বিজেপিত সোণোৱাল ২ নম্বৰ আৰু পিযুষ ৩ নম্বৰ নেতা

725

ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ 


ৰাজনীতি অসমৰ যোৱা মাহৰ অ’পিনিয়ন প’লত আমি প্ৰশ্ন কৰিছিলো_ অসম বিজেপিৰ দুই নম্বৰ নেতা কোন? আমাৰ তালিকাত আছিল চাৰিজন নেতাৰ নাম। অ’পিনিয়ন প’লৰ ফলাফল এনেধৰণৰঃ

সৰ্বানন্দ সোণোৱাল- ৩৩.৩%
পিযুষ হাজৰিকা ২৫%
ফণী শৰ্মা – ২০.৮%
ভবেশ কলিতা – ১২.৫%
অন্য – ৮.৩%

আমাৰ অ’পিনিয়ন প’লৰ পৰা স্পষ্ট হ’ল যে ড° হিমন্ত বিশ্ব শৰ্মাৰ পিছতে অসমৰ সকলোতকৈ গুৰুত্বপূৰ্ণ দুই নম্বৰ নেতাজন হ’ল সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্রীৰ পদ হেৰুৱালেও সোণোৱালৰ গুৰুত্ব উজনি অসমত বহুত বেছি। কেন্দ্ৰীয় মন্ত্রী হোৱাৰ সুবাদতে দিল্লীৰ নেতাসকলৰ লগতো সম্বন্ধ ভাল। সেয়ে ৰাইজৰ মনত সোণোৱাল এতিয়াও অসমৰ ২ নম্বৰ বিজেপি নেতা। ৰাইজে তিনি নম্বৰ স্থানত ৰাখিছে কেবিনেট মন্ত্রী পিযুষ হাজৰিকাক। সোণোৱাল মুখ্যমন্ত্রী থকাৰ সময়ত খুব প্ৰভাবশালী আছিল সাংগঠনিক সম্পাদক ফণী শৰ্মা। কিন্তু হিমন্ত বিশ্ব চৰকাৰ অহাৰ পিছত যেন তেওঁৰ গুৰুত্ব বহুখিনি হ্ৰাস পাইছে। সেয়েহে ফণী শৰ্মাক অৰিক্ৰম কৰি তিনি নম্বৰ স্থান লাভ কৰিছে পিযুষে। অন্তিন স্থানত আছে সভাপতি ভবেশ কলিতা। মুখ্যমন্ত্রীৰ ব্যক্তিত্বৰ সন্মুখত সকলো যেন কিছু ম্লান পৰিছে। ব্যতিক্ৰম নহয় ভবেশ কলিতাও। আমাৰ অ’পিনিয়ন প’লত এটা কথা প্ৰমাণ হয় যে ৰাজ্যত সোণোৱালৰ প্ৰভাব এতিয়াও আছে। কিবা কাৰণত হিমন্ত বিশ্বক দিল্লীত মাতিলে সোণোৱালৰ কান্ধতে পৰিব মুখ্যমন্ত্রীৰ গুৰুদায়িত্ব।