বানাক্ৰান্তৰ দুৰ্যোগ আৰু ঠিকাদাৰৰ সুযোগ

518
  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


বানপানী আহে আৰু যায়। চহৰ , নগৰ , গাঁৱ সকলোতে বানপানীৰ প্ৰভাব পৰিছে । কৰবাৰ কৃত্ৰিম বানপানী আৰু কৰবাত নদীৰ বানপানী ।দুমহলীয়াত থাকি বিদ্যুত নথকাটো একাংশৰ সমস্যা ; আনহাতে কাৰোবাৰ কাৰণে ঘৰখন বানে উটুৱাই নিয়াটো সমস্যা । বহুতে পুৰণি পেলনীয়া কাপোৰ বোৰ বিচাৰি ঘৰখন মুকলি কৰাৰ সুযোগ পায়। বানপানী আহিলে মন্ত্ৰীয়ে হেলিকপ্টাৰ ভ্ৰমণৰ সুবিধা পায় । নেতাৰ লগত থকা পালিনেতাবোৰে এফালে বানসাহাৰ্য্য বিতৰণ কৰে আৰু আনফালে চৰকাৰী ৰিলিফ বিতৰণ কৰে ।পানী শুকাই, মহামাৰী আহে, ভোগে কোনে? বছৰ বছৰ ধৰি একেই কাহিনী। বানপানী প্ৰতিবছৰে হয়। আমাৰ ৰাইজৰ কাৰণে বানপানী নতুন কথা নহয় । যোৱা পঞ্চাশ বছৰত হয়টো এক লাখৰ অধিক অভিযন্তা অসমত জন্ম হ’ল । লাখৰ হিচাপত প্ৰফেচাৰ ওলাল । পিএইচডি ওলাল। প্ৰবন্ধ ,নিবন্ধ বহুত ওলাল । কিন্তু বানপানীৰ ছবি হলে সলনি নহ’ল ।
বন্যাৰ্তই আজি এটুপি পানীৰ বাবে হাহাকাৰ কৰিছে। দুটা বটল ৰিলিফৰ নামত দিয়া হল আজি, কাইলৈ কোনে দিব? ঘৰ,ভেটি সকলো প্ৰতিবছৰে উচন হৈ থাকিব ;চৰকাৰ আহিব যাব, সদায় একেই নাট চলি থাকিব। অসমীয়া মধ্যবিত্তই পুৰণি কাপোৰ বিলোৱাতেই মানসিক সন্তুষ্টি লভি থাকিব। অভিযান্ত্ৰিক কলেজবোৰত উন্নতমানৰ গৱেষণাৰ বাবে অসমীয়া ছাত্ৰ ছাত্ৰীক সুযোগ দিয়ক।
বানপানী সম্ভাৱনা অঞ্চলবোৰত বাৰিষাৰ আগতে খাদ্য বস্তু মজুত ৰাখক , প্ৰতিখন এনেকুৱা গাঁৱত ওখ ঠাই বনাওক । এনেকুৱা কৰিলে ঠিকাদৰৰ হয়টো লাভ কম হব , তথাপি ৰাইজৰ দুৰ্যোগ কিছু কমিব ।