-
অগ্নিভ দত্ত
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
ডিব্ৰুগড় ল’ৰা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, এইখন হল ডিব্ৰুগড়ৰ অন্যতম ঐতিহাসিক বিদ্যালয়! ডিব্ৰুগড় চহৰৰ মাজমজীয়াতে থকা বিদ্যালয় খনৰ চাৰিওফালে আছে, পশ্চিম মিলন নগৰ, পূব মিলন নগৰ, জীৱন ফুকন নগৰ, চৌকিডিংগী, ৰেলৱে কলনি, নগাবাৰী, খনিয়াগাঁও আদিকে ধৰি বিভিন্ন অঞ্চল! এটা সময়ত কেৱল এইবোৰ অঞ্চলৰেই নহয় ডিব্ৰুগড় বিশ্ববিদ্যালয় কেম্পাচ, এ এম চি কেম্পাচৰ পৰাও ছাত্ৰ আহিছিল এইখন বিদ্যালয়ত অধ্যয়ন কৰিবলৈ!
এইখন বিদ্যালয়ৰ ফলাফলো আছিল অতি উচ্চমানৰ । অন্তত আজিৰ পৰা ২০-২৫ বছৰ আগলৈ বিদ্যালয়খনৰ পৰা কেৱল ভাল ফলাফলেই হৈছিল তেনে নহয়, খেলা ধূলাৰো পৰিবেশ আছিল অতি উচ্চস্তৰৰ, বিশেষকৈ ফুটবল আৰু ক্ৰিকেটত! আনহাতে শৈক্ষিক দিশত মেট্ৰিকত স্থান লাভ কৰাটোও আছিল অন্যতম! অভিজিৎ বৰুৱা আমি স্কুলত পঢ়ি থাকোতে অসমৰ ভিতৰতেই প্ৰথম স্থান পাইছিল ।
আৰু সেইখন বিদ্যালয়ৰ পৰা এইবাৰ মেট্ৰিকত উত্তীৰ্ণ হৈছে ৩২ জন আৰু অনুত্তীৰ্ণ ২৮, মুঠ ৬০ জনৰ । তাৰে আকৌ কেৱল এজনেহে প্ৰথম বিভাগ পাইছে । কিয় এই ধৰণৰ ফলাফল তাৰ কোনো উত্তৰ নাই, কিন্তু কেৱল ২০-২৫ বছৰৰ ভিতৰতেই বিদ্যালয়খনৰ অৱস্থা (ফলাফলৰ দিশৰ পৰা ) এনেকুৱা হোৱাৰ কাৰণ সমুহ বিচাৰ কৰি চোৱাৰ দায়িত্ব নিশ্চয় চৰকাৰৰ আছে । আমাৰ সময়ত আমাৰ স্কুলখনৰ প্ৰায়খিনি শিক্ষকৰ সন্তানেই আমাৰ স্কুলতেই পঢ়াইছিল । নিজৰ স্কুলতেই সন্তান পঢ়াৰ অৰ্থ হল এক দিশত নিজৰ ওপৰত তথা বিদ্যালয়খনৰ আন শিক্ষকসকলৰ ওপৰত থকা বিশ্বাস (আমাৰ সময়তো আমাৰ স্কুলৰ ওচৰতেই আন এখন লৰাৰ স্কুল ডনবস্ক যিহেতু আছিল ) ।
আগতেই উল্লেখ কৰিছো স্কুলখনৰ চাৰিওকাষে থকা বৃহৎ অঞ্চলৰ ছাত্ৰ সেইখন বিদ্যালয়তেই পঢ়িছিল য’ত বিভিন্ন শ্ৰেণীৰ মানুহৰ সংমিশ্ৰন আছিল বুলিব পাৰি ! কিন্তু এইবাৰ মেট্ৰিকৰ ৰিজাল্টৰ পাছতেই UDISE (Unified District Information System for Education) ৰ ৰিপৰ্ট বিচাৰি চাই কিছু কথা মন কৰিলো । যোৱা বছৰলৈ স্কুলখনত শিক্ষকৰ সংখ্যা ২৭ জনৰ বিপৰীতে ছাত্ৰৰ সংখ্যা আছিল ৪৮০ জন । একো একোটা ক্লাছত ছাত্ৰৰ সংখ্যা প্ৰায় ৬০ জন, যিটো আমাৰ সময়ত আছিল অতি কমকৈ হলেও ১৮০ জন (তিনিটা ভাগ ‘ক”খ”গ’)! গতিকে শিক্ষকৰ বিপৰীতে ছাত্ৰৰ সংখ্যা বঢ়াতকৈ কমিছেহে ।
