- দেবজিত দত্ত
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
মন্ত্রীসভাৰ সম্প্ৰসাৰণৰ আগত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী ৰাজেন গোহাঁইৰ পুৰণি কৰ্মীৰ প্ৰতি চিন্তা মন কৰিবলগীয়া। উদ্দেশ্য এটাই, পুৰণি বিজেপি লবীৰ মুৰব্বী হিচাপে নিজকে প্ৰতিষ্ঠা কৰা। কিন্তু বহুতে হয়তো আজিও পাহৰা নাই ২০১৯ চনত গোহাঁইৰ টিকট কিয় কটা হৈছিল? অদিঅ’ টেপত তেওঁ কি কৈছিল বা কি কোৱা বুলি অভিযোগ ওলাইছিল সেয়া সামাজিক মাধ্যমত বিচাৰিলে এতিয়াও পোৱা যাব। সচৰাচৰ সংবাদ মাধ্যমত খবৰ ওলায় যে নতুন বিজেপিয়ে পুৰণি বিজেপিক গ্ৰাস কৰিলে। এইবোৰ শুনি আমাৰ মনত অকনো বেজাৰ নালাগে। লাগিলেহেতেন যদি পুৰণি বিজেপি কৰ্মীসকল দুৰ্নীতি মুক্ত, কৰ্মপটু তথা সৎ চৰিত্রৰ হ’ল হেতেন। মই নিজে এজন পুৰণি বিজেপিৰ সমৰ্থক। গুৱাহাটীৰ পৰা হিৰণ্য ভট্টাচাৰ্য্য বা কোকৰাঝাৰৰ পৰা চৰণ নাৰ্জাৰীক টিকট দিয়াৰ দিনটো মই বিজেপি জয়ৰ কামনা কৰিছিলো। বাৰে বাৰে বিজেপি পৰাজিত হৈছিল কিন্ত ভোট সদায় বিজেপিকে দিছিলো। ভাবিছিলো বিজেপিৰ নেতাসকল দীনদয়াল, শ্যামাপ্ৰসাদৰ আদৰ্শেৰে অনুপ্ৰাণিত। এওঁলোক ক্ষমতালৈ আহিলে নিজে নাখাই দুখীয়াৰ কাৰণে চিন্তা কৰিব। ২০১৬ৰ আগে আগে বিজেপিলৈ বহু নেতাৰ আগমন হ’ল কংগ্ৰেছৰ পৰা। বিশেষ পৰিস্থিতিত তেওঁলোকে বিজেপিত যোগদান কৰি দলক ২০২৬ত ক্ষমতা পোৱাৰ বাবে অবদান যোগালে। ২০১৬ত বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ দিনা চকুপানী ৰখাব নোৱাৰিলো। বিজেপিৰ সক্ৰিয় সদস্য নহলেও যোৱা ২০-২২ বছৰ বাজপেয়ীক নিজৰ আদৰ্শ মানিছো, বিজেপিৰ জয়ৰ বাবে দিনে নিশাই প্ৰাৰ্থনা কৰিছো। কংগ্ৰেছৰ পৰা অহা নেতাসকলৰ বিৰুদ্ধে আমাৰ মনত কোনো আক্ষেপ নাই। কংগ্ৰেছৰ পৰা অহা নেতাসকলে অন্তোদ্যয়ৰ কথা চিন্তা কৰিব বুলি আশাও নাই কাৰণ তেওঁলোক উঠি আহিছে এক বেলেগ ধৰণৰ ৰাজনীতি কৰি। দুৰ্নীতিৰ চেকা কিছুমান লৈ তেওঁলোক বিজেপিলৈ আহিছে আৰু ক্ষমতালৈ অহা স্বাৰ্থত শীৰ্ষ নেতৃত্বই তেওঁলোকক গ্ৰহণ কৰিছে। আমাৰ আশা আছিল পুৰণি বিজেপি কৰ্মীসকলৰ প্ৰতি। আমাৰ আশা আছিল ৰাজেন গোহাঁই, সিদ্ধাৰ্থ ভট্টাচাৰ্য্য , ৰমেন ডেকা, আৰপি শৰ্মা, বিজয়া চক্ৰবৰ্তী, ফণী শৰ্মাৰ ওপৰত। তেওঁলোকৰ প্ৰতিজন বিজেপিত থকা কুৰি বছৰৰো অধিক কাল হৈছে। আমি ভাবিছিলো বিজেপি চৰকাৰ অহাৰ পিছত তেওঁলোকে বিজেপিৰ নীতি আদৰ্শৰে ৰাইজৰ সেৱা কৰিব। তেওঁলোকে মানি চলিব দলৰ আপ্ত বাক্যশাৰী_ ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয়, ব্যক্তি তৃতীয়। কিন্তু প্ৰকৃততে আমি কি দেখিলো? ৰাজেন গোহাঁইৰ বিৰূদ্ধে গুৰুতৰ অভিযোগ। অভিযোগৰ যদি সত্যতা নাথাকিলহেতেন তেতিয়ে দলে নিশ্চয় টিকট দিলেহেতেন। আৰ.পি শৰ্মাৰ মুখা খুলিবলৈ বেছি দিন নালাগিল। দুৰ্নীতিমুক্ত কৰাৰ কথা কোৱা আৰ.পিৰ বিৰূদ্ধে এ.পি.এছ.চিত বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগ। শিক্ষা মন্ত্রীৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব পোৱা সিদ্ধাৰ্থ ভট্টাচাৰ্য্য শোচনীয় ভাবে ব্যৰ্থ হ’ল। মন্ত্রী হোৱাৰ পিছত মানুহজনৰ বিৰূদ্ধে অহংকাৰ তথা দুৰ্নীতিৰ হাজাৰ অভিযোগ। ৰমেন ডেকাৰ বাবেও হেনো এখন ফ্লাই অভাৰ নিৰ্মানত দুই বছৰ বিলম্ব হ’ল। কাৰণ ঠিকা প্ৰতিষ্ঠানৰ লগত মতানৈক্য। ফণী শৰ্মাৰ বিৰূদ্ধে গৰজি উঠিছিল আন এজন পুৰণি কৰ্মী শিলাদিত্য দেৱ। মানুহজনৰ বিৰূদ্ধে চিণ্ডিকেটৰ অভিযোগ। এইসকলৰ বাদেও জিলা পৰ্য্যায়ৰ একোজন নেতাই যোৱা ৭ বছৰ যিমান ধন আহৰণ কৰিছে সেয়া সকলোৰে চকুৰ আগত। শশাংক ডেকাই ইতিমধ্যে সকলো কৈছে। ২০১৬ৰ আগলৈকে বাইকত ঘুৰাচসকলৰ আজি কৌটি টকীয়া অট্টালিকা, ৪০ লাখ টকীয়া গাড়ী। কেইদিনমান আগলৈকেতো এওলোকৰ বহুতে আনকি পি.এছ.ও লৈ নিজৰ ষ্টেটাছ দেখাইছিল। আজি এওঁলোকক দেখিলে অটল বিহাৰী বাজপেয়ী, শ্যামা প্ৰসাদ মুখাৰ্জী আৰু দীনদয়াল উপাদ্ধ্যায়ৰ আত্মাই বিৰাট কষ্ট পাব।