উদয়পুৰত ধৰ্মীয় উন্মাদনাৰ বৰ্বৰ ৰূপ

600
  • ৰাজেন কলিতা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


স্কুলত পঢ়ি থাকোতে আমাৰ পাঠ্যপুথিত পয়গম্বৰ হজৰত মহম্মদৰ এটা গল্প পঢ়িছিলো। মিঠাই ভালপোৱা লৰা এজনক মিঠাই এৰিবলৈ কোৱাৰ আগতে পয়গম্বৰে কিয় নিজে মিঠাই খোৱা বাদ দিছিল। স্কুলত পতা ফাতেহা ই দোৱাজ দাহামত আমি জানিছিলো কেনেকৈ আৰবত সেই সময়ত মানুহক অন্যায় অবিচাৰৰ পৰা ৰক্ষা কৰিবলৈ তেখেতে ইছলাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। ইছলাম মানেই মানবতা আৰু ভাতৃত্ববোধ। ঈদৰ সময়ত আমি দেখো কিদৰে মুছলমান ভাইসকলে ৰোজা ৰাখে আৰু দুখীয়াক সহায় কৰে। মুছলমান বন্ধুসকলৰ ঘৰত আমি আজিও ঈদ খাবলৈ যাও। তেওঁলোকে যিধৰণে আপ্যায়ন কৰে সচাকৈ মন অভিভূত হৈ যায়। এনে এটা সুন্দৰ পৰম্পৰাত চলা লোকসকলৰ কিছুমানে কিহৰ বাবে ৰক্তপিপাষু হৈ পৰে? উদয়পুৰত এজন হিন্দু দৰ্জীক হালাল কৰা হ’ল। তেওঁৰ দোষ আছিল নুপূৰ শৰ্মাক সমৰ্থন কৰা। হত্যা কৰি থকাৰ সময়ত কৰা বৰ্বৰ ভিডিঅ’টো চালে গাৰ নোম শিয়ৰি যায়। পিছত দুইজন দানবে গৌৰৱেৰে এই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰি ভিডিঅ আপলোড কৰে। কিছুমান মুছলমান নেতাই প্ৰশ্ন কৰিছে_ হিন্দুসকলে মুছলমানক হত্যা কৰা নাছিল নেকি? একলাকক কোনে হত্যা কৰিছিল? গুজৰাট, নেলী ইত্যাদি ইত্যাদি। উত্তৰত ক’ব খোজো যে হিন্দু-মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ স্বাধীনতাৰ আগৰে পৰা হৈ আছে। দেশবিভাজনৰ সময়ত আক্ৰোশিত মুছলমানে হিন্দু-শীখ আৰু হিন্দু-শিখে মুছলমানক আক্ৰমণ কৰিছিল। ৰাম মন্দিৰ, মুম্বাই বিস্ফোৰণ আদিৰ সময়তো সংঘৰ্ষ হৈছিল। আনকি ইন্দিৰা গান্ধী হত্যাৰ সময়তো শিখৰ ওপৰত আক্ৰমণ কৰা হৈছিল। এই সকলোবোৰ গৰ্হিত কাম। তথাপিও ক’ব পাৰি যে কোনো বিশেষ পৰিস্থিতিত এনেবোৰ সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল। ন্যায়ালয়ত বহুতো বিচাৰ প্ৰক্ৰিয়া আজিও চলি আছে। কিন্ত ২৮ জুনৰ নিচিনা বৰ্বৰ আক্ৰমণ আমি আগতে দেখা নাছিলো যত হত্যাকাৰীয়ে গৌৰৱেৰে এই হত্যাকাণ্ডৰ দায়িত্ব লৈ ইয়াক ধৰ্মযুদ্ধৰ নাম দিছে এইখন ভাৰতবৰ্ষত। চুৰীখন হাতত লৈ প্ৰধানমন্ত্রীক ধমকি দিছে। এনেকুৱা ভিডিঅ অবশ্যে ‍আই.এছ.আই.এছত খুব সুলভ।  এইবোৰ দানবৰ সৃষ্টিৰ নেপথ্যত আছে কিছুমান ধৰ্মৰ বেপাৰী। নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে সাধাৰণ মুছলমান জনতাক ভুলকৈ কোৰাণৰ ব্যাখ্যা দি মতিভ্ৰম কৰিছে। নিজে লাহ বিলাসৰ জীৱন জাপন কৰি দুখীয়া ঘৰৰ লৰাবিলাকক জেহাদ কৰিবলৈ এৰি দিছে। এইসকলে শিকাইছে যে বাকী ধৰ্মৰ মানুহ কাফেৰ। এইসকলেই বিভিন্ন মাদ্ৰাছা আদিত ‍আহি শিশু অবস্থাৰ পৰাই ধৰ্মৰ ভুল পাঠ পঢ়ায়। নিজৰ মুছলমান বন্ধু এজনৰ পৰাই জানিব পাৰিছো যে দিল্লীৰ পৰা অহা জোনাব এজনে তেওঁলোকক অধিক সন্তান জন্ম দিবলৈ নিৰ্দেশ দিয়ে। চৰকাৰে মাদ্ৰাছা বন্ধ কৰি দি সঠিক সিদ্ধান্ত লৈছে। এইবাৰ ব্যক্তিগত মাদ্ৰাছাৰ ওপৰতো একেই সিদ্ধান্ত ল’ব লাগে। সচেতন মুছলমান সমাজো আগবাঢ়ি আহিব লাগে। নিজৰ সমাজত কোনো বেয়া কাম দেখিলেই প্ৰতিবাদ কৰিব লাগে। ৰাইজক সচেতন কৰিব লাগে। আশা কৰিছো এটা দিন আহক যেতিয়া সকলো মুছলমান লৰাৰ এখন হাতত কোৰাণ আৰু আনখন হাতত কম্পিউটাৰ থাকক।