হিন্দুস্তানত ধৰ্ম‍ন্তকৰণৰ কৱলত হিন্দু সমাজ

550
  • প্ৰিয়াংকু নাৰায়ণ বৰুৱ‍া

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


শেহতীয়াকৈ ধৰ্মান্তৰকৰণ এক সামাজিক ব্যাধিৰূপে ধৰা দিছে।মূলতঃ আগ্ৰাসনৰ এক ৰূপ

ধৰ্মীয় আগ্ৰাসন।স্ব ধৰ্ম বিস্তাৰৰ অভিসন্ধি মূলক এই প্ৰয়াস।প্ৰসংগতঃ কোনোৱে লভ’ জেহাদৰ জৰিয়তে অথবা কোনোৱে সামাজিক উপায়ে ভিন ভিন কৌশলৰ জৰিয়তে বদান্যতাৰ আলম লৈ মানুহৰ কাষ চাপি একাংশ সহজ সৰল লোকক ধৰ্ম সলনি কৰাৰ প্ৰতি আকৰ্ষিত কৰিছে।মূলতঃ
একাংশ বহিৰাগত শক্তিৰ নিৰ্দেশত বিশেষ একোটা চক্ৰই মূলতঃ হিন্দু সকলক টাৰ্গেট কৰি ইছলাম বা খ্ৰীষ্ট ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰ অপপ্ৰয়াস কৰি আহিছে।কথা হ’ল স্বাধীন আৰু ধৰ্ম নিৰপেক্ষ ভাৰতত স্ব বিবেকেৰে যি ধৰ্মত যিয়ে দীক্ষিত নহওক কিয় আপত্তিৰ থল নাথাকে।কিন্তু ভয়-ভাবুকি অথবা চলাহীৰে একাংশ লোকে সমগ্ৰ ভাৰতত হিন্দু ধৰ্মী লোকৰ ধৰ্মান্তৰকৰণৰ অপচেষ্টা কৰি আহিছে বুলি প্ৰকাশিত বিভিন্ন বাতৰি অথবা সংলগ্ন তথ্যবোৰ নিশ্চয় টিলিকতে উৰাই দিব নোৱাৰি। আমাৰ অসমতো মিছনেৰী সকলৰ অৱদান আৰু আগ্ৰাসন একে শাৰীত ৰাখি অতি বদান্যতা প্ৰকাশ কৰাটো সম্ভৱ নহ’ব নিশ্চয়।প্ৰসংগত
খ্ৰীষ্ট ধৰ্মী লোক সকলো আদৰৰ।খ্ৰীষ্ট ধৰ্মীয় উৎসৱ পাৰ্বনো স্ব স্থানত স্ব আভূষিত।কিন্তু অনৈতিক ভাৱে ধৰ্মান্তৰিত কৰণৰ জোৰ জুলুম বা চলাহীক নিশ্চয় সজ বুলিব
পৰা নাযাব।কথা একেটাই ইছলাম ধৰ্মৰো স্ব স্থানত স্বকীয় গৰিমা আছে।কিন্তু লাভ জেহাদ অথবা পৰৱৰ্তী পৰ্যায়ৰ ধৰ্মান্তৰকৰণ জাতীয় ভাইৰাছক নিশ্চয় উপাদেয় বুলিব
নোৱাৰি।অৱশ্যে একাংশৰ ক্ষয়ংকৰী মানসিকতাৰ বাবে সাতামপুৰুষীয়া একতাৰে সুহৃদয়তাৰে বাস কৰা ভিন্ন ধৰ্মী সকলৰ একাত্মীয়তাৰ ডোল ডাল সোলোক ঢোলোক হোৱা উচিত নহয়।বৰঞ্চ সহযোগিতাৰ মাধ্যমত সকলোৱে সৰ্বস্তৰত এনে প্ৰত্যাহ্বানক মোকাবিলা কৰি প্ৰতিহত কৰা
উচিত।প্ৰসংগত উল্লেখ্য যে,কোনোধৰণৰ ধৰ্মীয় অসূয়া বিস্তাৰ এই লেখাৰ উদ্দেশ্য নহয়।বৰঞ্চ ধৰ্মৰ আৰত দুষ্কতিৰে স্ব ধৰ্মক লজ্জানত কৰা সকলক যাতে সমধৰ্মীয় সকলেও
চিনিব পাৰে তথা কাৰ্যতঃধৰ্মান্তৰকৰণৰ দৰে অনৈতিক প্ৰয়াস যাতে ব্যৰ্থ হয়।প্ৰসংগত আমি কৈ আহিছো কোনো ধৰ্মৰ প্ৰতি বিদ্বেষ নাই!স্ব ধৰ্মক সন্মান কৰাৰ পাৰস্পৰিক
