বামপন্থী আৰু তৃণমূল কংগ্ৰেছে ধ্বংস কৰিলে পশ্চিমবংগ

588
  • ভাস্কৰ দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


কবলত ধ্বংস হৈছে, আমাৰ অসমতো সেই বামপন্থী আৰু তৃণমূল কংগ্ৰেছে নতুনকৈ খোপনি মেলাৰ চেষ্টা কৰিছে আৰু তাত  সমৰ্থন কৰিছে আমাৰেই কিছু সংখ্যক ৰাজনীতিৰে স্বাৰ্থ পূৰণ কৰিব খোজা ব্যক্তিয়ে । তেওঁলোকক  অসমৰ ৰাইজে চিনি লওক আৰু বৰ্জন কৰক ।কিয় কৈছোঁ তলৰ প্ৰতিবেদন পঢ়ক –
১৯৬৩ চনত পশ্চিম বংগৰ মুখ্য মন্ত্ৰী বিধান চন্দ্ৰ ৰয়ৰ  মৃত্যুৰ  হয়। তেওঁৰ মৃত্যুৰ পাছতেই পশ্চিম বংগৰ বিকাশ স্থবিৰ হৈ আজি এনে অৱস্থা পাইছে গৈ  ICU ত ৰাখিব লগীয়া হৈছে।আজি এনে পৰিস্থিতি হৈছে, মূল ভূখণ্ড ভাৰতৰ এখন ৰাজ্য নোহোৱা হেঁতেন  শ্ৰীলংকাত কৈ বেয়া অৱস্থা হ’ল হয়। যি কি নহওঁক বিধান চন্দ্ৰ ৰয়ে বিকাশৰ গাঁথনি ঠিকেই গঢ়ি গৈছিল।যেনে দুৰ্গাপুৰ ষ্টিল উদ্যোগ,চিত্তৰঞ্জন লকমতিভ ,
কল্যাণীত দেশৰ প্ৰথম চেটেলাইট চহৰ, দীঘাঁত পৰ্য্যতকৰ বাবে পঞ্চ তাৰকা হোটেল /নিবাস,ডাঙৰ ডাঙৰ কল- কাৰখানা, অভিযান্ত্ৰিক প্ৰতিষ্ঠান ,স্বাস্থ্য খণ্ডৰ বৃহৎ অনুষ্ঠান আৰু নানান বহু শিক্ষা প্ৰতিষ্ঠান  ইত্যাদি । সেই সময়ত কলিকতা আৰু যাদৱপুৰ বিশ্ববিদ্যালয় ভাৰতৰ ভিতৰত নাম থকা শিক্ষা প্ৰতিষ্ঠান আছিল।পশ্চিম বংগত কি নাছিল ?  আই‌আই‌এম ,আই আই টি, ইণ্ডিয়ান‌ ষ্টেটিচটিকেল ইন্সটিটিউট,অপাৰেচন‌ ৰিচাৰ্চ স্কুল ,বেঙ্গল‌ ইঞ্জিনিয়েৰিঙ কলেজ, প্ৰেচিডেঞ্চি কলেজ,স্কটিছ চাৰ্চ ইত্যাদি ।জেকে,বিৰলা, বংগুৰ, থাপাৰ, টাটা আদিৰ দৰে কোম্পানী বোৰৰ মুখ্য কাৰ্যালয় আছিল ,পশ্চিম বংগ সেই সময়ত । টাটাই নিজৰ “টাটা চেণ্টাৰ “প্ৰতিষ্ঠা কৰিছিল যাতে সুকলমে  বংগৰ পৰাই ব্যৱসায় চলাবলৈ সুবিধা হয়। যামচেদপূৰৰ টাটাৰ কাৰখানা, বংগত থকা কাৰ্য্যালয়ৰ পৰা পৰিচালনা কৰিবলৈ সুবিধাও হয়।বিদেশৰ বহু কেইটা‌ প্ৰতিষ্ঠানৰ হেড কোৱাৰ্টাৰ আছিল কলিকতা। আজিও ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ ক্লাৱ ঘৰ কলিকতাত আছে। কলিকতাত সেয়েহে আছিল বহু সংখ্যক আন্তঃৰাষ্ট্ৰীয়  বিমানৰ অহা যোৱা।