰু তাৰ পিছত, সেই ৰাজনৈতিক দলটোৱে সেই ধন ৰিডিম কৰিবলৈ ১৫ দিনৰ সময় পায়। আৰু আইনী পদ্ধতিৰে আপোনাৰ ধন ,পুঁজি হিচাপে দলৰ অফিচিয়েল একাউণ্টত জমা হ’ব।

এতিয়া এই সহজ নতুন প্ৰক্ৰিয়াটোৰ জৰিয়তে পুৰণি ইলেক্টৰেল ট্ৰাষ্ট ব্যৱস্থাত যিবোৰ সমস্যাৰ সৃষ্টি হৈছিল সেইবোৰ সমাধান কৰিবলৈ এই আঁচনিখন প্ৰৱৰ্তন কৰা হ’ল। প্ৰথম সমস্যাটো আছিল দাতাৰ সুৰক্ষাৰ। এতিয়া একাধিক ট্ৰাষ্টৰ জৰিয়তে হৈ থকা লেনদেন বন্ধ কৰি কেৱল এছ বি আইৰ জৰিয়তে কৰা হ’ল। ফলত যিকোনো ব্যক্তি বা বিৰোধী দলে আৰ টি আই দাখিল কৰি এছ বি আইৰ বেলেন্স শ্বীট পৰীক্ষা কৰিব পাৰিব কিন্তু দাতাক চিনাক্ত কৰিব নোৱাৰিব। এতিয়া দাতাৰ পৰিচয় বেনামী আৰু সুৰক্ষিত হৈ থাকিব।
দ্বিতীয়টো আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যা আছিল অবৈধ ধন আৰু স্বচ্ছতাৰ। আগতে লেনদেনটো চেক, অনলাইন নগদ ধন, বা উপহাৰ, আনকি গহনা আদি যিকোনো ধৰণৰ জৰিয়তে কৰা হৈছিল।ইলেক্টৰেল বণ্ডৰ জৰিয়তে ইয়াক সলনি কৰি কেৱল চেক আৰু অনলাইন লেনদেনহে কৰা হ’ল। অৰ্থাৎ এতিয়াৰ পৰা কোনেও নগদ ধনেৰে দান কৰিব নোৱাৰিব। গতিকে, ইয়াত ক’লা টকাক বগা বনোৱাৰ কোনো বিকল্প নোহোৱা কৰিলে। আৰু সেইবাবেই এই বিধেয়কখন সংসদত গৃহীত হ’ল, আৰু ২০১৮ চনৰ পৰা ২০২৪ চনলৈকে ৬ বছৰ ধৰি চলিল।কিন্তু তাৰ পিছত ২০২৪ চনত নিৰ্বাচনৰ ঠিক আগমূহুৰ্তত চি পি আই মাৰ্ক্সিষ্ট পাৰ্টিয়ে উচ্চতম ন্যায়ালয়ত উপস্থিত হৈ ইলেক্টৰেল বণ্ড অবৈধ বুলি গোচৰ তৰে। তাৰ পিছত মাত্ৰ কেইদিনমানৰ পিছত ২০২৪ চনৰ ১৫ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়েও নিৰ্বাচনী বণ্ডক ২টা কাৰণত অসাংবিধানিক বুলি ঘোষণা কৰে।প্ৰথমতে, তথ্যৰ মৌলিক অধিকাৰ উলংঘা। দলসমূহৰ পুঁজিৰ উৎস কেৱল বিৰোধীয়েই নহয় সাধাৰণ ৰাইজেও চাব পৰা নাছিল। আৰু সেইবাবেই উচ্চতম ন্যায়ালয়ে ইলেক্টৰেল বণ্ডৰ পুঁজিৰ তালিকাখন ৰাজহুৱা কৰি দেশৰ নাগৰিকৰ মৌলিক অধিকাৰক সকলোতকৈ উচ্চ স্থানত ৰাখিলে।দ্বিতীয়তে, quid pro quo ধাৰণা। এই ফৰাচী শব্দটোৰ অৰ্থ কিবা এটাৰ বাবে কিবা এটা। ইয়াৰ উত্তম উদাহৰণ হ’ল নৱ যুগ ইঞ্জিনিয়াৰিঙৰ গোচৰ, যিটোৰ বিষয়ে মই আৰম্ভণিতে আপোনালোকক কৈ আহিছোঁ।