সাক্ষাৎকাৰ প্ৰবীণ বড়োৰ সৈতে
সাক্ষাৎকাৰ গ্ৰহণ কৰে পাৰ্থ প্ৰতিম লহকৰ ,নুপুৰ দত্ত আৰু হেমন্ত ডেকাই
‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি: www.rajnitiaxom.com
ৰাজনীতি অসম: লোকসভা নিৰ্বাচন সমাগত । কোকৰাঝাৰ সমষ্টিকলৈ আপোনালোকৰ পৰিকল্পনা কি?
প্ৰবীণ বড়ো:কোকৰাঝাৰ লোকসভাৰ অন্তৰ্গত গোটেই কেইটা বিধান সভা সমষ্টিটে আমাৰ সাংগঠনিক কাম কাজ সুচাৰু ৰূপে চলি আছে । বিটিচি প্ৰশাসনৰ কাম কাজকলৈ ৰাইজ সন্তুষ্ট । আজি বিটিচি প্ৰশাসনৰ উন্নয়নমুলক কৰ্মৰাজী , সামাজিক দায়বদ্ধতা , বিটিচি অঞ্চলত বাস কৰা প্ৰতিটো জনগোষ্ঠীৰ সহযোগিতাই সমগ্ৰ অসমবাসীকে গৌৰবান্বিত কৰিছে । যোৱাবাৰ লোকসভা নিৰ্বাচনৰ সময়ত গোষ্ঠীগত মেৰুকৰণৰ ৰাজনীতিৰ ফলত বিপিএফৰ প্ৰাৰ্থীৰ পৰাজয় হৈছিল । কিন্তু ২০১৬ বিধান সভা নিৰ্বাচনে প্ৰমান কৰিলে যে সেই মেৰুকৰণ স্থায়ী নহয় । কাৰণ ২০১৬ চনত কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিধান সভা সমষ্টিবোৰৰ ভোটৰ বিন্যাস চালে দেখা পাবযে বিপিএফ প্ৰায় ১১৮০০০ ভোটত আগবাঢ়ি আছে । মুল কথা হ’ল শান্তি ,সম্প্ৰতি, উন্নতি । এই তিনিওটা কথাত বিটিচি প্ৰশাসনৰ কোনো খুট নাই । কোকৰাঝাৰৰ বিভিন্ন কলেজবোৰত আমাৰ অসমৰ উজনি, নামনি , কাছাৰ , কাৰ্বিআংলং আদি সকলো ঠাইৰ পৰা অহা ল’ৰা ছোৱালীবিলাকে আনন্দমনে পঢ়ি আছে । কিমানে স্কুল, কলেজত পাঠদান কৰি আছে অতি নিষ্ঠা সহকাৰে । এইসকলো বিলাকে আগন্তুক সময়বোৰত মেৰু কৰণৰ ৰাজনীতি সমাপ্ত কৰিব ।
ৰাজনীতি অসম: যোৱাবাৰ ৰেকৰ্ড মাৰ্জিন ভোটত বি পি এফ পৰাস্ত হ’ল । কিন্তু লক্ষ্য কৰিলে দেখা যায় যে ২০১৬ বা ২০১১ চনৰ বিধান সভা সভা নিৰ্বাচনত বিটিচিৰ বাহিৰতো বহু কেইটা সমষ্টিত বিপিএফে নিৰ্ণায়ক ভুমিকা লয় । তেনে স্থলত কোকৰাঝাৰ লোকসভা সমষ্টিত আপোনালোক পৰাস্ত হৈছিল ? ইয়াৰ কাৰণ কি ?