মুম্বাইৰ পৰা এডেন  , মাচকট্ ,পূৱ‌আফ্ৰিকা ৰ দেশ বিলাকৰ লগত হে বিমান সেৱা উপলব্দ্ধ আছিল।১৯৬৮ চনৰ ফেব্ৰুৱাৰী মাহৰ এটা দিনত  কলিকতাত অনুষ্ঠিত হৈছিল  “অশোক কুমাৰ নাইট” ।সেই অনুষ্ঠানত উপস্থিত থকা বহু সংখ্যক মহিলাক টানি আনি ধৰ্ষণ কৰা হৈছিল ।সেই মহিলা সকলৰ নাঙঠ মৃতদেহ পিছৰ দুদিন ওচৰতে থকা এটা ডাঙৰ পুখুৰীত উদ্ধাৰ হ’ল ।সেই সময়ৰ বামপন্থী নেতা জ্যোতি বসুৰ মতে সেয়া আছিল  “the rise of the proletariat against the bourgeoisie” ‘ বুৰ্জোৱা শ্ৰেণীৰ বিৰুদ্ধে সৰ্বহাৰাৰ উত্থান ‘।
ইয়াৰ পিছৰ কাহানি আৰু ভয়াবহ ।কলিকতাৰ পৰা মানুহ বিলাকে বাহিৰলৈ ওলাই গৈ বেলেগ ৰাজ্যত থাকিব ললে।নিজৰ ব্যবসায়িক প্ৰতিষ্ঠান কলিকতাৰ পৰা বেলেগ ৰাজ্যলৈ লৈ গ’ল । তাৰেই মাজত এদিন আদিত্য বিৰলাক  নিজৰ গাড়ীৰে গৈ থাকোতে‌ , ৰাইটাৰচ  ভবনৰ সন্মুখত নিজৰ গাড়ীৰ পৰা টানি ,কাপোৰ ফালি, অন্তৰ্বাস সৈতে তেওঁৰ অফিচ- ১৫ ইণ্ডিয়া এক্সেঞ্জ প্লেচলৈকে খোজ কাঢ়িবলৈ বাধ্য কৰালে। এসোপামান‌ অসভ্য  বৰ্বৰ মানুহে লগত হাঁহি , অপমান,
ইটিকিং ,ঠাট্টা কৰি গ’ল গোটেই ৰাস্তাটো, । ইয়াৰ পিছত লাজে অপমানে আদিত্য বিৰলাই  কলিকতাৰ পৰা মুম্বাই লৈ ফ্লাইট লৈ গুচি গ’ল, কেতিয়াও কলিকতালৈ আৰু ঘূৰি  নহাৰ শপত খাই। তেওঁ লগতে নিজৰ সকলো‌ সম্পতি, অফিচ, প্ৰতিষ্ঠান মুম্বাইলৈ লৈ যায়।আজি বিৰলা দেশৰ ভিতৰতে নাম থকা উদ্যোগ প্ৰতিষ্ঠান ।সেয়া জেকে , থাপাৰ,আৰু বহু ব্যৱসায়ী প্ৰতিষ্ঠানে কৰিলে … পিছৰ এমাহৰ ভিতৰতে।  টাটা কোম্পানীৰ নেনো গাড়ীৰ‌ কাৰখানা স্থাপন‌ কৰিব খোজোতে  মমতাই কৰা‌ নাটক খন মনত আছে নিশ্চয় । ইয়াৰ ফলত পশ্চিম বংগৰ পৰা বহু টকা বাহিৰলৈ ওলাই যায় ।লগতে বৃদ্ধি পাই নিবনুৱাৰ সমস্যা ।