দায়বদ্ধতাৰে আমি আনৰ ধৰ্মক সন্মান কৰা উচিত।কিন্তু চল চাতুৰীৰে ধৰ্মান্তৰকৰণ আৰু ধৰ্মীয় আগ্ৰাসন সহ্য কৰা অসম্ভৱ। আলহীক আথে বেথে সাৱটি থকা খোৱাৰে পৰ অনুভৱ হ’ব যিদৰে নিদিও সেইদৰে শুই থাকোতে টেটু চেপিব সুবিধা নিদিওঁ বুলিও সংকল্প লওক কাৰণ
সুবিধা দিলেই সুৰক্ষা ক্ৰুটি আহিব। ২০১৪ চনৰ কথা।তাৰা সহদেৱ আছিল সেই সময়ৰ দেশৰ দক্ষ শ্বুটাৰ এগৰাকী।তেওঁ কিদৰে আৰু কাৰ দ্বাৰা শোষিত-প্ৰতাৰিত হৈছিল সেই প্ৰসংগৰ আত ধৰি এই লেখাৰ অৱতাৰণা। এনে বিষয়ৰ আলোচনা সম্প্ৰতি অতি প্ৰাসংগিক আৰু চিন্তনীয়
ৰূপত ধৰা দিছে।নিজৰ ধৰ্মীয় পৰিচয় লুকুৱাই এজন মুছলমান যুৱকে বিয়াৰ নামত প্ৰতাৰণা কৰিছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্বুটাৰ গৰাকীক!ৰকিবুল হাছান প্ৰকৃততে আছিল এজন মূছলমান ধৰ্মী যুৱক।লোকজনে নিজক ৰঞ্জিত কোহলী বুলি পৰিচয় দি ঝাৰখণ্ডত বিবাহ কৰাইছিল
ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্বুটাৰ তাৰা সহদেৱক। বিয়াৰ পিছত যেতিয়া প্ৰকৃত ৰহস্য পোহৰলৈ আহে তেতিয়া ৰকিবুলে তাৰাক ধৰ্ম সলনি কৰিবলৈ জোৰ কৰে, কিন্তু তাৰাই নিজৰ ধৰ্ম সলনি
নকৰাৰ ফলত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই ৰকিবুলে। ফলত দুয়োৰে মাজত বিবাহ বিচ্ছেদ হয়।আৰু তাৰ পিছতেই পোহৰলৈ আহে প্ৰকৃত ৰহস্য।ঘটনা সংঘটিত হৈছিল আজিৰ পৰা পাঁচ বছৰৰ আগতেই। Tara Shahdeo এ এই সংক্ৰান্তত ২০১৪চনত ঝাৰখণ্ডৰ ৰাঁচীত ৰকিবুল
হাছানৰ লগত বিবাহ বিচ্ছেদৰ আৱেদন কৰাৰ লগতে এনেদৰে মিছা কথাৰে বিবাহ কৰোৱাৰ বাবে ৰকিবুলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।২০১৫চনত দুয়োটা গোচৰ চিবিআইৰ অধীনলৈ যায়।২০১৮চনৰ জুনৰ ২৭তাৰিখে চিবিআইৰ আদালতে Tara Shahdeo ৰ আৱেদনৰ ভিত্তিত তেওঁলোকৰ বিবাহ বিচ্ছেদক মঞ্জুৰ কৰে। কিন্তু বিবাহৰ নামত প্ৰতাৰণা কৰাৰ গোচৰ এতিয়াও আদালতৰ অধীনত
আছে।এনে বহু সহস্ৰ তাৰা সহদেৱৰ লেখীয়া জীয়ৰী আজি ভিন্ন ৰকমৰ লাভ জেহাদৰ কৱলত পৰিছে।সমান্তৰালকৈ ধৰ্ম পৰিৱৰ্তনৰ বাবে জোৰ জুলুম অথবা শাৰিৰীক শোষণৰ বলি হৈছে।একাংশ দুষ্কৃতিকাৰীৰ বাবে লজ্জানত হৈছে ইছলাম সমাজ।আনকি স্ব ধৰ্মৰ সচেতন সকলেই ধিক্কাৰ দিছে এনেবোৰ কু অভিসন্ধিক।কেৱল জীয়ৰী-বোৱাৰীয়েই নহয় জনজাতীয় লোকসকল আৰু বহুজনক দৰিদ্ৰতাৰ সুযোগ লৈ বিভিন্ন প্ৰলোভনেৰে ধৰ্ম পৰিৱৰ্তন কৰিবলৈ