প্ৰবীণ বড়ো:যোৱাবাৰ লোকসভা নিৰ্বাচনত গোষ্ঠীগত মেৰুকৰণ হ’ব বুলি কোনেও ভবা নাছিল । কিন্তু ৰাজনৈতিক স্বাৰ্থত অনাবড়ো সাধাৰণ মানুহখিনিক আবেগিক ভাবে ব্লেকমেইল কৰা হ’ল । অপ্ৰচাৰে চলোৱা হ’ল যে বিটিএডিত বড়োক বাদ দি আন জনগোষ্ঠীৰ মানুহবিলাক অসুৰক্ষিত । নব শৰণীয়াৰ অপ প্ৰচাৰ , আবেগিক ব্লেকমেইল আৰু মিথ্যাচাৰৰ ৰাজনীতিয়ে ঢৌ এটাৰ সৃষ্টি কৰিছিল আৰু সেই ঢৌৱে আছিল বিপিএফৰ পৰাজয়ৰ কাৰণ । কিন্তু এতিয়া সেই ঢৌটো বাদেই তেনেকুৱা ধাৰণাও নাই ৰাইজৰ মাজত । বিটিচিৰ উন্নতি হ’ব লাগিলে ইয়াত বাস কৰা প্ৰতিজন মানুহৰে বিকাশ হ’ব লাগিব । বিপিএফ দলে হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত বিশ্বাস কৰেযে মানুহ এজন সুষ্ঠহৈ থাকিবলৈ যিদৰে প্ৰতিটো অংগ সুস্থ সৱল হ’ব লাগে তেনেদৰে বিটিএডিৰ উন্নয়ন হ’বলৈ হ’লে প্ৰতিটো গোষ্ঠীৰে উন্নতি আৰু বিকাশ হ’ব লাগিব ।
ৰাজনীতি অসম: ২০১৬ বিধান সভা নিৰ্বাচনৰ ফলাফল লক্ষ্য কৰিছো । কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিধান সভা সমষ্টিৰ ভোট বিন্যাসত বিপিএফ মিত্ৰজোঁট প্ৰায় ১১৮০০০ ভোটত আগবাঢ়ি আছে । তেনেস্থলত কিছুদিন আগত হৈ যোৱা ভুমি অধিকাৰ বিতৰ্কই প্ৰভাব পেলাব বুলি আপুনি ভাবে নেকি ?
প্ৰবীণ বড়ো:এই ভুমি নীতিৰ কথাটো একেবাৰেই অৰ্থহীন কথা । কাৰণ বিটিচি চুক্তি মৰ্মে বিটিচি প্ৰশাসনৰ ভুমি নীতি বনোৱা অধিকাৰেই নাই । বৃটিছে বনোৱা ভুমি নীতি মতেই সকলো কামকাজ চলি আছে । মাজে মাজে সংশোধন হৈছে । কিন্তু মুল কথাটো হ’ল ভুমি নীতি সংশোধনৰ অধিকাৰ একমাত্ৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ওপৰতহে ন্যষ্ট থাকে । বিটিচি প্ৰশাসনে নতুন ভুমি নীতি বনাব এই কথাবিলাক সম্পুৰ্ণ মিছা আৰু কাল্পনিক । এইটো প্ৰচাৰ কৰা হৈছে একমাত্ৰ ৰাজনৈতিক মুনাফা লভাৰ কাৰণে । কিন্তু এইবাৰ আমি এই নেতিবাচক ৰাজনীতিক সকলো জাতি জনগোষ্ঠীক লগত লৈ প্ৰতিহত কৰিব পাৰিম । বিটিচি প্ৰশাসনে এচডিচি অফিচবিলাকত নাগৰিক সভা পাতিছে আৰু আনি বিপিএফ দল হিচাপেও সকলো অঞ্চলতে সকলো শ্ৰেণীৰ নাগৰিকক লগতলৈ সজাগতা সভা পাতিছে ।সেয়ে ৰাইজ এনেকুৱা অপ প্ৰচাৰৰ প্ৰভাবৰ পৰা মুক্ত ।
ৰাজনীতি অসম: বৰ্তমানৰ বিজেপি মিত্ৰজোঁত চৰকাৰ আৰু আগৰ কংগ্ৰেছ নেতৃত্বৰ চৰকাৰ দুইখনতেই বিপিএফ আছিল । দুয়োখন চৰকাৰৰ মাজত পাৰ্থক্য কি ?
প্ৰবীণ বড়ো: কংগ্ৰেছৰ দিনত প্ৰথম পৰ্যাযত বিপিএফৰ কথা বিলাকক গুৰুত্ব দিছিল । কিন্তু পিছৰ পৰ্যায়ত তেওঁলোকে ভাবিলে যে বিপিএফ নহ’লেও চৰকাৰ চলাব পাৰিব সেয়ে আমাক গুৰুত্ব কমকৈ দিয়া হ’ল । আৰু পিছৰ সময়ত ফল বিলাক ৰাইজে দেখিছে ।

ৰাজনীতি অসম: নাগৰীকত্ব বিধেয়কখনকলৈ প্ৰতিবাদ হৈ আছে । বিধেয়কখনকলৈ আপোনাৰ মন্তব্য কি ?
প্ৰবীণ বড়ো: বেলেগ এখন ৰাষ্ট্ৰৰ নাগৰিকক ভাৰতত নাগৰিকত্ব দিয়াৰ প্ৰশ্নই আহিব নালাগে । যদি বাংলাদেশৰ হিন্দু সকলে অসুৰক্ষিত অনুভৱ কৰিছে তেন্তে ভাৰতে কুটনৈতিক প্ৰক্ৰিয়াৰে সমাধান কৰিব পাৰে ।
ৰাজনীতি অসম: আছু পৰা বহু নেতা বিজেপিলৈ গ’ল , আপুনি অগপলৈ গৈছিল । বহু প্ৰাক্তন আছুনেতা বৰ্তমান চৰকাৰৰ মন্ত্ৰী বিধায়ক । আপুনি কিয় অগপ এৰি বিপিএফত যোগ দিছিল ?
