দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিলে কিয়?

712

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ 


জুলাই মাহত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী হ’ল ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মু। প্ৰতিদ্বন্দ্বীতাত আছে বিজেপিৰে প্ৰাক্তন মন্ত্রী আৰু এতিয়া বিৰোধীৰ প্ৰাৰ্থী যশবন্ত সিনহা। দ্ৰৌপদী মুৰ্মুৰ নাম ঘোষণা হোৱাৰ লগে লগে তেখেতৰ বিষয়ে জানিবলৈ মানুহে গুগলত ভিৰ কৰিছে। উৰিষ্যাত জন্ম লাভ কৰা শ্ৰীমতী মুৰ্মুৱে বিএছএছি পাছ কৰি চৰকাৰী চাকৰি কৰিছিল। পিছত বিজেপিত যোগদান কৰি বিধায়িকা তথা নবীন পাটনায়ক চৰকাৰত মন্ত্রীত্ব লাভ কৰে। ২০০৯ত বিজেডিৰ লগত বিজেপিৰ বিশ্চেদ ঘটে যদিও মুৰ্মু নিজৰ আসনত জয়ী হৈ পুণৰ বিধায়িকা হয়। বিজেপিয়ে বহু বছৰৰ পৰা মুৰ্মুক ডাঙৰ পদ দিয়াৰ বাবে প্ৰস্তুতি চলাই আছিল। এজন আদিবাসী মহিলাক ৰাষ্ট্ৰপতিৰ দৰে সৰ্বোচ্ছ সাংবিধানিক পদ দিলে আদিবাসী সকলৰ মাজত এটা শুভ বাৰ্তা যাব বুলিয়ে বিজেপিয়ে মুৰ্মুক নিৰ্বাচিত কৰিলে। ঝাৰখণ্ড, পশ্চিমবংগ,উৰিষ্যা, গুজৰাট, মধ্যপ্ৰদেশ, চত্তিছগড় আৰু অসমত বুজনসংখ্যক আদিবাসী বাস কৰে। ইয়াৰ বাহিৰে দ্ৰৌপদী মুৰ্মুক নিৰ্বাচন কৰাৰ আন কাৰণটো হ’ল নবীন পাটনায়কৰ সমৰ্থন। ৰাষ্ট্ৰপতি প্ৰাৰ্থীজনক জয়ী কৰি নিবৰ বাবে প্ৰয়োজনীয় ভোটতকৈ কিছু কম ভোট আছে এন.দি.এৰ। সেয়েহে দলটোক প্ৰয়োজন বিজেদি, এআইদিএমকে বা ৱাই.এছ.আৰ কংগ্ৰেছৰ সমৰ্থন। উৰিষ্যাৰ হোৱাৰ বাবে মুৰ্মুক নবীন প‍াটনায়কে খুব কম সময়ৰ ভিতৰত নিজৰ সমৰ্থন ঘোষণা‍ কৰিলে। ৰাষ্ট্ৰপতিৰ হ’বলগীয়া নিৰ্বাচন কেৱল মাত্র এটা আনুষ্ঠানিকতা। প্ৰথম বাৰৰ বাবে এগৰাকী আদিবাসীয়ে ৰাষ্ট্ৰপতিৰ আসনত বহাটো নিশ্চিত হৈ পৰিছে।