এতিয়া উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছতে দেশজুৰি ইলেক্টৰেল বণ্ড সম্পৰ্কে বহু ভুল ধাৰণা বিয়পিবলৈ আৰম্ভ কৰিছে।বহু ভুৱা আখ্যানও প্ৰচাৰ কৰা হৈছে। আজি এই ভুৱা আখ্যানবোৰ দূৰ কৰি আমি সত্যৰ ওচৰ পাবলৈ চেষ্টা কৰিম।উদাহৰণ স্বৰূপে ১ নম্বৰ ভুল ধাৰণা: ইলেক্টৰেল বণ্ডৰ প্ৰয়োজন নাছিল।
যিকোনো ৰাজনৈতিক দলে কাম কৰিবলৈ পুঁজিৰ প্ৰয়োজন।
২ নম্বৰ ভুল ধাৰণা: নিৰ্বাচনী বণ্ডৰ দাতাৰ তালিকা ৰাজহুৱা হোৱাৰ লগে লগে সকলো দল বিজেপিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল। বহু মিডিয়া চেনেল আৰু ইউটিউবাৰে দাবী কৰিলে যে বিজেপিয়ে ৫০% ইলেক্টৰেল বণ্ড লাভ কৰিলে । প্ৰকৃত সত্যটো হ’ল যোৱা ৫ বছৰত ১২ হাজাৰ কোটি নিৰ্বাচনী বণ্ডৰ ভিতৰত বিজেপিয়ে ৬ হাজাৰ কোটি পালে। অৰ্থাৎ ৫০% টকা বিজেপিক দান কৰা হৈছে। কিন্তু বাস্তৱত ইলেক্টৰেল বণ্ড আৰম্ভ হৈছিল ২০১৮ চনত আৰম্ভ হৈছিল।২০১৯ চনৰ নিৰ্বাচনৰ এবছৰ আগতে। সেই এবছৰত সকলো দলে ৮ হাজাৰ কোটিৰ অনুদান ইলেক্টৰেল বণ্ডত পালে। অৰ্থাৎ মুঠতে সকলো পক্ষই ২০ হাজাৰ কোটি টকা বণ্ড পাইছিল। আৰু মুঠ ২০০১৮ চনৰ পৰা ২০২৪ চনলৈকে ৰাজনৈতিক দলসমূহে লাভ ২০০০০ কোটি অনুদানৰ ধনৰ ভিতৰত বিজেপিয়ে মাত্ৰ ৬,০০০ কোটিহে পালে, যিটো ৫০%তকৈও কম।
কিন্তু তাতোকৈ ডাঙৰ কথাটো হ’ল বিজেপি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দল কিন্তু টিএমচি ৰাজ্যিক পৰ্যায়ৰ ৰাজনৈতিক দল হৈও দ্বিতীয় সৰ্বাধিক ইলেক্টৰেল বণ্ডৰ পুঁজি লাভ কৰিলে । এই সন্দৰ্ভত কিয় কোনোৱে প্ৰশ্নই উত্থাপন কৰা নাই। আৰু সেইবাবেই, যদি আপুনি আধা পক্ষৰ কাহিনী শুনিব, তেতিয়া আপুনি অনুভৱ কৰিব যে বিজেপিয়ে দেশত সকলো ভুল কৰি আছে। দেশখন ধ্বংস কৰি আছে। আৰু সেইবাবেই দুয়োপক্ষৰ দৃষ্টিভংগী আপুনি জনাটো অতি প্ৰয়োজনীয়।