প্ৰবীণ বড়ো: আছুৰ পৰা গৈ মই অগপত যোগদান কৰিছিলো । কাৰণ আঞ্চলিকতাবাদক মই বিশ্বাস কৰো । কিন্তু অগপত যোগদান কৰি মই দুটা কথাৰ ওপৰত গুৰুত্ব দিছিলো __ এটা হৈছে নতুন প্ৰজন্মৰ মানুহবিলাকক অগ্ৰাধিকাৰ দি দল আগুৱাই যোৱা আৰু দ্বিতীয়টো আছিল অসমৰ সকলো ভুমি পুত্ৰ জনগোষ্ঠী সমুহক বিশ্বাসত লৈ উন্নয়নৰ বাট ৰচনা কৰা । কিন্তু তেতিয়া নতুন মানুহ , আছুৰ পৰা আহিছোহে মাত্ৰ বুলি অগপৰ বহু নেতাই গুৰুত্ব নিদিলে । কিন্তু এতিয়া সেই নেতা বিলাকেই অগপ এৰি বিজেপি ,কংগ্ৰেছ কৰি আছে । তেতিয়া মই আছুত আছো । সমুজ্বল ভট্টাচাৰ্য্য , সৰ্বানন্দ সোনোৱাল , অমিয় ভুঞা আৰু মই দিল্লীত আছু আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত চলি থকা বৈঠকত উপস্থিত আছিলো । তেতিয়া মই সভাপতি আৰু অমিয় ভুঞা সম্পাদক । আমাৰ সন্মুখত তেতিয়াৰ প্ৰধানমন্ত্ৰী অটলবিহাৰী বাজপায়ী দেৱে কৈছিল সৰ্বানন্দ সনোৱাল আৰু সমুজ্বল ভট্টাচাৰ্য্যক বিজেপিক দিয়া আৰু মোক কৈছিল যেতিয়া আছু এৰিবা তেতিয়া বিজেপিত যোগ দিবা । কিন্তু মই যিহেতু বিশ্বাস কৰো যে আঞ্চলিকতাবাদে অঞ্চল এটাৰ সমস্যা সমাধান কৰিব পাৰিব সেয়ে মই বিপিএফত যোগদান কৰিছিলো ।
ৰাজনীতি অসম: কি কাৰণত বিদেশী বহিষ্কাৰ শ্লোগান ১৯৭৯ ৰ পৰা আজিলৈকে দি থাকিব লগা হৈছে । কিয় সফল হোৱা নাই দাবী পুৰণত ?
প্ৰবীণ বড়ো: ছাত্ৰ সংগঠনত থকা নেতাসকলে বহু সময়ত ছাত্ৰ সন্থা বাদ দি যেতিয়া ৰাজনৈতিক দলত যোগদান কৰে তেতিয়া আগৰ শ্লোগান বিলাক পাহৰি যায় । অসমীয়া মানুহে আবেগিক হৈ ভাবে যে ছাত্ৰ সন্থাত থকা সময়ছোৱাত নেতাজনে জাতিৰ স্বাৰ্থত যি ভুমিকা লৈছিল সেই একেই ভুমিকা তেওঁ বিধান সভাটো ল’ব । কিন্তু সমস্যাটো তাতেই হৈ যায় । ৰাজনৈতিক দলৰ নেতাহৈ সলনি হৈ যায় আৰু ৰাইজৰো পৰিবৰ্তন চকুত পৰোতে বহু পলম হৈ যায় । সেই কাৰণে সমস্যা সমস্যা হৈয়ে থাকে । আজি এন আৰ চিৰ কাম সৰ্বানন্দ সোনোৱালৰ দিনত আগবাঢ়ি আছে । এইখিনি কাম প্ৰফুল্ল কুমাৰ মহন্তই দুৱাৰ মুখ্যমন্ত্ৰী হৈও কৰিব নোৱাৰিলে । আই এম ডিটি আইন সৰ্বানন্দ সোনোৱালেই লাগি ভাগি বাতিল কৰিলে কোৰ্টত । অসম আন্দোলন কৰি ৰাইজৰ বিশ্বাসভাজন হৈ চৰকাৰ গঠন কৰা নেতাসকলে কিয় IMDT আইনখন বাতিল কৰিব নোৱাৰিলে ? আমাৰ অসমীয়া মানুহখিনি আবেগিক , মানুহক সহজতে বিশ্বাস কৰে । কিন্তু মানুহখিনি প্ৰেকটিকেল হোৱাহে উচিত বুলি মই ভাবো ।
ৰাজনীতি অসম: বিটিএডি গঠন হোৱাৰ এক দশক পাৰ হ’ল । বিটিএডিকলৈ আপোনাললোকৰ পৰিকল্পনা কি?
