- ৰূপেশ কুমাৰ সিং
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ
কানহায়া কুমাৰৰ ‘দেশদ্ৰোহী’ ভাষণৰ পাছতে একাংশ দল সংগঠন আৰু মানুহৰ কাৰণে কানহায়া কুমাৰ নায়ক হৈ পৰিছিল ।
বাওঁপন্থী সকলে ভাৰতৰ গুণ-গান কৰাৰ সলনি ৰাছিয়া আৰু চীনৰহে গুণগান কৰা দেখা যায়। এই ক্ষেত্ৰত দিব পৰা এটা উত্তৰ হয় এনেকুৱা, যিহেতু বাওঁপন্থীসকলে বিশেষ এটা বাদৰ পোষকতা কৰে, তেওঁলোকে নিজৰ দেশখন সেই বাদৰ মতে চলাটো বিচাৰে। দেশখনত সেই ‘বাদ’ প্ৰচলিত নোহোৱালৈ প্ৰচলিত আন বাদ-ৰ বিৰূদ্ধে তেওঁলোকৰ আপত্তি থাকিবই, আৰু সেই আন বাদবিলাকৰ বিৰূদ্ধাচৰণো কৰি থাকিব। তেওঁলোকৰ দেশপ্ৰেমৰ চানেকী হৈছে দেশখনত সেই বাওঁপন্থা প্ৰচলন কৰা। একাংশ বুদ্ধিজীবীৰ মতে বাওঁপন্থীসকলে চীন বা ৰাছিয়াৰ কথা যেতিয়া কয়, তেতিয়া ভাৰতৰ বিৰোধিতা নকৰে, কিন্তু ভাৰতত সদ্য প্ৰচলিত ব্যৱস্থাৰ বিৰোধিতা নিশ্চয় কৰে। বাওঁপন্থী ভাৱধাৰাৰ নেতাসকলৰ আচৰণ অতি আচহুৱা । তেওঁলোকে দুখীয়া মানুহখিনি তেওঁলোকৰ মুলধন । মুলধন বৃদ্ধি কৰি ৰাজনৈতিক ভেটি সবল কৰাটো তেওঁলোকৰ
লক্ষ । কানহায়া কুমাৰৰ দৰে নেতাই স্বাধীনতা বিচাৰি দিয়া ভাষণ আৰু আশীৰ উৰ্ধৰ বামপন্থী নেতা সকলে স্বাধীনতাৰ সময়ত স্বাধীনতাক মিথ্য বুলি কোৱা যুক্তি বা ১৯৬২ চীনা যুদ্ধৰ সময়ত চীনক সমৰ্থন কৰাৰ আঁৰত কি ধৰণৰ মানসিকতা আছে সেই কথা আজিৰ প্ৰজন্মক বুজিবলৈ বংগৰ প্ৰাক্তন বামপন্থী নেতা আৰু মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্য্যই সহায় কৰি দিলে ।
এই বামপন্থীবোৰক কিয় বিশ্বাস কৰিব নোৱাৰি সেইটো তেওঁলোকে নিজেই প্ৰমাণ কৰি থাকে ৷ দেশ এখনৰ চৰকাৰখন কোনো ৰাজনৈতিক দলৰ নহয়,তথাপি বুদ্ধদেৱ ভট্টাচাৰ্য্য বোলা এসময়ৰ মুখ্যমন্ত্ৰী তথা বামপন্থী নেতাই চৰকাৰে প্ৰদান কৰা পদ্ম ভূষণ প্ৰত্যাখান কৰি বুজাই দিলে এই বামপন্থীবোৰ কিয় দেশপ্ৰেমিক হব নোৱাৰে ৷ এইয়া কেৱল এখন চৰকাৰক অপমান কৰা হোৱা নাই, এইয়া দেশখনক অপমান ৷