৩ নং ভুল ধাৰণা: কোনো দলেই ইজনে সিজনৰ ধন ট্ৰেক কৰিব নোৱাৰে, কিন্তু বিজেপিয়ে সকলো দলৰ ফাণ্ড ট্ৰেক কৰিব পাৰে। আকৌ বিৰোধীয়ে ভুল তথ্য উপস্থাপনত কৰিছে । বণ্ড জাৰি কৰিছে এছ বি আইয়ে, য’ত শীৰ্ষ নিযুক্তিৰ কাম কৰিছে আৰ বি আইয়ে, যিটো উচ্চতম ন্যায়ালয়ৰ দৰে স্বায়ত্তশাসিত সংস্থা। অৰ্থাৎ এছ বি আই বিজেপিৰ দ্বাৰা নিয়ন্ত্ৰিত নহয় কেৱল আৰ বি আইৰ দ্বাৰাহে নিয়ন্ত্ৰিত। গতিকে, চৰকাৰৰ নিৰ্দেশত তথ্য প্ৰকাশৰ কোনো প্ৰশ্নই উত্থাপন নহয়।

৪ নম্বৰ ভুল ধাৰণা: নিৰ্বাচনী বণ্ড গৃহীত কৰাৰ পিছত, নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে কংগ্ৰেছৰ একাউণ্ট ফ্ৰীজ কৰিছে। কিন্তু কথাটো হ’ল, কংগ্ৰেছ পাৰ্টিৰ একাউণ্টসমূহ আয়কৰ বিভাগে ফ্ৰীজ কৰি ৰাখিছে কাৰণ, আয়কৰ নিয়মৰ অধীনত, তেওঁলোকৰ লেনদেনত কিছু ত্ৰুটি আছিল। আয়কৰ বিভাগটো, আকৌ, এটা স্বায়ত্তশাসিত সংস্থা। এতিয়া প্ৰথম কথা, ইয়াৰ লগত নিৰ্বাচনী বণ্ডৰ কোনো সম্পৰ্ক নাই।

এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে চিপিআইএমৰ বাহিৰে সকলো দলৰ সন্মতি সাপেক্ষে ইলেক্টৰেল বণ্ড গৃহীত হৈছিল কিন্তু যেতিয়া চিপিআইএমে শূন্য পুঁজি লাভ কৰে,তেতিয়া চিপিআইএমে গৈ উচ্চতম ন্যায়ালয়ত অভিযোগ কৰে ।
৬নম্বৰ ভুল ধাৰণা: উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ডক অসাংবিধানিক বুলি ঘোষণা কৰিলে কাৰণ বিজেপিয়ে সংগঠিত পুঁজিবাদী দল। তেওঁ লোকে ব্যৱসায়ৰ ৰাজনীতি খেলে, টকা লোৱা ধাণ্ডা দিয়া খেল খেলে। কিন্তু, এইটোৱেই সম্পূৰ্ণ সত্য নেকি? ইয়াত দুটা উদাহৰণ ব্যৱহাৰ কৰি বিৰোধীয়ে প্ৰচাৰ চলাইছে যে বিজেপিয়ে তেওঁলোকক অনুদান দিয়া একেটা কোম্পানীকে নিবিদা দিছিল যাৰ ফলস্বৰূপে ৰাজহুৱা সম্পত্তিৰ ক্ষতি আৰু লোকচান হৈছিল ।কিন্তু, এনে এটা দুৰ্ভাগ্যজনক ঘটনাক এটা দলক কেৱল টাৰ্গেত কৰাটো মই উচিত নহয় বুলি ভাৱো।ইয়াৰ‌ যুক্তিও মই দিছোঁ।মই আপোনালোকক এনে অগণন গোচৰৰ উদাহৰণ দিব পাৰো, য’ত প্ৰতিটো দলে হুবহু একে কাম কৰিছে।যেনেকৈ টিএমচিয়ে ৰাজ্যিক দল হোৱাৰ স্বত্তেও ইলেক্টৰেল বণ্ড আঁচনিৰ অধীনত দ্বিতীয় বৃহত্তম অনুদান ১৩৬৫ কোটি টকা লাভ কৰিছে। কিন্তু ফিউচাৰ গেমিং নামৰ এটা কোম্পানীৰ পৰা টিএমচিয়ে গধুৰ অনুদান লাভ কৰিছে, যাৰ বাবে তেওঁলোকে কেৱল কোম্পানীটোৱে লাভৱান হ’ব পৰাকৈ পশ্চিম বঙ্গত লটাৰী খেল বৈধ কৰিছিল ।