পেনচনৰ টকা বচাবলৈ অগ্নিবীৰ

696
  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


ভাৰতৰ প্ৰতিৰক্ষা মন্ত্রনালয়ে জাৰি কৰা অগ্নিবীৰ যোজনাকলৈ বিহাৰ, হাৰিয়ানা , উত্তৰ প্ৰদেশ আদিত হিংসাত্মক আন্দোলন হ’ল। সেনাত মাত্র ৪ বছৰৰ বাবে যুবকক সুযোগ দিয়াৰ খৱৰ শুনি ক্ষোভত ফাটি পৰিল বহু ৰাজ্যৰ যুৱক। কোৰোনাৰ বাবে দুই বছৰ সেনাত মকৰল বন্ধ আছিল। এতিয়া ভুতৰ ওপৰত দানহ পৰা দি আহিল নতুন অগ্নিবীৰ যোজনা। ১৭.৫ ৰ পৰা ২১ বছৰৰ যুৱকেহে সেনাৰ চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ উপৰিও কেবল ২৫% ইহে স্থায়ী চাকৰি লাভ কৰিব। বাকী সকল ঘুৰি যাব হাতত ১২ লাখ টকা লৈ। যদিও চৰকাৰে প্ৰথম বছৰৰ বাবে বয়সৰ ক্ষেত্রত কিছু শিথিলতা দিছে তথাপিও চাকৰি প্ৰত্যাশী সকল সন্তুষ্ট নহয়। শেহতীয়াকৈ হিংসাত্মক আন্দোলন কিছু শাম কাটিছে যদিও উমি উমি জুই একুৰা জ্বলিয়ে আছে।

অগ্নিবীৰক লৈ বিৰোধ কিয়?

ভাৰতৰ নিচিনা দেশ যত চাকৰি প্ৰত্যাশী বহুত আৰু চাকৰিৰ সুযোগ সিমীত ,তাত সেনাত যোগদান কেবল দেশভক্তি বুলি ভবাতো ভুল। বহুতে ইয়াক নিয়োগৰ সুযোগ বুলি ভাবে। বিশেষকৈ বিহাৰ, উত্তৰ প্ৰদেশ আদি দেশত চৰকাৰী চাকৰি এটা সকলোৱে বিচাৰে। দক্ষিণৰ ৰাজ্যকেইখনত আই.টিৰ প্ৰসাৰে বাবে চাকৰিৰ অসুবিধা নাই। গুজৰাট, মহাৰাষ্ট্ৰ আদি পশ্চিমৰ ৰাজ্যবিলাকত উদ্যোগ আদিৰ প্ৰসাৰৰ বাবে নিবনুৱা সমস্যা কিছু কম। কিন্তু উত্তৰ প্ৰদেশ ,বিহাৰ আদিত যুৱ সমাজৰ শেষ ভৰষা সেনাৰ চাকৰি। যিহেতু ইয়াত নিজৰ যোগ্যতাৰ বলত চাকৰি পোৱা যায় আৰু দুৰ্নীতিৰ অবকাশ নাথাকে সেয়েহে দুখীয়া আৰু নিম্ন মধ্যবৃত্তই সেনাৰ চাকৰি পচন্দ কৰে। এই দুখন ৰাজ্যত সেনাৰ চাকৰিৰ বাবে প্ৰশিক্ষণ দিয়া প্ৰচুৰ কোটছিং চেন্টাৰো আছে। ১৯-২০ বছৰ চাকৰি কৰাৰ পিছত আজীবন পেনছন লাভ কৰিছিল সেনাৰ জোৱানে। মৃত্যুৰ পিছত পৰিয়ালৰ পেনছন, ভাট্টা, সুলভ মুল্যৰ কেন্টিন আদি বহুতো সুবিধা লাভ কৰে সেনাত চাকৰি কৰা সকলে। অগ্নিবীৰ অহাৰ ফলত ৭৫% ই হেৰুৱাব এই সুযোগ। বিফল হৈ ঘুৰি অহা এই ৭৫% যুৱকৰ অবস্থা ওচৰ চুবুৰীয়া, পৰিয়াল আৰু বন্ধু মহলৰ মাজত হৈ পৰিব পুতৌজনক। যদিও পুলিছ, বি.এছ.এফ,প্ৰাইভেট ফাৰ্ম আদিত এওঁলোকক চাকৰি দিব বুলি বিভিন্নজনে কৈছে তথাপিও এটা অনিশ্চিয়তা ৰৈ যাব। সেইটোৱে এওঁলোকৰ ক্ষোভৰ কাৰণ।

চৰকাৰে অগ্নিবীৰ আনিলে কিয়?

বৰ্তমান চৰকাৰৰ প্ৰতিৰক্ষা বাজেটৰ অধিকাংশ ধন ব্যয় হয় সেনাৰ জোৱানৰ দৰমহা আৰু পেনছনত। ফলত চৰকাৰৰ নতুন অস্ত্র কিনিবলৈ ধনৰ অভাব হয়। এই সমস্যা ৰোধ কৰিবলৈ চৰকাৰৰ নতুন ফৰ্মুলা অগ্নিবীৰ। ইয়াৰ সুফল লাভ কৰিবলৈ চৰকাৰক আৰু কমেও ১৫ বছৰমান লাগিব। ১৫ বছৰমান পিছতহে চৰকাৰৰ পেনছনৰ বোজ কিছু কমিব। চৰকাৰৰ এয়া দীৰ্ঘম্যাদী পৰিকল্পনা বুলি ক’ব পাৰি।

সেনাৰ জোৱানৰ পেনছনৰ টকা ৰাহি কৰি নতুন অস্ত্র কিনা কথাটো কিমান সমীচীন তাৰ বিচাৰ ৰাইজলৈ এৰিলো।