প্ৰবীণ বড়ো: বিটিচিক উত্তৰ পুবৰ ভিতৰত এটা অাদৰ্শ অঞ্চল হিচাপে গঢ় দিবলৈ আমি পৰিকল্পনা হাতত লৈছো । প্ৰথম অবস্থাত প্ৰতিটো সমষ্টিতে একোখন আদৰ্শ গাওঁ গঢ় দিব লাগিব ।সৌ সিদিনা ভাৰত চৰকাৰৰ প্ৰাক্তন গৃহ সচিব পিল্লাই ডাঙৰীয়াই নিজেই কৈছে যে উন্নয়নৰ ক্ষেত্ৰত বিটিএডি কৰ্মপদ্ধতি অতি সুন্দৰ ।
ৰাজনীতি অসম: চৰকাৰ এখন গঠন হয় ৰাইজৰ প্ৰতিনিধিৰ দ্বাৰা । সাধাৰণ মানুহৰ দুটা মৌলিক প্ৰয়োজন স্বাস্থ্য আৰু শিক্ষা । স্বাধীনতাৰ পিছৰ পৰাই এই দুয়োটাৰ কাৰণে জনতাই ব্যক্তিগত অনুষ্ঠানৰ ওপৰত বেছি নিৰ্ভৰশীল হব লগা হয়। যদি মৌলিক প্ৰয়োজনখিনিয়ে যদি চৰকাৰে দিব নোৱাৰে ৰাইজৰ উপায় কি আৰু ইয়াৰ সমাধান কি ?
প্ৰবীণ বড়ো: গোটেই দেশতে যিটো শিক্ষানীতি চলি আছে এই নীতিয়ে শিক্ষাব্যৱস্থাটোক উন্নিত কৰিব পৰা নাই । বৰঞ্চ ৰাজহুৱা খণ্ডৰ শিক্ষাব্যৱস্থাটো নিম্নগামীহে হৈছে । স্কুলৰ ইউনিফৰ্ম ফ্ৰি দিছে , ফিজ মাফ কৰিছে , দুপৰীয়াৰ আহাৰ দিছে ভাল কথা । কিন্তু সকলোকে কিয় দিব লাগে । যিখিনি দুখীয়া তেওঁলোকক দিয়ক । কিন্তু যাৰ সম্বল আছে তেওঁলোকক এইবিলাক নিয়মৰ আওঁতাত অনা কাৰণেই চৰকাৰী স্কুলত ছাত্ৰ -ছাত্ৰীৰ সংখ্যা কমি গৈছে । সকলোৱে মিলি এটা সুস্থ শিক্ষানীতি প্ৰয়োগ কৰিলে বহুখিনি সমস্যা হ্ৰাস হ’ব ।
ৰাজনীতি অসম: কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এখন অবিজেপি চৰকাৰৰ কথা উল্লেখ কৰিছে । অগপ ,বিপিএফ, এআইডিফ , কংগ্ৰেছ সন্মিলীত চৰকাৰ । বিপিএফে এই সমীকৰণক গুৰুত্ব দিছে নেকি?
প্ৰবীণ বড়ো: ৰাজনীতিলৈ আহিছো যিহেতু লক্ষ্য আছে যে এদিন ৰাইজৰ প্ৰতিনিধিহৈ জনগণৰ সমস্যাবিলাক দুৰ কৰিম আৰু সমাজৰ উন্নয়নৰ স্বাৰ্থত নিজক সমৰ্পন কৰিম । যদি দলে বিচাৰে মই যিকোনো দায়িত্ব ল’বলৈ প্ৰস্তুত । মুল কথাটো হ’ল সন্মানীয় হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত বিটিএডিৰ উন্নয়ন ক্ষিপ্ৰ কৰা আৰু বিটিএডিক ভাৰতৰ ভিতৰত এটা আৰ্হি অঞ্চল হিচাপে প্ৰস্তুত কৰা ।
‘ৰাজনীতি অসম’ ই-আলোচনী খন সম্পূৰ্ণকৈ পঢ়াৰ বাবে ইয়াত ক্লিক কৰক www.rajnitiaxom.com