বিদায়, থাকৰে পৰিয়াল!

762
  • ৰূপেশ কুমাৰ সিং

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


ৰাজ থাকৰেৰ পিতৃ আছিল বাল থাকৰেৰ ককায়েক । ৰাজৰ পিতৃ বিয়োগৰ পিছত বাল থাকৰেৰ লগত ৰাজৰ সম্পৰ্ক গভীৰ হৈ পৰে । স্কুলীয়া দিনৰ পৰাই ৰাজ থাকৰে আছিল খুড়াক বাল থাকৰেৰ সংগী । ঘৰৰ বিভিন্ন দায়িত্বৰ পৰা আৰম্ভ কৰি ৰাজনীতিলৈ সকলো কামতে বাল থাকৰেৰ একান্ত সহযোগী আছিল ৰাজ । বাল থাকৰেৰ সকলো গুণ আয়ত্ব কৰি ৰাজ হৈ পৰিছিল বাল থাকৰেৰ অনুৰুপ ।

৯০ দশকৰ আৰম্ভণিতে শিৱসেনাৰ নতুন যুৱ নেতা ৰূপে আত্মপ্ৰকাশ কৰিছিল ৰাজ থাকৰে। আৰু তেতিয়াৰ পৰাই তেওঁ সমগ্ৰ মহাৰাষ্ট্ৰতে সেনাৰ উত্থানৰ চিত্ৰনাট্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

১৯৮০ চনৰ পৰা ৰাজ থাকৰে দলৰ কৰ্মী-নেতাসকলৰ ঘনিষ্ঠ আছিল। এজন কাৰ্টুনীষ্ট খুড়াকৰ দৰেই ৰাজকো ১৯৮৯ চনত শিব সেনাৰ ছাত্ৰ শাখা– ভাৰতীয় বিদ্যাৰ্থী সেনাৰ সভাপতি নিযুক্তি দিয়া হৈছিল।
প্ৰায় তিনিটা দশক বাল থাকৰে আৰু দলৰ লগত থকাৰ পিছত যেতিয়া বাল থাকৰেৰ উত্তৰাধিকাৰীৰ নাম প্ৰসংগলৈ আহিল তেতিয়া কেৰোণ আৰম্ভ হ’ল । হস্তীৰ পিচলে পাওৰ দৰে বাল থাকৰেও নিজৰ পুত্ৰ উদ্ধৱক শিব সেনাৰ উত্তৰাধিকাৰী পতাৰ লগে লগে এক ঐতিহাসিক ভুল সিদ্ধান্তই মহাৰাষ্ট্ৰক জোকাৰি যায় । পুত্ৰৰ প্ৰতি দেখুওৱা অন্ধ স্নেহ ৰাজ থাকৰেৰ কাৰণে শিব সেনা ত্যাগ আসন্ন কৰি পেলায় ।

ৰাজে দল ত্যাগ কৰাৰ আগত বল থাকৰেলৈ চিঠি এখন লিখে । চিঠিখনত ৰাজে খুড়াক আৰু দলৰ মুৰব্বীলৈ বহু কেইটা প্ৰশ্ন নিক্ষেপ কৰে । ৰাজে লেখিছিল __ “চাৰি দশক পূৰ্বে শিৱসেনা গঠন হৈছিল আৰু আপোনালোকৰ উপস্থিতিৰ বাবেই ইয়াৰ সম্প্ৰসাৰণ ঘটিছে। সমগ্ৰ সংগঠনটো উদ্ধৱ থাকৰে আৰু তেওঁৰ অনুগতসকলৰ নিয়ন্ত্ৰণত আছে। যোৱা ৬-৭ বছৰত এইটো হৈছে। ”

ৰাজৰ আক্ৰমণৰ লক্ষ্য হৈয়েই থাকিল তেওঁৰ ভাতৃ তথা শিবসেনাৰ কাৰ্যকৰী সভাপতি উদ্ধৱ থাকৰে, যিজনক তেওঁ দলৰ নেতৃত্ব দিবলৈ অযোগ্য বুলি কয়।

“যোৱা কেইবছৰমানৰ পৰা দলীয় দায়িত্ব উদ্ধৱক দিয়া হৈছিল, কিন্তু তেওঁৰ নেতৃত্বৰ বাবে সকলো সৈনিকৰ মনোবল কম। তেওঁক দায়ী কৰা উচিত নহয়নে?,” তেওঁ কয়।

“আমি বুজি পাইছো যে আপুনি অপৰিসীম হেঁচাত পৰিছে। আপুনি সেনাৰ দায়িত্ব উদ্ধৱক অৰ্পণ কৰিছে, কিন্তু জবাবদিহিতাৰ কথা কি ক’ব?” সুধিলে।

ৰাজে বিবৃতিত কয় যে মহাৰাষ্ট্ৰৰ প্ৰতিজন শিৱ সৈনিকে বিশ্বাস কৰে যে উদ্ধৱে শিবসেনাৰ নেতৃত্ব দিবলৈ অক্ষম। তেওঁ কয় যে সেনাক যিদৰে প্ৰতিষ্ঠা কৰা হৈছিল, সেইদৰে নেতৃত্ব দিবলৈ দক্ষ এজনক ক্ষমতা প্ৰদান কৰিব লাগিব।

ৰাজে আৰু কয় যে তেওঁ সমগ্ৰ ৰাজ্য ভ্ৰমণ কৰাৰ পিছত তেওঁৰ নতুন দলৰ প্ৰকৃতি আৰু গঠন প্ৰকাশ কৰিব।
আজিৰ তাৰিখত ৰাজ থাকৰেও দুৰ্বল  আৰু অদক্ষ উদ্ধৱৰো মুখ্যমন্ত্রীৰ চকীখন নাথাকিল । শত্ৰু পক্ষই যেতিয়া কোনো ব্যক্তিৰ সমৰ্থন থিয় দিয়ে তেতিয়া ভৱিষ্যত অতি ভয়াবহ হয় । নাৰায়ন ৰানে , ৰাজ থাকৰে , একনাথ সিন্দে সকলৱে উদ্ধৱক ত্যাগ কৰিছে কিন্ত উদ্ধৱৰ কাষত ঠিয় দিছে বাল থাকৰৱৰ শত্ৰু শৰদ পাৱাৰ আৰু চোনিয়া গান্ধীয়ে । এই দুয়োজন নেতাই বাল থাকৰেৰ ওপৰত পোতক তুলিবলৈ বাচি লৈছে উদ্ধৱক । দ্ৰোনৰ দৰে শৰদ পাৱাৰে বনোৱা চক্ৰ বেহুত অভিমন্যু দৰে উদ্ধৱ ধৰাশয়ী হ’ল। উদ্ধৱে হেৰুৱালে মুখ্যমন্ত্রীৰ চকী আৰু হিন্দুত্বৰ ওপৰত দাবীদাৰী। এতিয়া দুইটা শিৱসেনা গোটৰ মাজত দলৰ নাম আৰু চিহ্নকলৈ নিৰ্বাচন আয়োগত যুঁজ হ’ব। সিন্ধে গোটে প্ৰকৃত শিৱসেনাৰ মৰ্য্যাদা পালে ৰাজনীতিত অস্তিত্বহীন হৈ পৰিব উদ্ধৱ থাকৰে। মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ পৰা বিদায় ল’বলৈ বাধ্য হ’ব থাকৰে পৰিয়াল!