বাধ্য কৰা হৈছে।ধৰ্মান্তকৰণৰ অহৰহ প্ৰচেষ্টাৰ ভয়াবহ ছবি আজি আন্তজাৰ্তিক সমস্যা হৈ পৰিছে। ধৰ্মান্তকৰণৰ মকৰাজাল শিপাইছে বিশ্বৰ ভিন্ন প্ৰান্তলৈ।খবৰে ইয়াকেই সংকেত দিয়া দেখা গৈছে।পাকিস্তানতো সম্ভৱতঃ ভয়াবহ ধৰ্মান্তকৰণৰ বলি হৈছে হিন্দু যুৱতী।আমেৰিকা গৱেষণা প্ৰতিষ্ঠানৰ সূত্ৰত প্ৰকাশ।ফেচবুক ৰ জৰিয়তেও লাভ জেহাদৰ তথ্য পোহৰলৈ আহিছে।”লাভ জেহাদ”ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়াৰে এক কৌশল।নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত সমীক্ষা অনুসৰি দেখা গৈছে যে ফেচবুকৰ ৯০% সৌন্দৰ্য প্ৰতিযোগিতা অথবা অন্য দেশৰ সুন্দৰীৰ সৈতে বন্ধুত্ব গ্ৰুপ অতি সু-সংগঠিত এক চক্ৰই চলাই আছে।এইবোৰ
তথাকথিত সৌন্দৰ্য প্ৰতিযোগিতাৰ গ্ৰুপ চলোৱাৰ অন্তৰালত বৃহৎ ‘ছিক্ৰেট মিছন’ চলি থকাৰ সন্দেহ কৰা হৈছে।অতি চতুৰালিৰে আগবঢ়োৱা বিভিন্ন প্ৰলোভন-তোষামোদৰ জালত ভৰি দি হিন্দু ছোৱালী, বোৱাৰী ট্ৰেপিংৰ বলি হোৱাৰ তথ্য প্ৰকাশ পাইছে।অতি চতুৰভাৱে সৌন্দৰ্য প্ৰতিযোগিতাৰ নামত মোবাইল নং, হোৱাটছ আপ নং, সম্পূৰ্ণ ঠিকনা তথা বাকী ডিটেইলছ সংগ্ৰহ কৰা অথবা সংশ্লিষ্ট সকলে এনে ছোৱালী, বোৱাৰীৰ লগত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলাৰ পাছতেই ভয়ংকৰ ষড়যন্ত্ৰৰ ভুক্তভোগী হয় এনে বহু যুৱতী।বিভিন্ন সময়ত বহু পুৰুষকো হনি ট্ৰেপিঙৰ জৰিয়তে এক চক্ৰই বিপদত পেলোৱা অথবা ধৰ্ম আদি পৰিৱৰ্তনৰ
বাবে বাধ্য কৰা দেখা গৈছে।এই চক্ৰটোৰ লগত ভয়ংকৰ মানৱ সৰবৰাহকাৰী অথবা দেহ ব্যৱসায়ী চক্ৰ জড়িত থকাৰো সন্দেহ কৰা হৈছে।শেহতীয়াকৈ ভাৰতবৰ্ষত ধৰ্মান্তকৰণৰ জৰিয়তে আন্তঃ ধৰ্মীয় অৱদমনৰ ব্যাপক অপচেষ্টা চলা দেখা গৈছে।এই ক্ষেত্ৰত বহি:শক্তিৰো প্ৰভাৱ দেখা যায়।মূলতঃ মিছনেৰী সকলৰ একাংশই আৰু ইছলাম ধৰ্মী বিশেষ এক চক্ৰই হিন্দু বসতিপ্ৰধান ভাৰতৰ হিন্দুসকলক ধৰ্ম সলনি কৰাবলৈ উঠি পৰি লাগিছে বুলি
বিভিন্ন তথ্যই সোঁৱৰাই আহিছে।স্ব ইচ্ছাই কোনো ধৰ্ম গ্ৰহণ ব্যক্তিৰ স্বকীয় সিদ্ধান্ত।কিন্তু ব্যক্তিবিশেষৰ মগজু নিষ্কাষণ অথবা প্ৰলোভন-ভাবুকিৰে স্ব ধৰ্ম সলনি কৰিবলৈ বাধ্য কৰাটো নিকৃষ্ট প্ৰয়াস।শেহতীয়া তথ্য মতে পৃথিৱী বিখ্যাত সত্ৰ নগৰী নদী দ্বীপ মাজুলীত বৰ্তমান ৩৫ খন সত্ৰ আৰু ৬৪ টা গীৰ্জা, ১০,০০০ মানুহে গ্ৰহণ কৰিছে খৃষ্ট ধৰ্ম।ভিন্ন তথ্যত প্ৰকাশ।অতি সংগোপনে সত্ৰনগৰী বৰপেটাত চলিছে
ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়া। আৰ্থিক আৰু সামাজিকভাৱে পিছপৰা কিছু লোকক লক্ষ্য কৰি লৈছে এক চক্ৰই।তেওঁলোকৰ আৰ্থিক দুৰৱস্থাৰ সুযোগ গ্ৰহণ কৰি খ্ৰীষ্টান ধৰ্মত দীক্ষিত কৰাৰ খবৰ প্ৰচাৰ হোৱাৰ পাছত বৰপেটাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা বুলি ভিন্ন সূত্ৰত প্ৰকাশ।প্ৰায় ৪০টা পৰিয়ালে মহাপুৰুষীয়া পন্থা পৰিহাৰ কৰি খ্ৰীষ্টান ধৰ্মত দীক্ষিত হোৱা বুলি জানিব পৰা গৈছে। অজনজাতি আৰু খিলঞ্জীয়া এই পৰিয়াল কেইটাই আৰ্থিক দুৰৱস্থাৰ বাবে তেওঁলোকক সহায়ৰ নামত সন্তপৰ্ণে এইদৰে ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়া চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।কৌশলপূৰ্ণভাৱে প্ৰলোভন দি মহাপুৰুষীয়া পন্থাত
বিশ্বাসী লোকসকলক খ্ৰীষ্টান ধৰ্মত দীক্ষিত কৰা এই কাৰ্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মাই।১৮৩৭ চনৰপৰা ব্ৰিটিছ
চৰকাৰে মিছনেৰীসকলক ভাৰত ভূখণ্ডত ধৰ্মীয় কাম-কাজ চলাই যোৱাৰ অনুমতি দিছিল। ফলত বহু লোকক খ্ৰীষ্টানলৈ ধৰ্মান্তৰিত কৰাত মিছনেৰীসকল সক্ষম হৈছিল। মিছনেৰীসকলৰ ধৰ্মান্তৰকৰণৰ প্ৰক্ৰিয়াই এনে এক পৰ্যায়ত উপনীত হৈছিল যে ভাৰত ভূখণ্ডৰ বহু অঞ্চলত হিন্দু, জৈন আদি ধৰ্মাৱলম্বী লোকৰ সংখ্যা লক্ষ্যণীয়ভাৱে হ্ৰাস পাইছিল। ফলত ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে ভাৰতৰ বিভিন্ন অঞ্চলত জাগৰণৰ সৃষ্টি হৈছিল। এই জাগৰণেই এটা
সময়ত ঠায়ে ঠায়ে সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰূপ পৰিগ্ৰহণ কৰিছিল।খ্ৰীষ্টান মিছনেৰীসকলৰ ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়াই বিভিন্ন ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছত স্বাধীনোত্তৰ ভাৰতত ধৰ্মান্তৰকৰণ ৰোধ কৰাৰ বাবে ৰাজ্যসমূহে বিশেষ আইন প্ৰণয়ন কৰিবলৈ বাধ্য হৈছিল। এই ক্ষেত্ৰত উৰিষ্যাই প্ৰথম পথ-প্ৰদৰ্শকৰ ভূমিকা
গ্ৰহণ কৰিছিল। উৰিষ্যাই প্ৰথমবাৰৰ বাবে ধৰ্মান্তৰকৰণ ৰোধ কৰিবলৈ ‍‘উৰিষ্যা ফ্ৰীডম অৱ ৰিলিজিঅ’ন এক্ট ১৯৬৭’ গ্ৰহণ কৰিছিল। মধ্যপ্ৰদেশ চৰকাৰে ১৯৬৮-ত আৰু অৰুণাচল প্ৰদেশে ১৯৭৮-ত ধৰ্মান্তৰকৰণ বিৰোধী আইন গ্ৰহণ কৰিছিল। একেদৰে ২০০০ চনত ছত্তিশগড়ে