কিন্তু এইখিনিতেই এটা গুৰুত্বপূৰ্ণ কথা হ’ল এই ছাত্ৰখিনিৰ ৪৮১ জনৰ ৪৩৫ জনেই হল নিম্ন আয়ৰ(BPL),BPL ছাত্ৰ হলেই ফলাফল ভাল নহ’ব তেনেকুৱা কথা কেতিয়াও হ’ব নোৱাৰে, কিন্তু কথা হল সেই বৃহৎ অঞ্চলটোৰ ( যিটো অঞ্চলত নিম্ন আয়ৰ মানুহৰ সংখ্যা বৰ বেছি হোৱাৰ সম্ভাৱনা নাই ) সৰহ সংখ্যক মানুহৰেই সন্তান সেইখন স্কুলত পঢ়িবলৈ নোযোৱাটো খাটাং । এতিয়া কথা হ’ল মানুহৰ ঘৰুৱা পৰিবেশ নিশ্চয় আন মধ্যবিত্তীয় এঘৰৰ লগত বেলেগ হোৱাৰ সম্ভাৱনাই বেছি । সা সুবিধাৰ পৰা আৰম্ভ কৰি পঢ়াৰ পৰিবেশলৈকে ইয়াৰ লগত জড়িত হব পাৰে !
গতিকে এনেকুৱা পৰিস্থিতিত স্কুলখনৰ কৰণীয় কেনেকুৱা হ’ব লাগে সেইয়াও শিক্ষাৰ লগত জড়িতসকলৰ দ্বাৰা পৰামৰ্শ প্ৰদান কৰা উচিত বা আলোচনা হোৱা উচিত ! শিক্ষক এজনক ননচেন্স কথা নক’ব বুৃলি কবলৈ মন্ত্ৰী এজনৰ বাবে সহজ কথা কিন্তু চৰকাৰী বিদ্যালয়সমুহৰ সামগ্ৰিক মান কিয় ২০- ২৫ বছৰত অধোগামী হবলৈ ধৰিলে তাৰ বাবে কাক গালি দিব পাৰিব সেইটো আকৌ অন্য এক কথা । পাৰিবনে শিক্ষামন্ত্ৰীয়ে আগৰ শিক্ষাৰ দায়িত্বত থকাসকলে কৰি থৈ যোৱা ভুলবোৰ আঙুলিয়াই দেখুওৱাৰ লগতে তাক শুধৰোৱাৰ চেষ্টা কৰিব নে?
গুৰুত্বহীন আৰু কামত ফাঁকি বাজ প্ৰধান শিক্ষক বা অধ্যক্ষ সমুহক নাকি লগাব পাৰিবনে ? শিক্ষা বিভাগৰ বিয়াগোম বিষয়া সকলৰ চেঞ্চ কিমান আছে সেই কথা কোৱাৰ সাহস শিক্ষামন্ত্ৰীৰ হ’ব নে ? মন্ত্ৰী বা বিধায়কৰ লগত সভা -সমিতিয়ে ঘুৰি ফুৰা শিক্ষকৰূপী সাংবাদিক , সাহিত্যিকক শিক্ষামন্ত্ৰীয়ে নোম এডাল লৰাব পাৰিবনে ? যোৱা দুই দশকৰ শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীক ৰনোজ পেগুৱে প্ৰশ্ন কৰিব পাৰিবনে ? মন্ত্ৰী-মুখ্যমন্ত্ৰীৰ ভাষণক ভিত্তি কৰি কোনো অভিভাবকে নিজৰ সন্তানৰ ভৱিষ্যত নিৰ্ধাৰণ নকৰে , অভিভাবকে সিদ্ধান্ত লয় বাস্তৱ অভিজ্ঞতাৰ পৰা ।