আৰু লটাৰী বৈধ হোৱাৰ লগে লগে, তেতিয়া পশ্চিম বংগত হঠাতে লটাৰীৰ আসক্তিৰ বাবে আত্মহত্যাৰ হাৰো বৃদ্ধি পালে।একেদৰে পশ্চিম বংগত ৬০০ৰো অধিক প্ৰকল্প আছে, যিবোৰ নিশ্চিতভাৱে দলৰ পুঁজিৰ বাবেই হৈছে, কিন্তু তেওঁলোকৰ কাম এতিয়াও আৰম্ভ হোৱা নাই। এতিয়া, তৃতীয় বৃহত্তম ইলেক্টৰেল বণ্ড লাভ কৰা কংগ্ৰেছ পাৰ্টিৰ কথা কওঁ। বিজেপি- সাংসদৰ কোম্পানী এটাই ৩০ কোটি টকাৰ কংগ্ৰেছক সাহায্য প্ৰদান কৰে। আৰু ৩ সপ্তাহৰ পাছত তেওঁলোকৰ কোম্পানী ৰিত্ভিক প্ৰজেক্টছে কংগ্ৰেছ শাসিত হিমাচল প্ৰদেশত ১০৯৮ কোটি টকাৰ চুন্নী বান্ধ প্ৰকল্পৰ কাম পালে।
আম আদমী পাৰ্টিয়ে এখোজ আগুৱাই গৈ কেৱল কোম্পানীৰ পৰাই নহয় পোনপটীয়াকৈ খালিস্তানী সন্ত্ৰাসবাদী সংগঠনৰ পৰাও ধন লৈছে।
গতিকে বিপৰীত দৃষ্টিকোণৰ পৰা লক্ষ কৰিলে দেখিব একাংশ লোকে বিজেপিক টাৰ্গেট কৰিবলৈ উত্তৰকাশী সুৰংগৰ উদাহৰণ দাঙি ধৰিছে। কিন্তু তেওঁলোকে কোৱা নাই যে নৱ যুগ ইঞ্জিনিয়াৰিঙ,যিটো কোম্পানীয়ে উত্তৰকাশী সুৰংগ নিৰ্মাণ কৰিছিল, যিটো কোম্পানীত এই ঘটনা সংঘটিত হৈছিল, সেই কোম্পানীয়ে অসমৰ আটাইতকৈ দীঘল নদী দলংখন যুক্তিসংগত মূল্যত নিৰ্মাণ কৰিছিল।তেওঁলোকে ভুল কৰিছে, যিটো সম্পূৰ্ণ গ্ৰহণযোগ্য নহয়,ইয়াৰ বাবে তেওঁলোকক সোধা-পোছা কৰা হৈছে। গতিকে, এটা ভুলক উদাহৰণ হিচাপে আখ্যা দি তথ্যৰ হেতালী খেলাটো কিমান যুক্তিসংগত।আনকি আন এটা কোম্পানী মেঘা ইঞ্জিনিয়াৰিংকো বিজেপিক গধুৰ অনুদান দিয়াৰ বাবে বিজেপিয়ে সেই কোম্পানীটোক এছিয়াৰ আটাইতকৈ দীঘল সুৰংগ জোজিলা সুৰংগ নিৰ্মাণৰ ঠিকা দিছিল বুলি‌ অভিযোগ উত্থাপন হৈছে।কিন্তু প্ৰকৃততে এই সুৰংগটো বনাবলৈ মেঘা ইঞ্জিনিয়াৰিঙে আন সকলো ঠিকাদাৰৰ তুলনাত কম দৰত নিবিদা দিয়াৰ বাবেহে তেওঁলোকে কামৰ আবন্তন পাইছিল। চৰকাৰেও আনুমানিক খৰচৰ পৰা ৫০০০ কোটি টকা ৰাহি কৰিছিল।এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ’ল মেঘা ইঞ্জিনিয়াৰিংয়ে কেৱল বিজেপিক নহয়, প্ৰায় সকলো দলকে ধন দান কৰিছিল।

