- ৰিতু তালুকদাৰ
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
কাচৰ ঘৰত থকাসকলে আনলৈ শিল নামাৰে। ৰাজেন গোহাঁই বিজেপিৰ পৰা ৪ বাৰ সাংসদ নিৰ্বাচিত হৈছিল। পঞ্চম বাৰৰ বাবেও তেওঁ টিকটৰ প্ৰবল দাবীদাৰ আছিল। তেওঁ টিকট নোপোৱাৰ কাৰণ অসমৰ সকলো ৰাইজে জানে। গোহাঁই এতিয়াও বিজেপিৰ সদস্য বাবে বিজেপিয়ে সেই কথাবিলাক ৰাজহুৱাকৈ কৈ থকা নাই। কংগ্ৰেছেও পানী ঘোলা কৰা নাই কাৰণ তেওঁলোকৰ প্ৰধান শত্ৰু শৰ্মাহে গোহাঁই নহয়। সেই সুযোগতে ৰাজেন গোহাঁইয়ে যোৱা ৫ বছৰ মহান ৰাজনেতা হৈ টিভিত নিজৰ মন্তব্য ৰাখি আছে। তেওঁ হয়তো ভাবিছে ৰাইজে সকলো পাহৰি গৈছে। লল্লনটপত ২০২১ৰ বিধানসভা নিৰ্বাচনত ৰাজেন গোহাঁইৰ টিকট কটাকলৈ সৌৰভ দ্বিবেদীয়ে হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিছিল। শৰ্মাই তেওঁক ৰিপোৰ্টাৰ ৰ দ্বাৰা টিকট কটাৰ আচল কাৰণটো বুজিবলৈ আহ্বান কৰিছিল। ইমান ডাঙৰ ঘটনাৰ পিছতো ৰাজেন গোহাঁইয়ে ২০২৪ত বঢ়মপুৰত টিকটৰ বাবে চেষ্টা কৰিছিল। পুনৰ টিকটৰ বাবে মুখঠেকেছা খোৱা নগাওঁৰ নেতাজন হতাশ হোৱাটো স্বাভাবিক। তেওঁৰ শেহতীয়া আস্ফালনো সেই হতাশাৰেই প্ৰতিফলন। কিন্তু অসমৰ ৰাইজৰ এনেকুৱা নেতাৰ প্ৰতি কোনো সহানুভূতি নাই। সামাজিক জীৱনত এনে গঢ়িত কাম কৰা লোকৰ কোনো ক্ষমা নাই। বৰং বিজেপিয়ে তেওঁক টিকট দিয়া হ’লে ৰাইজ ক্ষোভিত হ’লহেতেন। পুৰণি কৰ্মী হ’ল বুলিয়েই সকলো কাম কৰাৰ লাইচেন্স নাই। ভোটদানৰ দিনাই দলৰ বিৰূদ্ধে কথা কৈ ৰাজেন গোহাঁই মুখ্যমন্ত্রীৰ ৰোষত পৰিছে। যি সময়ত মুখ্যমন্ত্রীকে আদি কৰি নেতা-কৰ্মীয়ে দিন ৰাতি একাকাৰ কৰি কাম কৰি থাকে, সেইসময়ত এনে গোহাঁইৰ এনে বক্তব্য ৰাষ্ট্ৰীয় নেতৃত্বইও সহজ ভাবে লোৱা নাই। লোকসভা নিৰ্বাচনৰ প্ৰক্ৰিয়া শেষ হোৱাৰ দিনাই লোৱা হ’ব পাৰে তেওঁৰ ওপৰত কঠোৰ ব্যৱস্থা। লগে লগে পুনৰ খোল খাব পাৰে গোহাঁইৰ কলা অধ্যায়। অহা ১ মাহত যদি গোহাঁইয়ে কিবা মেনেজ কৰিব নোৱাৰে তেন্তে তেওঁৰ বেয়া দিন সমাগত।