আৰু ২০০৩ চনত গুজৰাটে ধৰ্মান্তৰকৰণ বিৰোধী আইন গ্ৰহণ কৰিছিল।২০০৬ চনৰ আগষ্ট মাহত ছত্তিশগড় চৰকাৰে ধৰ্মান্তৰকৰণ বিৰোধী আইনখন অধিক কঠোৰ কৰি এনে ব্যৱস্থা ৰাখিছিল যে যদি কাৰোবাক ধৰ্মান্তৰকৰণ কৰিবলগীয়া হয় তেন্তে সেই বিষয়ত ৩০ দিনৰ ভিতৰত জিলা ন্যায়িক দণ্ডাধীশৰপৰা অনুমতি ল’ব লাগিব। ২০০৭ চনৰ ফেব্ৰুৱাৰী মাহত হিমাচল প্ৰদেশে ধৰ্মান্তৰকৰণ আইন প্ৰণয়ন কৰিছিল। হিমাচল প্ৰদেশেই হ’ল দেশৰ প্ৰথমখন যিখন ৰাজ্যই প্ৰথমবাৰৰ বাবে ধৰ্মান্তৰকৰণ বিৰোধী আইন গ্ৰহণ কৰিছিল। ৰাজস্থানে ২০০৮ চনত ধৰ্মান্তৰকৰণ বিৰোধী আইন গ্ৰহণ কৰি ৰাজ্যখনত সাম্প্ৰদায়িক সম্প্ৰীতি বৰ্তাই ৰখাৰ চেষ্টা চলাইছিল। যিকোনো ধৰণৰ ধৰ্মান্তৰকৰণ ৰোধৰ বাবে কৰ্ণাটকৰ বিজেপি চৰকাৰে এখন অধ্যাদেশ জাৰি কৰিছে। ইয়াৰ লগতে কৰ্ণাটকৰ কেবিনেটে ধর্মান্তৰকৰণ প্ৰতিৰোধ আইন এখনতো অনুমোদন
জনাইছে। ৰাজ্যখনৰ গৃহ মন্ত্ৰী আৰাগা জ্ঞানেন্দ্ৰই এই বিষয়ে সদৰী কৰি কয় যে বিধেয়কখন সদনত গৃহীত হ’লেই অধ্যাদেশখন কাৰ্যকৰী হ’ব।ইমানৰ পিছতো অৱশ্যে ভিতৰি
ভিতৰি এতিয়াও দেশৰ বিভিন্ন ৰাজ্যত ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়া চলিয়েই আছে। অসমৰ সত্ৰনগৰী মাজুলীত খ্ৰীষ্টান ধৰ্মান্তৰকৰণৰ জোৱাৰ উঠি থকাৰ সময়তে দেশৰ বিভিন্ন
প্ৰান্তত ‍‘লাভ জিহাদ’ৰ জৰিয়তে হিন্দু যুৱতীক মুছলমানলৈ ধৰ্মান্তৰিত কৰাৰ চেষ্টা এতিয়াও অব্যাহত আছে।মধ্য অসমত সহজ-সৰল জনগোষ্ঠীয় লোকক ধৰ্মান্তৰিত কৰাৰ বাবে এখন বৃহৎ জাল পেলোৱা বুলি দীৰ্ঘ দিনৰ পৰা অভিযোগ উত্থাপন হৈ আহিছে৷ বিশেষকৈ মৰিগাঁও জিলাৰ জনগোষ্ঠীয় অধ্যুষিত অঞ্চলত এটি চক্ৰই দৰিদ্ৰতাৰ সুযোগ গ্ৰহণ কৰি হিন্দু ধৰ্ম পৰা একাংশ লোকক ধৰ্মান্তৰিত কৰাৰ প্ৰচেষ্টা কৰি অহা বুলি অভিযোগ উত্থাপন হয়৷ মৰিগাঁও জিলাৰ সিধাবাৰী অঞ্চলত ধৰ্মান্তৰকৰণক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছে। তথ্য মতে, মৰিগাঁও জিলাৰ সিধাবাৰীৰ তিৱা জনজাতি অধ্যুষিত অঞ্চলটোৰ এটা পৰিয়ালে প্ৰায় এক দশক পূৰ্বে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ
কৰিছিল। ইয়াৰ পিছত এটি বিশেষ সংস্থাৰ ছত্ৰছায়াত আন কেইবাটাও পৰিয়ালে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে। অঞ্চলটোত এনেদৰে ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়া অব্যাহত থকাৰ বিপৰীতে