কথাটো হ’ল আমি কেৱল মুদ্ৰাৰ এটা অংশ চায়েই এটা আখ্যান উপস্থাপন কৰিব নেলাগে। সঁচা কথাটো হ’ল, ৰাজনীতিস কলোৱেই কৰে, কেৱল আমাৰ দেশতে নহয় আন দেশৰ ৰাজনীতিতো। যদি কাজিয়া বোকাত হয়, তেন্তে সকলোৱে বোকাত নামিব লাগিব। গতিকে, ইয়াত মূল প্ৰশ্নটো হ’ল, এই জটিল ব্যৱস্থাটোত আপুনি এজন ভোটাৰ হিচাপে, এজন নাগৰিক হিচাপে কি কৰিব পাৰে? আৰু উত্তৰটো সহজ। আপুনি মাত্ৰ নিজকে এটা প্ৰশ্ন সুধিব লাগিব যে কোনটো দলে, এই অনিশ্চয়তাৰে ভৰা ব্যৱস্থাটোত, উন্নয়ন কৰিছে? আৰু, মই এই কথা নকওঁ, আপুনি মাত্ৰ বিচাৰিব লাগিব, তথ্য বিচাৰিব লাগিব, অধ্যয়ন কৰিব লাগিব, আৰু তাৰ পিছতহে আপোনাৰ বাবে অধিক মূল্যৱান কোনোবা এজনক ভোট দিব লাগিব। আপোনাৰ অঞ্চলত কোনটো দল আছে, আৰু তেওঁলোক অহাৰ পিছত আপোনাৰ অঞ্চলত আন্তঃগাঁথনিৰ ক্ষেত্ৰত আৰু নীতিৰ ক্ষেত্ৰতো কি বিকাশ হৈছে, পৰ্যবেক্ষণ কৰিব লাগিব।

যিহেতু উচ্চতম ন্যায়ালয়ে নাগৰিকৰ মৌলিক অধিকাৰ, তথ্য জনাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ইলেক্টৰেল বণ্ড অসাংবিধানিক ঘোষণা কৰিছে গতিকে নিশ্চিতভাৱে, উচ্চতম ন্যায়ালয়ৰ স্থিতি একেবাৰে শুদ্ধ। কিন্তু, যদি আমি ৰাজনৈতিক দিশটো চাওঁ, তেন্তে বৰ্তমান সময়ত ইলেক্টৰেল বণ্ড সম্পৰ্কীয় পুৰণি ৰাজনৈতিক বিষয়বোৰ আৰু জটিল হৈ পৰিছে। ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাই এতিয়াও ভাল সমাধান বিচাৰি পাবলৈ বাকী আছে। আৰু এই সকলোবোৰ সংঘটিত হৈছে যেতিয়া ২০২৪ চনৰ নিৰ্বাচন তুংগত উঠিছে। এতিয়া এবাৰ ভাবি চাওকচোন, এতিয়া বেনামী পুঁজি আৰু ক’লা ধন পাম্প কৰাৰ সম্ভাৱনা কিমান বৃদ্ধি পাব?পুৰণি আইনখনত অন্ততঃ আমাৰ হাতত কিছু তথ্য আছিল। আচলতে আজি আমি সেই তথ্য অৱগত কৰাব পাৰিলোঁ কাৰণ আমাৰ হাতত বিগত ৩-৪ বছৰৰ ৰাজনৈতিক পুঁজিৰ তথ্য মজুত আছিল। কিন্তু, এতিয়া কোনটো দলে ক’ৰ পৰা কিমান টকা পাইছে, আমাৰ হাতত কোনো তথ্য নাই। এতিয়া ভাৰতত ক’লা ধন পাম্প কৰিব পৰা সহজ হৈ পৰিব । যাৰ ফলত অবৈধ কাৰ্যকলাপৰ সংখ্যাও বৃদ্ধি পাব। ৰাজনৈতিক দল সমূহে সমস্যাৰ সমাধান কৰাৰ সলনি বোকা চতিৱাৰ খেলা হে আৰম্ভ কৰিছে।গতিকে সেয়েহে কৈছোঁ আপোনাৰ বহুমূলীয়া ভোট কাক দিব আপুনি নিজেই সিদ্ধান্ত লওক।