আজিৰ তাৰিখত কোনো উদ্যোগিক প্ৰতিষ্ঠানে বেংগলত ফেক্টৰী বহাবলৈ ইচ্ছুক নহয়। এয়াই বামপন্থী বিলাকৰ সপোন আছিল । হইটো আৰু আজিৰ তাৰিখত মমতাৰ   তৃণমূল কংগ্ৰেছৰো একেই । বামপন্থী সকলে ৰাজনৈতিক শক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল অশোক কুমাৰ নাইটৰ সেই অভিশপ্ত নিশাটোৰ পৰা আৰু তাৰ পিছত ১৯৭০ চনত সেইনবাৰী গণহত্যা ১৯৭৯ চনত মৰিচাপি, ১৯৮২ চনৰ বিজন সেতু গণহত্যা,১৯৯০ চনৰ বানতলা গণ ধৰ্ষণ,২০০০ চনৰ নানোৰ গণহত্যা, ২০০৭ চনৰ নন্দীগ্ৰামৰ‌ গণহত্যা আৰু সমসাময়ীক সময়ত পশ্চিম বংগত  নিৰ্বাচন কেন্দ্ৰিক গণহত্যা  নিৰ্বিচাৰে কৰি থাকিল‌। ‌বৰ্তমান বেংগলত ৱৰ্ক কালচাৰ সম্পূৰ্ণ  ধ্বংস হৈছে আৰু  বহু অফিচ ,উদ্যোগিক প্ৰতিষ্ঠান বন্ধ হৈ পৰিছে ।ইউনিয়ন বাজী ,কাট মানী ,চিণ্ডিকেত ,পাৰাৰ শিক্ষক,চিভিক ভলেণ্টিয়েৰ আৰু লাখ লাখ বাংলাদেশীৰ‌ সমস্যাত‌ ৰাজ্য খন‌ জৰ্জৰিত। পঢ়া শুনা কৰা শিক্ষিত চামে চাকৰীৰ সন্ধানত  বেলেগ ৰাজ্যলৈ /দেশলৈ গুচি যাবলৈ বাধ্য।পশ্চিম বংগৰ বহু শিক্ষিত ডক্তৰ , ইঞ্জিননিয়ৰ আজি‌ আমেৰিকা ,ফ্ৰান্স ,ইউ কে আৰু বিভিন্ন দেশত প্ৰতিষ্ঠা লাভ কৰিব সমৰ্থ হৈছে। It was a ‘Mass Exodus’ of brains.
পশ্চিম বংগৰ মানুহে আজি নিৰূপায়ী হৈ‌ নিজৰ মৰমৰ ৰাজ্য খন বিগত পাঁচ দশক ধৰি অধপতনে  যোৱা দেখি চকু পানী  টুকি‌ আহিছে আৰু দুৰ্ভাগ্য এইয়াই যে আৰু পাঁচ দশক ধৰি ভুগিব লাগিব। হয়তো এখন মুছলিম ৰাজ্য হ’ব পাৰে পশ্চিম বংগই অতি সোনকালে । আজিৰ সম‌য়ত পশ্চিম বংগত ভিক্ষাৰীৰ সংখ্যা ৮৯ গৰাকী /প্ৰতি লাখ মানুহৰ ভিতৰত। আৰু ইয়াৰ পিছত কি বাকী থাকিল এখন ৰাজ্য ধ্বংস হবলৈ। বৰ্তমানৰ  প্রজন্মই‌ এই কথা বিলাক নাজানে । এই বিলাক কথা যাতে জানিবলৈ নোৱাৰে তাৰ ব্যৱস্থা দেশদ্ৰোহী বিলাকে কৰি থৈছে যাতে  ‌নিজৰ অভিসন্ধি পূৰ্ণ কৰিব পাৰে।
এতিয়া‍ আহো অখিল গগৈ  ৰ নিচিনা ভাইৰাছ বিলাকৰ কথালৈ।‍ এওঁ লোকৰো গোপন এজেণ্ডা আছে।এওঁলোকৰ হাতত আমি নিজৰ আইৰ অপমান হব দিব নোৱাৰোঁ ।নোৱাৰোঁ ভবিষ্যতৰ প্ৰজন্মৰ সৰ্বাংগীন উন্নতিৰ বাধা স্বৰূপ এই  মানুহ বিলাকৰ বিচাৰ অসমৰ সমাজে ৰাজনীতিৰ উৰ্ধত কৰাৰ সময় সমাগত ।