একাংশ স্থানীয় লোক ইয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰে। এইসকল লোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা লোকসকলক পুনৰ হিন্দু ধৰ্মলৈ উভতি আহিবলৈ হেঁচা প্ৰয়োগ কৰা বুলি অভিযোগ
উত্থাপন হয়। ক্ৰমান্বয়ে অঞ্চলটোত খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে। সিধাবাৰীত নতুনকৈ কেইবাটাও পৰিয়ালে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে বুলি
জানিব পৰা যায়৷ শেহতীয়াকৈ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা লোকসকলে এজন লোকৰ ঘৰত এক পৰ্ব অনুষ্ঠিত কৰে।এই পৰ্বত অঞ্চলটোৰ বাহিৰৰ কেইবাজনো লোকে উপস্থিত থাকে বুলি জনা গৈছে। ধৰ্মীয় পৰ্বৰ দ্বাৰা গীৰ্জাৰ নিৰ্মাণৰ শুভৰাম্ভ কৰা বুলি খবৰ বিয়পি পৰাত বহুসংখ্যক
স্থানীয় মহিলাই ওলাই আহি উক্ত অঞ্চলত গীৰ্জা নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব বুলিnস্পষ্ট কৰি দিয়ে।জিলাখনৰ বিভিন্ন প্ৰান্তত বিশেষকৈ জনজাতি অধ্যুষিত বহুকেইটা
অঞ্চলত বিগত কেইবাবছৰৰ পৰা ব্যাপক হাৰত ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়া চলি আহিছে বুলি অভিযোগ উত্থাপন হৈ আহিছে।এনে প্ৰেক্ষাপটত অসম-মণিপুৰ আদি ৰাজ্যতো ধৰ্মান্তৰকৰণ বিৰোধী আইন প্ৰণয়নৰ যি দাবী উত্থাপন হৈছে তাৰ প্ৰাসংগিকতা নুই কৰিব নোৱাৰি।আৰ এছ
এছ প্ৰধান মোহন ভাগৱতে বৃন্দাবনত আয়োজিত এটি অনুষ্ঠানত যথেষ্ট আক্ষপেৰে কোৱা মনত পৰে-“সমগ্ৰ দেশত হিন্দু ধৰ্ম আৰু সংস্কৃতিক বদনাম কৰাৰ বাবে গভীৰ ষড়যন্ত্ৰ চলাই থকা হৈছে। কৰবাত গণপ্ৰহাৰ বা ম’ব লিন্সিঙৰ নামত আৰু কৰবাত গৰুক কেন্দ্ৰ কৰি সংঘটিত হিংসাৰ নামত ৰাজনীতি কৰি সমাজত ঘৃণা বিয়পোৱাৰ চেষ্টা চলাই থকা হৈছে। বিশেষ পৰিকল্পনাৰে একাংশ ৰাজ্যত ধৰ্মান্তৰকৰণ কৰি থকা হৈছে। পুনৰ কৈছো সমস্যাৰ গুৰি ধৰ্মৰ আৰত কু অভিসন্ধিৰ।গতিকে ধৰ্মীয় সংঘাত দূৰ কৰিব হ’লে
বা স্ব সুৰক্ষা স্থায়ী কৰিবলৈ হ’লে অনৈতিক আগ্ৰাসী শক্তি আৰু তেনে মানসিকতা ধাৰীক বাধা দিব লাগিব যি হয়তো সংখ্যাত তেনেই তাকৰ অথচ যাৰ বাবে উক্ত ধৰ্মীয় সমগ্র সেই ধৰ্মীয় জনগোট হয়তো সন্দেহৰ আৱৰ্তত সোমাই পৰে।এনে প্ৰেক্ষাপটত তীক্ষ্ণ দৃষ্টিৰে প্ৰেক্ষাপট অধ্যয়ন আৰু ভাৰসাম্য সক্ৰিয়তাৰ প্ৰয়োজন।

🖋প্ৰিয়ংকু নাৰায়ণ বৰুৱা,৮৬৩৮৫৫৪৬৫৩